অকথ্য কথাবোৰ,সমাজে কি ভাবিব?Popi Priya Patir Deori
কিছুমান কথা কোৱা নাযায়।কিছুমান আলোচনা কৰা নহয়,কিন্ত্ত সমাজত ই ঘটি থাকে।মানুহে ভোগে কিন্ত্ত মাত মাতিবলৈ ভয় নতুবা শংকা।আমি মানুহ বোৰে প্ৰায়ে কিছুমান নেদেখা জৰীৰে বান্ধ খাই থাকোঁ।অদৃশ্য এক শৃংখলে আমাক শান্তিৰে পৰিচালনা কৰে। মই অনুভৱ কৰো প্ৰায়ে কিন্ত্ত এয়াত ঠেহঁ লাগে।সমস্যা হয়।কিন্ত্ত আমি মনে মনে থাকো।সংবিধানে যদিওৱা আমাক বাক স্বাধীনতা প্ৰদান কৰিছে,প্ৰাকৃতিক ভাৱেই আমি সক্ষম মনৰ ভাৱ প্ৰকাশ কৰিবলৈ তথাপি আমি বহু সময়ৰ জীৱনটো যাপন কৰো উদযাপন নহয়।কাৰন আমি প্ৰায়ে নিজৰ ভাললগাটোতকৈ আনে ভাল দেখা কামটোহে কৰোঁ।অৱশ্যে ভাল কামত ভাল দেখি সমাজৰ বা আনৰ শলাগ কাম্য কৰাটো অন্যায় নহয়।কাৰন সামাজিক আইন অনুসৰি আমি কিছুমান নীতি মানি চলো।য'ত নৈতিক অনৈতিক বুলি ভাগ থাকে।নৈতিক ক্ষেত্রত মানুহ প্ৰশংসাৰ গৰাকী হয় আৰু অনৈতিক ক্ষেত্রত গৰিহনাৰ।যিটো শান্তিকামী সমাজৰ শুভ লক্ষন।কিন্ত্ত বহু সময়ত আমি আনক প্ৰশংসা কৰিব নাজানো।আমি কৃতজ্ঞতা জনাৱ নাজানো।যিটো অতি দুখৰ কথা।কিন্ত্ত আমি আশা কৰো আমাক আনে ,সমাজে প্ৰশংসা কৰক।এইবোৰ বাজে কথা।মূল কথালৈ আহো মই অনুভৱ কৰো আমি মানুহবোৰ বৰ পৰমুখাপেক্ষী ।আমি বহু সময়ত আনে কি ক'ব কি ভাবিব !এই শাৰীকেইটাতে গোটেই জীৱনটোৰ অধিকাংশ সোনালী সময় শেষ কৰি দিওঁ।আৰু যেতিয়ালৈ তাক অনুধাৱন কৰিব পৰাকৈ পৰিপক্ব হওঁ ,তেতিয়ালৈ সেই ভাল লগা বোৰ শেষ হৈ যায়।
যেনে ধৰক-
১)মাক বাপেকে সতি-সন্তানক বুজি পায় ।জানে নিজৰ ছোৱালী জনীয়ে ছবি আকি ভাল পায়।তাই টেটু আৰ্টিচ হব খোজে।মনে মনে তেওঁলোকেও কামনা কৰে ।ল'ৰাটোৱে কৰক ,ছোৱালীজনী সুখী হব তাতেই। কিন্ত্ত তাতো বাধা হয় এইষাৰ কথা "মানুহে কি ক'ব !সমাজে কি ভাবিব"।
|
Popi
Priya Patir and her another post |
|||
|
2.বিষাক্ত
মাতৃত্ব
|
||
২)আপোনাৰ ল'ৰা ছোৱালীৰ বিয়াৰ বয়স।আপোনি সৰুকৈ যেনেতেনে চাকৰি কৰি ঘৰখন চলাই আছে।ল'ৰাছোৱালীক সাচি থোৱা ধন ভাঙি ভালদৰে পঢ়ালে।কিন্ত্ত বুঢ়া �
বুঢ়া বয়সত সাৰথি বুলিবলৈ আছে মাত্র গাৱৰ ২পুৰা মাটি।লৰা ছোৱালীয়ে তাকে বুজি কয় সিহঁতে বিয়াখন কৰ্টমেৰিজ কৰি ভাত এসাজঁ খায়ে সামৰিব ।কিন্ত্ত আপুনি তাক মানিব নুখোজে ।শেষত গাৱৰ মাটি বেছি বা কাবুলি পৰা ধাৰত টকালৈ হ'লেও বিয়া পাতিব ডাঙৰকৈ।কাৰন তাতো এইষাৰ কথাই আহিব আপোনাৰ মনলৈ "মানুহে কি ক'ব"।কি ভাবিব?
৩)মানুহজনীয়ে ৩০বছৰ বয়সতে বিধবা হ'ল।তাইৰ সতি-সন্তান এটিও নহ'ল।তাইৰ গোটেই জীৱনটো আগত পৰি আছে।শিক্ষিতা,ধুনীয়া,ভাল আটাইতকৈ ডাঙৰ কথা তাই নিংসগ।ঘৰত সকলোৱে বুজে,তাইয়ো বুজে।ঘৰৰ মানুহে তাইৰ সপোন দিঠক কৰি তাইক আকৌ পি এইচ ডি ও কৰিব দিছে। কিন্ত্ত তাইক বিয়া দিবলৈ পুনৰ মনত শংকা মানুহে কি ভাবিব।আকৌ এজনী যৌৱনা নিংসগ নাৰীৰ গোটেই জীৱনটোতকৈ এইষাৰ কথাই বেছি গুৰুত্ব পালে।
"সমাজে কি ভাবিব?"
৪)বহু প্ৰেমিকে প্ৰেমিকাক এৰে ।বহু আপোনে মনৰ প্ৰৱল তাড়নালো নস্যাত কৰি আপোনজনৰ পৰা দূৰত থাকে ।এই কথাষাৰৰ বাবে।
৫)বহু মহিলা পুৰুষে নিজৰ ভাল লগা কামবোৰ কৰিব নোৱাৰে ।কোনোবাই ভাল লগা সাজপাৰযোৰ পৰিধান কৰিব নোৱাৰে।এইষাৰ কথাৰ বাবেই।
৬)বহু পৰিয়ালত য'ত নেকি তেওঁলোকৰ মাজৰ কোনোবা সমকামী ল'ৰা বা ছোৱালী থাকে।তেওঁলোকে বুজিও বহু সময়ত অবুজন হৈ তেনে সমকামী লোক ক গ্ৰহন নকৰে।বা মন খুলি পৰিচয় দিবলৈ বাধা দিয়ে।কাৰন সমাজে গম পালে কি ভাবিব।
এনে বহু কথা আছে যিবোৰ আমি নস্যাত কৰো মাত্র এষাৰ কথাৰ বাবেই মানুহে কি ভাবিব কি ক'ব!!
কিন্ত্ত মই ভাবো আমি কিয় এইবোৰত বা আনৰ ওচৰত ইমান গুৰুত্ব দিব লাগে।আমাৰ নিজৰো ভাল বেয়া চাব জনা বিবেক আছে।গতিকে জীৱনটো বলক উদযাপন কৰোঁ।নিজা ভাল লগাবোৰে।


Comments
Post a Comment