![]() |
| জংকাপ গাঁৱৰ পৰিশ্ৰমী আইসকল |
মিচিং সমাজৰ পৰম্পৰাগত আপং সংস্কৃতিত মিচিং নাৰীৰ ভূমিকা ও সম্ভাৱনা -
- What is Apoong?
- How to make rice bear?
- How to preapared Apong ?
- Which Assam's tribal people make the Apong ?
- About of Apong.
মিচিং সমাজৰ নাৰীসকলৰ বিভিন্ন ক্ষেত্ৰত ভূমিকা থকাৰ সমান্তৰাল ভাবে স্বকীয়ভাৱে কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰটো মহিলাসকলৰ এৰাব নোৱাৰা ভূমিকা আছে।তথাপিও কিন্তু মিচিংসকলৰ সমাজ জীৱনত পৰম্পৰাগত ভাৱে চলি অহা পানীয় দ্ৰব্য অৰ্থাৎ "আপং" ব্যৱহাৰ আৰু এই ক্ষেত্ৰত মিচিং নাৰীৰ ভূমিকাৰ বিষয়টি অতিকৈ গুৰুত্বপূৰ্ণ ও উল্লেখনীয়। "আপং " হৈছে মিচিং জনজাতিৰ এক উল্লেখনীয় পানীয় দ্ৰব্য যাক নুই কৰি মিচিং সমাজৰ লোকে কোনো সামাজিক, মাংগলিক আৰু ধৰ্মীয় কাৰ্য্যসূচী সমাপন কৰা নহয় বুলি কলেও ভুল কৰা নহব। কিয়নো প্ৰতিটো কাৰ্য্যসূচীতেই আপং এক অতি আৱশ্যকীয় পানীয় দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। এনে এক সুকীয়া বৈশিষ্ট্য সম্পন্ন পানীয় দ্ৰব্যবিধ প্ৰস্তুত কৰোঁতে বিশেষ উল্লেখনীয় ভূমিকা মিচিং নাৰী সকলে পালন কৰে। যিহেতুকে, আপং প্ৰস্তুত কৰিবলৈ épop (চাউলৰ গুৰি আৰু এশ এবিধ বন লতাৰ পাতেৰে বনোৱা এক ঔষধ) ৰ প্ৰয়োজন হয়। Épop নহলে আপং প্ৰস্তুত কৰিব নোৱাৰে আৰু সেই এশ এক বিধ বন লতাৰ পাত সংগ্ৰহ কৰাৰ ক্ষেত্ৰত নাৰীসকলে গুৰু দায়িত্ব পালন কৰে আৰু সেই বন লতাৰ পাতবিলাক ঢেঁকীত দি গুৰি কৰি চাউলৰ গুৰিৰ লগত মিহলাই শুকুৱাই লোৱা হয়। যেতিয়া সম্পূৰ্ণ ৰূপে শুকাই তেতিয়াই épop অৰ্থাৎ সেই ঔষধটো ব্যৱহাৰ উপযোগী হৈ পৰে। এইখিনিতে এটা কথা পাঠকৰ সুবিধাৰ্থে উল্লেখ কৰিব লাগিব যে আপংৰ ভাগ দুটা আছে। অৰ্থাৎ আপং দুইবিধ থাকে; তাৰে এটা হৈছে "নকজিন আপং " যিটো বগা মদ বুলি জনা যায় আৰু আনটো "প:ৰ আপং" যিটো ক'লা বা চাই মদ বুলি কোৱা হয়। সেই দুয়োবিধ আপং প্ৰস্তুত কৰোঁতে ভাতৰ লগত épop বিলাক মিহলাই লোৱাৰ প্ৰয়োজন হয় যদিও ইয়াৰ প্ৰস্তুত প্ৰণালী কিছু সুকীয়া আৰু এনে কাৰ্য্যত মিচিং নাৰীসকলে বিশেষ ভাবে জড়িত হোৱা দেখিবলৈ পোৱা যায়। "নকজিন আপং" প্ৰস্তুত কৰোঁতে কেৱল ভাতৰ লগত épop মিহলাই দিলেই হয় কিন্তু "প:ৰ আপং" প্ৰস্তুত প্ৰণালীটো অলপ সুকীয়া কিয়নো "প:ৰ আপং" প্ৰস্তুত কৰিবলৈ খেৰৰ লগত ধানৰ তুঁহগুৰি পুৰি লোৱা হয় আৰু সেই ছাই বিলাক ভাতৰ লগত মিহলাই দি "প:ৰ আপং" প্ৰস্তুত কৰা হয়। এনেদৰে বনাই ইয়াক নিদিৰ্ষ্ট এটা ঠাইত ৰখা হয় যাতে বৰষুণৰ পানী কিম্বা অন্য ভাৱে হলেও পানী সোমাব নোৱাৰে। সেই সকলো কাম অৰ্থাৎ épop বনোৱা, পথাৰৰ পৰা ধান চপোৱা, ঢেঁকীশালত ধানৰ পৰা চাউল উলিওৱা, সেই চাউলৰ পৰা ভাত বনাই épop ৰ লগত মিহলাই "আপং" বনোৱা এই দীঘলীয়া যাত্ৰাত মিচিং নাৰীসকলে নি:চর্তে নিজৰ কৰ্তব্য হিচাপে পালন কৰি অহা পৰিলক্ষিত হয়। গতিকে, এই আলোচনাৰ পৰা কব পৰা যায় যে মিচিংসকলৰ সংস্কৃতি পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত মিচিং নাৰী সকলৰ ভূমিকা কেতিয়াও নুই কৰিব নোৱাৰি। অৰ্থাৎ মিচিং সমাজত নাৰীক আঁতৰত ৰাখি তেওঁলোকৰ সংস্কৃতি চৰ্চা কৰাটো এটা ভ্ৰান্ত ধাৰণা সদৃশ। যিহেতুকে, মিচিং সমাজত মহিলাৰ সহযোগিতা আৰু অংশগ্ৰহনৰ অবিহনে তেওঁলোকৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক ইত্যাদি সকলো কাৰ্য্যসূচী অ-সম্পূৰ্ণ হৈ ৰয়।
"আপং" সংস্কৃতিক সাম্প্ৰতিক সময়ত মিচিং নাৰীসকলে অৰ্থ উপাৰ্জনৰ এক গুৰুত্বপূৰ্ণ সম্বল হিচাপেও ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। "আপং" প্ৰস্তুত কৰি বহু নাৰীয়ে নিজৰ যাৱতীয় খৰচ নিজেই উলিওৱাৰ উদাহৰণো বিৰল নহয় যাৰ জৰিয়তে মিচিং নাৰীয়ে অৰ্থনৈতিক দিশত স্বাৱলম্বিতা বহু পৰিমাণে হৈছে যাক নুই কৰিব নোৱাৰি। প্ৰায় মিচিং সমাজৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালীবিলাকে "আপং" প্ৰস্তুত কৰি ঘৰতে বিক্ৰী কৰা পৰিলক্ষিত হয় আৰু সেই টকাৰে তেওঁলোকে নিজৰ যাৱতীয় খৰচৰ লগতে বহু সময়ত শিক্ষাৰ খৰচো উলিওৱা দেখিবলৈ পাও। "আপং" সংস্কৃতিক যদি সঠিক আৰু উপযুক্ত ভাবে ব্যৱহাৰ কৰি কিছু নতুনত্ব সৃষ্টিৰ মানসেৰে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে প্ৰস্তুত কৰা হয় তেন্তে ইও বিলাতী মদৰ দৰেই এক বজাৰ দখল কৰিব পৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। গতিকে, ইয়াৰ উপযুক্ত অধ্যয়ন ও গৱেষণা হোৱাটো খুবেই এক প্ৰয়োজনীয় বিষয় আৰু যিহেতু "আপং" প্ৰাকৃতিক ভাবে বন ঔষধেৰে বনোৱা হয় গতিকে ইয়াৰ সঠিক আৰু নিয়মিত সেৱনে স্বাস্থ্যৰ পক্ষেও কিছু উপযোগী হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ "প:ৰ আপং"ক জণ্ডিছ বেমাৰৰ কাৰণে উপযোগী বুলি অনুমান কৰা হয় আৰু নকজিন আপঙে নিম্ন ৰক্তচাপ থকা মানুহক ৰক্তচাপ বৃদ্ধি কৰাত সহায় কৰে। গতিকে, "আপং" সংস্কৃতিক মিচিং সমাজে এক বিশেষ গুৰুত্ব প্ৰদান কৰি আৰু ইয়াক এক নতুনত্ব দিয়াৰ প্ৰয়াস কৰাটোক সাম্প্ৰতিক সময়ৰ এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিলে সামগ্ৰিক ভাবে মিচিং সমাজৰ অৰ্থনৈতিক দিশ তুলনামূলক ভাবে উন্নত হোৱাৰ সম্ভাৱনা আছে।
If you interested this post:-তোমাৰ নিকেতনৰ পৰা ধেমাজীৰ হাবুং আৰু মালিনীথানালৈ ভ্ৰমণ
মিচিং সমাজৰ "আপং" সংস্কৃতি আৰু জৈৱ বৈচিত্ৰ ৰক্ষাৰ ক্ষেত্ৰত কেনেকৈ বৰঙণি আগবঢ়াইছে আৰু অনাগত সময়ত ইয়াৰ সম্ভাৱনীয়তা। সাম্প্ৰতিক সময়ত যিহেতু জৈৱ বৈচিত্ৰ বিশেষকৈ প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্যতা লক্ষণীয় ভাবে হ্ৰাস পাবলৈ ধৰিছে যাৰ পৰিপ্ৰেক্ষিত জৈৱ বৈচিত্ৰত এক ঋণাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু প্ৰাকৃতিক পৰিৱেশ ধ্বংসৰ ফলস্বৰূপে "আপং" প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ হোৱা সেই বন ঔষধ বিলাক বিচাৰি উলিয়াবলৈ বহু সময়ত জটিলতাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। গতিকে, মিচিং সমাজে সেই সংস্কৃতি ৰক্ষাৰ্থে প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাটো খুবেই প্ৰয়োজন হব আৰু ভৱিষ্যতে যিহেতু লুপ্ত হোৱাৰ দিশে গতি কৰি আহিছে সেয়েহে ইয়াৰ সংৰক্ষণৰ বাবে প্ৰাকৃতিক পৰিৱশ সংৰক্ষণত সঠিক ভাবে চকু দিয়াটো খুবেই জৰুৰী। গতিকে, "আপং" সংস্কৃতিয়ে মিচিং সমাজক এক সুকীয়া জনজাতীয় জনগোষ্ঠীৰ মৰ্যদা প্ৰদান কৰাৰ লগতে অনাগত সময়ত আপং সংস্কৃতিৰ ৰক্ষাৰ্থে প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণত উল্লেখনীয় প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। প্ৰাকৃতিক পৰিৱেশৰ সুস্থিৰতাই জৈৱ বৈচিত্ৰৰ সুস্থিৰতাত প্ৰভাৱ পেলাব বুলি অনুমান কৰিব পাৰি। গতিকে, "আপং" সংস্কৃতি বিকাশৰ প্ৰাসংগিকতা জৈৱ বৈচিত্ৰৰ সংৰক্ষণ দিশৰ ফালৰ পৰাও গুৰুত্ব আছে বুলি বিবেচনা কৰিব পৰা যায়।


Comments
Post a Comment