Skip to main content

মোৰ এটি সৰু পঁজা ঘৰ,কাৰ্চাং তাকাৰ

 


মোৰ এটি সৰু পঁজা ঘৰ,Tapan Payeng(অনুভৱ/ঢলিচা)


মোৰ এটি সৰু সৰু পজাঁ ঘৰ

য'ত তুমি ওলোৱা ওমাব নোৱাৰা

এবাৰ সোমাই গলেই

কাহানিকেওঁ বাহিৰলৈ ওলাই দিবলৈ বৰ ঠান ।

এৰা কথাবোৰ এনেকৈ বুজি পোৱাহ'লেহেতেন এই দুনীয়া খনেই কিমান ধুনীয়া হ'লেহেতেন ,যাক মই বিচাৰো তাই মোক নিবিচাৰে তাই যাক বিচাৰে এইজনেওঁ বেলেগৰ সন্ধানত থাকে ।কেতিয়াবা কেতিয়াবা সুধি চাবৰ বৰকৈ হেপাহ থাকে ,কেনেবাকৈ তুমি ভালপোৱা শাৰীত মোৰ নিজৰ নামটো লিখিব পৰা হেতেন বৰ পালোহে'তেন। কিন্তু এনেকৈ জানো ভালপোৱাৰ নামত  চুক্তিবদ্ধ কৰিব পাৰি জানো,মই কম অসম্ভৱ সেয়া হ'বই নোৱাৰে ।কাণ ধৰি বুকুত হাত থৈ যিকিনি মৰম প্ৰেয়সীলৈ ৰাখি থৈছো এইখিনি মৰমেই যদি বুজি নাপায় এই মৰমে ঘৃণালৈ ৰূপান্তৰিত কৰিব এইটো কিন্তু ঠিক। এইকাৰণে কৈছিলো এবাৰ হ'লেওঁ ভালপাওঁ বুলি কোৱাহেতেন অহাজনমত হয়তো কব পাৰিলোগে  কিজানি যোৱা জনমৰ বেলিকাত এবাৰ মইয়ো প্ৰেমত পৰিছিলো নাম ঠাইৰ "সন্ধ্যা"।

সন্ধ্যা পৰশতে যেতিয়া কুৱঁলী নামে

কি চাবা মোৰ বুকুৰ সাগৰত

এবাৰ নামনি

এবাৰ উজনি

ক'ত ঝাওবন নৈ বুকুতে বৈ যায় 

তুমি কি জানিবা।  এইবোৰ কথা এনেকৈয়ে থাকি যায় বহুতো। নাথাকিব কিয়নো এনেকৈ একান্ত বাবে শুনিবলৈ প্ৰেয়সী এজনীৰো দৰকাৰ,বজাৰতটো উলমি  নাথাকে এনেকুৱা ৰং বিৰঙৰ কাপোৰৰ দৰে প্ৰেয়সী,বুলু দহটকা বিশটকা নতুন নতুন প্ৰেয়সী,মুঠতে এবাৰ ভালপাই চোৱা বিয়া ন'হলে ৱাৰেন্টীওঁ আছে ,আৰু এইটো কেতিয়াওঁ সম্ভৱ ন'হয় । আৰু যিদিনা এনেকৈ চলিব আৰু এইদিনাৰ পৰা দূখীয়া ,নিৱনুৱা কৰ্মসংস্থাপন নোপোৱা ডেকা লৰাৰ বাবে ছোৱালীৰ অভাৱ হ'ব । নিজকে কলেই ন'হব অকলশৰীয়া হৃদয়টো বৰ পাতল পাতল অহ। হৃদয়টি পাতল হলেই ন'হব    মূখখনি সোণৰদৰে জিলিকিবওঁ লাগিব ন'হলে কোনে পিন্ধিব ,পিন্ধাব সোণবৰনীয়া নেগলেচ। উপায় নাই বুজিছা।

প্ৰেমৰ বজাৰত 

প্ৰেম বিচাৰি হাবাথুৰি খাব লাগিব

শনিবৰীয়া বজাৰৰ ইউনিচেক্সত  মুখত  ৰং কৰি ওলাই আহিব  লাগিব । এনেইটো মোক এৰি থৈ যোৱা নাই যিয়ে ৰূপ মোৰ কুৎসিত ,কলা মেঘৰ দৰে ইফালে জেপত অভাৱত পেট ফুটা এইবোৰ চাইয়েইটো এৰি গৈছে,এই সুন্দৰীয়ে জমীদাৰী পুৰুষলৈ ,এই জমীদাৰীৰনো কি নাই  হাতত ঘড়ী মূখত চশমা,আমি বুলু এই ফেচৱাচ চিনি নোপোৱা, ভগৱানৰ কৃপাত প্ৰেয়সীৰ বাবে প্ৰেয়সী ধুনীয়া হওঁক বুলি বেলচা মাৰি এশপসত্তৰ টকাৰ ফেচৱাচ কিনি দিছিলো তাই ধুনীয়া হওঁক বুলি কিন্তু মই নিজেই এতিয়া ঘূণীয়া হৈ গলো। বাৰু যিকিনি  হ'লেওঁ প্ৰেমৰ কাৰণে মই কম হাজিৰা কৰা নাছিলো দেই । আৰু যিদিনাৰ পৰা এইপজাঁ ঘৰৰ পৰা ওলাই গল তেতিয়াৰ পৰা তাইৰ অভাৱত মধুফুটা বৰষুণত শিল নামি আহে।


Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.