Skip to main content

ভাৰতীয় সমাজত নাৰীৰ ক্ৰমবিকাশ আৰু সমস্যা/তপন পায়েং

 ভাৰতীয় সমাজত নাৰীৰ ক্ৰমবিকাশ আৰু সমস্যা

◼তপন পায়েং

ভাৰতীয় সমাজত নাৰীৰ ক্ৰমবিকাশ আৰু সমস্যা
Photo Source:AI



মিছাইল মানৱ এ.পি.জে আব্দুল কালামে কৈছিল যে নাৰী শক্তিশালী হ'লে সুস্থ সমাজ  এখন নিশ্চিত হয়। এনে এটা দিন আছিল যেতিয়া পুৰুষৰ তুলনাত নাৰীক গোলাম বুলি গণ্য কৰা হৈছিল জীৱনৰ প্ৰতিটো স্তৰতে অগৌণ বা ন-ধৰ্তব্য হিচাপে বিবেচিত  কৰা হৈছিল এতিয়া সেই দিন উকলিল । এতিয়া এইটো সুন্দৰকৈ প্ৰমাণিত  হৈছে যে পুৰুষতকৈ ঊৰ্ধ্বত নহ'লেওঁ যিকোনোা কাম পুৰুষৰ সমান  পাৰদৰ্শিতাৰে সমাপন  কৰিব পৰা সামৰ্থ্য নাৰীৰো আছে ।   

              প্ৰাচীন ভাৰতৰ সমাজ ব্যৱস্থাত সম্পুৰ্ণ বাবে সমান আছিল বুলি ক'ব পাৰি  কালক্ৰমতে ভিন্ন ভিন্ন কাৰণৰ পৰা নাৰীৰ স্থান হেৰুৱাই পেলাবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত সমাজ ব্যৱস্থা বিকাশ হোৱাৰ পাছতে বৰ্তমানৰ এই পৰ্যায়ত পাইছেগৈ । প্ৰাচীন ভাৰতৰ ইতিহাস যদি লুটিয়াই চাওঁ তেন্তে পাওঁ বৈদিক যুগৰ কথাকে উনুকিয়াব পাৰি ,এই বৈদিক যুগক  দুটা ভাগত ভাগ কৰিব পাৰি ইয়াৰে প্ৰথমটো হ'ল ঋকবৈদিক যুগ আনটো হ'ল পৰৱৰ্তী বৈদিক যুগ ।

ইতিহাসত নাৰী স্থানঃ-


এই ঋকবৈদিক (1500BC-1000BC) ৰ সময়ছোৱাত  নাৰীসকলেওঁ পুৰুষৰ সমানে সমানে সভা-সমিতিসমূহৰ পৰা ধৰি বিভিন্ন কাম কাজত হাত ধৰিব পাৰিছিল । উদাহৰণস্বৰূপে কিছুমান নাৰী কবি সকলৰ ভিতৰত আপালা,বিশ্বাবাৰা ,ঘোষা আদিয়ে সভাসমূহত আগ-ভাগ লৈছিল । কিন্তু পৰৱৰ্তী বৈদিক যুগত(1000BC-600BC) ঋকবেদৰ পৰা তিনি বেদৰ সৃষ্টি হৈছিল ক্ৰমে সামবেদ,যজুৰ্বেদ আৰু অথৰ্ববেদ ।আৰু এই বেদ সমূহৰ সৃষ্টিৰ ফলত সমাজত নাৰীৰ স্থান হ্ৰাস পাবলৈ লয়। এই পৰৱৰ্তী বৈদিকৰ সময়ছোৱাৰ পৰা  সমাজ পিতৃ প্ৰধান হৈ পৰিছিল । তাৰলগতে সমাজত বাল্যবিবাহ,সতীদাস প্ৰথা আদিৰ ছবি পৰিস্ফুত হ'বলৈ ধৰে।

        পিছলৈ ভাৰতৰ কিছু কিছু অঞ্চলত গুপ্তসাম্ৰাজ্য(320-550AD)ৰ শাসকীয় সকলে শাসন কৰাৰ সময়ত ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ স্থান তললৈ নামি গৈছিল।যদিওঁ তেওঁলোকৰ শাসন কালছোৱাত ভাৰতৰ ইতিহাসত সোণালী যুগ বুলি অভিহিত কৰা হৈছে কিন্তু সমাজ ব্যৱস্থাত সতীদাস প্ৰথা ,বাল্য বিবাহ ,পৰ্দা পদ্ধতি আদিৰ ছবিয়ে সোণালী যুগক  ইতিহাসবিদ সকলৰ মাজত বিতৰ্ক সৃষ্টি কৰি আহিছে। আনহাতে ভাৰতৰ কিছু অঞ্চলত স্বাধীনতাৰ প্ৰাক-মুহুৰ্তৰ আগতো সমাজত ছোৱালী কন্যা সন্তান জন্ম হ'লে ঘৰৰ বোজা বুলি মাৰি পেলোৱা হৈছিল, কোনো প্ৰাথমিক শিক্ষা পোৱাৰ পৰিৱৰ্তে পাকঘৰৰ ৰন্ধন-প্ৰকৰণৰ শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল যাতে বিবাহৰ পাছত শাহুয়েকৰ বা গিৰিয়েকৰ ঘৰত ৰন্ধন -প্ৰকৰণ কৰিব পাৰে । কন্যা সন্তানক বাৰ-তেৰ বছৰলৈ পাকঘৰৰ শিক্ষা দি বাল্য-বিবাহ কৰোৱা হৈছিল ,কম বয়সীয়া কন্যাই বৃদ্ধ বয়সীয়া পুৰুষৰ লগত বিবাহ কৰোৱা হয় আৰু কন্যাৰ গিৰিয়েকে মৃত্যু হ'লে জুইত জাঁহ যাব লগীয়া হৈছিল। উদাহৰণস্বৰূপে ১৯৮৭ চনৰ ৪ ছেপ্টেম্বৰত ৰাজস্থানৰ ছিকাৰ জিলাৰ দিৱৰালা গাঁৱত অসুস্থতাৰ বাবে স্বামীৰ মৃত্যুৰ পিছত ১৮ বছৰীয়া ৰূপ কানোৱাৰেও নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাত নিজকে জ্বলাই মৃত্যুবৰণ কৰা ইত্যাদি ।পৰৱৰ্তী সময়ছোৱাত অৰ্থাৎ উনৈশ শতিকাত  ভাৰতৰ আধুনিক মানৱ খ্যাত ৰাজা ৰাম মোহন ৰায়ে সতীদাস,বাল্যবিবাহৰ বিৰুদ্ধে প্ৰচাৰ চলাই নিস্ক্ৰিয় কৰি তুলিছিল।  আনহাতে কেশৱ চন্দ্ৰ সেনে প্ৰাৰ্থনা সমাজ প্ৰচাৰৰ জৰিয়তে নাৰীৰ শিক্ষা,বিধৱা নাৰীৰ পুনৰ বিবাহ আদিৰ বিষয়ে উত্তাপন কৰি সমাজত নাৰীক প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল ॥


ইতিহাসত নাৰীৰ সাহসীতা ,ত্যাগ আৰু আদৰ্শঃ-

     ইতিহাসত নাৰীৰ স্থান  কম অথবা সমাজ ব্যৱস্থাত নাৰীৰ বাবে পয়া লগা আছিল যদিওঁ তাৰ মাজতে সাহসীতা ,আদৰ্শ,ত্যাগ আদিৰ বাবেওঁ আমাক মহৎ খতিয়ান দি থৈ গৈছে । যেনে ভাৰতৰ প্ৰথম মহিলা ৰাণী ৰেজিয়া চুলতানা তথা দিল্লী চুলতান সকলৰ প্ৰথম মহিলা শাসকীয়ৰ কথা  যিজনী ৰানীয়ে তেওঁলোকৰ সমাজত ব্যৱস্থাত নাৰীৰ বাবে প্ৰচলন কৰা পৰ্দা ব্যৱস্থা নিয়ম ভাঙিছিল । ধৰ্মীয় সমাজ ব্যৱস্থাৰ বাবে গঢ়ি উঠা ভক্তি আন্দালনত জড়িত  আক্কামা দেৱী,মীৰা বাই,বাহিনা বাই আদি তেওঁলোকৰ কথা ।  যি সময়ত গোটেই সমাজ ব্যৱস্থাত সতীদাস  প্ৰথা,বাল্য-বিবাহ,লিংগ বৈষম্যৰে জৰ্জৰিত সময়ছোৱাত সাবিত্ৰী বাই ফুলে প্ৰথম ভাৰতীয় নাৰী শিক্ষয়িত্ৰী আছিল পিছলৈ যিয়ে নাৰীক শিক্ষা প্ৰদান কৰিছিল । তাৰোপৰিওঁ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত ঝাঞ্চীৰ ৰাণী লক্ষ্মী বাঈৰ কথা যিয়ে বৃটিছ বিৰুদ্ধে যুদ্ধ কৰিছিল য'ত বৃটিছ বিষয়াৰ দিনলিপিত লক্ষ্মী বাঈক প্ৰশংসা কৰি লিখিছিল যে "ভাৰতৰ শ্ৰেষ্ট ৰজা সকলৰ ভিতৰত ঝাঞ্চীৰ- যুদ্ধ কৰাৰ পদ্ধতি অতুলনীয়"বুলি  উল্লেখ কৰিছিল ।

        আনহাতে স্বাধীনতা আন্দোলনৰ সময়ছোৱাতো নাৰীসকলৰ ভুমিকা বহুতো অৱদান আছে  যেনে:-

জাতীয়তাবাদীসকলে জাতীয়তাবাদী আৱেগ জগাই তুলিবলৈ আৰু ব্ৰিটিছ শাসনক বৈধতামুক্ত কৰিবলৈ "ভাৰত মাতা" ৰ ধাৰণা ব্যৱহাৰ কৰিছিল , যাৰ ফলত ৰাজহুৱা ক্ষেত্ৰখনত মহিলাৰ জড়িততাও বৈধতা প্ৰদান কৰা হৈছিল।

বিদেশত নিৰ্মিত কাপোৰ বৰ্জন আৰু দোকান পিকেট কৰা আদি ফলপ্ৰসূ ধৰণৰ প্ৰতিৰোধৰ বাবে মহিলাৰ সমৰ্থন অতি প্ৰয়োজনীয় আছিল।

১৯৩০ চনৰ লোন আইন সত্যাগ্ৰহত সৰোজিনী নাইডু আৰু কমলা নেহৰুৰ দৰে মহিলাই গুৰুত্বপূৰ্ণ নেতৃত্ব প্ৰদান কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ বুলি কোৱা হয় মংৰি ওৰাং (মালতী মেম) । যত ১৯২১ চনৰ অসহযোগ আন্দোলনৰ  আফিং বিৰুদ্ধী অভিযানত জড়িত হৈছিল । তাৰোপৰি কনকলতা বৰুৱা ত্যাগৰ বিষয়ে উল্লেখ কৰিব পাৰি । 

             বৰ্তমান সময়ৰ  Female Bollywood film অভিনেত্ৰী ৰানী মূখাৰ্জী ,প্ৰিয়ংকা চোপ্ৰা,কংগনা ৰানাৱত ,বিদ্যা বালান আদি তেওঁলোকতকৈয়ো প্ৰথম ভাৰতীয় নাৰী মূখ্য কেন্দ্ৰীক অভিনেত্ৰী চিনেমা আছিল ১৯৩৫ চনত ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নিৰ্মিত বোলছবি "জয়মতী" জয়মতীত অভিনয় কৰা প্ৰথম অসমীয়া নায়িকা "আইদেওঁ সন্দিকৈ"'ৰ কথা উল্লেখ কৰিব পাৰি যিজনী নাৰীয়ে  বিবাহ নোহোৱাৰ আগেয়েই অভিনয়ত পুৰুষক ভঙৰ দেউ বুলি সম্বোদন কৰাৰ বাবে সমাজে এঘৰীয়া কৰা হৈছিল। য'ত অসমৰ এটা ইতিহাসৰ পৰিচিত জয়মতীৰ দৰে হৈ পৰিছিল। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনৰ সময়ছোৱাত জন্ম গ্ৰহণ কৰা মহিলা সাহিত্যক স্বৰ্ণকুমাৰী দেৱী,তেখেতেই আছিল ভাৰতৰ প্ৰথম মহিলা সাহিত্যিক ।

  

সাম্প্ৰতীক সময়ত নাৰী:-

মহিলাসকলেওঁ বৰ্তমান যুগত পুৰুষৰ সমানে সমানে খোজ পেলাইছে ,পুৰুষে যদি প্ৰধানমন্ত্ৰী,ৰাষ্ট্ৰপতি হব পাৰিছে যেতিয়া মহিলাওঁ হ'ব পাৰিছে।আনকি বৰ্তমান সময়ত নাৰীক লোকসভাত সদস্য হ'ব পৰাকৈ দহৰ পৰা ত্ৰিশ শতাংশ সংৰক্ষণ কৰাৰো ব্যৱস্থা কৰিব বুলি আলোচনা কৰা হৈছে সংসদত । ৰাকেশ শৰ্মা পুৰুষৰ হৈ মহাকাশত খোজ পেলাইছে আনহাতে নাৰীৰ  হৈ কল্পনা চাওঁলাওঁ খোজ পেলাইছে মহাকাশত ।  টেনজিং নৰ্গে,হেণ্ডমান্দ হিলাৰীয়ে যদি  মাউন্ট এভাৰেষ্টত ভাৰতীয় জাতীয় পতাকাখন উৰুৱাব পাৰিছে যদি বাচেন্দ্ৰী পালেওঁ উৰুৱাব পাৰিছে । ভাৰতৰ হৈ অলিম্পিকত মহিলা সকলেওঁ যোগ দিব পাৰিছে যেনে মেৰী কম,চাইনা নেৱাল,লাভলীনা বৰগোহাঁই  আদি তেওঁলোকৰ কথাকে ক'ব পাৰি। নাৰীসকল ৰাজনীতি,অভিনয়,সাহিত্য,খেল আদিতেই সীমাবদ্ধ হৈ থকা নাই তেওঁলোকৰ মাজত কিছুমান সমাজকৰ্মী,পৰিৱেশ কৰ্মী,বিজ্ঞানীয়ো হৈছে ,পলকতে চন্দ্ৰযান উৎক্ষেপন কৰা মহিলা বিজ্ঞানী সকলৰ বিষয়েওঁ উল্লেখ কৰিব পাৰি যেনে তেওঁলোকৰ নামসমূহৰ মাজত ৰিতু কৰিডল যাক আমি "Rocket woman "বুলি জানো। 

 তাৰোপৰি সামাজিক ক্ষেত্ৰত অসমৰ যোৱা ১৩ মে ২০২৪ স্বৰ্গগামী হোৱা "পদ্মশ্ৰী বিৰুৱালা ৰাভা"ৰ বিষয়ে ক'ব পাৰি ।তেওঁ যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আহিছিল । অসমত ডাইনী সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছিল । তেখেতৰ এই মহৎ কামৰ বাবে ২০০৫ চনত শান্তিৰ নোবেল বটাৰ বাবে মনোনিত হৈছিল।  আনহাতে পৰিৱেশ কৰ্মীৰ উদাহৰণৰ ক্ষেত্ৰত পূৰ্নিমা দেৱী বৰ্মণৰ কথাকে কব পাৰি য'ত ৰাষ্ট্ৰসংঘৰ সৰ্ব্বোচ্চ সন্মাণ "পৃথিৱীৰ চেম্পিয়ন" আগবঢ়াইছিল। 


সৃষ্টি সমস্যা ও সমাধানঃ

সমাজ যিমানেই উন্নতিৰ দিশলৈ অগ্ৰসৰ হৈছে তাৰ মাজতে এচাম আগকটা কেচীওঁ ওলাইছে। নাৰীয়ে পৰম্পৰাগতভাৱে সমাজত নিজৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজি আহিছে। তেওঁলোকে বাৰে বাৰে সমতাৰ বাবে ঠেলি দিছে যাতে তেওঁলোকে মানুহৰ সৈতে হুবহু তুলনাযোগ্য জীৱন যাপন কৰিব পাৰে। তথাপিও স্বাধীনতাৰ পাছতো তেওঁলোকে যুঁজি আছে। যদি আমি আজিৰ পৰিস্থিতিৰ কথা কওঁ, তেন্তে বহু মহিলাই এতিয়াও লিংগ বৈষম্য, যৌন নিৰ্যাতন আৰু হাৰাশাস্তি, শিক্ষা, বাল্য বিবাহ আদি সমস্যাৰ সন্মুখীন হৈছে?ভাৰতত নাৰীক দেৱীৰ পদলৈ উন্নীত কৰা হয়। কিন্তু তেওঁলোকে সন্মুখীন হোৱা অসুবিধাবোৰে এই ধাৰণাটোৰ বিপৰীত দিশটোহে দেখুৱাইছে।এফালে মানুহে নাৰীক দেৱী হিচাপে পূজা কৰে, আনফালে নিৰ্দয়ভাৱে বেয়া ব্যৱহাৰ কৰা, ইফালে লিংগ বৈষম্যৰ ক্ষেত্ৰত আইনৰ বিৰুদ্ধে হ’লেও তেওঁলোকে কেঁচুৱাৰ লিংগ নিৰ্ণয়ৰ চেষ্টা অব্যাহত ৰাখিছে। পুৰুষ বিচাৰিলে গৰ্ভাৱস্থাটো টাৰ্মলৈ কঢ়িয়াই নিব, কিন্তু ছোৱালী বিচাৰিলে গৰ্ভপাত কৰিব। মহিলাসকলে এতিয়াও যৌন নিৰ্যাতন আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছে , দেশখনৰ অপৰাধ সম্পৰ্কীয় শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি ভাৰতত ২০২১ চনত ৩১,৬৭৭টা ধৰ্ষণৰ গোচৰ অৰ্থাৎ গড়ে প্ৰতিদিনে ৮৬টা গোচৰ ৰুজু হৈছে, আনহাতে মহিলাৰ বিৰুদ্ধে হিংসাৰ প্ৰায় ৪৯টা ঘটনা ৰিপৰ্ট কৰা হৈছে প্ৰতিটো ঘণ্টাত। উদাহৰণস্বৰূপে দিল্লীত ২০১২ চনত ২২ বছৰীয়া মহিলাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা  "নিৰ্ভয়া গোচৰ"ৰ কথা । তাৰোপৰিওঁ সমাজত প্ৰচলিত যৌতুক ব্যৱস্থা ,যত ছোৱালীজনীৰ বিয়া হোৱা ঘৰখনত প্ৰত্যেক্ষ বা পৰোক্ষ বাবে যৌতুকৰ হেচা দিয়ে।

       ভাৰতত মহিলাসকলে সন্মুখীন হোৱা এই সমস্যাসমূহৰ সৈতে যুঁজিবলৈ আমি সকলোৱে একত্ৰিত হ’ব লাগিব। প্ৰতিজন নাগৰিক আৰু চৰকাৰে ইয়াক মহিলাৰ বাবে নিৰাপদ স্থান হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব।মহিলাৰ বিৰুদ্ধে অপৰাধ কৰা লোকৰ বিৰুদ্ধে অধিক কঠোৰ আইন প্ৰণয়ন কৰিব লাগিব। সকলোৱে ইয়াক গুৰুত্বসহকাৰে লোৱাটোও সঠিকভাৱে কাৰ্যকৰী কৰিব লাগিব।তদুপৰি পুৰুষ আৰু মহিলাৰ বাবে সমানে সুযোগৰ ব্যৱস্থা কৰিব লাগিব। প্ৰতিটো ক্ষেত্ৰতে আমি নাৰীক নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ উৎসাহিত কৰিব লাগিব। চিকিৎসা ক্ষেত্ৰ হওক বা ক্ৰীড়াক্ষেত্ৰই হওক, সুযোগ সমান হ’ব লাগিব। 

      চৰকাৰে মহিলা বা ছোৱালীসকল আত্মনিৰ্ভৰ কৰি তুলিবলৈ কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগে  ,কন্যা সন্তান ৰক্ষা কৰা লিংগ পৰীক্ষাৰ পৰা বিৰত থাকিবলৈ কঠোৰ নীতি গ্ৰহণ কৰিব লাগে । শিক্ষাৰ অগ্ৰসনী হ'বলৈ  অসম ৰাজ্যৰ মহিলা ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাত অধিক মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰা। যেনে কিছুমান প্ৰশংসনীয়  আঁচনি "অসম প্ৰজ্ঞান ভাৰতী স্কুটী আচঁনি"আদিৰ  সহায়ত অসমৰ ছাত্ৰীক শিক্ষাৰ প্ৰতি উৎসাহিত কৰা। এই আঁচনিখনে অসমৰ মহিলাসকলক এখন স্কুটিৰ ব্যৱস্থা কৰি সবলীকৰণ কৰিব যাতে তেওঁলোকে কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ মুক্তভাৱে যাত্ৰা কৰিব পাৰে ।

   সমস্যা হয়তো  প্ৰাকৃতিটো দুৰ্যোগৰ দৰে  পৰিপুৰ্ণ হৈ আছে । আমি ইয়াৰে পদক্ষেপটো ল'ব লাগিব যে  আমাৰ প্ৰত্যেকে নাৰীকেই সমান সমকক্ষ হিচাপে গণ্য কৰিবলৈ সাজু থকা। আমি তেওঁলোকক প্ৰতিটো পৰ্যায়তে সহায় কৰা আৰু তাতোকৈ বেছি তেওঁলোকক নিজৰ সিদ্ধান্ত ল’বলৈ শক্তিশালী কৰিব লাগিব। ইয়াৰ পিছতে এইবোৰ সমস্যাওঁ দূৰ কৰিব পৰা যায় । আমাৰ দেশৰ মুঠ জনসংখ্যা ৪৮ শতাংশ নাৰী।এই ৪৮ শতাংশই যদি ৰাষ্ট্ৰৰ উন্নয়নত অৰিহনা যোগায় তেতিয়াহে ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিব পাৰিব।

আশা কৰিছো এই বৈষম্যতাবোৰ এদিন নোহোৱা হৈ যাব,সমাজ সমান ৰেখাত উপনীত হ'ব দিগন্তৰ নাৰী সোণালী সুগন্ধিয়ে চৌপাশ জীপাল কৰিব,মোৰ বিশ্বাস -আমাৰ দেশৰ সকলো নাৰীৰ জীৱনত এই দিন আহিবই॥

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.