Skip to main content

নাৰীদাৰিদ্ৰকৰণ হৈছ অৰ্থনৈতিক উন্নয়নৰ কলা ছাঁ

 নাৰীদাৰিদ্ৰকৰণ হৈছ অৰ্থনৈতিক উন্নয়নৰ কলা ছাঁ                                                                                                                                                             তপন পায়েং,payengtapan@gmail.com

Ek ped ke nam par

🖋🖋তপন পায়েং(কাৰ্চাং তাকাৰ)

সমাজত কোনো নাৰী বা মহিলাক মৌলিক প্ৰয়োজনীয় সামগ্ৰী দৈনন্দিন কাৰ্যত প্ৰয়োজনীয় হোৱাৰ পৰা বঞ্চিত হোৱা হেতুৱে হৈছে দৰিদ্ৰতাৰ নাৰীকৰণ ।বৰ্তমান বিশ্বত United Nation Developement Fund ৰ মতে মহিলা দৰিদ্ৰতাৰ হাৰ হৈছে সত্তৰ শতাংশ।  ভাৰতবৰ্ষত উন্নত দেশৰ বৈশিষ্ট্য আছে যদিওঁ ভাৰত উন্নয়নশীল দেশে।আমাৰ ভাৰতত যেতিয়ালৈকে পুৰুষ-নাৰীৰ মাজত কৰ্মভিত্তি,সমান মজুৰি নোপোৱা আদি প্ৰাৰ্থক্য থাকিব তেতিয়ালৈকে  উন্নয়নশীল দেশ হৈয়েই থাকিব । আমাৰ ভাৰতীয় মহিলা পুৰণি ভাৰতৰ সময়ছোৱাৰে পৰা স্বাৱলম্ভী হৈ আহিছে আনহাতে ১৯০৫ চনৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত বাৰুকৈয়ে আত্মনিৰ্ভৰশীল হোৱাৰ ভাৱ জাগ্ৰত হৈছিল ইয়াৰ কাৰণ আছিল বিদেশী বস্তু বৰ্জন কৰি স্বদেশে উৎপাদন কৰা সামগ্ৰী গ্ৰহণ কৰা। ইয়াৰ সম্পৰ্কে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১.৫ লাখ খাদী উদ্যোগত বাণিজ্যি কৰিব পাৰিছে বুলি Mann Ki Baat ৰেডিঅ অনুষ্ঠানত মন্তব্য কৰিছে ।
Tapan Payeng

    সেই খাদী উদ্যোগতে ভাৰতৰ মহিলা সীমাবদ্ধ হৈ থাকিলে নহ'ব ,সকলো কামতে সম্যক ভাৱে কাম কৰিব পাৰিলেহে ভাৰত উন্নত দেশলৈ পৰিগণিত হ'ব। ভাৰতক উন্নত কৰিবলৈ নাৰী দাৰিদ্ৰ্যকৰণ আতঁৰাব লাগিব আনহাতে নাৰী দাৰিদ্ৰ্যকৰণ আতঁৰাবলৈ হ'লে সমাজত কিছুমান ব্যৱস্থা দুৰ কৰিব লাগিব,এই সমস্যাবোৰ হ'ল এনেধৰনৰ -হ্ৰস্ব বিবাহ,অৰ্থাৎ অতি সোণকালে বিয়া হোৱা বাল্য বিবাহ আদিৰ দৰে,বৃত্তিগত কামৰ পৃথকীকৰণ দৰমহা পোৱা আদিৰ বজাৰ বৈষম্য ,নাৰীক শিক্ষাদিয়াত অৱহেলিত কৰা ,পুৰুষৰ সমানে সমানে মজুৰি নিদিয়া,লিংগভিত্তিক হিংসা য'ত  ঘৰুৱা হিংসা আৰু যৌন নিৰ্যাতন আদি বিভিন্ন কুসংগঠিত কাৰ্যৰ বাবে মহিলাসকলে ৰাতি দেৰিলৈকে কাম কৰিব নোৱাৰে যাৰ ফলত কোনো ব্যক্তিগত প্ৰতিষ্ঠানসমুহত কাম কৰাৰ পৰা বঞ্চিত হয়। তদুপৰিওঁ আমি জানো যে নিৱনুৱাৰ অন্য ভাগ হৈছে ঋতুজ নিৱনুৱা এই নিৱনুৱাৰ দৰে কোনো এটা সময়ৰ পৰা এটা নিৰ্দিষ্ট সময়লৈকেহে কামত জড়িত হৈ থাকে উদাহৰণস্বৰূপে গাৱঁৰ কৃষিপথাৰ সমুহত ছমাহৰ বাবে অথবা দুমাহৰ বাবে জড়িত হৈ থাকে আৰু বাকী সময়খিনি এনেই থাকিবলগীয়া হয় কাৰণ নাৰীসকলে লৰাৰ দৰে বহিঃ ৰাজ্যলৈ গৈ কাম কৰিব নোৱাৰে । অৱশ্যে কিছুমানে তাতঁশাল কাৰ্য,কিছুমান পোহনীয়া জন্তু পোহপালন আদিত নিজকে নিয়োজিত কৰি অৰ্থ আহৰণ কৰে । ইয়াৰে কিছুমানে  চহৰৰ ছোৱালীসকলে কিছু কিছু ব্যক্তিগত খণ্ডত গ্ৰাহক সাক্ষাৎকাৰ অথবা কম্পিউটাৰ অপাৰেটিং হিচাপে নিজকে আত্ম নিয়োগ কৰে ,সেইয়া কিন্তু শিক্ষিত মহিলাৰ কাৰণেহে সম্ভৱ।গাৱলীয়া সমাজত  অশিক্ষিত হলেওঁ  আৰু ঋতুজ নিৱনুৱা যদিওঁ এটা সময়ৰ কাৰণে  দাৱনি  আৰু ৰোৱনি হিচাপে অৰ্থ উপাৰ্জন কৰে ।
   মোডী ৩.০ চৰকাৰে আগন্তুক ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত দেশ হিচাপে গঢ়িব । অকল এই উন্নত দেশ হিচাপে গঢ়াৰ সপোন মাননীয় প্ৰধানমন্ত্ৰীয়ে দেখিলে নহ'ব তাৰ কাৰণে প্ৰতিজন ভাৰতীয় নাগৰিকে এই সপোন দেখিব লাগিব আৰু এই সপোন দেখাত ভাৰতীয় নাৰীসমাজকো উৎসাহিত কৰিব লাগিব তেতিয়া ভাৰতক উন্নত দেশ হিচাপে গঢ়াত ইন্ধন যোগাব। ভাৰতৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী  নিৰ্মলা সীতাৰমনে ২০২৪-২৫ ৰ কেন্দ্ৰীয় বাজেটত "বিকশিত ভাৰত" বিষয়বস্তু উত্থাপন কৰে।  এই বাজেটত নাৰী দাৰিদ্ৰ্যকৰণ হ্ৰাস কৰিবলৈ  ছাত্ৰ-ছাত্ৰী শিক্ষাৰ প্ৰতি উৎসাহিত কৰিবলৈ দহ লাখ টকাৰ ঋণ ব্যৱস্থা,ছোৱালী সকলে থাকিবলৈ আৱাসৰ ব্যৱস্থা তাৰোপৰিওঁ কেন্দ্ৰিয় চৰকাৰৰ আঁচনি বেটি বচাওঁ বেটি পঢ়াওঁ,মহিলা হেল্পলাইন ব্যৱস্থা,ৱান ষ্টপ চেন্টাৰ ,লাখপটি দিদি আৰু ৰাজ্যিক চৰকাৰৰ আঁচনি  অৰুণোদয়,নিজুত মইনা নিধি আঁচনি, গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী,লাখপটি বাইদেওঁ আৰু অসমৰ মহিলা ছাত্ৰী সকলক  শিক্ষাত উৎসাহিত কৰিবলৈ "অসম প্ৰজ্ঞান ভাৰতী স্কুটী আঁচনি"ৰ জৰিয়তে স্কুটী প্ৰদান কৰা ॥
    ভৱিষ্যতে নাৰীসমাজক উদ্যোগীমুখী কৰিবলৈ লিংগ বৈষম্য ,লিংগভিত্তি অপৰাধ আদি ব্যাধিসমুহক আঁতৰোৱা আৰু পুৰ্ৱ দফাতে উল্লেখ কৰা বিভিন্ন আঁচনিৰে উৎসাহিত কৰিলেহে কাম কৰিবলৈ ওলাই আহিব । সমাজত নিৱনুৱা,মহিলা দৰিদ্ৰতা,বৰ্ণ বৈষম্য অপৰাধ আদি হেঙাৰবোৰ চফা কৰিলেহে ভাৰত উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ পৰিৱৰ্তিত কৰিব পাৰিব।


Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.