Skip to main content

মিচিং সমাজত মাঘ বিহুৰ পৰম্পৰা ,Anubhab Priyam Miri

 

মিচিং সমাজত মাঘ বিহুৰ পৰম্পৰা

মিচিং সমাজত মাঘ বিহুৰ পৰম্পৰা ,অনুভৱ প্ৰিয়ম মিৰি 

 


 অনুভৱ প্ৰিয়ম মিৰিৰ পৰিচয়
তেখেতৰ ঘৰ লখিমপুৰৰ ঢকুৱাখানাৰ ভৰতচুক গাৱঁত যোৱা ২০২ বৰ্ষত "আজিৰ কবিতা" শীৰ্ষক কাব্যলোচনীৰ বাবে নগাওঁ আলি-পুখুৰী সাহিত্য সভা শাখা তৰপৰ পৰা "কাব্য-সূৰ্য" বটা লাভ কৰে
অনুভৱ প্ৰিয়ম মিৰি  অন্য লেখাসমুহ                                                                 1.চৰকাৰী বন্ধৰ তালিকাত আলি আঃয়ে লৃগাঙৰ প্ৰসংগ            
                          অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী হ'ল মিচিং সকল।বড়ো সকলৰ পিছতে মিচিং সকল হৈছে অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী।তেওঁলোকৰ সমাজ ব্যৱস্থা অন্য জনগোষ্ঠীৰ তুলনাত কিছু পৃথক।জীৱন ধাৰণৰ প্ৰণালীয়ে ইয়াৰ ঘাই উদাহৰণ।বৰ্ণিল সাজপাৰ হৈছে তেওঁলোকৰ অন্য এক পৰিচয়।পিন্ধন-উৰণত সেই সাজপাৰে সৌন্দৰ্য বৰ্ধন কৰে।ইয়াৰ উপৰিও ধৰ্মীয় লোকাচাৰ,লোকবিশ্বাস,গীত-নৃত্য,উৎসৱ-পাৰ্বন আদি পৰম্পৰাৰে ভৰপূৰ তেওঁলোকৰ কৃষ্টি-সংস্কৃতি।গুমৰাগ নৃত্য,লত্তা চঃমান,আতৗৰ চঃমান,লৗৰৗলি চঃমান আৰু অই নিঃতম,আনুনিঃতম,কাবানৰ অবিহনে সম্পূৰ্ণ নহয় তেওঁলোকৰ উৎসৱ-পাৰ্বন।আলি আঃয়ে লৃগাং,পঃৰাগ, আঃমৰাগ,দবুৰ পূজা হৈছে তেওঁলোকৰ প্ৰধান উৎসৱ।ইয়াৰ উপৰিও মিচিং সকলে ব'হাগ বিহু,কাতি বিহু,মাঘ বিহু পালন কৰি আহিছে আৰু অসমীয়া সংস্কৃতিত বিলীন হৈ গৈছে।তাৰে ভিতৰত মিচিং সকলে পালন কৰা অন্যতম প্ৰধান বিহু হ'ল মাঘ বিহু বা ভোগালী বিহু।

  অসমৰ ৰাইজে পুহ-মাঘ মাহৰ সংক্ৰান্তিত মাঘ বিহু পালন কৰা হয়।এইখিনি সময়ত অসমৰ ৰাইজে আঘোণৰ ধান,পুহত মাটি মাহ,তিল খেতি আদি চপাই ভঁৰাল বৰ্তি থাকে।তেতিয়া ধনী-দুখীয়া সমান হয় আৰু সকলোৱে মিলি বৰ হেঁপাহেৰে এই বিহু পালন কৰে বাবে ভোগৰ বিহু ভোগালী বিহু বুলিও কোৱা হয়।ইতিহাস অনুসৰি বড়ো জনগোষ্ঠী সকলে প্ৰথমে মাঘ বিহু পালন কৰিছিল আৰু কালক্ৰমত ইয়াৰ প্ৰভাৱ অসমৰ সকলো জাতি-জনজাতিত বিয়পি পৰিল।এইয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বড়োসকলৰ মাইজী শব্দৰ পৰাই মেজি শব্দৰ উৎপত্তি হৈছে বুলি কৈছে।অসমৰ ভূমিপুত্ৰ মিচিং সকলো ইয়াৰ ব্যতিক্ৰম নহয়।মিচিং সকলে কেতিয়াৰ পৰা মাঘ বিহু পালন কৰি আহিছে সেইটো সঠিককৈ কোৱা টান।সম্ভৱ আহোমৰ ৰজা সকলে ৰাজকীয় ভাৱে মাঘ বিহু পালন কৰা সময়ৰ পৰা ইয়াৰ প্ৰভাৱ পৰিব পাৰে।তেতিয়াৰ পৰা হয়তো লাহে লাহে মিচিং সকলে মাঘ বিহু পালন কৰি আহিছে।কাৰণ মিচিং সকলৰ কিছুমান যোগ্য সন্তানো আহোমৰ বিভিন্ন দা-দায়িত্বত নিয়োজিত হৈ থকাৰ কথা অসমৰ বুৰঞ্জীয়ে উল্লেখ কৰা দেখা যায়।সেই সন্তান সকলে মিচিং অঞ্চল সমূহলৈ মাঘ বিহু পালনৰ সংস্কৃতি অনাৰ থল আছে।মাঘ বিহু বড়োমূলীয় যদিও সেই বিহুৱে অসমৰ বিভিন্ন জাতি-জনজাতিক একত্ৰিত কৰাত সহায় কৰিছে।বিশেষকৈ মিচিং সকল কৃষি জীৱি মানুহ।কৃষিৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকে জীৱন যাপন কৰা দেখা যায়।অসমৰ বিভিন্ন জাতি-জনজাতিৰ দৰে মিচিং সকলেও আঘোণ পুহৰ খেতি চপাই মাঘ বিহু পালন কৰি আহিছে।তেওঁলোকৰ তেতিয়া ধান চপাই ভঁৰাল উপচি থাকে আৰু মাটি মাহ,তিল খেতি উঠাই আৰ্থিক ভাৱেও কিছু স্বচ্ছল হৈ থাকে।এইখিনি সময়ত কিছু আনন্দত বিলীন হ'বলৈও মিচিং সকলে মাঘ বিহু পালন কৰিব পাৰে।

    মিচিং সকলে মাঘ বিহুৰ আগত ধান খেতি,তিল খেতি,মাটি মাহ চপাই অলপ আজৰি হৈ থাকে যদিও প্ৰায় সমান্তৰালকৈ এইখিনি সময়ৰ মাজতে তেওঁলোকে মাঘৰ মেজিৰ বাবে খৰি গোটাই থাকে।মেজিৰ খৰি গোটোৱাত ঠাইভেদে কিছু পাৰ্থক্য দেখা যায়।কিছু কিছু ঠাইত নৰাৰ খেৰ গোটায়।তেওঁলোকে খৰি গোটাবৰ বাবে ৰাজহুৱা ভাৱে আলোচনা কৰে।আলোচনাৰ সিদ্ধান্ত মতে তেওঁলোকে ৰাইজক জনাজাত কৰি মেজিৰ খৰি গোটায়।তেওঁলোকে খৰি গোটাবলৈ যাওঁতে ঢোল বজাই ঐনিতম গোৱা পৰিলক্ষিত হয়।ঢোল বজোৱা মাত শুনিলেই গাঁৱৰ ৰাইজে মাঘৰ মেজিৰ খৰি গোটাবলৈ সময় হ'ল বুলি বুজি পায় আৰু সেই স্থানত ৰাইজে উপস্থিত হয়।তাৰপিছত ঢোল বজাই বজাই মাঘৰ মেজিৰ খৰি গোটোৱাৰ ঠাইত উপস্থিত হয়।মেজিৰ খৰি গোটাবলৈ ঢোল বজোৱাৰ নিয়ম কেনেকৈ সৃষ্টি হ'ল এইটো সঠিককৈ ক'ব নোৱাৰি।তথাপি ক'ব পাৰি যে তাহানি হাবি-জংঘলেৰে ভৰপূৰ আছিল।যিহেতু মিচিং সকলে নদীৰ পাৰৰ হাবি-বননিৰ অঞ্চলত বসবাস কৰে।সদায় বাঘ-ভালুকৰ সৈতে মুখামুখি আৰু সাৱধান হ'ব লগীয়া হৈছিল।এইয়ে বাঘ ভালুকক ভয় খোৱাই খেদিবৰ বাবে ঢোল বজাই, ঐনিতম গাই আনন্দ উল্লাসৰ মাজেৰে মেজিৰ খৰি গোটাব পাৰে।লক্ষণীয় যে ৰাইজৰ কাম বন কৰা সময়ত ৰাইজক একগোট কৰিবলৈও মিচিঙৰ ঢোল বজোৱা নিয়ম এটা আছে।ইয়াৰ উপৰিও কাৰোবাৰ ঘৰত মানুহ মৰিলে ঢোল বজোৱাৰ নিয়ম মিচিং সমাজত আছিল।মিচিং সকলে ৰাজহুৱা স্থানত ঢোল বাজিলে ৰাইজৰ কাম কৰিবলৈ সময় হৈছে আৰু কাৰোবাৰ ঘৰত অসমময়ত ঢোল বজালে মানুহৰ মৃত্যু হৈছে বুলি বুজি পাইছিল।ইয়াৰ উপৰিও মিচিং সকলে সময়ৰ নিৰ্ধাৰণ সূৰ্যৰ ওপৰত নিৰ্ভৰ কৰিছিল।সূৰ্যৰ ওপৰত সময় নিৰ্ভৰ কৰিছিল বাবে তেওঁলোকে ৰাইজক একগোট কৰিবলৈ ঢোল বজোৱা নিয়ম সম্ভৱ উলিয়াইছিল।
        মিচিং সকলে মাঘৰ মেজিৰ খৰি এমাহৰ আগতে গোটাই থয়।আজিকালি মাঘৰ মেজিৰ খৰি গোটোৱাৰ নিয়ম সলনি হ'ল।এতিয়া নৈপৰীয়া মিচিং সকলৰ কাষত হাবি-বননি নথকা হ'ল।ইয়াৰ পৰিপ্ৰেক্ষিতত বাঘ-ভালুকৰ উপদ্ৰৱ নথকা হ'ল।এতিয়া ঢোল বজাই কিছুমান ঠাইত মেজিৰ খৰি নোগোটায়।তথাপি কিছুমান ঠাইত ঢোল বজাই মাঘৰ মেজিৰ খৰি গোটোৱা পৰিলক্ষিত হয়।আজি ১৫/২০ বছৰৰ আগলৈকে নদীৰ পাৰৰ বিল-পুখুৰী,হাবি বননিত গৈ নল-খাগৰি কাটি মেজিৰ খৰি গোটাই আৰু নিদিষ্ট স্থানত একগোট কৰি শুকোৱাই থৈছিল।মেজি সাজিবৰ বাবে প্ৰায় ৫০০ পোলালৈকে নল-খাগৰি কাটি মজুত কৰি ৰাখিছিল।কিন্তু আজিকালি সেই বিলবোৰত হাবি-বননি নথকাৰ ফলত নল-খাগৰি পাবলৈ অলপ জটিল হ'বলৈ ধৰিলে।ইয়াৰ ফলস্বৰূপে এতিয়া মিচিং সকলে খৰিৰ উপযোগী দুজোপামান গছ কাটি মেজিৰ খৰি গোটায়।তেওঁলোকে গছজোপা টুকুৰা-টুকুৰ কৰি মেজিৰ খৰি ফালি নিদিষ্ট স্থানত গোটাই মজুত কৰি থয়।

   মিচিং সকলে মেজি সজাৰ ক্ষেত্ৰত কিছু নিয়ম দেখা যায়।তেওঁলোকে কেবাটাও মেজি সাজে।ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁলোকে বাঁহ যোগাৰ কৰে।তেওঁলোকে আগতে প্ৰায় ৩/৪ টা মেজি সজা দেখা গৈছিল।ইয়াৰ ভিতৰত আটাইতকৈ মূল মেজিটো প্ৰায় ৩০/৪০ ফুটমান ওখকৈ সাজিছিল।বাকী অলপ চাপৰকৈ সাজিছিল।মেজি সাজি সম্পূৰ্ণ কৰাৰ সময়ত একেবাৰে মূৰত ধেনুকাঁড় সাজি বান্ধি থৈ দিছিল।বিশেষকৈ মেজিৰ ওপৰত কাউৰী পাৰ হ'লে গাঁৱত অমঙ্গল হয় বুলি মিচিং সকলে বিশ্বাস কৰে।এইয়ে কাউৰীৰ ভয়ৰ প্ৰতীক হিচাপে ধেনু কাঁড় ব্যৱহাৰ কৰি আহিছে।কাউৰীয়ে ধেনু কাঁড় দেখিলে ভয়ত মেজিৰ ওপৰেদি পাৰ হ'ব নোৱাৰে।মেজি সজাৰ সময়ত ৰাতি তাতেই থাকিবলৈ ভেলাঘৰো সাজিছিল।আজিও ইয়াৰ ব্যতিক্ৰম নহয়।মেজি সজাৰ সময়ত ঢোল বজাই,ঐনিতম গাই স্ফূৰ্তি কৰে।মেজি ৰাতি সাজে।পিতৃ-মাতৃ সম্পূৰ্ণ নথকা পুত্ৰ সন্তানে মেজি সাজিব নোৱাৰে বুলি বিশ্বাস কৰে।তেওঁলোকে মেজি সজাত যা-যোগাৰ কৰি থাকে আৰু এটাৰ পাছত এটাকৈ মেজি সাজি সম্পূৰ্ণ কৰে।পূৰ্ব আদিৰ পৰা মেজি সজা ৰাতি কাৰোবাৰ ঘৰত গৈ আলু চোৰ,কুকুৰা চোৰ কৰা নিয়মো মিচিং সমাজত দেখা যায়।আজিকালি ৰাইজৰ সিদ্ধান্ত মতে এনেকুৱা নিয়ম বহুত আঁতৰিছে বুলি ক'ব পাৰি।ৰাইজে মেজি সাজিবৰ বাবে প্ৰতিটো ঘৰৰ পৰা প্ৰায় ৩০/৫০ টকাকৈ বৰঙণি উঠোৱা হয়।গাঁৱৰ উঠি অহা ল'ৰা সকলে মেজি সাজি ভেলাঘৰতে ৰাতি ভোজ-ভাত খায় ।
   
    মিচিং সকলে উৰুকা দিনা বিহুৰ যা-যোগাৰ কৰা দেখা যায়।এই দিনা ঠাইভেদে ৰাজহুৱা ভাৱে মাছ বিচাৰে।কিছুমান ঠাইত এনেকুৱা প্ৰথা নাই যদিও অধিকাংশ গাৱৰ মানুহে মাছ বিচৰা দেখা যায়।তথাপি সকলোৱে তৃপ্তিৰে উৰুকাৰ এসাঁজ খায়।উৰুকাৰ দিনা বাৰীত ৰোৱা কাঠ আলু,পাতিদৈ,মিচিঙৰ কামৰালি মাটিৰ পৰা খান্দি উঠাই আনে আৰু ৰাতি ডাঙৰ কেৰাইত সিজাই পিছদিনা আলহীক আপ্যায়ন কৰা হয়।এই আলুবোৰ বৰ তৃপ্তিদায়ক।মাঘৰ বিহুৰ বাবে বৰা ধান,জহা ধানৰ চাউলেৰে সান্দহ গুড়ি,চিৰাপিঠা, তিলপিঠা আদি প্ৰস্তুত কৰা দেখা যায়।আগতে ঘৰৰ জীয়ৰীয়ে মাঘ বিহুৰ বাবে গাঁৱৰ চোতালে চোতালে অস্থায়ী চৌকা সাজি বৰা চাউল ভাজিছিল আৰু উৰালে উৰালে সান্দহচিৰা খুন্দিছিল।এই পৰিৱেশ উৰালে উৰালে ৰজনজনাই গৈছিল।এই পৰিৱেশ বৰ্তমান কিছু কমি আহিছে।কাৰণ আজিকালি এইবোৰ আধুনিক মেচিনতে খুন্দা পৰিলক্ষিত হয়।উল্লেখ্য যে উৰুকাৰ ৰাতি ভঁৰালৰ ঘাই কোঠা,ঘৰৰ ঘাই কোঠাৰ লগতে তামোল,কঠাল আদি ফল-মূলৰ গছত ধানৰ খেৰেৰে মেৰিয়াই বান্ধি থয়।এই দিনা ৰাতি বাচন-বৰ্তনো ধুই ঘৰ পৰিষ্কাৰকৈ ৰাখে আৰু পাকঘৰৰ ব্যৱৰিত কলহবোৰ পানী বৰ্তি কৰি থোৱা হয়।উৰুকাৰ ৰাতি এনেকৈ বান্ধি ৰাখিলে ফল-মূল অধিক হয় আৰু ঘৰৰ শান্তি সমৃদ্ধি হয় বুলি বিশ্বাস কৰা দেখা যায়।

   মিচিং সকলে মাঘ বিহু বৰ জাকজমকতাৰে পালন নকৰে।মাঘ বিহুৰ দিনা  ৰাতিপুৱাই গা-পা ধুই মেজি জ্বলায়।মেজি জ্বলোৱাৰ সময়ত মিচিং সকলে ঢোল বজাই স্ফূৰ্তি কৰে।ঢোল বজালে গাঁৱৰ ৰাইজে মেজি জ্বলাইছে বুলি গম পায়।মূল মেজিটো ৰাইজৰ কাৰণে ৰাখি দিয়ে আৰু বাকী মেজিবোৰ ৩/৪ বজাৰ পৰা মেজি সজা ল'ৰাবোৰে জ্বলাই আনন্দ উল্লাস কৰি থাকে।মূল মেজি জ্বলাবলৈ গাঁৱৰ দা-দায়িত্বত থকা গাম,ডেকা বড়া,তিড়ি বড়া সকলে ওলাই আহে।তেওঁলোকৰ নেতৃত্বত মূল মেজি জ্বলোৱা হয়।লক্ষণীয় যে অগ্নি পূজাত জড়িত মেজি জ্বলালে মিচিং সকলে অগ্নি মন্ত্ৰ  উচ্চাৰণ নকৰে।ইয়াৰ বিপৰীতে তেওঁলোকে দঃঞি-পঃল বা সূৰ্য্য-চন্দ্ৰক সাক্ষী কৰি মেজি জ্বলায়।তেতিয়া ৰাইজে মেজিৰ চাৰিওফালে ঘূৰি ঢোল বজাই জয়ধ্বনি দিয়ে।পানী তিয়াই থোৱা মাটিমাহ-চাউল মেজিলৈ ছটিয়াই।জ্বলি থকা মেজিৰ সমুখত ৰাইজে মংগল কামনা কৰি সেৱা লয়।সন্তানহীন দম্পত্তীয়ে সন্তান কামনা কৰি ৰাইজৰ মেজিৰ সমুখত সেৱা ল'লে সন্তান প্ৰাপ্তি হয় বুলি বিশ্বাস কৰে।এইমতে কিছু দম্পত্তীয়ে মেজিৰ সমুখত সেৱা লৈ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে।ইয়াৰ উপৰিও কিছুমান ল'ৰা-ছোৱালীৰ প্ৰায়ে ৰোগ-ব্যাধি হৈ থাকিলে আৰোগ্য কামনা কৰি মেজিৰ সমুখত ৰাইজৰ পৰা সেৱা লোৱা দেখা যায়।জ্বলি থকা মেজিয়ে পূব দিশলৈ হাউলি পৰিলে ৰাইজে আশানুৰূপ ফল পাই আৰু পশ্চিম দিশলৈ হাউলি পৰিলে ৰাইজৰ কামনা পূৰ্ণ নহয়।ইয়াৰ উপৰিও মেজি সাজিবলৈ ব্যৱহাৰ কৰা চাৰিডাল বাঁহৰ আধাপোৰা বাঁহচালি আগটো ৰঙালাউ,লাউত বগাবলৈ লগাই দিলে গুটি অধিক দিয়ে বুলি ৰাইজে বিশ্বাস কৰে।
       মিচিং সমাজত মাঘ বিহুৰ নামত পিতৃ-মাতৃয়ে ল'ৰা-ছোৱালীক নতুন কাপোৰ কিনি দিয়ে।মাঘ বিহুৰ দিনা ল'ৰা-ছোৱালী সকলে নতুন কাপোৰ পিন্ধি ককা-আইতা,মোমাইৰ পৰা সেৱা লৈ আশীৰ্বাদ বিচাৰে।মাঘ বিহুৰ দিনা ঢকুৱাখনা অঞ্চলৰ মিচিং মানুহে বাসুদেৱ থানলৈ গৈ তাত মংগল কামনা কৰি সেৱা লোৱা দেখা যায়।মাঘ বিহুৰ দিনা তেওঁলোকে তিলপিঠা,চিৰাপিঠা,সান্দহগুড়ি,দৈ,কাঠ আলু,পাতিদৈ, কামৰালি,আপং আদিৰে আলহী অতিথিক আপ্যায়ন কৰা দেখা যায়।ইয়াৰ মাজতে ঘৰে ঘৰে কেৱলীয়া ধৰ্ম আৰু নিজৰ পৰম্পৰা অনুসৰি ভকত মাতি মাঘ চাকি জ্বলায়।
        মাঘ বিহু মিচিং সকলৰ মূল সংস্কৃতি নহয় যদিও মিচিং সমাজৰ পৰম্পৰাত নিবিড় বাবে জড়িত হৈ পৰিল।যেতিয়াৰ পৰা মিচিং সকলে এই বিহু পালন কৰিবলৈ ধৰিলে তেতিয়াৰ পৰা মাঘ বিহু হ'ল মিচিং সমাজৰ সংস্কৃতিৰ অংগ।মাঘ বিহুক বাদ দি মিচিং সমাজৰ সংস্কৃতি সম্পূৰ্ণ নহয়।মাঘ বিহু হৈছে মিচিং সকলৰ অন্য এক গুৰুত্বপূৰ্ণ উৎসৱ।মাঘ বিহুৰ পৰম্পৰাই মিচিং সমাজক একতাৰ ডোলেৰে বান্ধি ৰখাত সহায় কৰিছে।ইয়াৰ জৰিয়তে মিচিং সকলে অন্য জাতি-জনগোষ্ঠীৰ সৈতে আত্মীয়তাৰ পৰিৱেশ গঢ়ি তুলিব পাৰিছে।
Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.