জীৱনৰ কুহিপাত হোৱা তুমি
চুনামী
হৃদয়ৰ খিৰিকীখন খুলি চাইছিলো বহাগৰ বিৰিণাৰে তুমি যেন নাচনী,তুমি নাচনী হোৱাৰ বাবেই মোৰ হৃদয়খনো নাচিব শিকিছে বোধকৰো তোমাৰ প্ৰেমৰ পৰশ পাই নাচিব শিকিছে । কেনে আছা ,ভগৱানে তোমাক সূখত ৰাখক ,তুমিচোন জানাই তুমি সূখী হ'লে মোৰো সুখ । মই তোমাৰ বাবে য'ত মৰম সাচি ৰাখিছো ,তোমালৈ বুলি চিঠি লিখিছো বুলিয়েই শব্দবোৰ কিয় লুকাইছে বাৰু? বুজিছা তোমাৰ বাবে ,তোমাক কব পৰাকৈ শব্দবোৰ কৰবাত লুকা-ভাকু খেলিছে ,বিচাৰিওঁ নাপাওঁ তোমাৰ ভালপোৱাৰ যি সূখ হয়তো চাগে ভালপোৱা এনেকুৱাই হয়নেকি বাৰু? যত সূখ হাহিঁ ,খুলি খুলি ক'ব খুজো Yeh Dil Asiqana,yeh Dil tumhe hi sahta aur saonga..তোমালৈ বুলি এটি গীত লিখিছো,পঢ়ি চাবাচোন
![]() |
| Just Imagination |
নিশাৰ শেৱালী অহ তৰা
গীতৰ কথা:- তপন পায়েং (কাৰ্চাং তাকাৰ)
ফুলিলানো কেতিয়া সেউজীয়া হৈ
সাৰ পাই দেখো তুমিছোন নাই ,,
উৰানো কলৈ
গুপুতে গুপুতে জোনাকী পৰুৱা হৈ
তোমাক ভালপোৱাৰ অভিমানত
আকাশ গনো
তোমাৰ মোৰে দূৰত্ব কিমান?
সাগৰত যিমান পানী আছে
মৰমো সিমান !
তুমি জানো জানহ ! বুজানে নাই
ফুলিবাচোন সদায়েই শেৱালী হৈ (২)..
তুমি মোৰে জোনাকী হৈ...
শেৱালী ফুলিলে চাবা
মোৰ সুগন্ধি শেৱালীতো পাবা
আকৌ এবাৰ কব খুজো
ভালপাওঁ তোমাক ,,
খিৰিকী মেলি নাচাবা
অগনন ভোমোৰা উৰি থাকে ফুলনিত
খিৰিকী মেলি চালেই
ভোমোৰাই আমনি কৰিব তোমাক
মোৰ কি দশা হ'ব
বুজিছানে নাই।
আশা কৰিছো গীতৰ কথাবোৰ বুজি পাইছে বুলি । নিজৰ বুলি ক'ব পৰাকৈ প্ৰথম প্ৰয়াস কৰিছো। বাৰু যিকিনহওঁ তোমাক ভালপাইছো বুলি ক'ব পৰাকৈ তোমালৈ এনেকুৱা কবিতা,গীত আদি জন্ম হৈ থাকিব তুমি যেন মোৰ উপহাৰ॥মোৰ প্ৰেয়সী।
তোমাৰ
নিয়ৰ(প্ৰেমীক)


Comments
Post a Comment