অনুচ্ছেদ-পোন্ধৰ(Article -15)
তপন পায়েং![]() |
| source-Dainandin Barta Assamese news paper |
![]() |
| Tapan Payeng |
অনুচ্ছেদ পোন্ধৰতনো কি লিখা আছে ,নাগৰিকসকলক কি অধিকাৰ দিয়া হৈছে ,আঁহকচোন অলপ আলোচনা কৰো । ভাৰতীয় সংবিধানৰ পোন্ধৰ নং অনুচ্ছেদ বা আৰ্টিকুলত উল্লেখ কৰা আছে যে ভাৰতৰ কোনো নাগৰিকসকলৰ লগত ধৰ্ম,বৰ্ণ ,জাতি,নাৰী-পুৰুষ বা জন্মস্থানগত কাৰণত ৰাষ্ট্ৰই কোনো নাগৰিকৰ প্ৰতি পৃথক আচৰণ কৰিব নোৱাৰিব।এই অনুচ্ছেদৰ দ্বাৰা ভাৰতবৰ্ষত বাস কৰা বিভিন্ন সম্প্ৰদায়সমুহৰ মাজত একতা তথা সমতা প্ৰতিষ্টা কৰিব বিচৰা হৈছে । আনহাতে এই ১৫ নং অনুচ্ছেদৰ জৰিয়তে নাৰীসকলৰ বাবে পঞ্চায়তী ব্যৱস্থাত বিশেষ আৰক্ষণৰ ব্যৱস্থা কৰা তদুপৰিওঁ পিছপৰা জনসমুদায়ৰ বাবে বিশেষ চৰকাৰী চাকৰি সংৰক্ষণৰ সুবিধাওঁ সংবিধানে প্ৰদান কৰিছে । কিন্তু সংবিধানৰ এই অধিকাৰে কিমান সফল হ'ব পাৰিছে এইটোৱে চিন্তনীয় কাৰণ,আমি অসমীয়াই সৌভাগ্য যে বৰ্তমান সময়ত এইবোৰ ছবি দেখিবলৈ পোৱা নাই। কিন্তু আমাৰ ভাৰতৰ অন্য ৰাজ্যবোৰত এতিয়াওঁ দেখিবলৈ পোৱা যায় উদাহৰণস্বৰূপে অনুচ্ছেদ -১৫(Article-15) ছবিখনত দেখিবলৈ পোৱা উত্তৰপ্ৰদেশৰ লালচা গাওঁখন জীৱন্ত উদাহৰণ । নিম্ন জাতিয়ে দিয়া খাদ্য বস্তু নাখায়,উচ্চ বৰ্গৰ মানুহৰ মুখে মুখে দলিত বা নিম্ন বৰ্গৰ মানুহে একে শাৰীত বহিব নিদিয়া,এখন সভা বা চিনেমা হ'লত একে শাৰীতে বহিব নিদিয়া অথবা সোমাব নিদিয়া,ইত্যাদি ইত্যাদি॥
শেষত! কওঁ যে আহঁক আমি সকলো ভাৰতীয় নাগৰিক হিচাপে সংবিধানত থকা অধিকাৰবোৰ সমানে সমানে উপভোগ কৰোহঁক ধনী,দুখীয়া,ধৰ্ম-জাতি,পুৰুষ-মহিলা, আদি সকলো পাহৰি ভাৰতীয় হিচাপে চিনাকী দিয়োহঁক ॥


Comments
Post a Comment