Skip to main content

বাল্য বিবাহ /Child Marriege

 

What is child marriege

What is Child marriege/By Tapan Payeng/Essay Assamese GS V

বিবাহ হৈছে দুজন মানুহৰ  আত্মাৰ মিলনৰ লগতে দুটা পৰিয়ালৰ মাজত সম্পৰ্ক গঢ়ি উঠা সেতু গতিকে আদিম কালৰে পৰা মানুহ হিচাপে জন্ম গ্ৰহণ কৰাৰ পাছতেই এই সেতুবন্ধন চিৰন্তন প্ৰবাহেৰে বৈ আহিছে । বিবাহৰো বহুতো প্ৰকাৰ হ'ব পাৰে স্থান অনুসৰি অথবা ধৰ্ম ভিত্তিত।বিবাহৰ প্ৰকাৰসমূহ এনেধৰনৰ গীৰ্জাত আঙুঠি পিন্ধো‍ৱা ,ন্যায়লয়ত কোৰ্ঠ মেৰিজ কৰা ।হিন্দু ধৰ্মৰ ভিত্তিত বিভিন্ন  বিবাহৰ প্ৰকাৰৰ বিবাহ পদ্ধতিয়ো আছে জাতি-জনগোষ্ঠী অনুসৰি । বিবাহ প্ৰথাটো অতি পুৰণি বেদৰ মন্ত্ৰসমূহত ইয়াৰ কথাসমূহ উল্লেখিত আছে যেনে

সোমস্য জায়া প্ৰথমং গন্ধৰ্বস্তে পৰঃ পতিঃ। তৃতীয়োহগ্নিস্তে পতিস্তুৰীয়্ষ্টে মনুস্যজাঃ॥ অৰ্থাৎ -"হে কন্যা! তোমাক প্ৰথমতে সোম, দ্বিতীয়তে গন্ধৰ্ব, তৃতীয়তে অগ্নি আৰু চতুৰ্থতে মনুষ্যৈ বিবাহ কৰিছিল। তেনেকুৱা তোমাক অগ্নিয়ে ধন পুত্ৰৰে সৈতে মোক দান কৰিছে। " বেদত উল্লেখ থকালৈ চাই ক’ব পাৰি য়ে বিবাহ নিশ্চয়কৈ বৈদিক পৰম্পৰা। বা জনগোষ্টীয় অনুসৰি যদি চাওঁ কাৰ্বি সকলৰ আদম আছাৰ ,বড়োসকলৰ মাজৰ ছয়প্ৰকাৰৰ বিবাহ পদ্ধতি হোৱা দেখা যায় এইসমূহৰ ভিতৰত হাবা গৌলাও (চাই মেলি কৰা),থাৰছননায় (ঘৰ সোমোৱা),গৌৰজিয়া লাখিনায় (ঘৰ জোঁৱাই ৰখা)খ হাবনায় (ঢোকা ৰখা)বৌনানৈ হাৱা খালামনায় (জোৰ পূৰ্বক হৰণ)দৌনখাৰ লাংনায় (পলুৱাই নিয়া) আনহাতে মিচিং সকলৰ মাজতো দুই প্ৰকাৰ বিবাহৰ প্ৰকাৰ দেখা যায় যেনে মিদাং(নিয়মৰ মাজেৰে কৰোৱা),দুগলা লানাম(পলুৱাই আনা)।পুৰণি কালত বিবাহ বা বিয়া বিশেষকৈ উপযুক্ত বয়সৰ পৰিৱৰ্তে এটা শিশু কালছোৱাতে বিয়া হোৱা দেখা গৈছিল যাক আমি সমাজত বাল্য বিবাহ বুলি নামাকৰণ কৰিছো । বাল্য বিবাহ কিয় হৈছিল ইয়াৰ বহুতো কাৰণ আছিল এই কাৰণসমূহ ভিতৰত আছিল আছিল -
প্ৰথমতে দৰিদ্ৰতা,য'ত নেকি পিতৃ-মাতৃয়ে নিজৰ লৰা-ছোৱালীক লালন পালন কৰিব পৰা নাছিল বেছিকৈ ছোৱালীৰ ক্ষেত্ৰত বাল্যবিবাহ বেছিকৈ  হোৱা দেখা গৈছিল ,দ্বিতীয়তে নিৰক্ষৰতা য'ত শিক্ষাৰ প্ৰভাৱ কম হোৱাৰ বাবে আগতীয়াকৈ বিয়াৰ ব্যৱস্থা কৰিছিল ,তৃতীয়টো যুটীয়া পৰিয়াল ব্যৱস্থা ভাৰত পিতৃ প্ৰধান দেশ হোৱাৰ কাৰণে মহিলাৰ স্থান নিম্ন হোৱাৰ বাবে,ছোৱালী এখন ঘৰৰ ভোজা বুলি ভৱাৰ কাৰণেওঁ হয়তো বাল্য বিবাহৰ কাৰণ হ'ব পাৰে ,চতুৰ্থতে ধৰ্মীয় বিশ্বাস য'ত কোনো ছোৱালী ঋতুমতী হোৱাৰ আগতে বিয়া হোৱা ধৰ্মীয় অন্ধ বিশ্বাস আদি কাৰণ সমূহ সেয়ে পুৰণি কালত পিতৃ মাতৃয়ে নিজ ইচ্ছাকৃতভাৱে ন'হলেওঁ সমাজৰ হেচাত বিয়া দিব লগীয়া হৈছিল ।বাল্য বিবাহৰ ফলতো এই বাল্য বিবাহত সোমোৱা লৰা -ছোৱালীৰ মাজতো কিছুপ্ৰভাৱ দেখিবলৈ পোৱা গৈছিল -প্ৰভাৱসমূহৰ ভিতৰত যদি চাওঁ বাল্য বিবাহৰ ফলস্বৰূপে কোনো লৰা বা ছোৱালীৰ স্কুল আধাতে এৰিবলগীয়া হয় যাৰ ফলত কোনো কৰ্ম সংস্থাপনৰ পৰা বঞ্চিত হব লগীয়া হৈছিল,পোন্ধৰ বা উনৈশ বছৰ বয়সৰ ভিতৰতে বিয়া হোৱাৰ বাবে গৰ্ভাৱতী হোৱাৰ সময়ছোৱাত ছো‍ৱালীজনীৰ মৃত্যুমুখত পৰিবলগীয়া হ'য়,শাৰীৰিক অপৰিপক্ক হোৱাৰ বাবে কেচুৱাৰ লগতে মাতৃৰো মৃত্যুমূখত পৰিবলগীয়া হয়।

বাল্য বিবাহে সমাজত লিংগ অসমতা, লিংগবৈষম্য, লিংগ প্ৰান্তীকীৰণ আৰু শ্ৰমবিভাজনৰ ধাৰা অব্যাহত ৰখাত অৰিহণা যোগায়, ফলত বহু প্ৰতিভাসম্পন্ন ল'ৰা-ছোৱালীয়ে নিজৰ গুণাৱলী আৰু সৃজনীশীলতাৰে সমাজলৈ আগবঢ়াব পৰা তাৎপৰ্যপূৰ্ণ অৱদানত বাধা প্ৰাপ্ত হয়। ফলস্বৰূপে সমাজৰ উন্নতি আৰু প্ৰগতিও বাধাপ্ৰাপ্ত হয়। এইক্ষেত্ৰত যদি চকু দিওঁ পুৰণি ভাৰতৰ সময়ছোৱাত সমাজ সংস্কাৰক ৰাজাৰাম মোহন ৰায়ে যাক আমি Modern man of India  বুলি জানো তেখেত সমাজখনক পৰিৱৰ্তন কৰিব বিচাৰিছিল তেতিয়াৰ সময়ছোৱাত সতী দাস প্ৰথা,বাল্য বিবাহ আদিক লৈ বিৰোধ কৰি আমোল পৰিৱৰ্তন আনিব  বিচাৰিছিল।সতীদাস বিলুপ্ত হোৱাৰ লগে লগে এই বাল্য বিবাহ প্ৰথা বিলু্প্ত কৰাৰ চেষ্টা চলাইছিল । বৰ্তমান সমাজ নতুনৰ দিন অৰ্থা আধুনীকৰণৰ যুগ ,ইন্টাৰনেট ডিজিটাইলেচনৰ দিন  বৰ্তমান  পসত্তৰ শতাংশ হ'লেওঁ সকলোৱে শিক্ষা পাইছে আগতকৈ নিৰক্ষৰ  ,অশিক্ষিত নাই  তাৰ পাছতো এই সমাজত বাল্য বিবাহৰ ছবি দেখিবলৈ পোৱা যায় এচাম মানুহৰ বলৰ জবৰদস্তি বুলিওঁ কব পাৰে অথবা লৰা-ছোৱালীয়ে নিজৰ নিজৰ মনৰ মিলনৰ মাজত অতি সোনকালে বিয়া হৈ যোৱা দেখা যায় । সেয়ে এই বাল্য বিবাহৰ ছবি সমূহ কেনেকৈ মচিব পাৰিব তাৰ প্ৰতি চিন্তা কৰিব লাগিব,আমি যদি চাওঁ ৰোধ কৰিব পৰা উপায়সমূহ এনেধৰনৰ-অভিভাৱক সকলক সাক্ষৰ বা অধিক শিক্ষিত কৰি তোলা তাৰ লগতে উঠি অহা  নৱ-প্ৰজন্ম তথা লৰা-ছোৱালী মানুহৰ শৰীৰ অংশসমূহে কেনেকৈ কাম কৰে এইবোৰৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰা ,কোনো লৰা-ছোৱালীয়ে বাল্য বিবাহ কৰিছে চৰকাৰী আঁচনিসমূৰ পৰা বঞ্চিত কৰা ,বাল্য বিবাহ নিষিদ্ধকৰণ আইন উলংঘাকাৰীক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা।বাল্য বিবাহ নিয়ন্ত্ৰন কৰাৰ প্ৰতি চৰকাৰ কিছু কামসমূহক অতিশয় প্ৰশংসনীয়, চৰকাৰে POCSO Act( Protection of Children from Sexual Offences Act)2012  ৰ অধীনত ,যিসকলে বাল্য বিবাহ কৰিছিল তেওঁলোকক পুলিছে কাম কৰা তাৰোপৰিওঁ Sukanya Samriddhi আচঁনিৰ কথাওঁ উল্লেখ কৰিব পাৰি ঘাইকৈ ছোৱালীক যত নেকি ছোৱালীক উৎসাহ  দিবলৈ অথবা  Beti Bachao Beti Padhao আদি প্ৰচাৰ কৰাৰ কথাওঁ উল্লেখনীয় ।

শেষত এটি মোৰ কবিতাৰে



আহা আমি উৰো  সৌ আকাশলৈ

দিগন্তই জ্বলি আছে আকাশতে

চাব আছে সাত -সাগৰ তেৰ নদীৰ সিটো পাৰ

বাল্য বিবাহ কি আমি নিচিনো

চিনো মাথো আমাৰ সপোন পাহাৰ 

বলা আগবাঢ়ি যাওঁ ॥

বিবাহ হৈছে এক সামাজিক বান্ধোন ,এই বিবাহ'ই হৈছে পুৰুষ আৰু মহিলাৰ নতুনত্ব পৰিচয়,এই বিবাহতেই লুকাই আছে নতুনৰ সুখ আৰু দুখ ,যদি এই বন্ধনত সুখ থাকে আহিবলগীয়া নতুনৰো অনাবিল সুখ আৰু আনন্দ ॥
Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.