Skip to main content

লৃগাঙত লৃগাঙো ডুমডুম বজাব,গল্প

Kamro


লৃগাঙত লৃগাঙো ডুমডুম বজাব (গল্প)

  লক্ষীমপুৰ কেন্দ্ৰীয় আলি আয়ে লৃগাঙৰ কাম্ৰ আলোচনীত প্ৰকাশিত  ◼কাৰ্চাং তাকাৰ  

কথাখিনি অলপ বুজাচোন ,গাৱঁৰ পৰা আহি চহৰত থাকিবলৈ ললেই যে  চহৰীয়া ন'হয় অহ! এতিয়াওঁচোন আছে এই আদিসুতি গাৱঁৰ আল্লাম টাইদ হতঁৰ বিলৰ গুন্ধবোৰ ।অহ এইটো কথা মানিচো  যে মই  চাকৰিসুত্ৰে গাৱঁৰ পৰা নগৰলৈ আহিলো আৰু  ইমানো পুৰণি হোৱা নাই যে নিজকে টাউনীয়া ক'বলৈ ,মাত্ৰ ত্ৰিছ বছৰ হৈছে ।এইবুলি দেউতাকে লৃগাঙক বুজাইছে ।দেউতাকৰ এনে কথাত লৃগাঙ জোৰ জোৰকৈ হাঁহি হাঁহি ক'লে   :- আহঁ ! আহঁ ,অহ! পাপা আপুনিচোন এতিয়া  ষাঠি বছৰীয়া হ'ল আৰু মই নিজেইচোন উনৈশ বছৰীয়া ,এই উনৈশ বছৰ বয়সত নিজকে টাউনীয়া নকয় গঞা বুলি ক'ম নেকি ?এই বুলি কয় ঘৰৰ ভিতৰলৈ সোমাই গ'ল।লৃগাঙৰ এনেই কথাত চিন্তাত  চৌহদত থকা চকীতেই বহি থাকিল । লৃগাঙৰ এনে চিন্তিত চাই লৃগাঙৰ মাকে পাকঘৰৰ পৰা হেঁতাটো লৈ ওলাই আহি কলে -

:- আপুনি মিছাতে কিয় চিন্তা কৰিছা ? এটা উপযুক্ত বয়সতে সি নিজেই পৰিৱৰ্তন হ'ব । মাকৰ এনে কথাত লৃগাঙৰ দেউতাকে ক'লে-

:- এই লৰাটোৰ যে কি যে হ'ব ন'হয় ,ইংৰাজে ভাৰতৰ  পৰা যোৱা বহু বছৰেই হ'ল কিন্তু ইয়াৰ যে মামী-পাপা নগল আৰু ?  কিমানবাৰ ক'ম ইয়াক মোক বাঃবু বাঃবু  বুলি আৰু তোমাক অঃৱৌঃ  বুলি ।এই লৰাটোৱে মানে আমাৰ মনৰ কথাটো বুজি নাপায় । 


এনেকৈ দুয়োৰে  মাজতে কথা পাতি থাকোতেই বেলি কেতিয়া কেনৈকৈ ৰকম আৰু কাম্পতীৰ ঘৰৰ মুধছ পালে গমকেই নাপালে ।এনেই সিফালে ফাগুনী পলাশৰ ৰং, মাজত মাথোন  লৃগাঙলৈ দুদিন আছে ,তাৰ মাজে মাজে ডুমডুম লুপেঃৰ শব্দ 

দিগেমাতি গৌঃমৰাগ ,গোমৰাগ।এই শব্দৰ মাজতে ষাঠি  বছৰীয়া ৰকমে বাৱন বছৰীয়া কাম্পতীৰ হাত কোনেওঁ নেদেখাকৈ ৰোমাঞ্চক হৈ  যেন চিনেমাৰ দৰে

:- ঐ লৃগাঙৰ য়ঃৱৌঃ,মনত পৰিছেনে এই যে ৰাংকব গাৱৰ ইমুৰত তোমাক চাই চাই যে অইনিঃতম গাইছিলো মনত আছেনে ,,ইচ্ তোমাৰ কি যে লাজ আছিল ন'হয় । ৰকমৰ এনে কথাত

:-  তহ!তহ! ষাঠি বছৰীয়া হৈ গ'ল এতিয়াওঁ এই স্বভাৱটো যোৱাই নাই,

:- মানুহটোৱে বুঢ়া হৈ গ'ল,মনতো জানো বুঢ়া হ'ব পাৰে ।

এই কথাবতৰাৰ মাজেৰে খুউব সুৰীয় ঢোলৰ চাপৰযেন  ৰকম আৰু কাম্পতীৰ কাণত যেন পৰি গৈছে । ৰকম কোনোমতে ৰৈ থাকিব পৰা নাই ,কোনে বাৰু বজাইছে ইমান সুৰীয়াকৈ মোৰ  ডেকাকালৰ দিনবোৰ মনত পৰি গৈছে দেই,এই সময়তে গেটৰ সমুখতে কাণ্ডত কোৰ লৈ যোৱা  ৰাকেশক দেখি সুধিলে ।

:- ঐ ৰাকেশ কোনে ঢুলটো বজাইছে অহ ইমান ধুনীয়াকৈ!

:- এই আমাৰ মন্টুৰাম আকৌ !

:- কোন মন্টুৰাম?

:- তাতঃ ত্ৰিৰঞ্জনৰ পুতেক আকৌ,অহা বুধবাৰে লৃগাং আছে নাই ,লত্তা চমাঃনত সি এনো ঢুলীয়া।

:- অহ ! অহ!

 ত্ৰিৰঞ্জনৰ লৰা বুলি গম পাই  বেছিকৈ বিমূৰ্ত হৈ বিচলিত হৈ বহি থাকিলে আৰু মনে মনে ভাৱিলে ,ছেঃ  আমাৰ লৃগাঙো মন্টুৰ দৰে বজাব পৰা হ'লেহেতেন ।মোৰ শুভাকাংশীয়ে আপোনাৰ লৰা ছাগে ঢোল বজাত বহুত পাকৈত ছাগে বুলি সুধোতে হাঁহি হাঁহি ক'ব পাৰিলোহেতেন অহ অহ সি মোতকৈ বহু ওপৰৰ । সুধিবই ন মইয়েই দেখোন ডেকাকালতে বহুতো য়ামে-মৃমবৃৰক শিকাইছিলো ঢোলৰ তাঁল। মোৰ  এনেকৈ ক'ব পৰা দিনখন আহিব জানো হয়তো এনেকৈ এদিন মই হেৰাম এই পৃথিৱীৰ পৰা ।এনেকৈ ভাৱি থাকোতে বাজি উঠে আধুনিক গীতৰ চাউণ্ড  "লুঙী ডেঞ্চ লুঙী ডেঞ্চ"আৰু ইফালে লৃগাঙ ৰোমতে ব্ৰেক ডেঞ্চ । দেউতাৰ কথাখিনি লৃগাঙৰ মুৰত ব্ৰেক ধৰেনে নধৰে এইটো কব নোৱাৰি কিন্তু এইটো কথা সচা যে লৃগাঙৰ ডেঞ্চত ব্ৰেক মাৰে । কেতিয়াবা সন্ধিয়া হলেই, কেতিয়াবা  ৰাতিৰ ডাইনিং টেবুলত কাজিয়া হয় মিচিং গুমৰাগ নৃত্য নাইবা অইনিঃতম ,আনুনিঃতমৰ কাৰণে ।ৰকম আৰু লৃগাঙৰ কাজিয়াত স্থান পাই এইবোৰ কথা যত কয় ৰকমে:-

:-  আৰেহ বাবা ,তোক যি লাগে চব দিছো অথচ মোৰ কথা এটাওঁ নুশুন নে ?ডেঞ্চৰ স্কুলত নাম লগাই দিব কোৱাৰ কাৰনে নাম লগাই দিছো....অথচ এবাৰ গোমৰাগৰ পিনেওঁ চকু দিব নোৱাৰা নে? এনেই কথাত লৃগাঙ

:- তহ! তহ!গোমৰাগ ,বাৰু এটা কথা কোৱাচোন পাপা আপোনাৰ গোমৰাগক বিশ্বই চিনি পায়নে ? আমাৰ চোৱা মাইকেল জেকচন,কেন স্বিপট তেওঁলোকক ব্ৰেক ডেঞ্চৰ বাবে গোটেই বিশ্বই সৰু সৰু লৰা -ছোৱালীৰ পৰা ধৰি বুঢ়া-বুঢ়ীলৈকে চিনি পায়।আপোনাৰ অল্ধ ফেচন ডেঞ্চক কোনে চিনি পায় ? লৃগাঙৰ এনে কথাত ৰকম

:- তুমি ইমান ডাঙৰকৈ চিঞৰি চিঞৰি ক'ব পৰা হ'লা ,চোৱা লৃগাঙ তোমালোকেই নৱপ্ৰজন্ম আমি যেনি-তেনিকৈ হ'লেওঁ মিচিঙৰ পৰম্পৰা মিচিঙৰ লোকসংস্কৃতি  বচাই আহিছো এতিয়া তোমালোকৰ কাম এই মিচিং গোমৰাগ ঐনিতমক বিশ্বদৰবাৰত লৈ যোৱা । আৰু এটা কথা মনত ৰাখিবা যেতিয়াৰ পৰা এই কলা-সংস্কৃতি এদিন হেৰাই যাব তেতিয়াহে বুজিবা আৰু তেতিয়া তুমি নিজকে কি বুলি চিনাকি দিবা মিচিং নে মাইকেল জেকচন । দেউতা ৰকমৰ কথাত গুৰুত্ব নিদি

:- তহ! তহ! আপোনাৰ পুৰনি পিলছপি । এইবোৰ কথা কয় যায় । লৃগাঙৰ এনে কথাত দুখ কৰিব নে খং কৰিব ,বেচেৰা ৰকমে আধা থালিতে টেবুলৰ পৰা উঠে আৰু দুখেৰে ৰোমলৈ যায় উচুপি মৌন হৈ থাকে ।এনে মৌন অৱস্থাত কাম্পতীয়ে আহি কয়

:- হ'ব লৃগাঙৰ দেউতা ,ইমান চিন্তা নকৰিবা এদিন ভাল দিন আহিব,অপেক্ষা কৰা

:- সি কথাবোৰ কিয় নুবুজে ? যিমানেই মুখত সলসলিয়াকৈ ইংৰাজী ভাষা বন্দুকৰ গুলীৰ দৰে ফুটিলেওঁ নিজৰ সংস্কৃতিৰ বিষয়ে,নিজৰ জাতীৰ বিষয়ে,নিজ মাতৃভাষাৰ  বিষয়ে ক'ব নোৱাৰা ন'হয়  তেতিয়াই  নিজকে চিনাকি দিওঁতে বোবা লাগিব চাবা লৃগাঙৰ মা'ক। আৰু যদি দিনক দিনেই লৃগাঙৰ নিচিনা লৰা-ছোৱালী ওলাই থাকিলে ,এদিন নহয় এদিন এই নিজৰ তোমাৰ-মোৰে অতিকৈ চেনেহৰ ভাষা-সংস্কৃতি এদিন হেৰাব ঠিক ।

         কথাবোৰ কয় এনেকৈ ঠৰক -বৰকৈ ভিতৰলৈ প্ৰৱেশ কৰে । সময় চাওঁতে চাওঁতে শিমলূু ফুলেওঁ আলি-আয়ে-লৃগাঙৰ বতৰা দিছেগৈ । 

          আৰু পিছদিনা লৃগাঙ পিঠিত বেগ লৈ ওলাইছে কলজলৈ । কলেজত এটি বিশেষ ক্লাছ আছে ,এই ক্লাছটোত অংশগ্ৰহণ কৰিবলৈ বহুতো কলেজৰে লৰা-ছোৱালী আহিব । আনহাতে এই ক্লাছটোলৈ লৈ যোৱাৰ মনস্থ কৰিছে লৃগাঙৰ বান্ধৱী পুনচাঙে ,কাৰণ পুনচাঙে যি ক'য় তাকেই শুনে কাৰণ ইহতঁৰ মাজত মনৰ ভাৱ-ধাৰাবোৰ খুউব মিলে । কিন্তু মিলে যদিওঁ পুনচাং আৰু লৃগাঙৰ মাজতো অমিল নথকা ন'হয় ,পুনচাং অন্য পাশ্চাত্য সংস্কৃতিৰ লগতে নিজ জাতিৰ সংস্কৃতিকো আদৰ কৰে ,গোমৰাগ বুলি কলেতো তাইক কোনে ৰখাব পাৰিব । লৃগাঙে  দেউতাৰ কথা বুজি নাপালেওঁ পুনচাঙে বুজি পায় লৃগাঙৰ দেউতাৰ কথা ,আৰু এদিন নিজেওঁ নিজ চকুৰে শুনিছে লৃগাঙৰ দেউতাকৰ কথা সেয়ে কথাখিনি চিধাকৈ নকয় বেকা-বেকীকৈ তাই লৃগাঙক এইটো ক্লাছ এটেণ্ড কৰাবই মুঠতে আৰু  ইফালে যিয়ে মোহ লগাকৈ কথা ক'ব তুমি ক্লাছলৈ যাব লাগিব ,তুমি যদিয়ে নোযোৱা পিছদিনা চাবা তোমাৰ লগত আকৌ ব্ৰেক ডেঞ্চ নকৰিম কয় থলো দেই ।আৰু এনেকৈ কলে কোন য়ামেয়ে ক্লাছ নোযোৱাকৈ থাকিব অহ,এনেই পুনচাঙ আপ্পুন(ফুল) সুগন্ধি বহুত ,পুনচাঙক ইনাই-বিনাই মনাব নোৱাৰিলে,আৰু এনেওঁ তাই গোমৰাগত পাকৈত বাবে বহুতো বিচাৰকে বোৱাৰী কৰাৰ হেপাহঁ পুহি ৰাখিছে ।

যেনি তেনিকৈ হ'লেওঁ  পুনচাঙে কলেজৰ প্ৰেক্ষাগৃহৰ ৰঙা চকীত বহুৱালে ,মঞ্চৰ বেনাৰত  লিখা আছে আজিৰ অতিথী  *অসমীয়া সংস্কৃতি সাধক সমল ব্যক্তি-ঘনকান্ত বৰি"। বেনাৰত এনে নাম পায় একেটা বহা ঠাইতে বহাৰ ধৈৰ্য্য যেন হেৰুৱাই পেলাইছে সি কোনোমতে উঠি যাওঁ লাগিছে ইফালে কাষত পুনচাঙে  চকু খেৰাকৈ  চাইচে।এনে সময়তে সভাৰ কালাংশ আৰম্ভ কৰে ,এই সভাৰ বক্তৃতাত

সমল ব্যক্তিত ভাষ্যত

:- তোমালোকে চাগে এই অসমীয়া ভাষা,মিচিং ভাষা,বড়ো ভাষা ,কৃষ্টি-সংস্কৃতিৰ শব্দ শুনি নিশ্চয় আমনি পাইছা ,মই সেইয়া নিঃসন্দেহে অনুমান কৰিছো,চোৱা এবাৰ নিজকে, যেনেদৰে নিজৰ পৰিচয় দিব পাৰিছা বা নিজৰ বিষয়ে কব পাৰিছা ঠিক নিজৰ জাতিৰ বিষয়েওঁ পাৰিব লাগিব,যেতিয়াৰ পৰা তুমি নিজৰ বৰন-পোষণ এৰি অন্যৰ  ধৰনবোৰ লোৱা তেতিয়াৰ পৰা তোমাৰ অস্তিত্ব নাইকিয়া হব আৰু তেতিয়া তোমাক কিবা শামুকা ,কায়ুম,লৃৱাং বুলি কোনেওঁ চিনি নাপাব কাৰণ নিজৰ ৰূপ এৰি আনৰ যিয়ে ৰূপ ধাৰন কৰিছা । এটা কথা মনত ৰাখা উচিত যে যেতিয়াৰ পৰা তোমাৰ এই ভাষা সভ্যতা,সমাজ-সংস্কৃতি,কলা-কৃষ্টিবোৰ পাহৰি যোৱা ইতিংকি কৰিবা তেতিয়াৰ পৰাই ধৰিবা যে তুমি এটা পংগু মানৱ যত তোমাৰ নিজস্ব আত্ম পৰিচয় নাই,নিজৰ ভাষা নাই ,এটা ঘাট-মাউৰা সন্তানৰ দৰে হৈ পৰিবা,তোমাৰ ভাল লাগিবনে কোৱা ?এই সমল ব্যক্তিজনে প্ৰতিজন ছাত্ৰ-ছাত্ৰীলৈ  উদ্দিগ্ন হৈ কলে যেন এনেকুৱা এটি বতাহ গাত ছাটি মাৰিছে  যেন আগতে যিমান বেয়া আছিলো এতিয়াৰ পৰা ভাল হ'ম। ভিতৰি ভিতৰি লৃগাঙৰ মনত এটাই  কথা ভাৱিছে দেউতাই কোৱা কথাবোৰ আগৰ পৰাই শুনি আহিলো হেতেন  এই মানুহজনৰ কথাত হয় বৰ দিলো হয়।অহতো আমাৰ হাততেই দেখোন আছে  জাতিটোৰ ভৱিষ্যত ৰূপ-ৰেখা,আমিয়েইতো আমাৰ সংস্কতি  বিশ্বত চিনাকি কৰাব লাগিব। অৱশেষত সভাখন শেষ হোৱাৰ পাছত দুয়োৱে ওলাই আহিলে ,সি লৃগাঙে ভিতৰি ভিতৰি ভাৱি মূৰ তলমূৰ কৰি ওলাই অহাত ,পুনচাঙে সুধিলে

:-তুমি বেয়া পাইছা ন! 

:- নাই কিয় বেয়া পাম,আজি এই সভাখনলৈ লৈ আহি মোৰ আন্ধাৰখিনি আতৰাই দিলি ...(অলপ সময় ৰৈ আকৌ ভাৱি কলে)মই এটা কথা ভাৱিছো ,

:-কি ভাৱিছা!

:- এ তুমি হাঁহিব ,শুনিলে

:- কিয় হাঁহিম,কোৱা মুক্তমনে 

:- মানে এইবাৰ লৃগাঙত মই ঢোল বজাম মঞ্চত তুমি নাচিব লাগিব।

কথাটি শুনাৰ লগে লগে ডাঙৰ ডাঙৰকৈ হাহিঁব ধৰিলে পুনচাঙে,পুনচাঙৰ এনে কথাত অভিমান বুলি কওঁনে খং বুলি কওঁনে মুঠতে তাইৰ ওচৰৰ পৰা অলপ আতঁৰলৈ আহি বহিলে কলেজৰ বহা টিনৰ বেঞ্চত । লগে লগে তাইওঁ লৃগাঙৰ কাষ চাপিলে আৰু

:- তুমি বেয়া পালা নেকি?

:-অহ ! পামেই

:- পিছে তুমি বজাব পাৰিবা জানো ,কোনো দিনে ঢোলৰ কাষ চাপিয়েই পোৱা নাই আৰু এনে.....এনেকৈ কওঁতে তাইৰ কথাত মুখ ৰখাই কলে

:- অহ তুমিতো আছাই,

:-  এহ!  মই নাজানো ,মই  কেৱল নাচিবহে পাৰো ,পিছে এটা উপায় আছে  ,ঘৰলৈ মন্টুৰামক মাতি শিকিব পাৰা

:- নাই নাই ঘৰত নহয়

:- কিয় ? ঘৰত শিকিলে তোমাৰ দেউতা ভাল হে পাব !

:- নাই মই চিক্ৰেটকৈ শিকিম আৰু দেউতাক চাৰপ্ৰাইজ দিম।

:- এইটো কিন্তু বেয়া ন'হয়,তেতিয়াহলে আজিৰ পৰাই শিকো নেকি মানে ইয়াতেই ,ৰ মন্টুক ফোন কৰি মাতো,পিছে  ঢুল কত পাম?

:- ঢোলৰ কথা একদম চিন্তা নকৰিবা গোটেইখিনি ঘৰতেই আছে ,বিচাৰি হাবাথুৰি খোৱাৰ দৰকাৰো নাই

আৰু এনেকৈ পুনচাং আৰু লৃগাঙৰো গোমৰাগৰ আখৰা আৰম্ভ হ'ল । সিহঁতক সহযোগ দিবলৈ কলেজৰে সহপাঠী,য়াকাচী,ডকপুন,মিপুন,ৰুয়ুম,কায়ুমো ওলাই আহিল।

    ইফালে লৃগাঙৰ দেউতা ৰকম লৃগাঙৰ বাবে হাতলৈ ঘড়ী চাই  গেটলৈ বাৰে বাৰে চাই আছে ,নাচাবনো কিয় ঘৰৰ যি একমাত্ৰ লৰা নিজৰ জাতি সংস্কৃতিৰ ধাৰা ৰক্ষা কৰিব নোৱাৰিলেওঁ ঘৰৰ বংশটো ৰক্ষা কৰিব লাগিব গতিকে তাৰ কাৰনে  ৰকমে গেটলৈ চাই থাকিবটো লাগিবই। আজিকালিৰ যি জঞ্জাল টিবিয়ে নিউজে যি হুলস্থল কৰবাত নহয় কৰবাত  পথ দুৰ্ঘটনা আকৌ কৰবাত ড্ৰাগছৰ কেছ আজিকালিৰ লৰা-ছোৱালীৰনো কি হৈছে । এয়া বোলে অমুশৰ লৰা মদ-ভাং খাই লুট-পুট আকৌ সিফালে মটৰ চাইকেলৰ স্কেলেটৰৰ শব্দ।এনে সময়তে সমুখৰ পৰা বাইকৰ শব্দ শুনি ,গেটৰ আগলৈ আগবাঢ়ি আহি খুলি দিলে।লগা-লগ জোতা-মোজা খুলি  তথা-তয়াকৈ  মিনি চাউণ্ড বক্সত তৰাৱতী মিলিৰ গান লগাব লওঁতে চাৰপ্ৰাইজৰ কথা মনত পৰি হিপ হপ চঙৰ মিউজিক লগালে। ইফালে ৰকম বিষন খং "কি যে হ'ব ন'হয় লৰাটোৰ",এই মাতটো শুনাৰ লগে লগে আৰু বেছিকৈয়েই বলিউমটো দি,হাঁহি হাঁহি  ব্ৰেক ডেঞ্চ মাৰিলে।

       গোমৰাগৰ আখৰা ,এবাৰ তালটো মাৰোতে হাত ৰঙা হৈ গৈছে জিৰণি লৈছে মুঠতে ঢোল বজাৰ কৌশলটো শিকিবই,দেউতাক চাৰপ্ৰাইজ দিয়াৰ কথাটো আছে নহয় ইফালে ৰকমে লৃগাঙৰ বাবে বাট চাওঁতে চাওঁতে ককাল বিষাই গৈছে।আজি কালি লৰাটোনো কি কৰে ইমান দেৰিলৈকে ।চাওঁতে চাওঁতে মঙলবাৰৰ পাছতেই  বুধবাৰৰ পদূলিত ফাগুনৰ বতাহে অইনিতঃমৰে লৃগাঙৰ বতৰা দিলে

চৃংগিঃ আপ্পুন পুনদুবনৌঃ

অন্ন নচঃৰ চৰদুবঃনৌ

আলি-আয়ে-আলি-আয়ে

নক্কৌ ঙক্কৌ মৌঃপলানৌ আলি-আয়ে।(শিমলূ গছৰ ফুলিছে ঐ,যতৰত সুতাওঁ কাটিছে,তোমাৰ মোৰে আলি আয়ে)।সেইয়ে পোৱাতে উঠি লৃগাঙে বেগত মিবু চোলা ,হৌৰকক বেগত ভৰাই বাইকটো কিক মাৰি ওলাই যায়। লৃগাঙৰ এনে কৰ্ম- কাণ্ড চাই বিচলিত হৈ লাহেকৈ  বহি লাহেকৈ উকাহ এৰি এৰি কয়-

:- আজি ৰাতি পূৱাতেই  কলৈ ওলাই গৈছে ,সি নাজানে নেকি আজি লৃগাং বুলি,অহ ঢোলতো কলৈ গ'ল

:- মন্টুৰামে লৈ গৈছে ,

:-অহ সি ভাল কৰিলে লৈ গৈ,বলা  মঞ্চলৈ, লৰাই মঞ্চলৈ নগলে কি হ'ব আমি যাম নে কি কয়?

:- বলা বলা,সময় হৈছেহি আৰু!

লৃগাং তলিত মানুহৰ ভীৰ লুকে-লুকাৰণ্যে কি সাজি-কাজি ওলাই আহিছে ,ডেকা-বুঢ়াসকলো  জাতীয় সাজ  । ৰকমে ভিতৰি ভিতৰি ভাৱিছে ,কাষত লৃগাঙ থকা হ'লে কলে হেতেন,চোৱা তোমাৰ পাশ্চাত্য সাজতকৈ আমাৰ মিচিং কাপোৰ কিমান ধুনীয়া ।এনে সময়তে লৃগাঙৰ লগৰে আহি কানত ফুচফুচাই কলে-                                        .:- বৰঠা আপুনি গম পায়নে আজি লৃগাঙো নাচিব ,মানে এইবাৰ লৃগাঙত লৃগাঙো ঢোল বজাব।তাইৰ এই কথাত "যদিয়ে সচা হ'লে হেতেন কিমান লাগিল হেতেন"এনেকৈ ভাৱিছে। অলপ সময়ৰ পিছতেই মাইকত মাতিলেই নহয় লৃগাঙৰ 

দলতো ,যেন ৰকমে শুনাৰ লগে লগে ভাৱিলে সেইয়া সপোন নহয়তো ।এনেকৈ নাম এনাউঞ্চ কৰাত ৰকম আৰু কাম্পতী দুয়োৰে হাতৰ হাত চাপৰি । আৰু মঞ্চত লৃগাঙ সেৱা কৰি কাণ্ডত ঢোল থুলি লৈ প্ৰথমে সমুখতে ৰৈ বজাব ধৰিলে

ৰাগ ৰাগ  গৌমৰাঃগ

দিগৌঃ মাটি গৌঃমৰাগ....

ডুমজাং ডুমজাং...ইফালে দকপুন লৃগাং নিঃতমৰ সুৰ

লৌঃলে লৌঃলে লঃলে

চৃচুক চুমবঃ চুমবঃ বডিয়া

ৰেই ৰেগাম ৰেমবঃ বডিয়া....এনেকৈ ॥ লৃগাঙৰ এই ঢোল বজা চাই আৰু ঢোলৰ থাল শুনি ৰকমে ৰখাব পৰা নাই চকুৰ চকুলো ,ৰকম আৰু কাম্পতী আচৰিত ,সুখত চকুলো আৰু অবাক। সিহঁতৰ শেষ সুৰৰ নৃত্যত প্ৰাঙ্গনত যিটো থালি মাৰিছে নহয় ৰকমে ,যেন গোটেই বছৰেকৰ সকলো সুখযেন আজিয়ে উভতাই পাইছে । ক্ষন্তেক সময়ৰ পাছতেই ফলাফল ঘোষনা কৰে আৰু শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লৃগাঙে পোৱাত যিটো আনন্দ ৰকমৰ । আনন্দটো লাগিবই ন বাপেক ঢুলীয়া লগতে পুতেকো ঢুলীয়া হ'লে আনন্দৰ সীমা জানো শেষ হ'ব পাৰে । আৰু এনে সময়তে ৰুয়ুম আহি আকৌ কয়

:- মই কোৱা নাই জানো "এইবাৰ লৃগাঙত লৃগাঙো ডুম ডুম বজাব"।

:- দেৎ আকৰি আগেয়ে কিয় কোৱা নাছিলা !

:- সেয়া চাৰপ্ৰাইজ বৰঠা ॥....

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.