Skip to main content

মিচিং অলিম্পিক এক চমু অৱলোকন

 
মিচিং অলিম্পিক এক চমু অৱলোকন

মিচিং অলিম্পিক এক চমু অৱলোকন

লেখাঃ-অনুভৱ প্ৰিয়ম মিৰি

ফটোঃ-দয়ানন্দ দলে


      মিচিং অলিম্পিক মিচিং জাতীয় ছাত্ৰ সংগঠন TMPK কৰ্মসূচীৰ এক নতুন সংযোজন।বৰ্তমান অতি চৰ্চিত মিচিং ক্ৰীড়া সমাৰোহ বা অলিম্পিক। মিচিং অধ্যুষিত অঞ্চলৰ প্ৰতিভা সম্পন্ন খেলুৱৈ সকলক উলিয়াই আনি ভৱিষ্যতে সুদক্ষ খেলুৱৈ হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে জোনাইৰ পাভ খেলপথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।অসমৰ স্বৰ্ণ কন্যা ধিং একপ্ৰেছ হিমা দাসে মিচিং অলিম্পিক শুভ উন্মোচন কৰে।তেওঁ উন্মোচনৰ ভাষণত TMPK ছাত্ৰ সংগঠনক ধন্যবাদ জনায় আৰু অসমৰ সকলো জাতীয় ছাত্ৰ সংগঠনক TMPKৰ দৰে আদৰণীয় কাম কৰি অসমৰ বিভিন্ন অঞ্চলৰ সম্ভাৱনাময় প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈ সকলক উলিয়াই আনিবলৈ আহ্বান জনায়।উদ্ধোধনী অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ৰনোজ পেগু আৰু বিমল বৰাই উপস্থিত থাকি TMPKক প্ৰশংসা কৰে আৰু খেলুৱৈ সকলক ভালকৈ খেলি ইয়াৰ জৰিয়তে দেশৰ হৈ খেলি নিজক প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়।

      মিচিং অলিম্পিক বা ক্ৰীড়া সমাৰোহত ষোড়শতকৈ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে।মুঠ এঘাৰটা খেলৰ ইভেন্ট অনুষ্ঠিত কৰা হৈছে।খেলসমূহ আন্তঃৰাষ্ট্ৰীয় খেলৰ পদ্ধতিৰ জৰিয়তে অনুষ্ঠিত কৰা হৈছে আৰু নিখুঁত ভাৱে খেল সমূহ খেলুৱাবৰ বাবে প্ৰতিটো খেলৰ ইভেন্টত জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ অভিজ্ঞ খেল পৰিচালকক নিয়োগ কৰা হৈছে। ষোড়শতকৈ অধিক খেলুৱৈ সকলে প্ৰথমে গাঁও ভিত্তিত কোৱালিপায়িং কৰিছিল।তাৰপিছত আঞ্চলিক ভিত্তিত আৰু শেষত জিলা ভিত্তিত কোৱালিপায়িং কৰা খেলুৱৈ সকলক মিচিং অলিম্পিকলৈ নিৰ্বাচিত কৰা হৈছে।যিসকল খেলুৱৈয়ে মিচিং অলিম্পিকৰ খেলৰ চূড়ান্ত ইভেন্টত জয়লাভ কৰে সেইসকল খেলুৱৈয়ক পুৰস্কাৰ হিচাপে নগত‌ এক লাখকৈ ধন প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।ইয়াৰ উপৰিও তেওঁলোকক অসম চৰকাৰৰ জৰিয়তে পৰিচালিত বিভিন্ন ক্ৰীড়া বিভাগৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ খেল সমূহত অংশগ্ৰহণ কৰিব পৰাকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়া হ'ব। বিশেষকৈ বিশ্ব অলিম্পিকত যিবোৰ খেলৰ ইভেন্ট থাকে সেই খেলৰ ইভেন্টবোৰক মিচিং অলিম্পিকত গুৰুত্বপূৰ্ণ ইভেন্ট হিচাপে বাচি লোৱা হৈছে।

      মিচিং অলিম্পিকৰ জৰিয়তে মিচিং খেলুৱৈ ল'ৰা-ছোৱালী সকলক খেলৰ নতুন এখন মঞ্চ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।খেলুৱৈ সকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বয়সৰ ওপৰত প্ৰাধান্য দিয়া হৈছে।ষোল আৰু ঊনৈশ বছৰ অনুৰ্ধ্বৰ ল'ৰা-ছোৱালীক খেলত খেলিবলৈ সুবিধা দিয়া হৈছে।ঊনৈশ বছৰ উৰ্ধ্বৰ ল'ৰা-ছোৱালীৱে খেলত অংশগ্ৰহণ কৰিব নোৱাৰে।অংশগ্ৰহণকাৰী খেলুৱৈ সকলৰ বাবে যাৱতীয় খাদ্য সম্ভাৰৰ ব্যৱস্থা কৰা হৈছে।খেল পথাৰখন পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দি সুন্দৰকৈ সজোৱা হৈছে।প্লাষ্টিক মুক্ত কৰাৰ উদ্দেশ্যে প্ৰতিটো খেলুৱৈ সকলক খাদ্য গ্ৰহণৰ বাবে নিজে কাঁহি-বাটি,গ্লাচ আনিবলৈ দিয়া হৈছে।সময়ৰ প্ৰতি লক্ষ্য ৰাখি খেলবোৰ সময় মতে অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰতিটো জিলাৰ পৰা অহা খেলুৱৈ সকলৰ বাবে সুন্দৰকৈ থকা-মেলাৰ কেম্পৰ ব্যৱস্থা কৰা হৈছে। জিলাৰ খেলুৱৈ সকলক পৰিচালনা কৰিবৰ কাৰণে TMPK ছাত্ৰ সংগঠনৰ কৰ্মীক টীম মেনেজাৰ, মেন্টৰ হিচাপে নিয়োগ কৰা হৈছে। তেওঁলোকৰ নেতৃত্বত খেলুৱৈ সকলক অনা-নিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু খেল শেষ হোৱাৰ পাছত খেলুৱৈ সকলক অভিভাৱকৰ হাতত চমজি দিয়াৰ দায়িত্ব প্ৰদান কৰিছে।

            মিচিং অলিম্পিক হৈছে মিচিং জাতীয় ছাত্ৰ সংগঠন TMPKৰ সপোন আৰু জাতীয় আৱেগ।এই সপোন বাস্তবায়িত কৰিবৰ বাবে TMPKয়ে নিৰৱিচ্ছিন্ন ভাৱে কাম কৰি আছে। অলিম্পিকৰ জৰিয়তে মিচিং জাতিক একতাৰ ডোলেৰে বান্ধি এখন সুন্দৰ গণতান্ত্ৰিক প্ৰগতিশীল সমাজ ব্যৱস্থা গঢ় দিব বিচৰা হৈছে।মিচিং সমাজৰ পৰা যুৱ উচ্ছৃংখলতা দূৰ কৰি ক্ৰীড়াৰ ক্ষেত্ৰত যুৱপ্ৰজন্ম সকলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে।বৰ্তমান যুৱ উচ্ছৃংখলতাই সমাজৰ শান্তিৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে প্ৰগতিৰ বাটত আগুৱাই যোৱাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিয়ে।ইয়াৰ উপৰিও দিনক দিনে সমাজৰ নৈতিকতাৰ স্খলন হৈছে।ক্ৰমান্বয়ে মদ, ভাং,ড্ৰাগছৰ প্ৰতি আসক্তি বঢ়া ল'ৰা-ছোৱালীৰ সংখ্যা অধিক হৈ আহিছে।মিচিং অলিম্পিকৰ জৰিয়তে এই ল'ৰা-ছোৱালী সকলক  ক্ৰীড়াৰ লগত সংযোগ ঘটাই সেই ব্যাধিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে।আশা কৰা হৈছে যে ক্ৰীড়াৰ জৰিয়তে যুৱ প্ৰজন্ম সকলক জীৱনৰ প্ৰকৃত কৰ্মক্ষেত্ৰৰ ৰোডমেপ প্ৰদান কৰিব পাৰিব। তেওঁলোকৰ অন্তৰ্নিহিত শক্তিবোৰ উলিয়াই আনি একো একোজন খেলৰ যুদ্ধা হিচাপে গঢ়ি তোলিব পাৰিব।খেলৰ যোগেদি দায়িত্ব আৰু কৰ্তব্য পৰায়ণ ব্যক্তি হ'ব পাৰিব।

মিচিং অলিম্পিক এক চমু অৱলোকন


     কেৱল শিক্ষা আৰু সংস্কৃতি ভাৱে এটা জাতি আগবঢ়া মানে জাতিটোৰ উন্নতি হোৱা নুবুজায়। সমান্তৰাল ভাৱে ক্ৰীড়াৰ ক্ষেত্ৰতো আগবাঢ়িলেহে এটা জাতি উন্নতিৰ জখলাত আৰোহণ কৰিব পাৰে।ক্ৰীড়া হৈছে এটা জাতিৰ উন্নয়নৰ অন্যতম চাবি-কাঠি।এই চাবি-কাঠি বন্ধ হোৱা মানে জাতিৰ প্ৰকৃত উন্নয়নৰ দুৱাৰ বন্ধ হৈ যাব পাৰে।খেল এটা জাতিৰ উত্তৰণৰ মূল পৰিচয়।খেলৰ জৰিয়তে এটা জাতি কিমান আগবঢ়া আৰু কিমান পিছপৰা ইয়াৰ পৰিচয় উদঙাই দিব পাৰে।প্ৰগতিশীল জাতি হিচাপে আগুৱাই যোৱাৰ ক্ষেত্ৰত খেলে গুৰুত্বপূৰ্ণ দিশ বহন কৰে।খেলক বাদ দিয়া মানে নিজৰ উন্নয়নৰ বাট বন্ধ কৰা।নিজক অতি পিচপৰা জাতিৰ পৰিচয় দিয়া।খেল শাৰীৰিক ব্যায়ামৰ লগত জড়িত।খেল শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লগত সম্পৰ্কৃত।খেলৰ জৰিয়তে এটা জাতি নিৰোগী জীৱন যাপন কৰিব পাৰে।খেলে বিভিন্ন বেমাৰ প্ৰতিৰোধ কৰিব পাৰে।খেলে মানসিক চাপ মুক্ত কৰি ৰখাত সহায় কৰে।জীৱন যৌৱন ধৰি ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে।খেলে যি সন্মান দিব পাৰে সেই সন্মান সম্পূৰ্ণ সুকীয়া।এই সন্মানৰ আনন্দ সম্পূৰ্ণ ব্যতিক্ৰম।খেলৰ জৰিয়তে এজন খেলুৱৈয়ে এখন দেশক প্ৰতিনিধিত্ব কৰিব পাৰে।দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে।

Also Read Now:-অলিম্পিকৰ ইতিহাস আৰু মিচিং অলিম্পিক/Monturam Taid

        বৰ্তমান মিচিং জাতীয় ছাত্ৰ সংগঠন TMPK প্ৰতিষ্ঠা কালৰে পৰা মিচিং জাতিৰ কাৰণে অশেষ ত্যাগ কৰি মিচিং জাতিৰ ন্যায় প্ৰাপ্য অধিকাৰৰ সংগ্ৰাম কৰি আহিছে।ভাষা সাহিত্য সংস্কৃতিৰ লগতে জাতিক আগুৱাই নিবলৈ নতুন চিন্তাধাৰাৰে কাম কৰি আছে।গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত মিচিং সমাজ।জাতিৰ উত্তৰণৰ স্বাৰ্থত সমাজৰ কুসংস্কাৰবোৰ আঁতৰাই এখন সুন্দৰ আৰু স্বনিৰ্ভলশীল সমাজ প্ৰতিষ্ঠা কৰিবলৈ ভূমিকা গ্ৰহণ কৰিছে।শৈক্ষিক দিশত আগুৱাই নিয়াৰ বাবে গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দি আহিছে। প্ৰশাসনিক বিষয়া হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মিচিং শিক্ষাৰ্থীক প্ৰশিক্ষণৰ ব্যৱস্থা হাতত লোৱা দেখা গৈছে।ইয়াৰ উপৰি ৰাজনৈতিক ভাৱে শক্তিশালী কৰিবৰ বাবে মিচিং সকলক একত্ৰিত কৰাৰ প্ৰয়াস কৰি থকা হৈছে।মিচিং যুৱক-যুৱতী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত জীৱন জীৱিকাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে।

      শেষত TMPKয়ে প্ৰতিটো দুই বা তিনি বছৰৰ মূৰে মূৰে মিচিং অলিম্পিক আয়োজন কৰক। মিচিং অলিম্পিকৰ জৰিয়তে মিচিং অধ্যুষিত অঞ্চলৰ প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈ সকলক আৰু উলিয়াই আনক।উলিয়াই অনা খেলুৱৈ সকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব পৰাকৈ প্ৰস্তুত কৰি তোলক আৰু উপযুক্ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি ইয়াৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ যোগ্যতা অৰ্জন কৰিব পৰাকৈ পদক্ষেপ গ্ৰহণ কৰি মিচিং জাতিক জাতি হিচাপে প্ৰতিষ্ঠা কৰক।


       ঠিকনাঃ ভৰতচুক,ঢকুৱাখনা

       ফোনঃ ৯৩৬৫১০০০৭৫

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.