Skip to main content

মিচিং সমাজ জীৱনত নৈপৰিয়া পৰিবেশ,তপন পায়েংE-KarsangTakar,Lakhimpur Telahi Kamalabaria College

 মিচিং সমাজ জীৱনত নৈপৰিয়া পৰিবেশ

তপন পায়েং

প্ৰাক্তন ছাত্ৰ উদ্ভিদ বিজ্ঞান বিভাগ,LTK  COLLEGE

Assam Miri Tribal


আদিম যুগৰে পৰা অৰ্থাৎ আদিপ্ৰস্ত যুগৰ পৰা নৱপ্ৰস্ত যুগলৈ আদিম মানৱৰ পৰা মানৱ সভ্যতালৈ ধাৱমান হৈছিল  যেতিয়া ইতিহাসে কয় যে মহাজনপদৰ সময়ছো‍ৱাতো মানুহহে নৈ কাষৰীয়া অঞ্চলত বসবাস কৰিবলৈ লৈছিল । এই সময়ছোৱাত মানুহে নৈ'ৰ  পাৰত ঘৰ বান্ধি খেতি  কৰিবলৈ লৈছিল আৰু এনেকৈ এই সময়ছোৱাত এটি দুটি ঘৰে চুবুৰীয়াই এখন গাৱলৈ পূৰ্নতা লাভ কৰিছিল ।

Related to :- মিচিং জনগোষ্ঠী বিষয়ে

      ককা-আইতাৰ মুখেৰে পুৰণিৰ এই কথাবোৰত পাওঁ যে অসমৰ মিচিং সকলে পৰ্বতীয়া অঞ্চলৰ পৰা নৈ'ৰ সতে বৈ গৈ ভৈয়ামৰ নৈ'ৰ পাৰত থাকিবলৈ লৈছিল। ক্ৰমাৎ মিচিং মানুহে নৈ'ৰ পাৰত বসবাস কৰাৰ পাছত নৈ'ৰ ওচৰে-পাজৰে বিভিন্ন ধৰনৰ খেতি কৰিবলৈ লয়। যদিয়ে  উল্লেখ কৰো ৰঙানদী,সোৱণশিৰি,জীয়াভৰলী,ব্ৰহ্মপুত্ৰ আদিৰ পাৰত বসবাস কৰিবলৈ লৈছিল আৰু এই নৈ'সমূহেই  প্ৰত্যেকজন মিচিং মানুহৰ পৰম বন্ধু হৈছিল । সঠিকভাৱে পৰম বন্ধু বুলি ভাৱিব নোৱাৰিছিল কাৰণ কেতিয়াবা এই চেনেহৰ ৰঙানদী বা সোৱঁণশিৰিয়ে মাজে মাজে মিচিং মানুহক জুৰুলা -জুবুৰ কৰি আহিছে  । নৈপৰীয়া মিচিং সমাজত নৈ'ৰ পাৰত বিভিন্ন ধৰনৰ খেতি কৰিছিল ঋতু অনুযায়ী ,সাধাৰনতে দুই প্ৰকাৰৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে যেনে ৰবি আৰু খাৰিফ শস্য। আনহাতে ধানৰো দুই প্ৰকাৰত কৰি আহিছে বাওঁ ধান আৰু শালি বা শাহু খেতি । এই শালি খেতিত মিচিং মানুহে ফাগুনৰ প্ৰথম বুধবাৰত নৈ'ৰ পাৰত হাল বাই ,শুকান মাটিক চপৰা কৰি মাটি ডৰাত বীজ সিচিছিল  আৰু এই শালি খেতি ফাগুনৰ পৰা আৰম্ভ হৈ জেঠ-আহাৰত  চপোৱা হৈছিল । বৰ্ষাঋতুৰ অহাৰ ফলত বৰুণ দেৱতাৰ আগমণ ঘটে এই ধৰাত বৰষুণ দেৱতাৰ অতীষ্ট হৈ গোটেই মাটিডৰাসমূহ শ্যামলীৰ পৰা শুকুলা আৱৰণ লৈছিল আৰু শুকুলা আৱৰণ চায় গোটেই মিচিং  জাতিসকলে হাত খন মুৰত থৈ নদীলৈ চায় নিমগ্ন হবলগীয়া হৈছিল কাৰণ বছৰেকৰ খেতি পানীৰ তলত পৰি নষ্ট হৈ পৰিছিল। নদীৰ কাষ বাঢ়ি অহাৰ ফলত নৈপৰীয়া মিছিং সকলে চাংঘৰটো আৰু পিছলৈ লৈ যাবলগীয়া হৈছিল । সেয়ে মিচিং মানুহে  পুৰণিকালৰে পৰা চাংঘৰ নিৰ্মান কৰিছিল ।এই চাংঘৰ মিচিং সকলৰ বাবে বিশেষ মহত্বপুৰ্ণ বহন কৰি আহিছে কাৰণ গোটেই মাহ ঘৰখন পানীত থাকিলেওঁ কোনো চিন্তা কৰিবনলগীয়া হৈছিল  ,এই বাৰিষাৰ পানীয়ে খেতিডৰাক  নষ্ট কৰিব পাৰিলেওঁ চাংঘৰ খনলৈ ডুকি পোৱা নাছিল।এই খিনিতে যদি মোৰ স্বৰচিত কবিতা মাজৰ কালাংশ,

পুমি আচিয়া নঃ পৃনদাঃকগম পৃনঙালাময়ে

নঃ  ঙলুম মিচিঙৌম নৌৰদাঃকগম নৌঃৰালামায়ে

ঙলু মিচিঙৌঃ চাং অকুম মৌঃলা দুনৌঃ তানিয়ে

আদৃ বৃৰদুঃক গকচুলা গৃঃদাকগৌম

চাঃৰালামায়ে ঙলুক বাংকক অকুম লঃ


অৰ্থাৎ  বাৰিষা তুমি  গৰাহখহনীয়া হৈ আহিলেওঁ নোৱাৰা গৰাহঁত ৰাগ, আমি মিচিং মানুহ নৈপৰীয়া চাংঘৰত বসবাস কৰ‍া মানুহ,বৰ্ষাঋতুক লগত লৈ বিজুলী -ঢেৰেকনীৰে  গাঁত ছটিয়াব খুজিলেওঁ  নোৱাৰা আমাৰ ঢাল চাংঘৰ।

Related to :- মিচিং সকলৰ বিষয়ে

মিচিং মানুহৰ বাবে নৈখনেই সুখ আৰু দুখ ,নৈখনেই সুখো দিছে ,দুখ দিছে । নৈখনৰ বাবে প্ৰেমো হৈছে আৰু নৈখনেই ডেকা-গাভৰুৰ বাবে বিশেষ ঠাই হৈ পৰিছিল ,কাংকান কায়ূমৰ(মিচিং সমাজত ছোৱালীৰ নাম) সখীয়তীক কয় পঠিয়াই প্ৰেমীক য়ামেই(ডেকা) যেনেকৈ মিচিং ভাষাত

----আজনা ,কাংকান বৃম ৰৃকচুপলাংকা হৌমতেইকা,

ঙ আনৌঃ ৰুয়িলঃ তয়ালা  দুপৌঃ(সখী কাংকানক লগ কৰিবা বুলি কবাছোন মই নৈ'ৰ পাৰত বাট চায় থাকিম)।

Assam Miri Tribal


তাৰোপৰিওঁ নৈখনেই মিচিং নৈপৰীয়াক মাছ-চাছৰ  পৰা ধৰি বাৰিষাত নৈ'ৰ বুকুৱেদি বৈ গৈ ঘৰে ঘৰে নৈখনে কাঠৰ টুকুৰা দি গৈছিল । 

  Related to :-মিচিং সকলৰ উৎসৱ

কেতিয়াবা এই নদীখনৰ বাবে নৈপৰীয়া সমাজ হিয়া ভাঙি যায় কাৰণ কোনো ৰোগীয়াক নৈখনৰ বাবে নৈ পাৰ নহওঁতেই মৃত্যু মুখত পৰিবলগীয়া হয় আকৌ কেতিয়াবা ইটো পাৰৰ পৰা আনটো পাৰলৈ নৈ পাৰ হওঁতেই  দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰিবলগীয়া হয় । নৈপৰীয়াৰ  বাবে সেইয়াই বিশেষ দুখৰ প্ৰভাৱ । আমাৰ ককাই -আইতাসকলৈ কৈছিল আমি নদী পাৰ হৈ যাব পাৰিছিলো কিন্তু কোনো এজন চিকিৎসকে আমাৰ এই নৈপৰীয়া ঠাইলৈ আহিব নিবিচাৰিছিল ,তেওঁলোকে ভাৱিছিল যে নাৱঁ খনে অকস্মাত মোৰ কি হ'ব ? আচলতে হয়েই যেতিয়া বেছিকে বতাহ বলা দেখা যায় অথবা পানী বাঢ়িলে নাওঁ ভুৰ যোৱা শুনো।দুখৰ লগতে নৈখনৰ পৰা আনন্দ বিচাৰি পাইছিল অক্টোবৰ-নৱেম্বৰৰ সময়ছোৱাত সৰিয়হখেতিত তেওঁলোকে হালধীয়া ৰঙৰ হাহিঁক দেখি মন আত্মহাৰা হৈ পৰা  দেখিছো কাৰণ এই সৰিয়হ বস্তাবোৰ বজাৰত বেছি থকা জমাব কৰিব,মাটি-মাহৰ বস্তাবোৰ বেছি টকা সাচিঁব আৰু মাঘ-ফাগুনত ককা-আইতাৰ অথবা কোনো সম্পৰ্কীয়ৰ মৃত্যুৰ শ্ৰাদ্ধ /দদগাং পাতিব আৰু ফাগুনত আলি-আয়ে লৃগাঙৰ বাবে দিন-দাৰ্য্য কৰিব ।

গৰু-ম'হৰ জাক লৈ অথবা নাৱৰীয়াই ঝাওঁবনৰ তলত বহি নাইবা নদীৰ কাষত বহি বাৰিষাৰ দুখবোৰ পাহৰি ঐনিতমৰ এফাকি স্বৰ লগায় পানী তোলা কনেঙল চায়,

আনৌ ৰুয়িলঃ আচৃ তনৌঃদৌঃ চেকনৌ

হেদৌঃ মৃমবৃৰদৌঃ আমিকৌমাং ঙককৌনৌঃ..

অসমীয়াত 

এই নৈ'ৰ পাৰত পানী তোলা গাভৰুনো কোন?

এই গাভৰুদেহা জনী আনৰে নহয় মোৰ হে?(স্বৰচিত)

 আচলতে এই প্ৰকৃত সহজ সৰল ,সমস্ত বছৰৰ সুখ-দুখবোৰ ক্ষণসময়তে পোৱা আনন্দতেই শ্মশান হৈ বছৰ বিষাদবোৰ ।

Submitted to Lakhimpur Telahi Kamalabaria College

Related to:- Assam Mising Tribes Culture.


Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.