মাতৃ বনাম মাতৃ!আধুনিক জীৱন আৰু মাতৃত্ব।পপীপ্ৰিয়া প্ৰিয়দৰ্শিনী
সমাজ সভ্যতা সংস্কৃতি এই তিনিটা যেনেদৰে এটা সময়ক প্ৰতিনিধিত্ব কৰে ,ঠিক তেনেদৰে এগৰাকী নাৰীয়ে জী, জীৱনসংগী,মাতৃ এই তিনিটি ৰূপত নিজকে অলংকৃত কৰে সমাজৰ ভৱিষ্যৰ বাবে।এগৰাকী মাতৃ সমাজৰ এনে অংশ যাৰ প্ৰমূল্য বুজাবলৈ শব্দৰ নাটনি হয়।
এটি সন্তানৰ বাবে জীৱনৰ প্ৰথম বাটকটীয়া মাতৃ গৰাকীয়ে হয়।প্ৰথম চিকিত্সক ,প্ৰথম শিক্ষক,প্ৰথম ডিজাইনাৰ,প্ৰথম ফটোগ্ৰাফাৰ,আৰু যে ক'ত কি!সেইবাবেই কোৱা হয়, নৈৰ সমান ব'ব কোন আইৰ সমান হ'ব কোন।মহান দাৰ্শনিক চত্রুেটিছে কৈছিল"সন্তানৰ বাবে মাতৃৰ হৃদয়খনেই সিহঁতৰ শ্ৰেনীকোঠা।"
কেতিয়াবা ভাবিলেই আচৰিত লাগে নহয় নে?যে মোৰ মা ,মোৰ মাৰ মাক,আইতাৰ মাক,আজু আইতাৰ মাক ..অগনন মাতৃৰ এক অদৃশ্য শিকলিৰে বান্ধ খাই আছো আমি যুগ যুগ ধৰি।মাতৃ অবিহনে এই ৰূপান্তৰ এই সভ্যতা যে শূন্য।সৃজনীশীলতাৰ উৰ্বৰতাত মাতৃয়ে প্ৰসৱ কৰে সতি-সন্তান ।মাতৃৰ বুকুৰ উমত হেপাঁহ পলুৱাই শুৱ পাৰে সকলো।পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত ঠাই আইৰ বুকু ।পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ অমৃত মাতৃৰ বুকুৰ গাখীৰ।
পঢ়িব পাৰে : ভাৰতীয় সমাজত নাৰীৰ প্ৰত্যাহ্বান
কিন্ত্ত যিমান ধুনীয়া এই মাতৃত্বৰ কাহিনী সিমান সহজ জানো মাতৃৰ এই দীঘলীয়া যাত্রা।এগৰাকী ছোৱালীৰ পৰা পলকতে এগৰাকী মা হৈ যোৱাটো এটা যাদুতকৈ কম নহয়।এটা ৰাতিৰ ভিতৰতে সলনি হয় শৰীৰ মন আৰু মগজু।কিমান যে প্ৰত্যহান।সহজ জানো এটা ৰাতিৰ ভিতৰতে যোৱা ইমানটা বছৰে গঢ়ি উঠা অভ্যাসক সলনি কৰিবলৈ।নিজৰ ভাল লগাবোৰ সন্তানটিৰ ভাল লগাখিনিলৈ সলনি কৰাটো।বহু সময়ত জী আছো নাই সেয়া সাথঁৰ যেন হৈ পৰে।পাৰিবনে আপুনি গতানুগতিক ভাৱে একেই ৰুটিন ফ'ল কৰি এটা বছৰ পাৰ কৰি দিবলৈ।বহু সময়ত মাকবোৰে পাহৰি যায় এইটো কালিৰ ঘটনা আছিল নে পৰহিৰ কাৰন দিনবোৰৰ মাজত ইমান ভিন্নতা নাথাকে।বিশেষকৈ প্ৰথম তিনিটা মাহ এক পৰীক্ষাতকৈ কেতিয়াও কম নহয়।কাৰন এটি নৱজাতকক মাকে জন্ম দিয়াৰ দৰে সেই নৱজাতকটিয়েও জন্ম দিয়ে এগৰাকী মাতৃক।
এই সময়ত এগৰাকী মাতৃক প্ৰয়োজন নিজৰ জীৱন সংগীৰ মৰম,নিজৰ ঘৰখনৰ সহায় ও সাহস।আৰু আটাইতকৈ বেছি শাহুৱেক আৰু মাকৰ মৰম ও প্ৰেৰণা।বহু সময়তো মাকতকৈ নিজৰ শাহুৱেকক হে কাষত পোৱা যায়।গতিকে নাৰী হিচাপে নাৰীক বুজি পোৱাটো বহু প্ৰয়োজন।বহু সময়ত দেখা যায় বহু বোৱাৰীৰ ক্ষেত্রত এনেসময়ত ঘৰখন বা শাহুৱেকৰ পৰা পোৱা মৰমখিনি,সাহস ,সহায়খিনিৰ অভাৱৰ বাবেই পিছলৈ গৈ তেওঁলোকৰ মাজত ই তিক্ততা কঢ়িয়াই আনে।
যিটো হিতৰ বিপৰীতে অহিত হয়।আৰু ঘৰত মনোমালিন্য ,অভিমান ,খং থাকিলে সেই পৰিবেশত ডাঙৰ হোৱা সতি-সন্তান বহু কম সংখ্যক হে ভাল দিশত যাব পাৰে।গতিকে আমি প্ৰত্যেকে বহু বহু সচেতন হোৱা প্ৰয়োজন।
এতিয়া আহো আমাৰ এতিয়াৰ আধুনিক সমাজৰ বিষয়লৈ।এই সমাজ হৈছে বিজ্ঞান প্ৰযুক্তিৰ ,গোলকীকৰনৰ প্ৰভাৱত নকৈ গঢ়ি উঠা এখন নৱ্য সমাজ।সেইমতে আজিৰ এই সময়ত বিজ্ঞানে আমাক দিছে সুযোগ আৰু সুবিধা।আজিৰ মাতৃয়ে প্ৰয়োজন অনুসাৰেই নিজৰ মবাইলতে লাভ কৰিছে নিজৰ কনমানি টোৰ প্ৰয়োজনীয়তাখিনি,বা কোনো সাথঁৰৰ উত্তৰ।
আজিৰ মাতৃৰ বাবে আছে গোলকীকৰনৰ এক অদৃশ্য ইনটাৰনেটৰ সমাজ।য'ত পলকতে আহিছে বিজ্ঞান মানসিকতা আৰু শিশুটোৰ ইতিবাচক দিশত সহায় কৰিব পৰা কিছু কথা।আজিৰ মাতৃ বহু লোকাচাৰৰ পৰা বহু পৰিমানে মুকলি ।তেওঁলোকে কোনো লোকাচাৰতকৈ গুৰুত্ব দিছে শিশুটিৰ বিকাশ আৰু বৃদ্ধিত প্ৰয়োজনীয় গুৰুত্ব ।আজিৰ আধুনিক মাতৃয়ে উদযাপন কৰিছে মাতৃত্ব।আজিকালি প্ৰায়ে মাকসকলৰ নিজৰ কনমানিটোৰ ফটো ভিডিঅ' সংৰক্ষণ কৰাৰ বহুত হেপাঁহ,হয়টো আগতেও আছিল কিন্ত্ত সেইসময়ত আজিৰ মাতৃৰ দৰে মাতৃসকল হয়টো পৰাধীনতাৰ শিকলি খুলিব নোৱাৰিছিল।আজিৰ আধুনিক মাতৃক বহুতে সমালোচনা কৰে ।আগৰ কথা নুশুনে,বেছি জানে।কিন্ত্ত এটা কথা নুই কৰিব নোৱাৰি আজিৰ মাতৃ নিজৰ বিবেকে কাম কৰে।অপ্ৰিয় সত্য আমাৰ সমাজত সেই তাহানিৰ দিনৰ পৰাই মাতৃ বনাম মাতৃৰ এক যুজঁ সদায় চলি আহিছে।আৰু এই যুজঁত অত্যাচাৰ সহ্য কৰিব লগা হয় নতুন মাক সকলে।সেইবাবেই ভাৰতৰ দৰে দেশত নৱজাতক আৰু মাতৃৰ স্বাস্হ্যৰ অৱনতি, ক্ষতি অতি দুখ লগা ধৰনে দেখিব পোৱা যায়।আৰু অতি দুখৰ কথা যে বহুসময়ত গিৰীয়েক সকলেও এইক্ষেত্রত উদাসীন দেখা যায়।
"এই মাইকী মানুহৰ কথাত নো কি সোমাম"-এনে জাতীয় কথাৰে নিজকে প্ৰকৃত পুৰুষ সজাব খোজা মানুহ আমাৰ সমাজত অগনন।
পপীপ্ৰিয়া পাতিৰৰ অন্য লেখাসমূহ
প্ৰথমেই আপুনি মনত ৰাখক সতি-সন্তানটি আপোনাকলোক দুয়োৰে।সন্তানটিৰ শাৰীৰিক মানসিক বিকাশৰ বাবে পিতৃ মাতৃৰ দুয়োৰে সমানে মৰম আদৰ যত্নৰ প্ৰয়োজন। এক সমীক্ষা অনুসৰি পোৱা মতে পিতৃৰ সৈতে অধিক সময় অতিবাহিত কৰা শিশুৰ IQ বহু সময়ত অন্যৰ শিশুতকৈ বেছি হোৱাহে দেখা যায়।গতিকে আজিকালি আধুনিক সমাজত বহু আগশাৰীৰ দেশত পিতৃ মাতৃ সমানে সতি-সন্তানৰ যত্ন লয়।সৰু সৰু কাম যেনে ডাইপাৰ সলনি কৰা,কি খুৱাব লাগে,কি কি ঔষধ কি সময়ত কিয় খুৱাব লাগে সেইবোৰ সকলো প্ৰত্যেকজন পিতৃৱেও জনাটো মোৰ মতে ভাল।আপোনাৰ সৰু সৰু কামবোৰেই কেনেদৰে যাদুৰ দৰে মাকগৰাকীৰ জীৱনত প্ৰভাৱ পেলাব আপুনি নিজে আচৰিত হব।
আমি যুজিঁবলৈ শিকিব লাগিব।বিজ্ঞানৰ হ'কে মাত মাতিবলৈ শিকিব লাগিব।নিজৰ ভাল লগাবোৰ জী ৰাখিবলৈ সময় উলিয়াব লাগিব।পৃথিৱীৰ প্ৰত্যেক গৰাকী মাতৃৰ পৰিচয় কেৱল ত্যাগৰ প্ৰতিমা নহওঁক।জীৱন জিনাৰ উদাহৰণ হওঁক।
এই যে আপুনি মই কওঁ আমাৰ দিনত এনেকুৱাই কৰিছিলো একো নহয়,ইটো কৰ সিটো কৰ।মাকজনী হৈ নোৱাৰেনে ?এইবোৰৰ পৰা দূৰত থাকিব নোৱাৰিব নে?আমি প্ৰত্যেকে বুজিব লাগিব এই সময় ইমান সহজ নহয়।প্ৰত্যেকে ভগাই লওঁকছোন সমস্যাবোৰ।চাব,মাক গৰাকীৰ বোজা বহুত কমি গৈছে।তেখেতে পাৰিছে উদযাপন কৰিবলৈ নিজৰ মাতৃত্ব।মাতৃত্ব দায়িত্ব নহৈ হেপাঁহ হওঁক।ইমান মৰম সাহস দিয়ক যাতে ২য়বাৰ মাতৃ হবলৈ কোনো নাৰীয়ে ভয় নকৰে।কাৰো মনলৈ নাহক ভৱিষ্যলৈ মাক হৈ মই শেষ হৈ গ'লো নেকি!!
এগৰাকী মাতৃৰ মানসিকতা ,সৌন্দৰ্য সকলোবোৰ ঘৰখন তথা জীৱনসংগী জনৰ লগত জড়িত থাকে।আধুনিক হ'ল বুলিয়ে সকলো বেয়া নহয়।সকলোৰে চিন্তা কৰাৰ ক্ষমতা আছে কৰক চিন্তা।বিবেকেৰে উচিত সিদ্ধান্ত লওঁক।
মাতৃ বনাম মাতৃৰ এই যুঁজখন শেষ কৰক।এগৰাকীয়ে মাতৃতকৈ অন্য এগৰাকী মাতৃক কোনো ভালদৰে বুজিব নোৱাৰে।নিজৰ ঘৰৰ জীয়ৰী বোৱাৰী বৌ খুৰী হ'তক সাহস দিব নোৱাৰিনে?
যিখিনি সুখ বিচাৰি আপুনি মই হাবাথুৰি খাই ফুৰো সেই সুখ আমাৰ কাষতেই থাকে।আমি তাক চিনিব লাগিব।
মা সদায় মা !ই শত্তি ই সাহস ই সপোন ই আৱেগ!!
পৃথিৱীৰ প্ৰত্যেক গৰাকী মাতৃ সুখী হওঁক উদযাপন হওঁক জীৱনৰ আটাইতকৈ ধুনীয়া দিনখিনি।

Comments
Post a Comment