Skip to main content

অলিম্পিকৰ ইতিহাস আৰু মিচিং অলিম্পিক/Monturam Taid

 

mising olympic


অলিম্পিকৰ ইতিহাস আৰু মিচিং অলিম্পিক


                    লেখা: মন্টুৰাম টাইদ 

                     ফটো সংগ্ৰাহকঃ-দয়ানন্দ দলে

                  ভ্ৰাম্য - ৯১২৭৪৬৯৪০৮ 


অলিম্পিকৰ অতীত

অলিম্পিক হৈছে বিশ্বক্ৰীড়াৰ প্ৰাচীন আৰু শ্রেষ্ঠ সমাৰোহ। এই ক্রীড়া সমাৰোহৰ জন্মভূমি আৰু উৎস হৈছে প্রাচীন গ্ৰীচ ৰাষ্ট্র । যীশুখ্ৰীষ্টৰ জন্মৰ ৭৭৬ বছৰ আগৰ কথা। সেই সময়ত গ্রীচৰ অধিবাসীসকলে তেওঁলোকৰ দেৱতা জিউচৰ সন্মানার্থে প্রতি পাঁচ বছৰৰ অন্তৰে অন্তৰে অলিম্পিয়া নামৰ ঠাইত একোটা ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰিছিল। এইবিধ প্রতিযোগিতাকে অলিম্পিক বোলা হৈছিল। সেই কালত অলিম্পিক অকল অলিম্পিয়া বা গ্ৰীচৰে নহয়, সমগ্র পৃথিৱীৰে আটাইতকৈ ডাঙৰ উৎসৱ বুলি বিবেচনা কৰা হৈছিল। এই উৎসব উপলক্ষে কাৰুকার্যখচিত প্রাসাদ, মাৰ্বলৰ ষ্টেডিয়াম, সাঁতোৰৰ সৰোবৰ, ক্রীড়াগাৰ, ৰত্নশালা আৰু মঠ-মন্দিৰেৰে ভৰপূৰ অতুলনীয় সৌন্দর্য নগৰী অলিম্পিয়া ভূমধ্য সাগৰৰ দাঁতি-কাষৰীয়া প্রত্যেক দেশৰে পৰা অহা হেজাৰ হেজাৰ খেলুৱৈ, ক্রীড়ামোদী লোকেৰে ভৰি পৰিছিল।

আপুনিওঁ আপোনাৰ লেখা পঠিয়াব পাৰিব payengtapan@gmail.com ত

ইতিহাসৰ মতে, সেইসময়ত অলিম্পিক এমাহ ধৰি অনুষ্ঠিত হৈছিল। এই মাহটোক 'হিয়েৰোমেনিয়া' বোলা হৈছিল। পিচলৈ গ্ৰীচৰ সাম্রাজ্য বাঢ়ি যোৱাৰ লগে লগে খেল ধেমালিৰ সংখ্যাও বাঢ়ি যাবলৈ ধৰিলে। তেতিয়া অলিম্পিকলৈ মেচিডিনিয়া আৰু ৰোম সাম্ৰাজ্যৰ বিভিন্ন অংশৰ পৰা প্ৰতিযোগীসকলৰ সোঁত ব'বলৈ ধৰে। দ্বিতীয় শতিকাত ৰোমানসকলে গ্ৰীচ জয় কৰাৰ পিচৰ পৰাই খেল-ধেমালিবোৰো ক্ৰমাৎ কমি আহিবলৈ ধৰে।

দয়ানন্দ দলে


প্রথমেই উল্লেখ কৰি অহা হৈছে এইখেল-ধেমালিসমূহ জিউছ দেৱতাৰ সন্মানার্থে আয়োজন কৰা হৈছিল। দেৱতালৈ ভক্তিৰে পূজা অর্পণ কৰাৰ পাছত দৌৰ, বক্সিং, জাঁপ, মালযুঁজ, ডিছকাছ আৰু যাঠী দলিওৱা আদি প্রতিযোগিতাৰে খেল আৰম্ভ হয়। বিৰতিৰ সময়ত নাচ, গান, কবিতা আৰু সাহিত্যৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল।


প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ অহা প্রতিযোগীয়েই এঘাৰ মাহ কঠোৰ অনুশীলন কৰাটো বাধ্যতামূলক আছিল। একেবাৰে শেষৰ মাহটো অলিম্পিয়াৰ বিচাৰকসকলৰ তত্ত্বাৱধানত প্রশিক্ষণ দিয়া হৈছিল। তেওঁলোকক অতি কঠোৰ শৃংখলাৰ মাজত ৰখা হৈছিল; দোষ কৰোঁতাসকলক গুৰুত্বৰ শাস্তি দিয়াতো হৈছিলেই, কেতিয়াবা আনকি বহিষ্কাৰো কৰা হৈছিল। অলিম্পিকৰ নীতি- নিয়ম ভংগ নকৰা সর্বশ্রেষ্ট খেলুৱৈসকলকহে প্রতিযোগিতাত ভাগ ল'বলৈ দিয়া হৈছিল।

ekarsangtakar


আজিকালিৰ অলিম্পিকত পুৰুষ-মহিলা উভয়ে অংশগ্রহণ কৰিব পাৰে। কিন্তু তেতিয়াৰ অলিম্পিকত মহিলাক অংশগ্রহণ কৰিবলৈ দিয়াটো নহৈছিলেই, আনকি কোনোবাই জুমি চোৱাটোও গুৰুতৰ অপৰাধ আছিল। এবাৰ ফেৰনিচ নামৰ এগৰাকী মহিলাই পুৰুষৰ বেশ ধৰি অলিম্পিক খেল উপভোগ কৰিছিল বুলি জনা যায়। সেই ঘটনা উদ্যোক্তাসকলে জনাৰ পিছত ভৱিষ্যতে যাতে এনে চোৰাং ঘটনা নঘটে তাৰ প্ৰতিকাৰ হিচাপে তেতিয়াৰ পৰাই খেলুৱৈসকলে শৰীৰত কোনো আৱৰণ নৰখাকৈ খেলত যোগ দিয়াৰ নিময় প্রচলন হ'ল।

অৱশ্যে মহিলাসকলৰ বাবেও 'হেবিয়া' নামৰ আন এটা খেল-ধেমালিৰ উৎসৱ আছিল। পাঁচ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা এই ক্রীড়া প্রতিযোগিতাত যুবতীসকলৰ এঠেঙীয়া দৌৰ এটাই প্রাধান্য পাইছিল বুলি জনা যায়।

বৰ্তমানৰ অলিম্পিক প্রতিযোগিতাত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক দিয়া হয়। সেই সময়ত কিন্তু এই ধৰণৰ পদকৰ প্ৰচলন নাছিল। বিজয়ীসকলৰ একমাত্র বঁটা আছিল জলফাই গছৰ ডালৰ এডাল মালা। অৱশ্যে এজন প্রতিযোগীয়ে তিনিটা বিষয়ত জয়ী হ'লে তেওঁৰ প্ৰতিমূর্তিয়ে অলিম্পিয়াত ঠাই পাইছিল। তদুপৰি বিজয়ী প্ৰতিযোগীজন ঘৰলৈ উভতি আহোঁতে এক বিৰাট জনতাই তেওঁক আগবঢ়াই লৈ আহিছিল আৰু তেওঁ কেতিয়াও নগৰৰ স্বাভাৱিক দুৱাৰেদি নিজৰ নগৰত প্ৰৱেশ নকৰিছিল। তাৰ পৰিৱৰ্তে নিজ থকা ঠাইৰ ওচৰেদি নগৰৰ চৌহদৰ বেৰ এখন ভাঙিহে তেওঁক ভিতৰলৈ নিয়া হৈছিল।

অলিম্পিকৰ ইতিহাস আৰু মিচিং অলিম্পিক/Monturam Taid


অলিম্পিকে গৌৰৱৰ শীর্ষস্থানত উঠিছিলগৈ খ্ৰীষ্টপূর্ব চাৰিশ বছৰত আৰু তাৰ পিছৰ পৰাইই ক্রমান্বয়ে পৰি আহিবলৈ ধৰে। এই ক্রীড়া সমাৰোহে একেবাৰে দুৰৱস্থাত পৰিছিলগৈ ৬৬ খ্রীষ্টাব্দত সম্রাট নিৰোৰ শাসন কালত। ৩৯৩ খ্রীষ্টাব্দত গ'থ জাতিৰ কিছুমান আক্রমণকাৰীয়ে অলিম্পিয়াৰ মঠ-মন্দিৰসমূহ লুটপাত কৰে আৰু তাৰ এবছৰৰ পিছতেই খ্রীষ্টধর্মী সম্রাট থিয়দছিয়াছে এইবোৰ খেল-ধেমালি খ্রীষ্টধৰ্মৰ বিৰোধী বুলি বন্ধ কৰি দিয়ে। এনেদৰেই অলিম্পিকৰ মৃত্যু হ'ল।


আধুনিক অলিম্পিক

প্রথমবাৰ অলিম্পিকৰ মৃত্যু হ'ল যদিও অলিম্পিক শেষ নহ'ল। ১৮৮৬ চনত 'বেৰণ পিয়েৰ দা কুবাৰ্তিন' নামৰ এজন ফৰাচী উদ্যোগী ডেকাই 'লা ইউনিয়ন দা স্পটছ এথলেটিকছ' নামেৰে এটা সংস্থা গঠন কৰি তাৰ জৰিয়তে ফ্ৰান্সৰ শিক্ষানুষ্ঠানসমূহত শাৰীৰিক শিক্ষাৰ প্ৰচলনৰ চেষ্টা কৰিছিল। তেওঁ ভাবিছিল, প্রাচীন গ্রীকসকলৰ অলিম্পিকৰ আদৰ্শতে পৃথিৱীত এখন খেল- ধেমালিৰ প্ৰতিযোগিতা বাৰু অনুষ্ঠিত কৰিব নোৱাৰিনে?

Also read now 

ইয়াৰ ফলস্বৰূপেই ১৮৯৩ চনত তেওঁ দুর্বনত 'লা ইউনিয়ন দা স্পর্টছ এথলেটিকছ'ৰ এখন সভা অনুষ্ঠিত কৰি তালৈ পৃথিৱীৰ সকলো খেলুৱৈকে আমন্ত্রণ কৰিলে। প্ৰথমবাৰত বিশেষ একো সঁহাৰি পোৱা নগ'ল; কিন্তু ১৮৯৪ চনৰ ১৬ জুনত কুবাৰ্তিনৰ সপোন বাস্তৱত পৰিণত হ'ল। সেইদিনা আমেৰিকা, ইংলেণ্ড, ছুইডেন, স্পেইন, ইটালী, বেলজিয়াম, ৰাছিয়া, গ্ৰীচ আৰু ফ্ৰান্সৰ প্ৰতিনিধিসকল সমবেত হৈ বিশ্ব ক্রীড়াৰ বিষয়ে আলোচনা কৰিলে। এই সভাত সকলোৱে অলিম্পিক পুনৰ প্ৰতিষ্ঠাৰ বাবে একমত প্ৰকাশ কৰিলে। ১৮৯৬ চনত এই খেল অনুষ্ঠিত কৰিবলৈ স্থিৰ কৰি এথেন্সতে তাৰ বাবে স্থান নিৰ্বাচন কৰা হ'ল। সেইবছৰৰ ৬ এপ্ৰিলতে আৰম্ভ হ'ল আধুনিক অলিম্পিক। ইয়াৰ পাছত নানান পৰিৱৰ্তন-পৰিবৰ্ধনৰ মাজেৰে আহি আধুনিক অলিম্পিকে ১০০ বছৰ অতিক্ৰম কৰিছে অনুষ্ঠিত হৈছে ২৮ খন অলিম্পিক।

মিচিং অলিম্পিক

মিচিং অলিম্পিক হ'ল মিচিঙৰ প্ৰথম ক্ৰীড়া অলিম্পিক । আমাৰ কাৰণে গৌৰৱৰ বিষয় । ইতিহাসৰ পাতত সদায় জিলিকি থাকিব । 

২৫, ২৬ আৰু ২৭ অক্টোবৰ ২০২৩ৰ পৰা পবা জোনাইত অনুষ্ঠিত কৰা হয়  মিচিং অলিম্পিক । এয়া টাকাম মিচিং পৰিণ কেবাঙৰ যুগান্তকাৰী পদক্ষেপ ।

ইয়াৰ জৰিয়তে উঠি অহা যুৱক যুৱতীসলৰ শাৰীৰিক, মানসিক, শৈক্ষিক আৰু বৌদ্ধিক বিকাশ ঘটিব বুলি আমাৰ দৃঢ় বিশ্বাস । 

যোৱা ইং - ২৫  অক্টোবৰ ২০২৩ তাৰিখে অসমৰ স্বৰ্ণ কন্যা ধিং একপ্ৰেছ হিমা দাসে মিচিং অলিম্পিক শুভ উন্মোচন কৰে। আৰম্ভণিতে মিচিং জাতীয় সংগঠনক ধন্যবাদ জ্ঞাপন কৰে আৰু অসমৰ সকলো জাতীয় ছাত্ৰ সংগঠনক টাকাম মিচিং পৰিণ কেবাঙৰ দৰে আদৰণীয় কাম কৰি অসমৰ বিভিন্ন অঞ্চলৰ সম্ভাৱনাময় প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈ সকলক উলিয়াই আনিবলৈ আহ্বান জনায়।উদ্ধোধনী অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু বিমল বৰা ডাঙৰীয়াই উপস্থিত থাকি TMPKক প্ৰশংসা কৰে আৰু খেলুৱৈ সকলক ভালকৈ খেলি ইয়াৰ জৰিয়তে দেশৰ হৈ খেলি নিজক প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়।

অলিম্পিকৰ ইতিহাস আৰু মিচিং অলিম্পিক/Monturam Taid


মিচিং অলিম্পিক ষোড়শতকৈ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। মুঠ বাৰটা খেলৰ ইভেন্ট অনুষ্ঠিত কৰা হৈছে।খেলসমূহ আন্তঃৰাষ্ট্ৰীয় খেলৰ পদ্ধতিৰ জৰিয়তে অনুষ্ঠিত কৰা হৈছে আৰু নিখুঁত ভাৱে খেল সমূহ খেলুৱাবৰ বাবে প্ৰতিটো খেলৰ ইভেন্টত জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ অভিজ্ঞ খেল পৰিচালকক নিয়োগ কৰা হৈছে।

১৬ বছৰ আৰু ১৯ বছৰ শাখাত ( লৰা - ছোৱালী দুয়োটা ) খেলা প্ৰতিযোগিতাত ক্ৰমে - 

1/ Sprints (Race ) 2/ Discuse Throw 3/Javelin Throw 4/ Shot Put Throw  4/ Long Jump  5/ High Jump 6/ Swimming 7/ Archary 6/ Dogdíg Gíka:mínsunam 7/ Discus Thro 8/ Half Marathon ইত্যাদি খেলসমুহ খেলুৱা হৈছে । পৰৱৰ্তী সময়ত ইয়াতকৈ অধিক ইভেন্টত খেলুৱা হ'ব আৰু প্ৰতি বছৰে মিচিং অলিম্পিক খেলিবলৈ সিদ্ধান্ত লোৱা হৈছে ।

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

  1. Thank you E KARSANG TAKAR, To give him the opportunity to read "HISTORY OF THE OLYMPICS and THE MISING OLYMPICS" written by MONTURAM TAID.

    ReplyDelete

Post a Comment

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.