তোমাৰ নিকেতনৰ পৰা ধেমাজীৰ হাবুং আৰু মালিনীথানালৈ ভ্ৰমণ
আৰম্ভণি:- মানুহ জড় নহয়।মানুহ গতিশীল ,মানুহৰ মনো।মানুহৰ মনৰ গতিশীলতাক হাত-ভৰি আদি অংগ -প্ৰতংগই বাস্তৱায়িত কৰে ।মানুহৰ মনত তীব্ৰ অনুভূতি সময়ত জাগ্ৰত হয়।মানুহৰ স্বভাৱ ভ্ৰমণ বিলাসী । সকলো জ্ঞান কিতাপৰ মাজতে সীমাবদ্ধ ন'হয় তাৰ কাৰণে কিছু ঠাইসমূহত ভ্ৰমণ কৰাটোওঁ এক প্ৰযোজ্য শিক্ষাত।
বৰ্তমানকালত ঠাইভ্ৰমণ শিক্ষাৰ এটি অপৰিহাৰ্য বিষয় হিচাপে স্বীকৃতি পাইছে। ছাত্ৰ-ছাত্ৰীসকলৰ এই ঠাইৰ সামাজিক ,ভৌগোলিক পৰিস্থিতিৰ আৰু মানুহৰ জীৱনধাৰণৰ ঠাই ভ্ৰমণে প্ৰত্যেক্ষ জ্ঞান লাভ কৰিব পাৰি সেয়ে ভ্ৰমণ কৰা উচিত।
![]() |
| Left side from Biki Dapak,Sanjib Mili,Achaya Tapan and Nibhaj Mili |
![]() |
| Swapna Pagag and Anamika Payeng wearing adi-galong dress at Likabbali |
এইখিনিতে যদি কয় থওঁ যে হাবুঙলৈ যোৱাৰ প্ৰাকমূহুৰ্ততে আমি ধেমাজী জিলাত থকা লিকাবালিত শিক্ষাগুৰু ,তথা আমাৰ পিতৃ -মাতৃসকলৰ লগতে জেষ্ঠ্য আৰু অণুজৰ সতে প্ৰীতিৰ ভোজ গ্ৰহণ কৰা হয়।
![]() |
| Photo session with Acharya Tapan Payeng By Student Sumita and Aliza |
আৰু এই মালিনীথান আৰু হাবুং নামৰ ঠাইসমুহক কিয় চাব লাগে ইয়াৰ ইতিহাস কি তাৰ বিষয়ে বিজ্ঞান আৰু ভাৰতী সমাজ বিজ্ঞানাচাৰ্য তপন পায়েং আচাৰ্যই তাৰ সম্পৰ্কে দুহাষাৰ কয়,আমি মালিনীথান আৰু হাবুঙৰ ইতিহাসৰ বিষয়ৰ জানি নথৈ আনন্দিত হৈছো ।
মালিনী থানৰ ইতিহাস:_
মালিনী থান এটি মন্দিৰৰ ধ্বংসাৱশেষ থকা এখনি সৰু ঠাই। প্ৰতি বছৰে এই প্ৰৱিত্ৰ ঠাইত অনেক পৰ্যটকে ভিৰ কৰা দেখা যায়। এই ঠাই অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ দক্ষিণ সীমান্তৰ চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ-পূবত অৱস্থিত। এই থানৰ ধ্বংসাৱশেষসমূহে ইয়াক ১৩-১৪ শতিকাৰ কোনোবা এজন চুতীয়া ৰজাই নিৰ্মাণ কৰা বুলি প্ৰতিয়মান কৰিছে। মন্দিৰৰ শিলত উদ্ধাৰ হোৱা কিছুমান বিশেষ চিহ্ন পুৰ্বৰ চুতীয়া ৰাজ্যৰ অন্য ঠাই যেনে শদিয়াৰ তাম্ৰেশ্বৰী, বুঢ়া-বুঢ়ী থান, নক্সাপৰ্বত, ইত্যাদিত দেখা পোৱা যায়। ইয়াৰ ভিতৰতে তাম্ৰেশ্বৰীৰ চিহ্ন বোৰ ১৪৪২ খৃষ্টাব্দত চুতীয়া ৰজা মুক্তধৰ্মনাৰায়ণে নিৰ্মাণ কৰা দেৱালত দেখা পোৱা গৈছিল। গতিকে ইয়াৰ পৰা ধৰিব পাৰি যে মালিনী থানখনো এইকেইটা বংশৰে পুৰ্বৰ ৰজা এজনে নিৰ্মাণ কৰাইছিল। উল্লেখযোগ্য যে ১০ শতিকাত লিখা কালিকা পুৰাণত তাম্ৰেশ্বৰী মন্দিৰৰ বিষয়ে আছে যদিও মালিনী থানৰ কথা পোৱা নাযায়।
মালিনী থানত প্ৰধানতঃ দেৱী দুৰ্গা আৰু শিৱৰ নামত উপাসনা কৰা হয়। এই থান ১৩-১৪ শতিকাৰ মাজত চুতীয়া ৰজা সকলে নিৰ্মাণ কৰা বুলি জনা যায়। এই থানৰ লগত কৃষ্ণ আৰু ৰুক্মিণীৰ নামো জড়িত হৈ থকা দেখা যায়। কাহিনী অনুসৰি কৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত এই ঠাইলৈ আহে। তেতিয়া পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সেৱা কৰে। তেতিয়াৰ পৰাই এই ঠাইৰ নাম মালিনী হয়। আন কিছুমানৰ মতে এই ঠাইখন এখন শক্তি পীঠ। উল্লেখযোগ্য যে চুতীয়া ৰজা সকলে নিজকে ভীষ্মক ৰজাৰ বংশৰ বুলি চিনাকি দিছিল, যাৰ বাবে পৰবৰ্তী কালত এই থান খনৰ লগত ভীষ্মকৰ জীয়ৰী ৰুক্মিণীৰ লোক বিশ্বাস জড়িত হয়।
খনন কাৰ্য্যৰ ফলত মালিনী থান মন্দিৰৰ তিনিটা গৃহ উদ্ধাৰ হৈছিল। ইয়াৰে ভিতৰত দুটা গৃহ মুখ্য মন্দিৰ স্থলত অৱস্থিত আৰু তৃতীয়তো সেই স্থলৰ পৰা উত্তৰ-পশ্চিম দিশত অৱস্থিত। মন্দিৰৰ শিল বোৰ লোহাৰৰ বযটি লগাই জোৰা লগোৱা হৈছিল। এই তিনিওটা গৃহৰ উত্তৰত নন্দিৰ মূৰ্তি এটা ৰখা হৈছিল। এই ঠাইত উদ্ধাৰ হোৱা আন মূৰ্তি বোৰৰ ভিতৰত উল্লেখনীয় হৈছে দুৰ্গা, শিৱ, লক্ষ্মী, সৰস্বতী, সূৰ্য্য, গণপতি, ইন্দ্ৰ আৰু ব্ৰহ্মা॥
হাবুঙৰ ইতিহাস:--
পৌৰাণিক কামৰূপৰ প্ৰদেশ আৰু আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী হাবুং আছিল পৌৰাণিক কামৰূপৰ এটা বৃহৎ অঞ্চল আৰু আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী আছিল ৷ অন্য একাংশ গ্ৰন্থ আৰু আলোচনাত হাবুঙৰ কথা উল্লেখ হোৱা নাই৷ বৰ্তমান হাবুঙ লখিমপুৰ জিলা আৰু ধেমাজি জিলাত অন্তৰ্ভুক্ত আৰু প্ৰত্নতাত্বিক স্থান যেনে হাবুং মৈদাম, ঘুগুহা দৌল আদি ধেমাজি জিলাৰ অংশ।ৱেড (১৮০০)-ৰ মতে, সোৱণশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলন হোৱা অঞ্চলটোক হাবুং বুলি জনা গৈছিল। শিলালিপিৰ তথ্য অনুসৰি, হাবুং (Ha-Vrnga Visaya) আছিল এখন প্ৰদেশ য'ত ব্ৰাহ্মণসকলক দশম শতিকাত কামৰূপৰ পাল ৰাজবংশৰ ৰত্নপালে স্থাপন কৰিছিল। কামৰূপৰ পতনৰ পাছত হাবুং চুতীয়া ৰাজ্যৰ অন্তৰ্গত হয় আৰু এই অঞ্চলত বৃহৎপাত্ৰ নামৰ এজনক শাসন কৰিবলৈ ৰখা হয়। টাই-আহোম ভাষাত লিখা সাচিপটিয়া দীন-বুৰঞ্জী অনুসৰি চাওলুং চ্যুকাফা আৰু তেঁওৰ লগত অহা ৯০৩০ জন লোকে হাবুঙত তিনি চন্দ্ৰ বৰ্ষ ক্ৰমে লাকনি দাপকেও, লাকনি ৰাইছেও আৰু লাকনি মুঙপ্লাও গড় বান্ধি ৰাজধানী পাতে কিন্তু বানপানী হোৱাৰ ফলত পুনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ ঘূৰি যায়।চুতীয়া ৰাজ্য জয় কৰাৰ পাছত লাকনি খুতছান (১৫২৫ খ্ৰীষ্টাব্দত) চাওফা চুহুংমুংএ ক্লাংচেঙ নামৰ বিষয়া এজনক হাবুংত ৰাজত্ব কৰিবলৈ ৰাখে।
হাবুং নামৰ উৎপত্তি
হাবুং শব্দটো মূলতঃ বড়ো-কছাৰী মূলীয় ভাষাৰ বুলি জনা যায়। ইয়াৰ অৰ্থ হৈছে "মাটিৰে ভৰা ঠাই" অৰ্থাৎ "নদীৰ পানীয়ে খহাই অনা পলস জমা হৈ সৃষ্টী হোৱা ভূমি। " "হা" মানে হৈছে "মাটি" (যেনে হাছাও, হাজং, হালালি, ইত্যাদি) আৰু "বুঙ" মানে হৈছে ভৰি পৰা। পি.আৰ.টি গৰ্ডনৰ মত অনুসৰি পৌৰাণিক মৰাণ ভাষাত "হাবুঙ"ৰ অৰ্থ হৈছে "মানুহৰ বাসতি/চাপৰি"। ইতিহাসবিধ চিড্নি এণ্ডেলৰ "ডা কচাৰী" নামৰ কিতাপখনত উল্লেখ কৰা মতে বুৰঞ্জীত মৰাণসকলক হাবুঙীয়া বুলি উল্লেখ কৰা হৈছিল যাৰ অৰ্থ আছিল "ভূমিৰ থলগিৰি"। এখেতৰ মতে হাবুঙ শব্দটো প্ৰকৃততে "হা" (মাটি)-"চুবুঙ" (মানুহ)ৰ পৰা উৎপত্তি হৈছিল। হাবুঙৰ ওচৰতে খুবুং নামৰ অন্য এক অঞ্চল এতিয়াও দেখা পোৱা যায়। কামৰূপৰ ৰজা ৰত্নপালৰ তামৰ ফলিত হাব্ৰং বুলি উল্লেখ কৰা হৈছে। ১৪২৮ চনৰ চুতীয়া ফলিত শ্ৰী বৃহৎ পাত্ৰক "হাবুঙাধিপতি" (হাবুঙৰ অধিকাৰী) বুলি উল্লেখ কৰা হৈছে।হাবুংৰ টাই ভেটিত থকা ৰাজধানীৰ পুনৰ উদ্ধাৰ আন এক মত অনুসৰি হাবুং টাই-আহোম ভাষাৰ শব্দ হয়, যাৰ অৰ্থ "পঞ্চমখন বোকাময় ঠাই"। অৱশ্যে টাই ভাষাত "বুঙ"ৰ সলনি "বৃ" শব্দয়েহে বোকাময় ঠাই বু্জাই। উল্লেখযোগ্য যে আহোমসকলৰ প্ৰব্ৰজনৰ আগৰে পৰা হাবুং নামৰ প্ৰদেশত ব্ৰাহ্মণ আৰু চুতীয়াসকলৰ বসতি আছিল।
কামৰূপ আৰু চুতীয়া শাসনকাল
১০ শতিকাৰ ৰত্নপালৰ তামৰ ফলিৰ পৰা হাবুং প্ৰাচীন কালৰ পৰাই এক গুৰুত্বপূৰ্ণ অঞ্চল বা প্ৰদেশ আছিল বুলি উমান পোৱা যায়, য'ত কামৰূপৰ ৰজাসকলে ব্ৰাহ্মণৰ সংস্থাপন কৰিছিল। ১২০০ শতিকাত কামৰূপ বিভক্ত হোৱাৰ ফলত হাবুং চুতীয়া ৰাজ্যৰ অধীনলৈ আহে। ৰত্নধ্বজপালে দদায়েক স্বেতগিৰিৰ ৰজা ভদ্ৰশেনৰ পৰা ধেমাজি অঞ্চল দখল কৰি হাবুঙৰ দক্ষিণৰ ৰতনপুৰত ৰাজধানী স্থাপন কৰে। একে সময়চোৱাতে পাটকাই পৰ্বতৰ পুৰ্বৰ পৰা অহা টাই-আহোমসকলে অভয়পুৰত (শিৱসাগৰৰ অঞ্চল) বানপানী হোৱাৰ ফলত হাবুঙত অস্থায়ী ৰাজধানী পাতে। কিন্তু ৪ বছৰ থাকি পুনৰ বানপানী হোৱাৰ ফলত শিৱসাগৰৰ লিগিৰী গাঁৱলৈ (চনটক) উভতি যায় য'ত বৰাহী চুতীয়াসকলক লগ পায়। উল্লেখযোগ্য যে চুকাফাই বানপানী হোৱাৰ বাবে এৰি যোৱা তিপাম (কানগং নামৰ এজন), নামৰূপ (খুণতাং নামৰ এজন) বা লিগিৰী গাঁৱ (তাখোনলাক নামৰ এজন) লেখীয়া ঠাইৰ দৰে অভয়াপুৰ আৰু হাবুং অঞ্চলত কোনো লোকক ৰাখি যোৱা নাছিল।
তলৰ বিডিঅটি এবাৰ হলেওঁ চাব ৰাইজ
ইয়াৰ পাছত হাবুঙৰ উল্লেখ ১৪ শতিকাত পোৱা যায়। ইব্ন বট্টোতাই ১৪ শতিকাৰ আগ ভাগত কামৰূপ ভ্ৰমণ কৰোঁতে হাবুঙলৈ(হাবাঙ) আহিছিল। এই কথা তেওঁ নিজৰ লেখনীত উল্লেখ কৰিছে। তেওঁৰ মতে হাবুং তেতিয়াৰ দিনত এক সমৃদ্ধিশালী অঞ্চল আছিল। চুতীয়া ৰজা সত্যনাৰায়ণে ১৩৯২ চনত হাবুং অঞ্চলত ব্ৰাহ্মণক ভূমি দান কৰিছিল। মৃত্যু দণ্ডৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ আহোম ৰজা থিয়াও খামতিৰ ৰাণীয়ে দিহিং(পূৰ্বতে দিহিং বোকাখাটৰ মহোৰামুখত পৰিছিল) পাৰ হৈ আহি চুতীয়া ৰাজ্যৰ হাবুঙত আশ্ৰয় লৈছিল। নাওবৈচা ফুকনৰ বুৰঞ্জীৰ মতে হাবুঙত ব্ৰাহ্মণ এজনে তেখেতক প্ৰশ্ন কৰোঁতে তেখেতে নিজকে অসম(আহোম) ৰাজ্যৰ ৰাণী বুলি চিনাকি দিছিল। ইয়াৰ পাছত হাবুঙৰ উল্লেখ ১৪২৮ চনত চুতীয়া ৰজা ধৰ্মনাৰায়ণৰ পুত্ৰ দুৰ্লভনাৰায়ণৰ শদিয়াত উদ্ধাৰ হোৱা তামৰ ফলিত পোৱা যায়। এই ফলিৰ মতে চুতীয়া সেনাপতি শ্ৰী বৃহৎ পাত্ৰ হাবুঙৰ অধিকাৰী (হাবুঙাধিপতি) আছিল আৰু স্বধয়াধিপতি শ্ৰী শ্ৰী ধৰ্মনায়াৰণৰ আদেশত তেওঁ পুৰন্দৰ বিপ্ৰ নামৰ এজন ব্ৰাহ্মণক ৪০০ পুটি মাটি দান কৰিছিল।
![]() |
| Sunil and Anamika |
সামৰণি:- প্ৰায় ৮ বজাত আমি সকলোৱে পুনৰ আমাৰ নিকেতনৰ দুৱাৰ ঢলিত বাছখন ৰৈ আৰু আৰু নিজৰ নিজৰ বাসগৃহলৈ গন্তব্য হ'য়।
শৈক্ষিক ভ্ৰমণে জ্ঞানৰ পৰিপূৰ্ণতা সাধন কৰাৰ লগে লগে মানুহৰ লগত মানুহৰ সংযোগৰ ভাবটিওঁ দৃঢ়তৰ কৰে । এই শিক্ষাই কিতাপৰ জ্ঞাণতকৈ আৰু নিজ চকুৰে লক্ষ্য কৰিব পায় জ্ঞাণৰ পৰিসৰ বেছিকৈ মজবুত কৰে ।
নমস্কাৰ,মই শ্ৰী তপন পায়েং,Bsc Botany,বিজ্ঞানৰ লগতে সমাজ বিজ্ঞানৰ ক্ষেত্ৰত শিক্ষা দানতো ৰুচিবোধ।বৰ্তমান মই লখিমপুৰ জিলাৰ দোঁৱাৰ গাওঁ শংকৰদেৱ শিশু নিকেতনৰ কৰ্মৰত আচাৰ্য । Owner :-E-Karrsang Takar website |














Comments
Post a Comment