Skip to main content

জীৱন -ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ/class-6/ভাৰতী সমাজ বিজ্ঞান

      
জীৱন -ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ/class-6/ভাৰতী সমাজ বিজ্ঞান

জীৱন -ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ


১।প্ৰযুক্তি কাক বোলে ?

উত্তৰ:- কোনো কাৰ্য পৰিচালনা আৰু সম্পাদনা কৰাৰ বাবে বৈজ্ঞানিক চিন্তা-চৰ্চা ,আহিলা-পাতি আৰু কৌশল আদি প্ৰয়োগ কৰাকে প্ৰযুক্তি বোলে।

২।জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিয়ে কিদৰে সহায় কৰিছে আলোচনা কৰা।

উত্তৰ:- পুৰনি আৰু বৰ্তমানৰ সমাজ জীৱনক যদি তুলনা কৰো  সম্পুৰ্ণ প্ৰাৰ্থক্য পোৱা যায়।পুৰণি কালত মানুহে এটাইৰ পৰা আনঠাইলৈ যাওঁতে কেইবামাহলৈ লাগিছিল বৰ্তমান বিজ্ঞানৰ যুগ ঘোঁৰা গাড়ী,হাতীৰ পৰিৱৰ্তে আজিকালি মটৰ-চাইকেলেৰে ,নাওঁৰ পৰিৱৰ্তে জাহাজৰে পৰিভ্ৰমণ কৰা হয়। তদুপৰিওঁ কথা-বাৰ্তা,বা-বাতৰিৰ বাবে বহুদিনলৈ অপেক্ষা কৰিবলগীয়া হৈছিল কিন্তু আজি কালি বিজ্ঞানৰ দিন এমাহৰ খবৰ এদিনতে মোবাইলৰ যোগেদি অথবা বাতৰি ৰেডিঅ-টেলিভিজিঅনৰ জৰিয়তে নিমিষতে পোৱা গৈছে যাৰ ফলত আমাৰ এই পৃথিৱী গোলকীয় গাৱঁলৈ ৰূপান্তৰিত হৈছে । আনহাতে চিকিৎসা ,শিক্ষা আদিৰ ক্ষেত্ৰতো অতিকৈ সহজ হৈ পৰিছে।


৩।প্ৰকৃতিৰ পৰা আমি কি কি শক্তি  লাভ কৰোঁ আৰু ই আমাৰ কেনেকুৱা অভাৱ পূৰণ কৰে?

উত্তৰ:-  প্ৰকৃতিয়ে বহুতো শক্তি যোগান ধৰিছে যাক আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ। এই শক্তিবোৰ হৈছে-পানীৰ দ্বাৰা উৎপন্ন হোৱা বিজুলী  শক্তি,সূৰ্যৰ  ৰশ্মিৰ পৰা আহৰণ কৰা সৌৰশক্তি ,বতাহৰ পৰা পোৱা শক্তি ।পানীৰ পৰা উৎপাদন কৰা বিজুলী শক্তিক আমি দৈনন্দিক কামত বিজুলী শক্তি হিচাপে ব্যৱহাৰ কৰা হয়।আনহাতে সূৰ্যৰ পৰা পোৱা ৰশ্মি সৌৰশক্তি হিচাপে আহৰণ কৰা ।তাৰোপৰিওঁ প্ৰাকৃতিক গেছকো যেনে এল পি জি গেছ আমাৰ দৈনিক ৰন্ধন কামত ব্যৱহাৰ কৰা হয়।আকৌ আজিকালি প্ৰাকৃতিক প্ৰদূষণ ৰোধ কৰিবলৈ অন্যান্য ইন্ধনৰ  সলনি সৌৰশক্তিক ইন্ধন হিচাোে ব্যৱহাৰ কৰিওঁ যান-বাহন ব্যৱহাৰে  প্ৰস্তুতি চলোৱা হৈছে।

৪।খালী ঠাই পূৰ কৰা--

(ক)মানুহৰ অভাৱ..........।

উত্তৰ:-মানুহৰ অভাৱ অসীম/অন্তহীন ।

(খ)অভাৱেই..........মূল ।

উত্তৰ:- অভাৱেই আৱিস্কাৰৰ মূল ।

(গ)আধুনিক শিক্ষা প্ৰসাৰৰ লগে লগে মানুহে.....চিন্তা-চৰ্চা কৰিবলৈ ধৰিলে।

উত্তৰ:-আধুনিক শিক্ষা প্ৰসাৰৰ লগে লগে মানুহে বিজ্ঞানসন্মত চিন্তা চৰ্চা কৰিবলৈ ধৰিলে।

(ঘ)ৰে'ল,মটৰ,উৰাজাহাজৰ আৱিস্কাৰৰ ফলত........সুচল আৰু খৰতকীয়া হৈছে।

উত্তৰ:- ৰে'ল,মটৰ,উৰাজাহাজৰ আৱিস্কাৰৰ ফলত যাতায়ত সুচল আৰু খৰতকীয়া হৈছে।


তলত দিয়া ইউটিব চেনেলটিওঁ subscribe কৰি লব



If you want  to this :-পুৰণি অসমৰ কথা  click it 

              Extra Question

(ক)পুৰণি কালত মানুহে  কেনেকৈ দূৰণিৰ ঠাইলৈ গৈছিল?

উত্তৰ:- হাতী,ঘোৰাঁ গাড়ী আদিৰে।

(গ) পুৰণি কালত মানুহে কেনেকৈ বাৰ্তা প্ৰেৰণ কৰিছিল?

উত্তৰ:- পুৰণি কালত মানুহ বা ৰজাঘৰীয়া সকলে পাৰ চৰাইক পিয়ণ হিচাপে নাইবা ধূতৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিছিল।

(খ)শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ হৈছে ?

উত্তৰ:- পুৰণি কালত মানুহে শিক্ষাৰ ক্ষেত্ৰত  পাঠ্য পুথিৰ ব্যৱস্থা নাছিল তেতিয়াৰ সময়ছোৱাত মূখস্থ মাতি বা মৌখিক বাবে শিক্ষা দিয়া হৈছিল পিছলৈ  গছৰ বাকলি,সাচী পাত আদি সমূহত লিখা হয়। বৰ্তমান যুগত ইন্টাৰনেটৰ ব্যৱহাৰৰ অধিক সুচল হোৱাত ঘৰত বহি অনলাইন ক্লাছ কৰা,ইন্টাৰনেটৰ জৰিয়তে নজনা বিষয়বস্তু সমূহ গুগুলত বিচৰা আদিৰো উৎকৰ্ষ সাধন হৈছে ।



    


                  নমস্কাৰ,মই শ্ৰী তপন পায়েং,Bsc Botany,বিজ্ঞানৰ লগতে সমাজ বিজ্ঞানৰ ক্ষেত্ৰত শিক্ষা দানতো ৰুচিবোধ।বৰ্তমান মই লখিমপুৰ জিলাৰ দোঁৱাৰ গাওঁ শংকৰদেৱ শিশু নিকেতনৰ কৰ্মৰত আচাৰ্য ।


Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, Niyomiya Barta,Amar Asom,Asom Aditya,Dainik Janambhumietc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.