Skip to main content

চৰকাৰী বন্ধৰ তালিকাত আলি আঃয়ে লৃগাঙৰ প্ৰসংগ

চৰকাৰী বন্ধৰ তালিকাত আলি আঃয়ে লৃগাঙৰ প্ৰসংগ


চৰকাৰী বন্ধৰ তালিকাত আলি আঃয়ে লৃগাঙৰ প্ৰসংগ 

অনুভৱ প্ৰিয়ম মিৰি


      বৰ্তমান সময়ত মিচিং ৰাইজৰ লগতে সামাজিক মাধ্যমত অতি চৰ্চিত বিষয়টো হৈছে মিচিং সকলৰ কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং।আলি আঃয়ে লৃগাঙক কিয় চৰকাৰে চৰকাৰী বন্ধ ঘোষণা কৰিব নোৱাৰে?অসম চৰকাৰে অনা অসমীয়াৰ উৎসৱ ষট্ পূজাক চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰি চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে।অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং সকলৰ আৱেগ জড়িত হৈ থকা উৎসৱ আলি আঃয়ে লৃগাঙক চৰকাৰে কিয় চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰি চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভূক্ত কৰিব নোৱাৰে?অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং জনগোষ্ঠীক চৰকাৰে কিয় বাৰে বাৰে উপেক্ষা কৰি আহিছে?কিয় মাহী আইৰ দৃষ্টিৰে চায়?মিচিং সকল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ নহয় নেকি?মিচিং জাতিৰ প্ৰতি চৰকাৰৰ এনেকুৱা বৈষম্য আৰু আচৰণ কিয়?মিচিং জনগোষ্ঠীৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা নাই নেকি?

     মিচিং ৰাইজৰ লগতে অনামিচিং ৰাইজৰ মাজত উক্ত প্ৰশ্নসমূহ চৰ্চা হোৱাৰ পাছত ধেমাজিৰ জোনাইৰ জনসভা এখনত জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই অংশগ্ৰহণ কৰি মূখ্য মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসমৰ মিচিং অধ্যুষিত অঞ্চলৰ দহখন জিলাত স্থানীয় বন্ধ হিচাপে আলি আঃয়ে লৃগাঙৰ বন্ধ ঘোষণা কৰে।এই বন্ধ মিচিং সকলৰ বাবে গ্ৰহণ যোগ্য নহয়?এনেকুৱা স্বাধীনতা নথকা বন্ধ মিচিং সমাজক নালাগে। যিটো বন্ধত সমমৰ্য্যদা,সম অধিকাৰৰ স্থান নাই। যিটো বন্ধ চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভূক্ত কৰিব নোৱাৰে।এনেকুৱা বন্ধই মিচিং সমাজক সুখী কৰি সমন্বয়ৰ বাতাবৰণ সৃষ্টি কৰিব নোৱাৰে। কিয়নো মিচিং সকলে আশা কৰে যে আলি আঃয়ে লৃগাঙৰ জৰিয়তে অন্য জাতি জনগোষ্ঠীৰ লগত ভাতৃত্ববোধৰ সুসম্পৰ্ক ৰক্ষা কৰিব বিচাৰে।বৰঞ্চ এই বন্ধই মিচিং সমাজত সমস্যাই সৃষ্টি কৰিব আৰু কোনো ভাতৃত্ববোধৰ পৰিৱেশ গঢ় দিব নোৱাৰিব।

  আলি আঃয়ে লৃগাং হৈছে অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিং সকলৰ কৃষি ভিত্তিক উৎসৱ।আজিৰ তাৰিখত লোক গণনা কৰিলে মিচিং জনগোষ্ঠীৰ জনসংখ্যা দহলাখৰ অধিক বুলি অনুমান কৰা হৈছে।লক্ষ্যণীয় যে বৰ্তমান সময়ত মিচিং সকলৰ সুসন্তান সকলে নিজৰ যোগ্যতাৰ ভিত্তিত অসমৰ বিভিন্ন চৰকাৰী বিভাগত চাকৰিত নিয়োজিত হৈ নিষ্ঠাৰে কাম কৰি আছে।ইয়াৰ উপৰিও অসমৰ বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানত কাম কৰি আছে।এই জনগোষ্ঠীৰ উৎসৱ আলি আঃয়ে লৃগাং।আলি আঃয়ে লৃগাং হৈছে মিচিং সকলৰ আৱেগ।হিয়াৰ আমঠু।আলি আঃয়ে লৃগাং মিচিং সকলৰ তেজত বৈ আছে।আলি আঃয়ে লৃগাঙৰ আনন্দৰ অবিহনে সম্পূৰ্ণ নহয় মিচিঙৰ মন প্ৰাণ।আলি আঃয়ে লৃগাঙৰ আনন্দৰ মাদকতা সম্পূৰ্ণ সুকীয়া। আলি আঃয়ে লৃগাঙে মিচিং সকলক অনাবিল সুখ দিব পাৰে।শান্তি দিব পাৰে।ৰঙীন কৰিব পাৰে ৰং বিহীন জীৱন।

about ali aye ligang


      মিচিং ৰাইজে আঘোণৰ ধান চপোৱাৰ পাছত আৰু তিলখেতি,মাটি মাহৰ খেতি উঠাই সৰিয়হ তোলাৰ সময়ত আৰু গুনি আৰৃগ বা আহু খেতি আৰম্ভ কৰাৰ শুভ ক্ষণৰ মুহূৰ্তত ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আঃয়ে লৃগাং উৎসৱ পালন কৰা হয়।মিচিং সকলে বুধবাৰৰ দিনটো শুভ দিন হিচাপে গণ্য কৰে।আলি আঃয়ে লৃগাং কেৱল গীত মাতৰ অনুষ্ঠান নহয়।আলি আঃয়ে লৃগাং মিচিং সকলৰ কৃষিৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ উৎসৱ।ইয়াৰ উপৰিও আলি আঃয়ে লৃগাঙত আখ্যান জড়িত হৈ আছে।মিচিং সকলে পৰম্পৰা অনুসৰি আলি আঃয়ে লৃগাঙৰ দিনা পূৰ্ব পুৰুষ সকলক স্মৰণ কৰা হয়।লৃগাঙৰ দিনা সম্পূৰ্ণ ৰীতি-নীতি অনুসৰি সামূহিক ভাৱে তেওঁলোকৰ সৃষ্টিকৰ্তা দঃঞি পঃল,(সূৰ্য্য-চন্দ্ৰ) বা উপাস্য দেৱতা চেঃদি মেঃল স্মৰণ কৰি ধানৰ কঠীয়া সিঁচা পৰ্ব আৰম্ভ কৰে।কঠীয়া সিঁচাৰ মুহূৰ্তত খেতিবোৰ পোক পৰুৱাই নষ্ট নকৰিবলৈ উৰুলি বজাই উপাস্য দেৱতাক স্মৰণ কৰি অপায় অমংগলবোৰ দূৰ হ'বৰ বাবে আশীৰ্বাদ বিচৰা হয়।তাৰপাচত স্বকীয় সাজ-পোছাক পৰিধান কৰি ডেকা-গাভৰু,বুঢ়া-মেথা সকলোৱে মিলি অইঃনিঃতম আৰু ঢোলৰ তালে তালে গুমৰাগ নৃত্য নচা হয়।ইয়াৰ উপৰিও ৰাইজে গাঁৱৰ গৃহস্থৰ ঘৰে ঘৰে লৃগাং চঃমান বা নৃত্য কৰা হয়।গৃহস্থই সেৱা কৰি ৰাইজৰ পৰা লৃগাঙৰ আশীৰ্বাদ লোৱা হয়।লৃগাঙৰ অন্য এক বিশেষ তাৎপৰ্যটো হ'ল যে পুৰাং আপিন বা তৰাপাতৰ পিঠা।লৃগাঙৰ উৎসৱৰ বাহিৰে বেলেগ দিনবোৰত তৰাপাতৰ পিঠা প্ৰস্তুত কৰা নহয়।তৰাপাতৰ পিঠা ঔষধি গুণ বিশিষ্ট।লৃগাঙৰ গধূলি সময়ত গাঁৱৰ ঘৰে ঘৰে গৈ সৰু ল'ৰা-ছোৱালীবোৰে পুৰাং আপিন সংগ্ৰহ কৰে আৰু পিছদিনাই এই পুৰাং আপিনৰে ভোজভাত খোৱা হয়।ৰাইজে লৃগাঙৰ অতিথিক পুৰাং আপিন আৰু মাছ মাংসৰ ব্যঞ্জনেৰে আপ্যায়ন কৰে।

চৰকাৰী বন্ধৰ তালিকাত আলি আঃয়ে লৃগাঙৰ প্ৰসংগ

        বৰ্তমান আলি আঃয়ে লৃগাং কেৱল অসমৰ মিচিং সমাজত সীমাবদ্ধ হৈ থকা নাই।বহিঃৰাজ্যৰ মোম্বাই,বেংগালুৰু আদি মহানগৰীত আলি আঃয়ে লৃগাং উদযাপন কৰা দেখা যায়।যিহেতু ভাৰতৰ বিভিন্ন ৰাজ্যত চৰকাৰী,বেচৰকাৰী বিভাগৰ অনুষ্ঠান আৰু কোম্পানী সমূহত মিচিং সম্প্ৰদায়ৰ লোক কৰ্মৰত হৈ আছে।বহিঃৰাজ্যত কৰ্মৰত মিচিং সম্প্ৰদায়ৰ লোক সকলে একগোট হৈ  উলহ-মালহেৰে আলি আঃয়ে লৃগাং উদযাপন কৰা পৰিলক্ষিত হয়।বিশেষকৈ মিচিং সকলে আলি আঃয়ে লৃগাং উৎসৱলৈ অনামিচিং বন্ধু-বান্ধৱীক আমন্ত্ৰণ কৰি আপ্যায়ন কৰিবলৈ মন যায়।কিন্তু চৰকাৰী বন্ধ নিদিয়াৰ হেতুকে এই বন্ধু-বান্ধৱী সকলক আমন্ত্ৰণ কৰাত কিছু অসুবিধাৰ সৃষ্টি হয়।আমন্ত্ৰণ কৰিলেও তেওঁলোকে আহিবলৈ অপাৰগ হোৱা দেখা যায়।ইয়াৰ পৰিপ্ৰেক্ষিত আলি আঃয়ে লৃগাং উদযাপন কৰিলেও ক'ৰবাত আধৰুৱা হৈ ৰৈ যায়।স্ফূৰ্তিৰ ছন্দবোৰ ক'ৰবাত হেৰাই যোৱা যেন অনুভৱ হয়।

Our Related Article

           অন্য জনগোষ্ঠীৰ দৰে মিচিং সকলেও নিজৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতিক জীয়াই ৰাখিব বিচাৰে।বিশেষকৈ আলি আঃয়ে লৃগাঙক জীয়াই ৰাখিব বিচাৰে।বিশ্বৰ মহাসভাত প্ৰতিষ্ঠা কৰিব বিচাৰে।এই ক্ষেত্ৰত কেৱল মিচিং সকলৰে দায়িত্ব নাই।অসম চৰকাৰৰো সমানে দায়িত্ব আছে। যিহেতু সকলো জনগোষ্ঠীক সহায়-সহযোগিতা কৰি একেলগে আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ ভূমিকা আছে।চৰকাৰৰ সহায় সহযোগিতাৰ অবিহনে এটা জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে।প্ৰগতিশীল জাতি হ'ব নোৱাৰে।চৰকাৰে সহায় কৰিলেহে এটা জাতি প্ৰগতিশীল আৰু শক্তিশালী হ'ব পাৰে।এয়ে চৰকাৰে তেওঁলোকৰ উন্নয়নৰ স্বাৰ্থত কাম কৰা উচিত।আৱেগ অনুভূতিক সন্মান জনোৱা উচিত।চৰকাৰে তেওঁলোকক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ পূৰণ কৰিব নালাগে।তেওঁলোকৰ উন্নয়নৰ কাৰণে ভাৰতীয় সংবিধানে তেওঁলোকক অধিকাৰ প্ৰদান কৰিছে। এই অধিকাৰবোৰ তেওঁলোকৰ প্ৰাপ্য। তেওঁলোকক চৰকাৰে এই অধিকাৰবোৰ প্ৰদান কৰা উচিত।কাৰণ তেওঁলোকক এই অধিকাৰবোৰ প্ৰদান কৰাতো চৰকাৰৰ দায়িত্ব।তেওঁলোকক ভাৰতীয় সংবিধানে প্ৰদান কৰা অধিকাৰৰ পৰা চৰকাৰে বঞ্চিত কৰি ৰাখে।সংবিধানে নহয়।এইয়ে মিচিং সকলৰ উন্নয়নৰ স্বাৰ্থত মিচিং সকলৰ প্ৰাপ্য অধিকাৰবোৰ চৰকাৰে অতি সোনকালেই প্ৰদান কৰক আৰু মিচিং জাতিৰ সুবিধা হোৱাকৈ আলি আঃয়ে লৃগাঙক চৰকাৰী বন্ধ ঘোষণা কৰক।


      লেখকৰ ঠিকনাঃ ভৰতচুক, ঢকুৱাখনা

      

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.