Skip to main content

মদ খোৱা মানুহবোৰ,Popi Priya Patir Deori,পপীপ্ৰিয়া প্ৰিয়দৰ্শিনী পাতিৰ দেউৰী

মানুহে কিয়মদ খায়


মদ খোৱা মানুহবোৰ

মদ।যিটো  ব্স্তুৰ নাম  শুনিলেই আমাৰ তথা কথিত সমাজত "ছিঃ ছিঃ", "এই গেলাখোপা " বুলিয়ে প্ৰায়ে মানুহে কোৱা শুনা পাওঁ।কিন্ত্ত অতি আচৰিত ধৰনে এনেদৰে সমাজৰ প্ৰায় মানুহে ই বেয়া ব্স্তু বুলি অনীহা কৰাৰ পাছতো,  ইয়াৰ চাহিদা কমাৰ সলনি দিনক দিনে বাঢ়িবহে ধৰিছে।লগতে প্ৰায়ে সংবাদ মাধ্যম যেনে বাতৰি কাকত ,টিভি আদিটো কোনোবা এটা উৎসৱৰ উজুহাত পাবহে লাগে তেওঁলোক সাজু হৈ থাকে ।বোলে মাঘবিহুত আমুক কোটি টকাৰ বিলাতী সুৰাৰ বেচা গ'ল।আনকি এইবাৰ অসমৰ বিখ্যাত এখন গ্ৰন্হমেলাৰ গোটেই মেলাখনৰ  কিতাপ বেচি পোৱা টকাৰ পৰিমানতকৈ  আকৌ গুৱাহাটীৰ এদিনৰ মদৰ পৰা পোৱা পৰিমানৰ সংখ্যা হে বেছি।

তেতিয়াহ'লে মদ খায় কোনে??এতিয়াৰ সময়ত ইয়াৰ চাহিদা কিয় বেছি।সৰুৰ পৰা ঘৰত ডাঙৰে বেয়া বস্তু  খাব নাপায় বুলি শিক্ষা দিয়া পাছতো,ই এখন ঘৰ,জীৱন ধংস কৰা পাছতো কিয় মানুহে মদ খায়।মই কেৱল পুৰুষক আজুৰি মদ খোৱা মদাহী বুলি কব নাযাওঁ আজিৰ দিনত য'ত নাৰী সকল স্বাধীন তাত মহিলা সকলেই বেছিকৈ মদ খায়।কিন্ত্ত কিয়??

   ১)যেতিয়া বাৰে বাৰে ঘৰখনক সুখী কৰো বুলি দেহে-কেহে  লাগি চাকৰি এটা হোৱাৰ পাছতো "ঘৰৰ মাক -বাপেকে আমুকৰ পুতেকে ইটো হে কৰিছে সিটোহে আমাৰ হে আৰু..."বুলি পাতি থকা শুনে তেতিয়া দিনটো ভাগৰে জুমুৰি দি ধৰা ল'ৰাটো  হতাশাত পৰে।ৰাতি এজন তাৰ  টোপনি নাহে আৰু টোপনি ও শান্তিৰ হেপাঁহত তেতিয়া তেওঁ মদ খায়।কাৰন এইখিনি কথা খোলাকৈ পাতিবলৈ তেখেত একমাত্র সন্তান ।নতুৱা ক'ৰবাত আপোন বন্ধুৰ অভাৱ।যানোচা তেখেতৰ বন্ধুৰ বা কি বিপদ চলি আছে। কাৰন আমাৰ মানুহৰ এতিয়াসময়ত ইটোৰ লগত সিটোৰ তুলনা কৰা যি বদ মানসিকতা গঢ়ি উঠিছে সেইখিনিয়ে যেন ক'ৰবাত নহয় ক'ৰবাত মাক দেউতাক পৰা সতি-সন্তানক, গৰিয়েকৰ পৰা ঘৈনীয়েকক,সহোদৰৰ পৰা সহোদৰক বহুত আতৰ কৰি দিছে।  আমাক মাথোঁ আৰু লাগে,বেছি ।

পপীপ্ৰিয়া পাতিৰ দেউৰীৰ অন্যতম লেখা:-বিষাক্ত মাতৃত্ব

২)মানুহে কেতিয়াও মদাহী হবলৈ মদ নাখায় কিন্ত্ত জীৱনত প্ৰথমবাৰ ১৬বছৰীয়া ল'ৰাটোৱে কৌতুহলত লগৰকিটাৰ লগত এপেক মাৰিবলৈ শিকে ,আৰু আমি ডাঙৰবোৰে মৰমেৰে তাক তাৰ অপকাৰীতাৰ বিষয়ে বুজোৱাৰ সলনি মাৰধৰ কৰো ভয় খোৱাবলৈ লওঁ।নতুৱা  তাক এতিয়া উপযুক্ত বয়স নহয় ,ডাঙৰ পৰিপক্ব বয়স হ'লে তোমাৰ প্ৰয়োজন বোধত তুমি খাব পাৰিবা বুলি শিকোৱাৰ সলনি ২য়বাৰ যাতে এনে নহয় বুলি সাৱধান বাণী দিওঁ।তেতিয়াই বয়সৰ মায়াজালত সি মনে মনে মদ খাব শিকে আৰু এদিন ই বদঅভ্যাস হৈ পৰিব।   তাৰবাবেই হয়টো বহু জনজাতীয় সমাজত উপযুক্ত বয়সত ঘৰৰ ডাঙৰ সকলৰ সৈতে একেলগে বহি মদ(ঘৰুৱা পানীয়)গ্ৰহন কৰাৰ নিয়ম আছিল।য'ত হৈছিল গঠনমূলক আলোচনা ও মৰমৰ আদান প্ৰদান।

৩)যেতিয়া জীৱনত মানুহ বহুত বেছি নিসংগ হয় ।তেতিয়া সেই নিসংগতা পাহৰিবলৈও মদ খায়।মানুহে মদ খালে অপকাৰ নহয় কিন্ত্ত মদে যাতে মানুহজনক নাখায় তাক সাৱধান হ'ব লাগে।মদাহী বুলি মানুহগৰাকীক একাষৰীয়া নকৰি পাৰিলে  মাত্র এবাৰ সুধি চাবছোন "তোমাৰ কিবা হৈছে?" 

৪)যেতিয়া মনৰ অসীম ভালপোৱাৰে এগৰাকী জীৱনসংগীক বাছি লোৱা পাছত মানুহজনক বা মানুহগৰাকীক হাবিয়াহক নুবুজি যান্ত্ৰিক এক গতানুগতিক জীৱন কটাব লয়।তেতিয়া মানুহৰ জীৱনত হেপাঁহ  ও সুখ দুয়োটাই নাথাকে।যাৰ বাবে দুয়ো বিচাৰি যায় সুখ পৃথক পৃথকে ।আৰু অপ্ৰিয় সত্য আজিৰ সময়ত সুখ মানেই যেন এগিলাচ মদ আৰু নিজক পাহৰি যোৱাৰ মাদকতা। বিচাৰে সংগী।

"এহ আমাৰ তাইৰ আগত কথাবোৰ নোৱাৰি ক'ব দুখ পাব।উপায় নাই ,মই জানো তাই বেয়া পায় ।কিন্ত্ত কি কৰো ক'"

এনেদৰেই মদ খাই টেজেদ্ৰী ফলা মধ্য বিত্তীয় মানুহৰ সংখ্যা বহুত ।কিন্ত্ত কিয় ?কাৰন আজিৰ সময়ত আপুনি কেৱল মাছে মঙহে এসাজ খালেই নহ'ব ।তাত ফটো মাৰি ফেচবুকত দিব লাগিব আৰু মানুহৰ মতামত আহিব লাগিব।

"দেখাত বহুত খাওঁ খাওঁ লাগিছে  দেই" !

আৰু যদি আপুনি বহুত দিন এনে কোনো আপদেত দিয়া নাই আপুনি হৈ পৰিব আউটডেটেত ।গতিকে আপুনি আউটডেটেত নহবলৈ আপোনাৰ জীৱনসংগীয়ে এদিন বিপথে যাব ।পইচা নহ'লে আপোনাৰ হাবিয়াহবোৰ যে পূৰন নহয়।যাৰ বাবে আপুনি এইফালে ব্যস্ত থাকোতে মনৰ অপৰাধবোধ ভাঙিবলৈ তেখেতে খাব মদ।আকৌ জন্ম হব এজন মদাহী।

    ৫)বহুতৰ বাবে মদ তেখেতলোকৰ জীৱনত প্ৰেমিকাৰ দৰে কাম কৰে।কাৰন আজিৰ যুগত প্ৰেমৰ বহু অভাৱ।আপুনি পঢ়িব খোজে ,এম এটো হ'ল ।আৰু কেইটিমান বছৰ যত্ন কৰি পি এইচ ডি টো কৰি লওঁ।আপুনি সাংঘাতিক সুখী।ঘৰখনো ভালদৰে চলি আছে।ধুনীয়া এজনী প্ৰেমিকা আছে ।গতিকে সকলোৰে কথা চিন্তা কৰি আৰু লগতে আপোনাৰ আকাঙ্ক্ষা যাতে পূৰ হয় তাৰ বাবে আকৌ পঢ়িব খোজে।নতুৱা পঢ়িলেও আপুনি গানহে বেছি ভাল পায়।গতিকে পেচা হিচাপে সংগীতক লব খোজে।ঘৰত কোনো নুবুজে ,সমাজে নুবুজে তেতিয়া ল'ৰাটোৱে বা ছোৱালীজনীয়ে নিজৰ প্ৰেমক  সাহস ৰূপত বিচাৰে।কিন্ত্ত যেতিয়া সেইফালেও নিৰাশা পায় ,তেতিয়াই আকৌ মদৰ বটলটোৱে প্ৰেমিকা হয়।কব নোৱাৰা কথা বোৰ মদৰ নিচাত খালী বটলটোকে কয়।চিঞৰি চিঞৰি গান গায় শুনাই !কাৰন এদিন সি বা তাই গান এটি গাই শুনাব খোজোতে ,কথাবোৰ কব খোজোতে

সিফালৰ পৰা আহিল মাত্র কাজিয়া ।কিছু বাক্য:-

 "ইমান আৱেগিক হ'লে নহ'ব।প্ৰেটিকেল হোৱা"!

আৰু তেখেতে প্ৰেটিকেল হোৱাৰ তাড়নাত যন্ত্ৰ হয়।সফলতাৰ টেগটোত যাতে ব্যাঘ্যাত নাহক তাৰ বাবে মনৰ বিৰোধে গৈ চাকৰি কৰে।কিন্ত্ত এই যে গানৰ পৰা,তাৰ ভাললগাখিনিৰ পৰা বিচ্ছেদ হয়।সেই আঘাতে তাক খুলি খুলি খায়।ফলত সি মদাহী হয়।

বহুত সময়ত মদ মানুহে অভ্যাসৰ বাবে নহয়,নিসংগতা,হতাশা,ত্যাগৰ যন্ত্ৰনা,বিচ্ছেদ ,পৰাজয়তা আদিৰ বাবেহে খাবলৈ লয়।আৰু এনেবোৰ কাৰনত মদ খোৱা মানুহবোৰৰ বিপদ হয়।ধংস হয় তেওঁলোকৰ জীৱন,কাৰন তেখেতলোকে নহয়,মদেহে তেখেতলোকক খায়।

  বহু জীৱন ধংসৰ মূল কাৰন মদ ।কিন্ত্ত যি মানুহে লুকাই চুৰ কৰি মদ খাবলৈ লয় ,সিহঁতৰ বেছি অপকাৰ হয়।পাওঁতেই গিলি লওঁ মানসিকতা হয়।যাৰ বাবে পিছত মানসিক স্হিৰতা হেৰুৱাই ঘৰত গৈ অশান্তিৰ পৰিবেশ হয়।

প্ৰত্যেকজন মানুহক মানুহ লাগে।জীৱনত বাহ্যিকতাক কিয় ইমান প্ৰশয় দিওঁ।মোৰ সন্তানটি মোৰ প্ৰিয় পুৰুষ নাৰী গৰাকী কি হৈছে তাক জানিবলৈ হেপাঁহ কিয় তাকৰ।

বাকী আনন্দৰ বাবে খোৱা মদে অপকাৰ  নকৰে।যদি আপুনি জানে তেখেতে মদ খায়,আনন্দৰ বাবে মদ খাব বিছাৰে তেতিয়াহ'লে ঘৰতে তাৰ পৰিবেশ দিয়ক ।বা আপোন জনৰ লগত বহি একেলগে খাব পৰাকৈ পৰিবেশটো সহজ কৰি দিয়ক।তেতিয়া সীমিতকৈ খাব সচাঁ দিশত মদ আনন্দৰ বাবে ব্যৱহাৰ হব।নহ'লে লুকাই চুৰকৈ বেলেগত খাই আনন্দৰ নামত ঘৰখনত দুখ নমাই অনা বহুত দেখা পোৱা যায়।

মদ বেয়া।মদ খোৱা মানুহবোৰ নহয়।মদক বেয়া পাওঁক মদ খোৱা মানুহখিনিক নহয়।

পপীপ্ৰিয়া প্ৰিয়দৰ্শিনী পাতিৰ দেউৰী 


(অনুভৱখিনি ভালদৰে বুজিব যত্ন কৰিব।অযথা বিৰ্তকলৈ নানিব।ই মাত্র মোৰ একান্ত অনুভৱ।মই পুন:কওঁ মদ বা নিচা এক ব্যাধি)

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.