এই লেখাটি শংকৰদেৱ শিশু নিকেতনৰ পাঠ্যপুঠিৰ পৰা তুলি অনা হৈছে।এই লেখাটি APSC /ADRE ৰ বাবেওঁ প্ৰযোজ্য।
প্ৰাচীন অসমৰ কথা
১।চমু প্ৰশ্নৰ উত্তৰ দিয়া
(ক)দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি ?
উত্তৰ:- মহীৰঙ্গ দানৱ
(খ)নৰকাসুৰ কোন বংশৰ ৰজা আছিল ?
উত্তৰ:- ভৌম বংশৰ
(গ)বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি ?
উত্তৰ:- পুষ্য বৰ্মন।
(ঘ)বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
উত্তৰ:-বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজনৰ নাম হল ভাস্কৰ বৰ্মন।
(ঙ)শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি ?
উত্তৰ:- শালস্তম্ভ।
২।চমু টোকা লিখা---
(ক)নৰকাসুৰ
উত্তৰ:-নৰকাসুৰ বৰ প্ৰৱল প্ৰতাপী ৰজা আছিল।কালিকাপুৰাণ আৰু যোগিনীতন্ত্ৰৰৰ পৰা জানিব পাৰি যে নৰকাসুৰ ঘটকাসুৰক বধ কৰি এটা নতুন বংশৰ প্ৰতিষ্ঠা কৰিছিল।এই বংশটোৰ নাম আছিল ভৌম বংশ ।ভূমি দেৱী নৰকৰ মাক আছিল সেইবাবে তেওঁ প্ৰতিষ্ঠা কৰা বংশটোৰ নাম ভৌম বংশ হয়ন নৰকে প্ৰায়বোৰ অনাৰ্য জাতিৰ লোকক আনি প্ৰাগজ্যোতিষপুৰত সংস্থাপন কৰে ।
(খ)শ্ৰীকৃষ্ণৰ নাতি আ
(গ) ভাস্কৰ বৰ্মন: বর্মন বংশৰ শ্রেষ্ঠ ৰজাজনেই হ'ল ভাস্কৰ বৰ্মন। এওঁৰ দিনতে উত্তৰ ভাৰতৰ শক্তিশালী ৰজা হর্ষবর্দ্ধনৰ সৈতে কামৰূপৰ ৰজাৰ লগত মিত্ৰতা স্থাপন হৈছিল। ভাস্কৰ বৰ্মনৰ প্ৰধান শত্ৰু আছিল গৌড় ৰজা শশাংক। হর্ষবন্ধনিব সৈতে মিলিত হৈ শশাংকক ভাস্কৰ বৰ্মনে যুদ্ধত পৰাস্ত কৰিছিল। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত হিউৱেন চাং নামৰ এজন চীনা পৰিব্রাজক কামৰূপলৈ আহিছিল। তেৱেই 'চি-উ-কি' নামৰ এখন পুথি লিখিছিল। ভাস্কৰ বৰ্মন চিৰকুমাৰ আছিল আৰু
আনুমানিক ৬৫০ খ্রীঃত তেওঁৰ মৃত্যু হয়।
(ঘ) শালস্তম্ভ বংশ: ভাস্কৰ বৰ্মনৰ পিছত কামৰূপত কোনো স্থায়ী ৰজা নাছিল।সেই সময়ত শালস্তম্ভ বা অৱন্তী বৰ্মন নামৰ এজন লোকে শালস্তম্ভ নামৰ নতুন এটা বংশৰ প্ৰতিষ্ঠা কৰে। এই বংশত ২১ জন ৰজাই সপ্তম শতিকাৰ মাজভাগৰ পৰা দশম শতিকাৰ শেষভাগলৈ প্ৰায় চাৰে তিনিশ বছৰ কাল শাসন কৰিছিল। তেওঁলোকৰ ৰাজধানী আছিল হটপ্লেশ্বৰ বা হড়পেশ্বৰ। বৰ্তমানৰ তেজপুৰেই তেতিয়াৰ হড়পেশ্বৰ আছিল। শ্রীহর্ষদের বা শ্রীহৰ্ষ এই বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। হৰ্জৰ বৰ্মন নামৰ আন এজন ৰজাই তেজপুৰত হৰ্জৰ পুখুৰীটো খন্দাইছিল। শালস্তম্ভ বংশৰ শেষৰজন ৰজা আছিল ত্যাগ সিংহ।
প্রশ্ন ১২: পাল বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ ব্ৰহ্মপাল নামৰ এজন ৰজাই পালবংশ প্রতিষ্ঠা কৰিছিল।
প্রশ্ন ১৩: হংসবেগ কোন আছিল?
উত্তৰঃ হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা স্থাপন কৰাৰ উদ্দেশ্যে ভাস্কৰ বৰ্মনে হংসবেগ নামৰ এজন কটকী তেওঁৰ ওচৰলৈ পঠাইছিল।
প্রশ্ন ১৪ : প্রাচীন কালত প্রাগজ্যোতিষপুৰ ৰাজ্যৰ উপৰি অসমত থকা স্বাধীন ৰাজ্য পাঁচখনৰ নাম লিখা।
উত্তৰ : প্ৰাচীন কালত অসমত থকা স্বাধীন ৰাজ্য হ'ল- ডবাক, কদলি, হিড়িম্বা, ত্ৰিপুৰা আৰু মণিপুৰ লয়?
প্রশ্ন ১৫ : কোনজন গৌড় ৰজাই উত্তৰ বংগ ৰাজ্যখন কামৰূপৰ পৰা কাঢ়ি
উত্তৰ: গৌড় ৰাজ ৰামপালে উত্তৰ বংগ ৰাজ্যখন কামৰূপৰ পৰা কাঢ়ি লয়।
প্রশ্ন ১৬: পাল বংশৰ শেষ ৰজাজনৰ নাম কি আছিল?
উত্তৰ: পাল বংশৰ শেষ ৰজাজনৰ নাম আছিল জয়পাল।
প্রশ্ন ১৭ : পুৰণি অসম বুলিলে কোনছোৱা সময়ক বুজা যায়?
উত্তৰ: পুৰণি অসম বুলিলে প্রাচীন কালৰে পৰা আহোমসকলে ইয়াত ৰাজ্য পতাৰ আগলৈকে সময়ছোৱাক বুজা যায়।
প্রশ্ন ১২: পাল বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি আছিল? উত্তৰঃ ব্ৰহ্মপাল নামৰ এজন ৰজাই পালবংশ প্রতিষ্ঠা কৰিছিল।
প্রশ্ন ১৩: হংসবেগ কোন আছিল?
উত্তৰঃ হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা স্থাপন কৰাৰ উদ্দেশ্যে ভাস্কৰ বৰ্মনে হংসবেগ নামৰ এজন কটকী তেওঁৰ ওচৰলৈ পঠাইছিল।
প্রশ্ন ১৪ : প্রাচীন কালত প্রাগজ্যোতিষপুৰ ৰাজ্যৰ উপৰি অসমত থকা স্বাধীন ৰাজ্য পাঁচখনৰ নাম লিখা।
উত্তৰ: প্রাচীন কালত অসমত থকা স্বাধীন ৰাজ্য হ'ল- ডবাক, কদলি, হিড়িম্বা, ত্ৰিপুৰা আৰু মণিপুৰ।
লয়?
প্রশ্ন ১৫ : কোনজন গৌড় ৰজাই উত্তৰ বংগ ৰাজ্যখন কামৰূপৰ পৰা কাঢ়ি
উত্তৰঃ গৌড় ৰাজ ৰামপালে উত্তৰ বংগ ৰাজ্যখন কামৰূপৰ পৰা কাঢ়ি লয়।
প্রশ্ন ১৬: পাল বংশৰ শেষ ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ পাল বংশৰ শেষ ৰজাজনৰ নাম আছিল জয়পাল।
প্রশ্ন ১৭: পুৰণি অসম বুলিলে কোনছোৱা সময়ক বুজা যায়?
উত্তৰ: পুৰণি অসম বুলিলে প্রাচীন কালৰে পৰা আহোমসকলে ইয়াত ৰাজ্য পতাৰ আগলৈকে সময়ছোৱাক বুজা যায়।
প্রশ্ন ১ : আমাৰ ৰাজ্যখনৰ একেবাৰে পুৰণি নাম কি আছিল?
উত্তৰ : আমাৰ ৰাজ্যখনৰ একেবাৰে পুৰণি নাম প্রাগজ্যোতিষ আছিল। ইয়াৰ ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ।

Comments
Post a Comment