Skip to main content

প্ৰেমে মলিয়ালে ফাগুনত ফাগুনীয়ো শিমলু হৈ ফুলিবই(অনুভৱ)

 প্ৰেমে মলিয়ালে ফাগুনত ফাগুনীয়ো শিমলু হৈ ফুলিবই(অনুভৱ)

*কাৰ্চাং তাকাৰ*



এই যে বিষাদভৰা চকুলো কাৰ বাবে ঘামে , তেওঁলোকৰো চকুলো বৈ আহে নদীৰ দৰে  অথচ তুমি মই আপুনি নজনাকৈয়ে আৰু এইয়াই নেকি প্ৰেম ভালপোৱা।বাৰু কোৱাচোন ?

এই যে  সৰিয়হ ফুলাৰ বতৰ চাই

সৰিয়হ ৰাখিবলৈ যোৱা গাভৰুক চাই 

গাভৰুজনীক চিনি নোপোৱাকৈয়ে তাইৰ প্ৰেমত যে পৰা

এই প্ৰেমৰ নামনো কি ৰাখা?

দিপশিখা নে লিপিকা,

ম'মতা নে নম্ৰতা ॥

অ'হ প্ৰেম এনেকুৱাই ,প্ৰেম হ'বলৈ চিনাকীৰ প্ৰয়োজন ন'হয় মাত্ৰ কিছু ক্ষণতে  এই প্ৰেম হৈ যায় । এদিন মই বাটে বাটে গৈছিলো  ,এটা মটাউৰিৰ ওপৰে ওপৰে মটাউৰিৰ ওপৰতেই অকোৱা -পকোৱা বাট আৰু এই বাটৰ কাষে নৱতৃণ য'ত ইহঁতৰ হাতেৰে নকৈ পৃথিৱী গজালি ওলাওঁ ওলাওঁ ,কিন্তু ইহঁত কৰিছেনো কি ?হাইৰাম কাণত ফেৱিকুইক লগোৱাৰ দৰে চেপামৰা ফোনত ব্যস্ত ,মই ইহঁতৰ কাষ চাপিলো আৰু সুধিলো ,এই বেলি লহিওৱাৰ সময়ত কাণত ফোন থৈ কাৰ লগত কথা পাতিছা ,ইহঁতৰ ভিতৰতে এজনে আহি  ক'লে কাণত ফুচ্ ফুচাই,এই যে ৰঙা স্ফৰ্টিং পিন্ধি বহি যে কথা পাতি আছে ,সি এনো আদিসূতিৰ ছোৱালী এজনীক ভাল পাইছে ? মই অবাক ,মই অবাক কেনেকৈনো ন'হব যিয়ে লৰাৰ বয়স মাত্ৰ চৈধ্য বছৰ শুনামতে ঘৰত বাধা দিয়াৰ কাৰণে এতিয়া বয়স হোৱা নাই প্ৰেম কৰিবলৈ এনেকৈ কওঁতে পথাৰত দিয়া চৰাইমৰা ঔষদ পানীৰ লগত মিলাই খাইছিল ?মই এই লৰাজনৰ ওচৰলৈ গৈ সুধিলো ,অ  লৌ'ৰা তোমাৰ প্ৰেম কৰিবলৈ বয়সনো  হৈছে কিমান? এনে কোৱাত এই বালক প্ৰেমীকৰ উত্তৰ,অ'ৰা দাদা প্ৰেমে বয়সৰ প্ৰশ্ন নকৰে ? চকুৰ পচন্দ ,মনৰ মিলন আৰু এনেকৈ হৈ যায় প্ৰেমৰ চিৰন্তন । ভিতৰি ভিতৰি ভাৱিলো এই লৰাজন প্ৰেমৰ ক্ষেত্ৰত মোতকৈ জেষ্ঠ্য ,সচাকৈ প্ৰেম সুধি নাহে! দাদা  আপোনাৰ এতিয়া প্ৰেম কৰিবলৈ বয়স হ'ল?নতুবা মনত নেপেলাই আপোনাৰ প্ৰেমত পৰাৰ বয়সৰ ক? প্ৰেম ঠিকনা বিচাৰি নাহে ?প্ৰেম হৈ যাব পাৰে ৰাস্তাত বৰষুণত তিতি ছাতি লোৱা ছোৱালীক চাই?প্ৰেমত পৰিব পাৰে ,কলেজলৈ যোৱা ছোৱালীক চাই ?অথবা প্ৰেমত পৰিব পাৰে কবিতা লিখা ছোৱালীজনীৰ কবিতা পঢ়ি ?আৰু পৰিব পাৰে ছোৱালীজনীৰ নৃত্য,অভিনয় চাই ?যেনেকৈ প্ৰতিজন ডেকাচামৰ ঋতু অনুযায়ী হোৱাৰ  দৰে কোনোবা এখন চিনেমাৰ নায়িকাক চায় নেচনেল ক্ৰাছ যে বনোৱা ,ইয়ো প্ৰেমেই । প্ৰেমে বয়স নোজোখে ,প্ৰেম এটি প্ৰবাল নদীৰ সোতঁৰ দৰে  যিয়াই থকাৰ আগমূহুৰ্তলৈকে সত্তৰ আশীবছৰলৈ হাতে হাতে ধৰি খোজ কঢ়াৰ শক্তিয়ো দিব পাৰে । যেনেকৈ পাপন দাই গোৱাৰ দৰে

হাতে হাত ধৰি

বহুদূৰ যাওঁ আগবাঢ়ি

বাৰ্তালাপ কেনেকৈনো কৰো ॥

তপন পায়েং


আৰু এইদৰে প্ৰেমো বজাৰত পাব নোৱাৰি ,প্ৰেম যদি সূলভ হোৱা হ'লে কত প্ৰেমীকে বিবাহ পাশত আৱদ্ধ হৈওঁ ওচৰ-চুবুৰীয়াৰ মুখতে প্ৰেম বিচ্ছেদৰ খবৰ নাপালোহেতেন। কেতিয়াবা ক'য় লৰা বা ছোৱালীক নিজকে ধুনীয়াকৈ সজোৱা ,প্ৰেমত পৰিবলৈ ,তুমি ধুনীয়া হলেহে লৰাই তোক চাব অথবা ছোৱালীয়ে হাই এটা দিব । কিন্তু ওৱাটছাপ ফেচবুকতেই নিজৰ চেহেৰাখন ধুনিয়া ৰাখিলে কিবা হ'ব  । চেহেৰা মোৰ ভগা -ছিগা ,আৰু এই ভগা ছিগা চেহেৰাখনত ইটা চিমেন্ট ৰদ্  দি প্লাষ্টাৰ কৰি নিজকে ধুনীয়া কৰি কি লাভ  হ'ব য'ত মনৰ ভিতৰৰ পৰাই সুন্দৰ ন'হয় এই প্ৰেমত পৰি কিবা লাভ হ'ব যত তোমাৰ আমাৰ ঘৰৰ সুখৰ বাৰ্তাল বহন কৰিব নোৱাৰে । যিমানেই ঘৰ খন অথবা চেহেৰাখন ভগা ছিগাই হওঁক বানপানী নমাই এদিন ন'হয় এদিন বৰ্ষা ঋতুওঁ তোমাৰ প্ৰেমত পৰিবই । শিমলুৰ দৰে গাত কাইট থাকি কুৎসিত হ'লেওঁ ফাগুনত ফাগুনী অহাৰ লগে লগে,প্ৰেমে মলিয়ালে ফাগুনত ফাগুনীয়ো কুৎসিত শিমলুকো এবাৰ হলেওঁ শিমলুক ভাল পাবই । মাথোন সময় ,প্ৰকৃতিৰ প্ৰয়োজন ,দেহৰ মনৰ ভালপোৱাৰ উৎপীৰণ যাগিব লাগিব আৰু এই সময়তেই প্ৰেম সদাচাৰ যাকে তাকে ,ভাল লাগিলে ভাল পাওঁ বুলি কব প্ৰস্তাৱ নাকচ কৰিলে নাই আৰু প্ৰেমতো এজন বা এজনীৰ তাতেই নাই প্ৰেমে বিধে ।গতিকে প্ৰেমকলৈ মনত অস্ত্ৰোপচাৰ কৰি লাভ নাই,প্ৰেম মানেইতো ত্যাগ ,বিগ্ৰহ ভালপোৱা ,একেলগে থকা সুখে দুখে  কটোৱা এটি ৰঙা বেলি ।

JADAV PAYENG TAPAN PAYENG


Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.