সামাজিক প্ৰদুষণ"অন্য এটি পৰিৱেশ প্ৰদুষণ
আমি জানো যে পৰিৱেশৰ প্ৰদুষণসমুহ মাটি প্ৰদুষণ,জল প্ৰদুষণ,বায়ু প্ৰদুষণ আৰু শব্দ প্ৰদুষণ । আমি এই চাৰিটি প্ৰদুষণৰ বিষয়ে সকলোৱে জ্ঞাত । এই চাৰিটি প্ৰদুষণৰ বাহিৰেওঁ পৰিৱেশ বা সমাজত অপৰিচিত এটি প্ৰদুষণ হৈছে "সামাজিক প্ৰদুষণ"। প্ৰকৃততে কোনো এটা বস্তুক জোখতকৈ বেছিকৈ ব্যৱহাৰ কৰিলেহে প্ৰদুষণৰ মাত্ৰা দেখিবলৈ পোৱা যায়।উদহাৰণস্বৰূপে কোনো এটা চাউণ্ডৰ অতিশব্দ নিৰ্দিষ্ট হাৰ্টজতকৈ বেছি হ'লে পৰিৱেশত শব্দ প্ৰদুষণ হোৱা দেখা যায়।
সামাজিক প্ৰদুষণৰ প্ৰকাৰসমুহ
১/সামাজিক মাধ্যম
২/চৌপাশৰ কোলাহ'ল
৩/বিশেষ কেন্দ্ৰ স্থান
৪/কলংকৃত বাতৰি অথবা যৌনকৃত চিনেমা
১/সামাজিক মাধ্যম:- বৰ্তমান সময় ইন্টাৰনেটৰ যুগ ,বৰ্তমান সময়ত চছিয়েল মেডিয়াৰ ব্যৱহাৰ ঘাইকৈ দেখা যায়,সামাজিক মাধ্যমৰ উদাহৰণস্বৰূপে-ফেচবুক,ইনষ্ট্ৰগ্ৰাম,ইউটিউব ইত্যাদি।এই মাধ্যমবোৰে কেনেকে সমাজ প্ৰদুষিত কৰে,ইয়াক দৃষ্টিপাত কৰিলে এনেদৰে পাওঁ যে আজি এচাম যুৱক-যুৱতীয়ে নিজৰ চছিয়েল মেডিয়াৰ একাউন্টত অথবা অন্য এচাম হিংস্ৰ প্ৰজাতিয়ে যুৱতীসকলৰ অশুৱনীয় বিডিঅ বা ফটোবোৰ আপলোড কৰি কিছু কিছুক ব্লেকমেইলিং কৰি ধন দাবী কৰা,আনহাতে ইউটিউবৰ কিছু কিছু ইউটিউবাৰ ধনৰ লালসাত অশ্লীল শব্দ আৰু অশ্লীনতা বিডিঅ ফটো আদিৰে বিকৃত কৰা ইত্যাদি তাতোকৈ উঠি অহা লৰা-ছোৱালীয়ে এই চছিয়েল মেডিয়াৰ প্ৰতি আকৃষ্ট হ'ব পাৰে ,ফলত লৰা- ছোৱালীয়ে নিজৰ নিজৰ মা-দেউতাকে নজনাকৈ এই চছিয়েল মেডিয়াত উঠি-ভাহি থকা দেখা যায়।
২/চৌপাশৰ কোলাহল:- এই সমস্যাত এজন ব্যক্তি অথবা এটা পৰিয়াল নিহিত হৈ থাকিব পাৰে । কোনোবা এখন ঘৰত যদি এজন ব্যক্তি বেছিকৈ এলকহলীয়,হুলস্থুলীয়া ঘৰৰ পৰিৱেশ ,এই ব্যক্তিজনৰ মদ খোৱাৰ স্বভাৱ ব্যক্তিজনৰ নিজৰ পুতেকেওঁ অনুসৰণ কৰিব পাৰে ,এটা সমাজত কোনো এটা পৰীক্ষাত বেছি নম্বৰ পায় উত্তীৰ্ণ হোৱাৰ পাছত সন্তানক মবাইল বা মটৰ চাইকেল কিনি দিয়াটোওঁ একপ্ৰকাৰৰ প্ৰদুষক। বিজ্ঞানৰ ভাষাত ইয়াক শক্তি প্ৰবাহ বুলি কোৱা হয়। যত এজনৰ পৰা আনজনলৈ জিনীয় বাবে অথবা চৰিত্ৰসমুহ অনুসৰণ কৰিব পাৰে।
৩/বিশেষ কেন্দ্ৰ স্থান :- বিশেষ কেন্দ্ৰ স্থানসমুহৰ ভিতৰত সুৰাৰ দোকান । আজিকালি নগৰীয়া অঞ্চলত প্ৰতি ৫০০ মিটাৰ ঘনত্বৰ ভিতৰত সুৰাৰ দোকান দেখিবলৈ পোৱা যায়। এই সুৰাৰ দোকান এজন ব্যক্তি বা এটা পৰিয়ালকে লাভদায়ক কৰি তুলিব পাৰে বাকী খোৱাসকলৰ সমস্যাৰ সৃষ্টি হয় ,যিমানেই সুৰা ক্ৰয় কৰিব এটা পৰিয়াল অৰ্থনৈতিক বাবে দুৰ্বল তথা এখন ঘৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে তদুপৰিওঁ বৰ্তমান সময়ত এচাম ডেকা সমাজৰ মাজত সুৰা বেছিকৈ জনপ্ৰিয় জন্মদিন,বিহু,পূজা,নৱবৰ্ষ মুঠতে এটা দিন হলেই সুৰাৰ মেহফিল ।সুৰাৰ নিচাত বাইকৰ ঘুমঘুমনীয়া শব্দত,ৰাস্তাৰ কাষেৰে ডেকা-বুঢ়া পাৰ হ'বই নোৱাৰি আৰু এজনী ছোৱালী পাৰ হলেটো ,আৰু মাতাল এচাম মদপীয় যুৱক।
৪।কলংকৃত বাতৰি অথবা যৌনকৃত চিনেমা:- বাতৰি কাকত আৰু টেলিবিজনত দেখিবলৈ পোৱা ধৰ্ষণৰ বাতৰি। Crime low Enforcement ৰ মতে 2022ৰ তথ্য অনুসৰি ভাৰতত মুঠ ধৰ্ষণৰ গোচৰ বিষয়ে 31000 পঞ্জীয়ণ কৰা হৈছে । তাৰোপৰিওঁ চিনেমাসমুহত প্ৰদৰ্শিত হোৱা যৌনৰ বিবৃত ছবি ইত্যাদি..॥
![]() |
| author by Tapan Payeng/ Karsang Takar |
সামাজিক প্ৰদুষণ ৰোধ কৰাৰ উপায়সমুহ যদি চাওঁ
(ক)সামাজিক মাধ্যমৰ জৰিয়তে অপপ্ৰচাৰিত বাতৰিবোৰ ৰোধ কৰা তদুপৰিওঁ চছিয়েল মেডিয়া আদিৰ জৰিয়তে নগ্নতাৰ ফটো প্ৰচাৰ বন্ধ কৰিবলৈ বিশেষ আইন প্ৰণয়ন কৰা ।
(খ)নিচাজাতীয় সেৱণৰ পৰা বিৰত থকা,নিজ সন্তান বা সৰু লৰা-ছোৱালী আগত নিচা জাতীয় সেৱণ কৰাৰ পৰা দুৰত থকা।
(গ)সু্ৰাৰ দোকান আদিবোৰক এটা সীমিত পৰিমানত বিক্ৰি কৰিবলৈ অনুমতি দিয়া ।
(ঘ) ধৰ্ষণমুলক কাৰ্যৰ বাবে আইনী মৃতুদণ্ড ব্যৱস্থা কৰিব লাগে যাতে এনে কামসমুহৰ পৰা মানুহে দুৰত থাকে ।
(ঙ) পৰিৱেশৰ গোটেই তন্ত্ৰত ৰাইজেই ৰজা গতিকে ,পৰিস্থিতি তন্ত্ৰত মূখ্য উপাদান ৰাইজেই গতিকে এই প্ৰদুষণৰ প্ৰতিওঁ সজাগতা হোৱাতো খুবেই দৰকাৰ ।
পৰিৱেশৰ প্ৰদুষণসমুহ ৰোধ কৰিবলৈ হলে মানুহৰ মন শান্ত পৰিস্কাৰ কৰিব লাগিব তেতিয়াহে পৰিৱেশ সুস্থ হব।
.jpg)

Comments
Post a Comment