দঞি-প'ল ধর্ম আৰু মিচিং সমাজ-,দয়ানন্দ দলে
About of Post Writter
নাম দয়ানন্দ দলে, বৰ্তমান নৰ্থ লখিমপুৰ কলেজ (স্বা:) পদাৰ্থ বিজ্ঞান বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্র ।বৰ্তমান নৰ্থ লখিমপুৰ কলেজ (স্বা:) TMPK ছাত্র গোটৰ মূখ্য উপদেষ্টা হিচাপে আৰু TMPK,লখিমপুৰ নগৰ সমিতিৰ সক্রিয় সদস্য হিচাপে কৰ্মৰত। দয়ানন্দৰ অন্য লেখাসমূহ -মিচিং সমাজৰ পৰম্পৰাগত আপং আৰু নাৰী
Doyananda Doley
দঞি-প'ল ধর্ম আৰু মিচিং সমাজ-
মিগাং দয়ানন্দ দলে
👉 দঞি-প'ল ধর্ম বুলি ক'লে আমি মিচিং আৰু আদি সমাজকে বুজোঁ। মিচিংসকলে দঞি ক মাতৃ (আনে) আৰু প'ল ক পিতৃ (আবু) বুলি বিশ্বাস কৰে । দঞি-প'ল ধর্মক প্ৰায়বোৰ মিচিং আৰু আদিসকলে আদিম যুগৰ পৰাই ভগৱান বা ঈশ্বৰ বুলি বিশ্বাস কৰি আহিছে।দঞি-প'ল ক মহাত্মা গুণা-গুণ আদি আলোচনা কৰাৰ আগতে মিচিং বা আদি ভাষাত 'ধর্ম' শব্দৰ প্রতিশব্দ হিচাবে কি শব্দ ল'লে ভাল হ'ব তাক বিচাৰ কৰি চোৱাটো সকলোৰে বিচার্যৰ বিষয়। মিচিং বা আদি ভাষাত ধর্ম শব্দৰ প্রতিশব্দ হিচাপে ব্যৱহাৰ কৰিব পৰা 'গমুক' নাই বুলি ক'লেও ভুল কৰা নহ'ব। কাৰণ, মিচিং সমাজত 'ধর্ম' বুলি মানি লৈ প্রার্থনা বা নীতিৰ মাজেৰে দঞি-প'ল বা ভগবানক পোৱাৰ কোনো ব্যৱস্থা নাছিল। মাত্র মিচিংসকলে বিভিন্ন মাঙ্গলিক 'কাজ' লোকবিশ্বাস কার্যত আৰু কেবাংবিলাকতহে দঞি-প'ল ক সাক্ষী কৰি উক্ত কৰ্মবোৰ কৰা দেখা যায়।
অন্যান্য লেখা:-মোৰ এটি সৰু উৰুকা পজাঁৰ ঘৰ
আজি কেইবা বছৰমানৰ পৰা আদিসকলৰ জ্ঞানী সু-সন্তানে দৃঢ়তাৰে দঞি-প'লৰ বিষয়ে বিভিন্ন পর্যায়ত গবেষণা কৰি কিতাপ-পত্র প্রকাশ কৰিছে। ধর্ম শব্দৰ প্ৰতি শব্দ হিচাবে আদিসকলে 'য়েলাম' শব্দকে ব্যৱহাৰ কৰিছে। আমি মিচিং "য়েলাম" গমুক লোৱাত আপত্তি থাকিব নালাগে। সেই শব্দৰ বৈশিষ্ট আৰু বিজ্ঞানসন্মত অৰ্থৰ বিষয়ে বিচাৰ কৰি চাব লগা আছে। য়েলাম গমুকটো "য়েনাম" আৰু "আলাম" শব্দ দুটাৰ সমীপ ভৱনৰ পৰা আহিছে বুলি ক'ব পাৰি। কিয়নো য়েনামৰ অৰ্থ হ'ল স্থিতি লোৱা আৰু আলামৰ অৰ্থ হ'ল আৰ্হি বা গত লগা। য়েলাম মানে স্থিতি লোৱা, নীতি বা ধর্ম। য়েলাম শব্দৰ অৰ্থ বিভিন্ন জনে বিভিন্ন ৰূপত বা অৰ্থত মত দাঙিব পাৰে আৰু ই স্বাভাৱিক কথা। ধর্ম শব্দৰ প্রতিশব্দ চিন্তা-চৰ্চা কৰি উপযুক্ত শব্দ বিচাৰ কৰা দায়িত্ব প্রত্যেক চিন্তাশীল ব্যক্তি আৰু ন-পুৰুষসকলে লোৱা উচিত।আজি মিচিংসকল নদীৰ গৰাখহনীয়া উপদ্ৰৱত স্থায়ী ভাৱে বসবাস কৰিব পৰা নাই যাৰ ফলত মিচিং অঘৰীৰ দৰে ঘূৰি ফুৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। আজি মিচিংসকল খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষা আৰু অর্থনৈতিক ভাৱে অতি বেয়াকৈ পিছ পৰা। কিন্তু তাৰ মাজেদিয়েই আমি নিজৰ ধর্ম, ভাষা, কৃষ্টি-সংস্কৃতি প্রতিষ্ঠা কৰিব লাগিব। জাতিৰ জাতিয়ত্ব ৰক্ষা কৰিবলৈ নিজৰ স্ব-নিয়ন্ত্ৰণৰ সাংবিধানিক ভাৱে সাব্যস্ত কৰিব লাগিব।
গাৰ কাপোৰ নিপিন্ধাকৈ এবেলা নাখায় হ'লেও মিচিং জাতিয়ে আলি আয়ে লৃগাং বছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে পাতি আহি মিচিং সকল যদিও দুখীয়া কিন্তু মনৰ দৃঢ়তা, সাহ আৰু সবলতাব কোনো গুণেই কম নহয়। গতিকে মিচিংসকল কোনোবা কামত কমিছে কব নোৱাৰি। আজিৰ দিনত সকলো জাতিয়েই ভগৱানক পাবৰ বাবে বা কিছুমান মাংগলিক কাৰ্যৰ বাবে নীতি-নিয়মৰ মাজেৰে মন্দিৰক ঘৰত পূজা-পাতল কৰি ভগৱানক পাব বিচাৰিছে। যিসকল মিচিং অন্য ধর্মত দীক্ষা লোৱা নাই তেওঁবিলাকে মিচিং সকাম -নিকামৰ ল নাম কীর্তন পাঠ কৰা, সাতজনীয়া, ন-জনীয়া আৰু এষষ্ঠিজনীয়া সকাম কৰা দেখা যায়। তাৰ উপৰিও জন্মৰ পিছত কেঁচুৱাৰ নামাকৰণৰ পঞ্জিকা চোৱা, সোঁৱৰণি বনোৱা, তিনি বা সাতদিনৰ মূৰত শুচি বান কটা ইত্যাদি কৰা দেখা যায়। কিন্তু আমি নিজকে পাহৰি বা ধর্ম গুণাগুণ পাহৰি লোকৰ ধৰ্মৰ আলম লৈ যিকোনো কার্য পেলাইছো। এতিয়া আমাৰ সু-চিন্তা উদয় হোৱাৰ সময় হৈছে। মি দঞি-প'ল ধর্মক বিজ্ঞানসন্মত ভাৱে প্রতিষ্ঠা কৰিব লাগে।দঞি-প'লক সাক্ষী কৰি মিচিংসকলে মাঙ্গলিক কার্যত দঞি বা প'লক লৈ লোকবিশ্বাস অনা, আৰু কেবাং কৰাৰ মিচিং বা আদি সম প্রচলিত হৈ আছে।দঞি-প'লক সাক্ষী কৰি মাঙ্গলিক সকাম কৰাৰ ভিতৰত - দবৃৰ, তালেং শুই, ক'চন শুই ইত্যাদি সীমা বিবাদ হ'লে, কাজিয়া পেচাল হ'লে, পাপ কর্ম কৰিলে দঞি-প'লক সাক্ষী কৰি চৰ্ত আদি কৰা দেখা যায়।
এইটো লোকবিশ্বাসত পৰে। ডাঙৰ কেবাং আৰু বাংগ কেবাঙটো দঞ্চি-প'লক সাক্ষী কবি গুৰুত্বপূর্ণ আলোচনাৰ মীমাংসা কৰা দেখা যায়। ইয়াৰ উপৰি "আদি" সকলে ভাল গুণী-জ্ঞানী বা ধনী মানুহক দঞি-প'লৰ পুতেক বা ভগৱানৰ সু- পুত্র বুলি কয়।
অন্য লেখা:-মালিনীথান আৰু হাবুঙৰ ইতিহাস
আচলতে দঞি-প'লনো কি? তেওঁ সকলোৰে বিশ্বাসী, সকলোকে জীয়াই ৰাখিছে। সকলোৰে নেদেখা ঈশ্বৰ, তেওঁ উজ্জ্বল, গৰম, বতাহ, জনা-নজনা গুৰি। তেওঁৰ পৰাই সকলো মৰম পায়। চোৰ কৰা, মিছা কথা কোৱা আদিবোৰ দঞি-প'লৰ বাবে ডাঙৰ পাপ।দঞি-প'ল অর্থাৎ ভগৱানে আমাক শিকাইছে বা কৈছে। দঞি- প'লই কৈছে, "মন দি কাম কৰিবা। নিজে জ্ঞানী হ'বা। অসহায় লোকক সহায় কৰিবা। সদায় সঁচা কথা ক'বা। ইজনে-সিজনক মৰম কৰিবা। সকলোকে নিজৰ বুলি ধৰি ল'বা। ডাঙৰক শ্ৰদ্ধা কৰিবা। সৰু জনক মৰম কৰিবা। পিতৃ-মাতৃক দঞি-প'লৰ দৰে ভাবিবা। দঞি-প'লক নিজৰ আত্মাত আছে বুলি ধাৰ ল'বা। দুখীয়াক ঘৃণা নকাৰিবা।"আমি মিচিংসকলেও বিজ্ঞানসন্মত ভাৱে দঞি-প'লক বিচাৰ কৰি ইয়াৰ গুণাগুণ মিচিং ৰাইজৰ মাজত দাঙি ধৰিব লাগিব।বৰ্তমান সময়ত আমাৰ মিচিং সমাজে দঞি-প'লৰ গুণাগুণৰ বিষয়ে কিছু আলোচনা কৰাৰ দৰকাৰ।



Comments
Post a Comment