DRAFT STRUCTURE
OF FOUR YEAR UNDER GRADUATE PROGRAMMES (FYUGP) OF 1ST, 2ND & 3RD SEMESTER
IN DIBRUGARH UNIVERSITY AND ITS AFFILIATED COLLEGES AS PER UGC DRAFT RELEASED
on 12/12/2022
Subject- ASSAMESE Dibrugarh University
প্ৰস্তাৱনা (Preamble
)
ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০- ( NEP 2020) ৰ নিৰ্দেশনাৰ লগত সংগতি
ৰাখিডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰণয়ন কৰি দিয়ানিয়মাৱলী অনুসৰি ডিব্ৰুগড়
বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ স্নাতক পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে। পাঠ্যসূচীত
অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক ক্ষেত্ৰৰ লগত সম্পর্কিত বিভিন্ন দিশৰ
তাত্ত্বিক আৰু প্রয়োগিক বিচাৰ-বিশ্লেষণত প্রাথমিক গুৰুত্ব দিয়া হৈছে। লগতে
উত্তৰ-পূব ভাৰতৰ ভাষা-সাহিত্যৰ পৰিচয়, অসমৰ বিভিন্ন নৃগোষ্ঠীয় সংস্কৃতিৰ পৰিচয়, ভাৰতীয় সাহিত্যআৰু
বিশ্ব সাহিত্যৰ পৰিচয় বিষয়ক পাঠ্যও অন্তর্ভুক্ত কৰা হৈছে। এই পাঠ্যক্ৰমত
তুলনামূলক সাহিত্য, সাহিত্যৰ
সমাজতত্ত্ব আদিৰ দৰে বিভিন্ন আন্তবিদ্যাৱর্তী বিষয় সামৰি লোৱা হৈছে। ভাষাৰ
যোগাযোগমূলক দক্ষতাৰ বিকাশ,
সৃজনশীলতাৰ বিকাশ, ব্যক্তিত্ব
বিকাশ আদিৰ বাবে প্রয়োজনীয় বিভিন্ন দিশ সম্বলিত বিষয়েও পাঠ্যসূচীত স্থান পাইছে।
পাঠ্যক্ৰমত আধুনিক প্ৰযুক্তিৰ লগত অসমীয়া ভাষা-সাহিত্যৰ সম্পৰ্ক স্থাপন, অনুবাদৰ পৰিচয় আৰু
প্রয়োগ আদি বিষয় সন্নিবিষ্ট কৰি বৃত্তিমুখী দক্ষতা বিকাশৰ পথ সুগম কৰা হৈছে।
গৱেষণাকৰ্মৰ সাধাৰণ ধাৰণাসহ প্রায়োগিক ক্ষেত্ৰত গৱেষণাকর্ম সম্পাদন সম্পৰ্কীয়
পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰে ছাত্ৰ-ছাত্ৰীক গৱেষণাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ
প্ৰচেষ্টা কৰা হৈছে।।
পৰিচয় (Introduction)
ভাৰতৰ পূব প্ৰান্তত অৱস্থিত অসম নামৰ ৰাজ্যখন বিভিন্ন নৃ
প্রজাতীয় জাতি-জনজাতিৰ বাসস্থান। সংবিধানৰ অষ্টম অনুসূচীৰ অন্তৰ্ভুক্ত অসমীয়া
ভাষাএই ৰাজ্যৰ ৰাজ্যভাষা। সুদীর্ঘ সাহিত্যিক পৰিক্ৰমাৰে সমৃদ্ধ অসমীয়া ভাষা
আধুনিক ভাৰতীয় ভাষাসমূহৰ ভিতৰত এটা উল্লেখযোগ্য ভাষা উদ্ভৱ কালৰে পৰা বিভিন্ন
ভাষিক বৈশিষ্ট্যৰে বিভিন্ন স্তৰ অতিক্ৰম কৰি এই ভাষা বৰ্তমান স্তৰত উপনীত হৈছেহি ।
অসমীয়া ভাষাৰ আঞ্চলিক আৰু নৃগোষ্ঠীয় বিভিন্ন ৰূপভেদ পোৱা যায়। খৃষ্টীয় চতুৰ্দশ
শতিকাৰ পৰা অসমীয়া লিখিত সাহিত্যৰ ধাৰাবাহিক ইতিহাস পোৱা যায়। তেতিয়াৰে পৰা
নানা স্তৰ-উপস্তৰৰ মাজেৰে অসমীয়া সাহিত্যই এক সুদীর্ঘ সাহিত্যিক পৰিক্ৰমা অতিক্ৰম
কৰিছে। অসমীয়া ভাষা আৰু লিপিৰ উদ্ভৱ আৰু বিকাশ, অসমীয়া ভাষাৰ ঔপভাষিক
ভিন্নতা; অসমীয়া
সাহিত্যৰ ইতিহাস আৰুইতিহাসৰ বিভিন্ন স্তৰ, অসমীয়া সাহিত্যৰ বিভিন্ন বিধা আদি ভাষা-সাহিত্য অধ্যয়নৰ
মূল দিশবোৰৰ লগত ছাত্ৰ-ছাত্ৰী পৰিচিত হ'ব পৰাকৈ অসমীয়া বিষয়ৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ
পাঠ্যসূচী যুগুত কৰা হৈছে। এই পাঠ্যক্ৰমত অসমীয়া ভাষা-সাহিত্যৰ লগতে অসমৰ
সাংস্কৃতিক বৈচিত্ৰ্যৰো পৰিচয় দিবলৈ যত্ন কৰা হৈছে। অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ
ভাষিক, সাহিত্যিক আৰু
সাংস্কৃতিক বিভিন্ন বিষয়ৰ সৈতে ছাত্র-ছাত্রীক পৰিচয় কৰোৱাৰ প্ৰয়াসো কৰা হৈছে।
অসমীয়া বিষয়ত স্নাতক
পাঠ্যক্ৰমৰ উদ্দেশ্য :
• অসমীয়া
ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ সজাগতা আৰু সচেতনতা বৃদ্ধি কৰা। • অসমীয়া ভাষা-সাহিত্যৰ
ইতিহাসৰ প্ৰণালীবদ্ধ অধ্যয়নৰ জৰিয়তেভাষা-সাহিত্যৰ ঐতিহ্য আৰু বিকাশ সম্পর্কীয়
জ্ঞান প্ৰদান কৰা লগতে অসমীয়া ভাষা-সাহিত্যৰ সমৃদ্ধিৰ হকে কাম কৰিবলৈছাত্ৰ-ছাত্ৰীক
দায়িত্বশীল কৰি তোলা।
অসমত প্রচলিত অন্যান্য ভাষাৰ অধ্যয়নৰ জৰিয়তে অসমৰ ভাষিক বৈচিত্র্য আৰু ভাষিক
আদান- • বিভিন্ন প্ৰকাৰৰ সাহিত্য
আৰু সিবিলাকৰ সমালোচনা সম্পৰ্কীয় প্রাথমিক ধাৰণা প্ৰদান কৰা। প্ৰদানৰ জ্ঞান দিয়া।
• ভাৰতীয় সাহিত্যৰ অধ্যয়নৰ
জৰিয়তে ভাৰতীয় সাহিত্যৰ বিচিত্ৰতা আৰু অখণ্ডতাৰ ভাৱনা ছাত্র- ছাত্ৰীৰ মনত গঢ়
দিয়া। আধুনিক
তথ্য-প্ৰযুক্তিৰ লগত অসমীয়া ভাষাক সংযুক্ত কৰি অসমীয়া ভাষাৰ প্ৰযুক্তিগত বিকাশ
সম্পর্কীয় শিক্ষা প্রদান।
স্নাতকীয় বিশেষতা (Graduate Attributes in Assamese
১) বিষয়ক্ষেত্র সম্পর্কীয় জ্ঞান (Disciplinary Knowledge) • অসমীয়া সাহিত্যৰ
বিভিন্ন বিধা, যুগ আৰু ধাৰা
চিনাক্ত কৰি আলোচনা-গৱেষণা কৰাৰ সামর্থ্য।
• বিভিন্ন সাহিত্য আৰু
সমালোচনাত্মক ধাৰণা অৰ্জনৰ অৰ্হতা। • সাহিত্যৰ বিভিন্ন
বিধাসম্পৰ্কীয় তথ্য আৰু ঐতিহাসিক প্ৰসংগ জানিব পৰা যোগ্যতা।
• বিভিন্ন দৃষ্টিভংগীৰে
ভাষা-বিশ্লেষণৰ দক্ষতা।
• বিভিন্ন তত্ত্বৰ আধাৰত
পাঠ বিশ্লেষণ আৰু পাঠ সমালোচনাৰ অৰ্হতা।
• সামাজিকপ্রেক্ষাপটত
সাহিত্যৰ বিচাৰ-বিশ্লেষণৰ যোগ্যতা।
• সাহিত্য পঠনৰ
অতিৰিক্তভাৱে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সাহিত্যৰ বিচাৰ-বিশ্লেষণৰ
প্রতিঅনুসন্ধিৎসা সৃষ্টি।
২) যোগাযোগমূলক দক্ষতা (Communication skill)
• সাহিত্যিক, শৈক্ষিক আৰু কথিত
অসমীয়া ভাষাত কথন আৰু লিখনৰ দক্ষতা বিকাশ সমালোচনাত্মক ধাৰণাসমূহ স্পষ্টভাৱে
প্ৰয়োগ কৰাৰ ক্ষমতা।
• অভিব্যক্তি ক্ষমতাৰ
বিকাশ সাধন।
৩) বিচাৰাত্মক চিন্তা (Critical Thinking)
• বিচাৰাত্মক চিন্তাৰ বিকাশ।
|
Click below |
Link |
|
Assamese Syllabus |
|
|
Officiall
website |

Comments
Post a Comment