অসম প্ৰত্যেক্ষ নিয়োগ পৰীক্ষা চমুকৈ এডি আৰ ই আৰু মোৰ অভিজ্ঞতা
◼তপন পায়েং
![]() |
| অসমীয়া ভাষা ধ্ৰুপদীয়ভাষাৰ স্বীকৃতি |
Introduction
চাকৰি এটা হ'লেই যেন কিবা ন'হয় কিবা বোজা এটা কমিব বুলি অন্য প্ৰত্যাৰ্শীৰ দৰে বুকুত উদ্যম সপোন লৈ ডিঙিত এটি তাবিজ এটি মেৰিয়ালো ,আই আশীৰ্বাদ কৰিব এইবাৰ আপোনাৰ নামত । কপালত ডাঙৰ এটা ষ্টেটাছ গ্ৰেজুৱেট বয়, সেয়ে ইউিপিএছিৰ দৰে নহ'লেওঁ তৃতীয় বৰ্গকে কৰিব লাগিব বুলি চতুৰ্থ বৰ্গক এপ্লাই কৰাতো দূৰত ৰাখিলো ,কিন্তু চতুৰ্থ বৰ্গ ,তৃতীয় বৰ্গ বুলি কিবা কথা আছে যেন জীৱনতো আনৰ আগত দেখুৱাবলৈ ,কব পৰাকে চৰকাৰী চাকৰিয়াল বুলি নাম এটিয়ে লাগে । সময় আহিল গোটেই ছিলেবাছখিনি সমাজ বিদ্যা,সাধাৰণ জ্ঞাণ,ৰিজনিং,গণিত আৰু ইংৰাজী,এই আটাইবোৰৰ মাজত গণিতৰ নাম শুনিলেই,টেবুলত এবাৰ বহি চালেই মগজু দুফাল হৈ কৰবাত নৈ'ৰ কাষে কাষে বৰশীতে গৰৈ-খলিহনা ধৰেগৈ । তাৰ মাজতো জীৱন ধুনীয়াৰ কৰাৰ কথা আছে ,ৰিতুৰাজ গগৈ ,অভিজিত মজুমদাৰ, গোপাল দাস চাৰৰ গণিত আৰু ৰিজনিঙৰ বিডিঅকলৈ মনক অলপ শান্তনা দিবলৈ চেষ্ঠা কৰিলো । ওফছ! কি ভগ্নাংশ কি শতাংশ ! পেৰাছিটামলৰ টেবলেটেওঁ পাত্তা নাপাই ॥ বাকী বিষয়বোৰত ইজাজ আহমেদ চাৰ, ৰাহিফ চাৰ,হৰকৰণ চাৰ আৰু অভিজিত দাস চাৰৰ ক্লাছবিডিঅই খিনখিনিয়া ৰদৰ সংবিধানৰ শিক্ষাই,ভাৰত-অসম বুৰঞ্জীয়ে মগজুৰ কাষে কাষে জঠাঁডাৰী শিৱৰ সাপৰ দৰে মেৰিয়াইছে ।
About of post
সময় আহিল ১৫ ছেপ্তেম্বৰ আৰু ২৯ ছেপ্তেম্বৰ ,লুচেন কি ?অসম ইয়াৰ বুক কি ?এম চি ক্যু ,এম চি ক্যু কৰি গোটেই কিতাপৰে ৰেহ ৰূপ অদলি বদলি ,মনত ভাৱিলো এইবাৰ আহি চোৱা পাণিপথ যুদ্ধ কেতিয়া হৈছিল আৰু কাৰ কাৰ মাজত হৈছিল ,প্ৰশ্ন দেখিলেই ঘপককৈ উত্তৰ দিম বুলি মনতে ভাৱি পৰীক্ষা কেন্দ্ৰত সোমালো । সোমাই দেখিলো পূৱফালেওঁ তপন পশ্চিমফালেওঁ তপন ,উত্তৰ ফালেওঁ তপন ,দক্ষিণ ফালেওঁ তপন একেই নাম মাজত মাথোন পৃথক নামৰ উপাধিবোৰহে,ঠিক তেনেদৰেই বাঘ-সিংহৰ ঘৰ থকা দিশৰ ৰিজৰ্ণিং। ইয়াৰ পৰা বুজিলো মোৰ নামৰেই কিমানজন নিৱনুৱা ভৰি পৰি আছে একেখনতেই ইফালে ছকিনা-ফাতিমা-হাচিনা একে নামৰ ক'ত পৰি আছে । মানুহৰ চেহেৰা দেখি মই হতাশা,ইফালে মানুহ দেখি অ এম আৰ চিত ভূল কৰাত মোৰ নাম গ্ৰীণীজ ৱৰ্ল্ড ৰেকৰ্ড আছেই । ইমান পৰীক্ষাৰ্থী অথচ তিনিহাজাৰ পদৰ বাবে । মই দিশহাৰা ,অলকানন্দা গীতৰ প্ৰশ্নটো চাই উৎসাহ পালো মিহিকৈ উত্তৰ দিলো মৈত্ৰী পাত্তৰ বুলি ,মই এই প্ৰশ্নৰ উত্তৰ আগৰ পৰাই জানিছিলো ,মই নিজেওঁ লিখা-মেলা কৰি ভাল পাওঁ অথচ কোনে গানটো লিখিছে তাৰ বিষয়ে ইউটিউবৰ বিডিঅৰ বৰ্ণনাত খুচুৰি চোৱাৰ অভ্যাস আছে। এখিলা -দুখিলা লুটিয়াই চালো বুলু fish ৰ collective noun ৰ কথা সুধিছে ,পৰীক্ষাহলৰ পৰা হাহিঁ ওলাইছো fish ৰ collective noun,swarm দি ,পিছতে গম পালো swarm নাছিল school হে আছিল অতদিনে এই টেবুলবোৰ মুখস্থ কৰাৰ অথলে গ'ল । মোৰ মন মনখেমাৰ ,পৰীক্ষাটো ভালেই হ'য় কালি ৰিজাল্টে মোৰ অপজিত ডাইৰেকচনত যায়গৈ ॥
বাকী যি হ'ব দেখা যাব বুলি এৰি দিলো । অনন্ত তাতীঁ চাৰৰ গ্ৰন্থ সাহিত্য একাডেমী প্ৰাপক গ্ৰন্থ"কাইলৈ দিনটো আমাৰ দিন"বুলি শীৰ্ষক বাক্যৰে ২৯ তাৰিখলৈ আগবাঢ়িলো । লুচেনে জিৰণি নোপোৱা হৈ গৈছে । বেচেৰা লুচেন বাবা,,ইমানেই পৃষ্ঠা লুঠিয়ালো যে ২৯ তাৰিখৰ পৰীক্ষা হ'লত ডোৰিমনৰ প্ৰশ্নৰ বাহিৰে ভাৰত ইতিহাসৰ পৰা নিজৰ চিনাকী বুলিবলৈ কেৱল চানক্য আৰু চন্দ্ৰগুপ্ত আহিছে মাত এষাৰ দিবলে । এই পৰীক্ষা কাকত কেৱল এটাই শিকিলো যে বিশেষ নাম জ্বলা ব্যক্তি বিশেষৰ নাম জানিলেই নহ'ব অন্য ব্যক্তিসকলৰ বিষয়েওঁ জানিব লাগিব আৰু শিকিব লাগিব বুলি চিন্তাবোধ কৰিলো । সকলো কষ্ট ,বাৰমহীয়া কষ্টৰ অনুশাসন যেন এই প্ৰশ্নৰ কাকতেই পৰিৱৰ্তন কৰি পেলালে ,বাকী অনাগত দিনত একে নামৰ প্ৰত্যাৰ্শীৰ লগ পোৱাৰ আশাৰে ॥

Comments
Post a Comment