ছয় মাহিলী পৰীক্ষা-২০২৩
বিষয়-বিজ্ঞান
সময়ঃ ৩ ঘন্টা
শুদ্ধ উত্তৰটো বাছি লিখা
1.তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
(a)তলৰ কোনটো পতংগভোজী উদ্ভিদ নহয় -
i.ৰ'দ মুকুতা ii.অমৰলতা
iii.ব্লাডাৰওৱৰ্ট iv.ভেনাচফ্লাই-ট্ৰেপ
(b)পাটপলুৰ প্ৰধান খাদ্য হ'ল
i.নুনি গছৰ পাত ii.নিম গছৰ পাত
iii.কঁঠাল গছৰ পাত iv.আঁহত গছৰ পাত
(c)তলৰ কোনটো পৌষ্টিক নলীৰ অংশ নহয়-
i.গ্ৰসনী ii.গ্ৰসিকা
iii.পিত্তস্থলী iii.পাকস্থলী
(d)কোষৰ ভিতৰত খাদয়-বস্তুৰ জাৰণ ঘটি শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটো হ'ল-
i.শ্বাস ii.প্ৰশ্বাস
iii.পাচন iv.শ্বসন
(e)এটা সাধাৰণ পৰীক্ষাগাৰৰ থাৰ্মমিটাৰৰ ক্ষমতা -
i.10°C--110°C ii.10°C--100°C
iii.37°C--100°C iv.98°C--106°
(f)এবিধ অতিৰিক্ত শ্বাস অংগৰ উদাহৰণ-
i.হাওঁফাওঁ ii.ব্ৰংকাচ
iii.গ্লটিছ iv.বায়ুমোনা.
(g) ভিনেগাৰত থকা এচিডটোৰ নাম কি -
i.ফৰ্মিক এছিড ii.এচিটিক এচিড
iii.লেকটিক এছিড iv.ছাইট্ৰিক এছিড
(h)তলৰ কোনটো দ্ৰুতিৰ একক নহয়-
i.ms-1 ii.kmh-1
iii.ms-2 iv.kms-1
2. চমু উত্তৰ লিখাঃ
a)এনে এবিধ পৰজীৱী উদ্ভিদৰ নাম লিখা যাৰ কাণ্ড হালধীয়া ,মিহি আৰু নলীকা সদৃশ হয়।
b)পাকস্থলীত থকা অৰ্ধপাচিত আম্লিক খাদ্যক কি বোলে?
c)কাশ্মীৰী ছাগলীৰ নোমৰ পৰা প্ৰস্তুত কৰা শ্বলবিলাকক কি বোলা হয়?
d)পানী আৰু বায়ুৰ মাজেৰে তাপৰ সঞ্চালন কি প্ৰক্ৰিয়াৰে হয়?
e)অম্ল আৰু ক্ষাৰকৰ মাজত ঘটা ৰাসায়নিক বিক্ৰিয়াটো ক কি বোলে?
f)কেঁচুৱে কিহৰ সহায়ত শ্বাস-প্ৰশ্বাস কাৰ্য সমাধা কৰে?
g)দোলকৰ পৰ্যায়বৃত্ত গতি কিহৰ সহায়ত উলিওৱা হয়?
3.উত্তৰ লিখাঃ
a)জীৱই খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজন কিয়?
b)ভিলাই কি?ইয়াৰ কাম এটা উল্লেখ কৰাৰ ।
c)ৰেচম কি বা পাটশিল্প বুলিলে কি বুজা?
(বাকী প্ৰশ্নসমুহ pdf ত চাব ,তলৰ এটা লিংকত উপলব্ধ কৰা হব)
4.সূচক কি?দুবিধ প্ৰাকৃতিক সূচকৰ নাম লিখা?
5.তাপ কি কি প্ৰথাৰে সঞ্চালন হয় লিখা?
6.ডায়েৰিয়া কি?ডায়েৰিয়া হ'লে কি কি ব্যৱস্থা ল'ব লাগে উল্লেখ কৰা ।
7.সুৰ্যৰ পোহৰত উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰণালীটো চমুকৈ বৰ্ণনা কৰা ।

Comments
Post a Comment