Skip to main content

অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰৰ বিষয়ে চমুকৈ লিখা /BA/Bsc/Bcom Dibrugarh University

 

অসমীয়া ভাষাৰ শব্দভাণ্ডাৰ

ভাষাৰ এটা গুৰুত্বপূৰ্ণ উপাদান হল ৰূপ।এক বা তথোদিক ৰূপসমষ্টিৰে শব্দ গঠন হয়।এক বা তথোদিক ৰূপসমষ্টিৰে শব্দ গঠন হয়।স্বাধীনভাৱে অৰ্থপ্ৰকাশ কৰা মূল ৰূপ বা প্ৰকৃতিবোৰক শব্দ বুলি অভিহিত কৰা হয়।
         অসমীয়া শব্দ সম্ভাৰৰ বিষয়ে আলোচনা গৱেষক-পণ্ডিতসকলৰ ভিতৰত কালিৰাম মেডিয়ে তেওঁৰ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব গ্ৰন্থত অসমীয়া শব্দমালাক  তৎসম ,অৰ্ধতৎসম ,তদ্ভৱ আৰু দেশজ আৰু  নব্য ভাৰতীয়  আৰ্যভাষাৰ  পৰা ঋণকৃত ভাষাৰ বিষয়ে আলোচনা কৰা হৈছে।
এই আলোচনাত পূৰ্ৱবৰ্তী গৱেষকসকলে আগবঢ়োৱা আলোচনাৰ ভিত্তিত অসমীয়া শব্দসম্ভাৰৰ বিষয়ে আলোচনা কৰা হৈছে।
(১) সংস্কৃতমূলীয় অসমীয়া শব্দ ঃ
অসমীয়া ভাষা মূলত আৰ্যমূলীয় ভাষা। প্রাচীন ভাৰতীয় আর্যভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি আহি নব্য ভাৰতীয় আর্যভাষাৰ স্তৰত অসমীয়া ভাষাৰ জন্ম। অৰ্থাৎ সংস্কৃতৰ পৰা পালি-প্ৰাকৃত-অপভ্ৰংশৰ স্তৰ গৰকি অসমীয়া ভাষাৰ উৎপত্তি হৈছে। সেইবাবে অসমীয়া ভাষাৰ সকলো ক্ষেত্ৰতে সংস্কৃত প্রভাৱ এৰাব নোৱাৰা। অসমীয়া শব্দ সম্ভাৰৰো প্ৰায় নব্বৈ ভাগেই সংস্কৃত মূলৰ।
সংস্কৃতমূলীয় শব্দবোৰক তৎসম, তদ্ভৱ, অর্ধতৎসম নামেৰে তিনি ভাগত ভাগ কৰিব পাৰি। তলত সেইবোৰৰ পৰিচয় আগবঢ়োৱা হ'ল—
(ক)তৎসমঃযি অসমী তৎসম শব্দৰ অৰ্থ হ'ল ‘তাৰ সমান’ অৰ্থাৎ মূলৰ সৈতে একে। তৎসম শব্দ পৰা উ হ'ল সেইবোৰ শব্দ যিবোৰ অবিকৃত সংস্কৃত শব্দ। জন বীমছৰ মতে তৎসম শব্দ সংস্কৃত হ'ল সম্পূর্ণভাৱে সংস্কৃত; আনকি তেনে শব্দ যদি কোনো অনা-আৰ্য ভাষাৰ পৰা হৈছে। সংস্কৃততে ধাৰো কৰিছিল তথাপি নব্য ভাৰতীয় আৰ্য ভাষাবোৰৰ বাবে সেইবোৰ পৰিৱ শব্দ বিশুদ্ধ সংস্কৃত বুলিয়েই বিবেচিত হ'ব। অৱশ্যে এই কথাও মন কৰিবলগীয়া অসমী যে উচ্চাৰণৰ দিশৰ পৰা এই শব্দবোৰ অসমীয়াত সংস্কৃতৰ দৰে উচ্চাৰণ নহয়। বুজোৱ কিন্তু ব্যাকৰণৰ নিয়ম প্ৰণালী বা লিখন ৰীতিত এইবোৰ অবিকৃত ৰূপত আছে। চিৰি উদাহৰণ স্বৰূপে- ঈশ্বৰ, কৰ্ম, ধৰ্ম, সত্য, সূর্য, দর্শন, গৃহ, পদ্ম, অগ্নি, বৃক্ষ, ৰত্ন ক্ষেত্ৰ ইত্যাদি।
(খ)অৰ্ধতৎসমঃ-‘অর্ধ-তৎসম’ক সাধাৰণভাৱে ক'ব পাৰি ‘আধা সংস্কৃত'। অসমীয়াত কিছুমান সংস্কৃত শব্দ আছে যিবোৰত সংস্কৃতৰ উচ্চাৰণ হুবহু ৰূপত ৰক্ষিত নহৈ অসমীয়াৰ নিজস্ব উচ্চাৰণৰ লগত সংগতি ৰাখি পৰিবৰ্তিত হৈছে। এইবোৰ শব্দ মধ্য ভাৰতীয় আর্যভাষাৰ মাজেদি অহা নাই। এইবোৰত সংস্কৃত ৰূপো নাই অথবা তদ্ভৱ শব্দৰ বৈশিষ্ট্যও বিচাৰি পোৱা নাযায়।
(গ) তদ্ভৱ শব্দ :যিবোৰ শব্দ সংস্কৃতৰপৰা মধ্য-ভাৰতীয় আর্যভাষাৰ মাজেদি পৰিৱৰ্তিত হৈ অসমীয়া ৰূপ লাভ কৰিছে সেইবোৰেই তদ্ভৱ শব্দ। ‘তদ্ভৱ শব্দৰ অৰ্থ হ'ল ‘তাৰ ' পৰা উদ্ভৱ' অর্থাৎ সংস্কৃতৰ পৰা উদ্ভৱ হোৱা। আগতেই উল্লেখ কৰা হৈছে যে সংস্কৃতৰ পৰা পালি-প্ৰাকৃতৰ মাজেদি অপভ্ৰংশৰ স্তৰ গৰকি অসমীয়া ভাষাৰ উৎপত্তি হৈছে। এই বিৱৰ্তনৰ প্ৰক্ৰিয়াত বহুতো সংস্কৃত শব্দই ধ্বনি পৰিৱৰ্তনৰ নিয়মেৰে । পৰিৱৰ্তিত হৈ অসমীয়াত সোমাইছে। অসমীয়াত এনে শব্দৰ সংখ্যাই বেছি। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ভালেমান ঘৰুৱা শব্দ, মানৱ দেহৰ অংগ-প্ৰত্যংগ বুজোৱা শব্দ, গছ-গছনি, ফলমূল, শাক-পাচলি, জীৱ-জন্তু, পোক-পৰুৱা, চৰাই- চিৰিকতি, মাছ-পুঠিৰ নাম, সংখ্যাবাচক শব্দ, সর্বনাম, অব্যয়, ক্রিয়া আদি বিভিন্ন ক্ষেত্ৰত অনেক প্রাকৃতজ বা তদ্ভৱ শব্দৰ প্ৰয়োগ আছে।
(২) দেশী শব্দ বা অনা-আৰ্যমূলীয় শব্দ ঃ
অসমীয়াত দেশী শব্দবোৰ হ'ল সেইবোৰ শব্দ যিবোৰৰ মূল সংস্কৃত, প্রাকৃত বা বিদেশী ভাষাত পোৱা নাযায়। এই শব্দবোৰ অসমত প্ৰচলিত বিভিন্ন অনার্যমূলীয় ভাষাৰপৰাহে অহা বুলি অনুমান কৰিব পাৰি। উল্লেখযোগ্য যে অসমীয়া ভাষা, অৱস্থান অনাৰ্য ভাষাৰ সাগৰৰ মাজৰ একোটা দ্বীপৰ দৰে। এই অনার্য গোষ্ঠীৰ ভাষা-সংস্কৃতিৰ লগত যুগ যুগ ধৰি চলি অহা সমন্বয়ৰ ফলত অসমীয়া ভাষাত অনার্য ভাষাৰ প্রভাৱ এৰাব নোৱাৰা ধৰণে সোমাই পৰিছে। অসমীয়া ভাষাত পোৱা এনেবোৰ শব্দক বাণীকান্ত কাকতিয়ে দেশজ শব্দ আখ্যা দিছে। তেওঁৰ মতে অসমীয়াত এই শব্দবোৰৰ উৎস তিনি প্ৰকাৰৰ-

১. অষ্ট্ৰ এটীয়াটিক- (ক) খাচি (খ) কোল আৰু (গ) মালয়
২. ত্রিবৃত্ত-কর্মী-বড়ো
৩. টাই-আহোম ভাষাৰপৰা অহা শব্দসমূহ।
(৩) ধাৰ কৰা শব্দ :শিক্ষা, সংস্কৃতি, ব্যৱসায়, ৰাজনীতি আদি নানা কাৰণত ভাৰতৰ লগতে পৃথিব বিভিন্ন ভাষাৰ শব্দ অসমীয়াত প্ৰৱেশ কৰিছে। এইবোৰক ‘ধাৰ কৰা শব্দ' বুি অভিহিত কৰা হৈছে। এই ধাৰ কৰা শব্দবোৰ প্ৰধানকৈ দুই প্ৰকাৰৰ ভাৰত ি প্রাদেশিক ভাষাৰ শব্দ। সেইবোৰৰ ভিতৰত বাংলা, হিন্দী, মাৰাঠী আদি ভাল আৰু অ-ভাৰতীয়। ভাৰতীয় শব্দবোৰ মূলতঃ ভাৰতীয় আর্যভাষাৰ অন্তৰ্গত অন্যা প্রধান। হিন্দী ভাষাৰ জানোৱাৰ, খানা, খতম, ঠেলাৱালা, ফেৰীৱালা, দোস্তা, বলার বেপাৰ, গুমটি, মুনাফা, খৈনী, চাধা, হটাও, ঝাণ্ডা, ধর্ণা ইত্যাদি শব্দ অসমীয়া সোমাইছে। বাংলা ভাষাৰ ৰসগোল্লা, সন্দেশ, ভেজাল, কেলেংকাৰী, বেত শশুৰবাৰী ইত্যাদি শব্দ অসমীয়াত ব্যৱহাৰ হৈছে। সেইদৰে গুজৰাটীৰ মাৰাঠীৰ তাঙৰণ, বৰঙনি, খক, জকৰা আদি শব্দৰ কথাও উল্লেখ কৰিব পাৰি

অ-ভাৰতীয় বিদেশী শব্দ অসমীয়া ভাষাত প্ৰচুৰ পৰিমাণে সোমাই পৰিে সেইবোৰৰ ভিতৰত আৰবী-ফাৰ্চী আৰু ইংৰাজী ভাষাই প্ৰধান যদিও আন কেতনে ইউৰোপীয় ভাষাৰ শব্দও সীমিত পৰিমাণে অসমীয়াত সোমাইছে। অসমীয়া প্রয়োগ হোৱা বিদেশী শব্দৰ প্ৰয়োভৰলৈ চাই ইয়াৰ এখন সুকীয়া অভিধা প্ৰস্তুত কৰিব পাৰি।
৪.ইংৰাজী শব্দ :

(ক) শাসন সম্বন্ধীয় শব্দ : গবর্ণমেণ্ট, ডিপার্টমেন্ট, অফিচ, কর্ট, ফ্রম, ফাইল, মিনিষ্টাৰ, ছাৰ, কমিচনাৰ, জেইল, পুলিচ, ৰেজিষ্টাৰ, অৰ্ডাৰ, নটিছ, অচি, ডিচি ইত্যাদি।

(খ) বৈজ্ঞানিক যন্ত্রপাতি : বাছ, কাৰ, চাইকেল, ট্রেইন, টুথপেষ্ট, ব্ৰাছ, চুইছ, ৰেডিঅ', টিভি, ফোন, মবাইল, বাইক, কাৰেণ্ট ইত্যাদি।

(গ) শিক্ষা সংক্রান্ত: কলেজ, স্কুল, প্ৰফেচাৰ, প্রিন্সিপাল, পাছ, ফেইল, ৰিজাল্ট, এডমিশান ইত্যাদি।

(ঘ) চিকিৎসা বা স্বাস্থ্য সম্পর্কীয় : ডাক্তৰ, হাস্পাতাল, নার্চ, অপাৰেশ্যন, ভেন্টিলেশ্যন, ফার্মাচী, ইনজেকশান, এক্স-ৰে, মেডিছিন, পেছকিপশ্যন, বেণ্ডেজ, ভিটামিন ইত্যাদি।

(ঙ) সাজ-পোছাক সম্পর্কীয়ঃ চার্ট, পেণ্ট, কোট, জেকেট, ব্লাউজ, আন্দৰৱেৰ, টাই ইত্যাদি।

(চ) নামবাচক শব্দ : লিলি, মেৰী, কুইন, ৰ'জী, বিউটি, জন, জুবেল, ৰবাৰ্ট ইত্যাদি।

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.