Skip to main content

মোৰ চাৰিটি কবিতা,My Four Poem,Tapan Payeng

 মোৰ চাৰিটি কবিতা,My Four Poem

মোৰ চাৰিটি কবিতা,My Four Poem



কাজিৰঙা

    কাৰ্চাং তাকাৰ


    বাঘে বাঘ নচুৱাই

    হাবিৰ হৰিণ-হৰিণীৰ তেজ শুহি শুহি খায়

    চাবি দিয়া পুতলা

    য'ত চাবি দিয়ে তালৈ যায় ।

    বুলু  কাজিৰঙা

    সময়ৰ  আগত মানুহ হয় আহে

    সময়ৰ পিছত দানৱ হয় জন্মে

    উনৈশ সাতচল্লিছ চনৰ চাবি দিয়া বান্দৰ

    কাজিৰঙাৰ মস্ত জন্তু

    মুল্য খুজি আহে ,মূল্য বিচাৰি নাযায়

    বুলু কাজিৰঙা

    কাজিৰঙাত বাঘ,ভালুক ,সাপো আছে

    গফকৈ চেনেহ জগা মানুহৰ কথা শুনা জিৰাফো আছে।

    কজিৰঙা

    মুঠতে কাজিৰঙাত আপুনি কি চাব

    হাতে-হাতে পাব,টিবিতো চাব

    হেডলাইনত তেওঁলোকৰো নাম পাব

    বুলু কাজিৰঙাত ,কি চাব॥

    Our Other Related post:-how to buy land on moon/চন্দ্ৰপৃষ্টত মাটি কেনেকৈ কিনিবা

    খৰাং 

    অষলশলাই যোৱা শব্দ

    বৰলুইতৰ দৰে বৈ যায় 

    বুকুত নৈ খন্দোৱাই ।


    খৰাং !

    কাৰ অভিমানত থৰিছা,

    পৰাং

    য'ত ফান্দে বেয়া পোৱা শিঙি আৰু মাগুৰ ।


    নিশাত বৰ শিয়ালৰ টোপনি  নাহে

    নৈ'ৰ দুইপাৰৰ মাটিৰ উচ্ছন্ন চায়

    খৰাং !

    তোৰ শকতিত মাটি পুতি ওলাব খোজা বন

    আজি যেন দুৱচা ঝাওঁ-বন ॥



    ভাৱাৰ্থ :

    ফৰাং :- চেপা(মিচিং ভাষাৰ ব্যৱহৃত শব্দ)

    Another Post:-Adí anélok ngok mébom su:nam..

    সাগৰৰ দৰে

    তুমি সাগৰৰ দৰে 

    চকুৰে নমনা দুৰণিৰ পাহাৰতে

     এনো কঢ়িয়াই ফুৰা এটি ৰঙচূৱা বসন্ত !

    তোমাৰ হিয়াৰ সিপাৰে সুমথিৰাৰ বেলি ফুলনো কত ফুলে?

    এবাৰ দি চাওঁ ,এপাহি ৰঙা গোলাপ..

    হৃদয়ৰ তামিজত লৈ ফুৰা এটি ৰঙা কলিজাতে

    মোৰ ঠিকনাৰ এটি গোলাপ ॥


    হৃদয়ৰ এই বসন্তত

    তোমাৰ মোৰে দহি কলিজাতে শৰৎ ৰাতিৰ

     শেৱালী হৈ কিজানিবা নিশাটি ৰোমাঞ্চক হয়েই বা।

    তোমাৰ এই লাহি-পাহী শেৱালী শুকুলা সাজত

    তাতেই নিলাজ আঘোণ নিয়ৰেৰে প্ৰেমৰ চুমা সানি

    এই শৰৎ মাতাল ॥

    কথাখিনি গভীৰ সাগৰৰ বুকুৰ দৰে

    এবাৰ বুকুৰ দ-গভীৰত জাপ দি চোৱাহেতেন

    হৃদয়ত ইয়াৰুইঙ্গম হোৱা গিতাৰৰ সুৰ শুনিলাহেতেন?


    এই পৃথিৱীৰ মানুহখিনি

    কাৰ্চা তাকাৰ


    খূউব সেউজীয়াওঁ নহয়

    অথবা ডাঠকৈ পৰা চাদৰো নহয়,

    জোৰকৈ বতাহ বলিলে মেঘ ফাতি

    বৰষুণ দিয়ে ,এই পৃথিৱীয়ে

    দুখৰ ৰাতিত উৰুখা পজাঁত বহি

    এই পৃথিৱীৰ ম‍ানুহখিনিয়ে দুখৰ কবিতা লিখে

    কাৰ কি মৌন বৰষাত মেঘৰ মেদলত 

    জোনাকৰো মেল ভাঙে ,

    এই পৃথিৱীত ,

    আমি  কোনোবা নাটকৰ মঞ্চত ভাৱৰীয়াঁ  ন'হয়

    অমূলুকত বহি কপাহীত চকুৰ ঘাম গমা

    এই পৃথিৱীৰ মানুহখিনিৰ নাটকৰে দৰ্শক ।

    ইহঁত কৰ্তা 

    এই পৃথিৱীৰ কাৰকো

    গা'ত সোণবৰনীয়া সাজ পিন্ধি ৰ'দ হোৱা মানুহ ॥


    দেহত নাই এপদ-দুপদ হাড়ঁ

    ল'বওঁ শিকা নাই কাণ্ডত ল'ব পৰা পৃথিৱী ভাৰ ।

    ইমান কোমল নে ইহঁতৰ অন্তৰ 

    নৈৰ-কন্দা চায় ?

    মাটিৰ চিৰ‍াল পাত চায়?

    ইয়াতেই ভাগেনে,সেউজীয়া হিয়া ,

    এই পৃথিৱীত !

    হিয়া ভঙা  হৃদয়ৰ শ্মশান সমুহ এৰি

    এই পৃথিৱীৰ মানুহখিনি ক'লৈনো যায় ?

    Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

    Comments

    © 2020 E-KarsangTakar

    Designed by Open Themes & Nahuatl.mx.