সানমিহলি টোকা ভাগ-১
1.যোৰহাটক অসমৰ প্ৰথম ধপাত নিষিদ্ধ জিলা হিচাপে ঘোষনা কৰি ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ ।
2.অসমত ডিগবৈ তৈলক্ষেত্ৰ ১৮৮৯ চনত আৱিস্কৃত হৈছিল।
3.অসম হৈছে দেশৰ প্ৰথম ৰাজ্য যত ১৮৮৯ চনত খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল।
4.অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বীৰাংগনা ।প্ৰয়াত মূখ্যমন্ত্ৰী তৰুন গগৈয়ে ২০১২ চনত ৯ নৱেম্বৰত গুৱাহাটীত বিশেষ মহিলা কামাণ্ডো বাহিনী বীৰাংগনা গঠন কৰে ।
5.অসমৰ বিখ্যাত ধোদৰ আলি আহোম স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰোৱাইছিল।
6.ইংৰাজ সামৰিক বিষয়া ৰবাৰ্ট ব্ৰুচক ১৮২৩ চনত অসমত চাহ গছৰ আৱিস্কাৰক বুলি স্বীকৃতি দিয়া হৈছিল।
7.ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ ।১৯৭৪ চনত ২৪ আগষ্টত ৰাষ্ট্ৰপতি হয়।
8.গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ পৃথিৱীৰ হয়তো বিটিচি চাহ নিলাম কেন্দ্ৰ । বৰ্তমান এই কেন্দ্ৰই বছৰি ১৫০ নিযুত চাহ নিলাম কৰে ।
9.ইংৰাজ বিৰুদ্ধে প্ৰথম যুঁজ দিয়া মানুহ আছিল গমধৰ কোঁৱৰ ।
10.১৯৩৭ চনত ঘুৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি চন্দ্ৰধৰ বৰুৱা।এই মেজমেল অনুষ্টিত কৰাৰ কাৰণ আছিল ভাৰত বৰ্ষৰ স্বাধীনতা লাভ কৰাৰ প্ৰসংগত।
11.চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা আছিল নীতিপাল।
12.ৰূপচিং চুবেদাৰ বদন চন্দ্ৰ বৰফুকনজ হত্যা কৰিছিল।
13.নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত ।এই মন্দিৰ জ্যোতিষীশাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞানৰ বাবে জনাজাত।
14.মহাত্মা গান্ধীৰ লগত জড়িত বিখ্যাত দাণ্ডী যাত্ৰাত জড়িত অসমৰ ব্যক্তি আছিল লীলাধৰ বৰুৱা ।
15.অসম বুৰঞ্জীত শুক্লধ্বজক চিলাৰায় নামেৰে জনা যায় ।আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউ ।অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক আছিল হিউৱেন-চাং ।
16.১৯৬২ চনত প্ৰথম অসমৰ দলং শৰাইঘাট দলং শুদ্ধোধন কৰা হয়। দলংখ নিৰ্মান কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত আৰু এই দলং খন মুকলি কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে।
17.আহোমৰ শাসনকালত মোমাই তামুলী বৰবৰুৱাক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল।
18.মাটিকালিৰ ভিতৰত সৰ্ববৃহৎ জিলা হল কাৰ্বি আংলং।
19.অসমৰ আন্তৰ্জাতি সীমান্ত স্পৰ্শ কৰা দেশকেইখন হল ভূটান আৰু বাংলাদেশ ।
20.গুৱাহাটী উচ্চ ন্যায়লয় হৈছে অসম,নাগালেণ্ড ,মিজোৰাম আৰু অৰুনাচল প্ৰদেশৰ সাৰ্বজনীন ন্যায়লয় ।
21.মূলাগাভৰু ফ্ৰাচেংমুঙ বৰগোহাঁইৰ পত্নী আছিল।
ভাৰতৰ উচ্চতম ন্যায়লয়ৰ প্ৰথম অসমীয়া ন্যায়ধীশ পাৰ্বতী কুমাৰ গোস্বামী ।
22.আনন্দৰাম বৰুৱা আছিল প্ৰথম অসমীয়া ICS বিষয়া।আনহাতে প্ৰথম জিলা দণ্ডাদীশ ।
23.AIDC ৰ সম্পুৰ্ণ নাম Assam Dustrial Developement Coorporation ।অসমৰ সৰ্ববৃহত তেলশোধনাগাৰ হল নুমলীগড়।

Comments
Post a Comment