বিষাক্ত মাতৃত্ব
পপিপ্ৰিয়া পাতিৰ দেউৰী
পুৰণি কালতে অথবা শাস্ত্ৰমতে সতি-সন্তান লাভ কৰিবলৈ পূজা কৰা হৈছিল ,তেনেস্থলত মাতৃত্ব লাভ কৰাতো বিষাক্ত হব পাৰেনে ?লেখিকাজনে কিয় মনৰ ভাৱ প্ৰকাশ এনেকৈ কৰিছে ?আহকচোন অলপ অনুভৱটি পঢ়ি লওঁ by@admin(Tapan Payeng)
মাতৃত্ব বিষাক্ত হ'ব পাৰে জানো? যাতে ভুল নুবুজে।মোৰ লগতে এনে কেতিয়াও হোৱা নাই।মই বহুত সুখী।মই সেইবাবে ভাল চিন্তা কৰিব পৰা লিখি থাকিব পৰা হৈছো।মাৰ দৰে মৰম কৰা এখন ঘৰ পাইছো ।কিন্ত্ত মই ভাৱো কেৱল মইয়ে নহয় সমাজৰ প্ৰত্যেকগৰাকী জীয়েক বোৱাৰিয়েকে মোৰ দৰে প্ৰেৰণা ও সাহস পাওঁক।বাকী নহ'লে সকলো বাজেকথা ।
মাতৃত্ব পৃথিৱীৰ আটাইতকৈ ভাল লগা এক অনুভৱ।এগৰাকী নাৰী মমতাময়ী মাতৃৰ ৰূপটোৱে হৈছে আটাইতকৈ ভাললগা ।কিন্ত্ত এই যে মই ব্যৱহাৰ কৰিলোঁ শব্দটো বিষাক্ত বুলি কেনেকৈ ই হব পাৰে।মই কেনেকৈ সাহস পালো ইমান এক পবিত্র অনুভৱক বিষাক্ত বুলিবলৈ ?
১)যেতিয়া প্ৰথমবাৰলৈ সতি-সন্তান হব লোৱা এগৰাকী নাৰীয়ে নিজৰ গিৰীয়েকৰ পৰা আৱেগিক ও মানসিক প্ৰেৰনা সাহস নাপায়।কেৱল ঘৰৰ পোহনীয়া জন্ত্তৰ দৰে প্ৰয়োজনীয়তাখিনি যোগাৰ দি দায়িত্ব সামৰে ,তেতিয়া বিশেষ ভাল লগা এই সময়খিনিত এগৰাকী নাৰীয়ে নিসংগতা অনুভৱ কৰে । তেতিয়া ই বিষাক্ত হৈ পৰে।
তপন পায়েঙৰ লেখা পঢ়িবলৈ:-ফাগুনতে নুফুলিলে কেতিয়া ফুলিবা ফুলিবা প্ৰিয়তমা
২)যেতিয়া চিকিত্সকে দিয়া পৰামৰ্শ শুনাৰ পাছতো" এই আমি এনেদৰেই ১০টাকৈ ল'ছোৱালি পালো ।থ' থ' বৰ বেছি নেদেখাবি আগতে এনেকৈয়ে হৈছিল ।ক'তা কিনো ডাল হ'ল"
আদিৰ দৰে কটু বাক্য শুনি আৰু যাতে শুনিব লগা নহওঁক বুলি ,জানিও একো নজনাৰ দৰে কিছুমান ইচ্ছা বিৰোধী কামত সহাঁৰি দি মানসিক অশান্তিত নাৰী গৰাকী থাকিব লগা হয় ।তেতিয়া মানসিক অশান্তিত ভোগা নাৰী গৰাকীয়ে আঘাত পায় আৰু ই সতি-সন্তানটোৰ বাবেও ভাল নহয়।যাৰ বাবে ই বিষাক্ত হৈ পৰে।
৩)যেতিয়া প্ৰসৱৰ দিন চাপি অহাৰ লগে লগে ওচৰ চুবুৰীয়া তিৰোতাসকলেই হওঁক নতুৱা পৰিয়ালৰ কোনো তিৰোতাই হওঁক গোট খাই খাই অনাগত মাতৃ গৰাকীক শুনাই কাট মাৰি নৰমেল ডেলিভাৰি ভাল ,চি চেকচন বেয়া ইটো সিটো আদি কথা আলোচনা কৰি থাকে।তেতিয়া নতুনকৈ হব লোৱা মাতৃগৰাকীৰ মনত ভয় লাগে শংকা আহে।কিছুমান ঘৰত টো এনে পৰিবেশ গঢ়ি দিয়ে বেছিসংখ্যক শাহুৱেকে যেন কেনেবাকৈ নৰমেল ডেলিভাৰী নহ'লে নাৰীগৰাকীৰ যেন ডাঙৰ অপৰাধ হে হব।যি সময়ৰ নতুনকৈ হব খোজা মাতৃগৰাকী অনাগত সতি-সন্তানৰ প্ৰতি ধুনীয়া এটি পজিটিভ মন লৈ থাকিব লাগে।সেইসময়ত বহু মাতৃ এনেকুৱা চিন্তাত থাকে যে তাইৰ চি চেকচন হ'লে কি হব!!এনে সময়তে মাতৃত্ব বিষাক্ত হয়।
৪)যেতিয়া এখন ঘৰত দুগৰাকী বোৱাৰী থাকে। আৰু সমসাময়িক ভাৱে দুয়ো মাতৃত্বৰে সুখী হয় আৰু ক'ৰবাত যদি এগৰাকীয়ে নৰমেল আৰু আনগৰাকীৰ C Section হয় ।আন গৰাকীয়ে যেন গোটেই জীৱন কথা শুনাৰ গালি শুনাৰ পথটিহে উলিওৱাই লয়।তেতিয়া কেৱল মাতৃত্ব নহয় ঘৰখনত থকা দুগৰাকী বোৱাৰীৰ মাজৰ ভালপোৱাটো কেনা লাগে,কথাবোৰ অমিল হয়।আৰু শেষত গৈ ককাই ভাই ঘৰখনে অশান্তিত ভোগে।
৫)মানুহৰ জীৱনত একান্ত ব্যক্তিগত বুলি কিছুকথা থাকে ।মাতৃত্বৰ এক অনুপম অনুভূতি হৈছে স্তনপান ।শিশুটিৰ জন্মৰ পাছতে সন্তানটিক মাতৃৰ বুকুৰ উমত গাখীৰ খাব দিয়া হয়।যিটো মাতৃ আৰু কেচুৱা দুয়োৰে বাবে ভাল।কিন্ত্ত যেতিয়া এগৰাকী নাৰীয়ে প্ৰথম গাখীৰ খোৱাই সেই অপৰিসীম অসীম ভালপোৱাক অনুভৱ কৰাৰ সলনি নিৰাপত্তাহীনতাত ভোগে ।কোনো পৰপুৰুষৰ চকুৱে নাৰীগৰাকীক অসহজ কৰে ।তেতিয়া কালিলৈকে নাৰী হৈ থকা এগৰাকী মহিলাই আজি মাতৃ হ'ল বুলিয়ে সহ্য কৰিব পাৰিব নে?এগৰাকী মাতৃৰ কোনো একান্ত ব্যক্তিগত বুলি নাথাকে নেকি?
বহুক্ষেত্রত দেখো যে মাইকী মানুহবোৰে "এই কিনো লাজ কৰিব লাগে আমি মাইকী মানুহৰ আগত"ধৰনৰ বাক্য প্ৰক্ষেপ কৰা দেখা যায় আৰু কিছুক্ষেত্রত ইয়াতকৈ অধিক কুটিল বাক্যও প্ৰক্ষেপ কৰে। কিন্ত্ত মহিলা হ'ল বুলিয়ে পাৰে নেকি কোনো নাৰী নাৰীৰ আগত নগ্ন হবলৈ।অপ্ৰিয় সত্য ,বেয়া চিন্তাৰ ক্ষেত্রত পুৰুষ মহিলা বুলিবলৈ নাই।নাৰীয়েও নাৰীক যৌন নিৰ্যাতন কৰিব পাৰে।
বহু চিকিত্সালয়ত প্ৰসূতি মাতৃ থকা তাত কেৱল মহিলাক হে অনুমতি দিয়ে থাকিবলৈ যাতে মাতৃগৰাকীৰ গাখীৰ খোৱাওতে অসহজ অনুভৱ নকৰে।কাৰ কিন্ত্ত দুখৰ বিষয় ই কেৱল কাগজ কলমত হে সীমিত।স্তনপান বহুত স্পৰ্শকাতৰ বিষয়,ই মাতৃ আৰু সতি-সন্তানৰ একান্ত ব্যক্তিগত মধুৰ সময়। বহু সময়ত বহু মাতৃৰ সন্তান হোৱাৰ ২ বা ৩দিনলৈও গাখীৰ নোলাব পাৰে ,ই প্ৰায় সাধাৰণ ঘটনা বহুতৰ তাৰপাছতে ধুনীয়াকৈ গাখীৰ ওলায়।কিন্ত্ত সেইসময়ত গাখীৰ নোলাল বুলিয়ে নতুনকৈ প্ৰসৱ বেদনাত যন্ত্ৰনাকাতৰ হৈ ওলাই অহা মাতৃ গৰাকীক অযথা গালি দিলে বা কথা শুনালে ,এই অনুভৱো মাতৃৰ বাবে বিষাক্ত হৈ পৰে।
৫)সতি-সন্তান জন্মৰ প্ৰান্তত প্ৰত্যেক নাৰীৰ জীৱন বহুত সলনি হয়।কেৱল কেচুৱাটি নহয় নতুনকৈ মাতৃ হোৱা নাৰীগৰাকীয়ো নতুনকৈ জনম লয়।গতিকে এই সময়ত ঘৰৰ নাৰী সকলে বিশেষকৈ শাহুৱেক,ননদ,জা-শাহুৱেকে কথাখিনি বুজি পোৱাটো বহুত জৰুৰী।হঠাত্ হৈ যোৱা জীৱনৰ পৰিবৰ্তনে নাৰী গৰাকীক বহু সময়ত ডিপ্ৰেছনৰ ভাগিদাৰ কৰি দিয়ে।গতিকে এই প্ৰথম ৩মাহ অন্য ঘৰুৱা সমস্যাবোৰত লাগি নাথাকি নাৰীগৰাকীক মোকাবিলা কৰিবলৈ সাহস দিব লাগে।কিন্ত্ত বহু সময়ত লৰা-ছোৱালীৰ প্ৰভেদ,ইছ নাকটো চকুটি আমুক তামুক কৈ কেচুৱাটিৰো চেহেৰাৰ ইটো সিটো কৈ পুনৰ মাতৃগৰাকীক মানসিক অশান্তি হে দিয়া যায়।যাৰ বাবে সেই মাতৃত্ব হৈ পৰে বিষাক্ত ।
৬)নীতি নিয়ম বা সংস্কৃতিৰ নামত অপ- সংস্কৃতি কিছুমান জাপি নকৈ হোৱা মাতৃ গৰাকীক মানসিক বোজা দিলে সেই মাতৃত্ব বিষাক্ত হয়।উদাহৰনত "এ ....ছোৱালিহে হ'ল!আমাৰ আকৌ ছোৱালি হ'লে মুত্তি নাপায়,ল'ৰা এটা হোৱা হ'লে ভাল"
"এ...ল'ৰাটো সৰু দেখোন ই ...ইয়াক আশা নকৰিবি আকৌ এটা জন্ম দিবি আৰু..."এনেধৰনৰ বহু কথা নতুনকৈ হোৱা মাতৃক বিশেষকৈ গাৱবোৰত শুনোৱা হয়।অৱশ্যে মানুহৰ কথা শুনিব নালাগে।সকলোৰে বিবেচনা কৰা বিবেক আছে ।কিন্ত্ত সেই সময়ত এগৰাকী মাতৃৰ ইমান ভাল বেয়া চিন্তা কৰিব পৰা ক্ষমতা থাকেনে।ভগৰুৱা মনটিৰে এইবোৰ ভাবিব পাৰেনে?আৰু যেতিয়ালৈকে ভালদৰে চিন্তা কৰিব পৰা হয়,তেতিয়ালৈকে এই বিষাক্ত কথাবোৰে মাতৃগৰাকীক আঘাত কৰি থৈ যায়।গতিকে সেই মাতৃত্বও বিষাক্ত হয়।
কথাবোৰ ক'লে বহুত বাঢ়ে।বহু সময়ত এনেদৰেই চলি আহিছে হ'বই বুলি মানি লৈ যেন গৈ আছে সকলো।কিন্ত্ত এয়া জানো শুভ লক্ষণ।
বুজি পোৱাটো অতি জৰুৰী।
পপীপ্ৰিয়া প্ৰিয়দৰ্শিনী পাতিৰ দেউৰী


Comments
Post a Comment