বিশ্বৰ কোনো মানুহেই মোবাইলৰ পৰা বাছি থকা নাই
ডিজিটেল ডাটা ৰিপ'ৰ্ট অনুসৰি বৰ্তমান বিশ্বত মোবাইল ব্যৱহাৰকর্তা আছে মুঠ ৫.৬১ বিলিয়ন। ২০২০ চনত বিশ্বত মুঠ মোবাইল ব্যৱহাৰকাৰীৰ সংখ্যা আছিল ৫.২২। ১৯৭৩ চনত আমেৰিকাৰ মার্টিন কোপাৰে মোবাইল ফোন আৱিষ্কাৰ কৰাৰে পৰা বৰ্তমান বিশ্বত বিভিন্ন ধৰণৰ মোবাইল দেখিবলৈ পোৱা গৈছে। মোবাইল বজাৰৰ পৰা ক্ৰয় কৰাটো কোনো ডাঙৰ কথা নহয় কিন্তু এই মোবাইল এটা সঠিক দিশত ব্যৱহাৰ কৰিব পৰাটোহে আচল কথা। বহুতে কিনে বিভিন্ন কাৰণত। ২০১৯ চনৰ আগৰ বৰ্ষবোৰৰ মোবাইল ব্যৱহাৰৰ কৰাৰ সংখ্যা প্রায় কম আছিল। ২০১৯ চনৰ মহামাৰী কৰ'নাৰ আগমনত বহুজনৰ হাতলৈ লগতে ল'ৰা-ছোৱালীৰ হাতে হাতে মোবাইল লোৱাও দেখা গৈছে অনলাইন ক্লাছৰ বাবে। আনহাতে, বহুতে নিজৰ মনোৰঞ্জনৰ বাবে লোৱা হ'ল। এতিয়া মূল কথাটো হ'ল ল'ৰা-ছোৱালীকে ধৰি ডেকা-গাভৰু, বুঢ়া-বুঢ়ীৰ হাতত মোবাইল লোৱা দেখা গ'ল। যিকোনো সময়তে, শোওঁতে, বহোতে, খাওঁতে মোবাইল ন'হলে যেন আধৰুৱা হ'ল। এতিয়া এই মোবাইল নিচাজাতীয় বস্তুলৈ পৰিণত হ'ল। নিচাজাতীয় দ্রব্যবোৰ নিচামুক্তি কেন্দ্রলৈ গৈ এই নিচা সেৱনৰ পৰা মুক্তি লাভ কৰিব পাৰি কিন্তু আমি লোৱা মোবাইলৰ পৰা কেনেকৈ এৰি চলিব পাৰো তাৰ বাবে জানো বিশেষভাৱে মুক্তি কেন্দ্র আছে? মোবাইল অলপ-অচৰকৈ হ'লেও এৰি চলিবৰ হ'ল অধিক মোবাইল আসক্তই উপকাৰতকৈ অপকাৰহে বেছি কৰিছে কিন্তু এই অপকাৰৰ কামতো জানো আমি কৰা নাই! গতিকে আমি নিজে নিজক সুধি চাবৰ হ'ল মোবাইলটোক আমি ব্যৱহাৰ কৰিছোনে মোবাইলে আমাক ব্যৱহাৰ কৰিছে, গতিকে এটা সময় অকণ মিলাই আঁতৰত ৰাখি ঘৰতেই মুক্তি কেন্দ্ৰ গঢ়িবৰ হ'ল, নহ'লে হয়তো বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰাৰ আশংক্ষা বাঢ়ি যাব।
তপন পায়েং
APSCmains
PCSmains

Comments
Post a Comment