প্ৰেম কি অনুভৱ কৰি চালো, প্ৰেম ভাল লাগে বুলি শুনিছো ভালেই বাৰু, কিন্তু যেতিয়া বিপৰীত মেৰুৰ পৰা এই প্ৰেমৰ প্ৰস্তাৱ নাপালে প্ৰেম বেয়াই লাগে গতিকে মোৰ দৃষ্টিত প্ৰেম এতিয়া বেয়া ,প্ৰেম দুকলপীয়া,এপক্ষীয় প্ৰেমে হৃদয় খুলি খুলি খায় ।
ভাৱিছিলো মা-দেউতাৰ পিছত এই তিনিনম্বৰ স্থানখন তোমাৰ বাবে ৰাখিম । আচলতে প্ৰেম কি মোক এবাৰৰ বাবেওঁ সুযোগ এটি নিদিলা,হয়তো মই আনতকৈয়ো অলপ ভাল পাবলে শিকিলো হয় ,এই দুদিন ক'ত নিশাহে তোমাৰ কথাকে ভাৱিছিলো॥ মোৰ যাত্ৰাত তোমাকো যোগ দিব পৰা হলে ভাল আছিল,তোমাৰ হৃদয়ত তোমাৰ প্ৰেমীক হিচাপে মোৰ নামতোকো লিখিব পৰা হলে ভালেই আছিল॥
হ'ব দিয়া ,যিদুদিন আপোনাক আমনি কৰিছিলো তাৰ বাবে ক্ষমা বিচাৰিছো,সিফালে তোমাৰ লগৰ পুনচাঙক নক'বা মোক হাহিঁব ,আগৰ পৰাই হয়তো হাহে কাৰণ মই কোনো এজনীৰো ভালপোৱাৰ যোগ্য নহ'য়। গম পালে ইতিকিং কৰিব ,বাওনা হৈ স্বৰ্গলৈ হাত মেলিছিল বুলি॥ বাকী ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো সুখত থাকা ,সফল হোৱা ॥

Comments
Post a Comment