আপুনি কিমান ধুনীয়া ?How beautiful are you?
আচলতে উপনিষদত কোৱা হৈছে সত্যম শিৱম সুন্দৰম।সত্যৰ প্ৰতিটো বাক্যই সুন্দৰ প্ৰয়োজনত যিমানেই কষ্ট পাওঁক। আচল সুন্দৰ আপোনাৰ নিজৰ স্থিতিত থকা । আপোনাৰ ৰূপ বা চেহেৰা প্ৰয়োজন সাপেক্ষে যিয়েই ভাৱি লয় ,আপোনাৰ সুন্দৰ মনৰ হৃদয়,ভাল সমাজ গঢ়াৰ এটা সুস্থ মন বা হৃদয় । আৰু এই সুন্দৰ সমুহ প্ৰতিজন মানুহেই গঢ়াৰ প্ৰয়াস কৰিব লাগে । সুন্দৰ বা ধুনীয়াৰ সংজ্ঞা সহজে দিব পৰা নাযায় যদিওঁ হয়তো আমাৰ চকুত ভাহি আহে "আপোনাৰ উজ্বল বৰণৰ মূখ"য'ত দেখাৰ লগে লগে আপোনাৰ প্ৰেমত পৰিব পৰাকৈ ,তাকেই হয়তো তুমি মই আপুনি প্ৰেমত এই সুন্দৰৰ গৰাকীক । কিন্তু এই সুন্দৰৰ মানুহ বা মানুহজনীৰ বাহ্যিক মূখ সুন্দৰ হ'লেওঁ ভিতৰি যদি কোনা মনৰ ভাৱ থাকে তেখেতক জানো সুন্দৰ বুলিব পাৰি। সেয়া হয়তো মই মোৰ দৃষ্টিত তেখেতক সুন্দৰ হৈওঁ কুৎসিত বুলিয়ে সংজ্ঞা দিম । সুন্দৰৰ প্ৰকাৰসমুহ বিভিন্ন প্ৰকাৰে দিব পাৰি-
(ক)ৰূপৰ সুন্দৰ
(খ)মনৰ সুন্দৰ
(গ)কামৰ সুন্দৰ
(ঘ)বিদ্যাৰ সুন্দৰ ইতি আদি।
আপুনি দেখিবলৈ কেনেকুৱা কলা, বগা, কটিয়া, ওখ, চাপৰ আদিবোৰ একোৱেই নিৰ্ভৰ নকৰে ,নিৰ্ভৰ কৰে মাথো আপোনাৰ হৃদয়ে কি ভাৱে ,কেনেকৈ ভাৱে বেলেগ এজন ব্যক্তি বিশেষ্যৰ উপকাৰৰ কথা ভাৱেনে বা তেওঁলোকৰ কাম্য হোৱাতো কামনা কৰেনে । আচলতেই এইবোৰহে নিৰ্ভৰ কৰে আপোনাৰ মন কিমান সুন্দৰ ।আপুনি দেখিবলৈ ধুনীয়া কিন্তু ভিতৰি ভিতৰি বেলেগ মানুহৰ বেয়া হোৱাতো বিচাৰে তেওঁৰ প্ৰতি হিংসা দৃষ্টিৰে মনোনিৱেশ হয়। এই সুন্দৰ ৰূপৰ গৰাকীসকলে নিজৰ ৰূপসমুহ সুন্দৰ বৰ্তাই ৰখাৰ পৰা ধৰি হৃদয় সুন্দৰ কৰাৰ প্ৰয়াস কৰিব লাগে । আপুনি কিমান ধুনীয়া এইতো নাচায় আপুনি হৃদয়ৰে পৰক কিমান ভাল পাব জানে এইটোৱে আচল ।
For APSC(Essay)

👍
ReplyDeleteভাল লাগিল
ReplyDelete