ঐয়াওঁ ৰঙানৈৰ সিপাৰেই মোৰ ঘৰ
▪কাৰ্চাং তাকা
দোৱাঁৰ গাওঁ
তুমি মোৰ বুকুৰ শিমলূৰ ফুল ফুলাওঁ দেখিবা ঐয়া
মদাৰুৰে হালধীয়াৰ মিচিকিয়া হাহিঁও শুনিবা
মোৰ তাগিদাত তোমাৰ ..কুঞ্জলতা..॥
ঐয়াওঁ কোৱা হয় ৰঙানৈ ,ৰঙানদী হৈ আকৌ জন্মিছে,জন্ম দিছে ৰঙানৈৰ সিপাৰে সিপাৰে ৰঙা-ৰঙা চাংঘৰো। আহিবা এপাফ তোমাৰ ঘূনাসূতি এৰি,নাইবা ঢকুৱাখানা এৰি ৰঙানদীৰ বুকুত ফুলি উঠা অভিযোগৰ গুন্ধসমূহ চাবলৈ । ঐয়াওঁ কাংকান কলোহি তোমাক মোৰ ৰঙানদীৰ দূখৰ কথা । এদিন লখিমপুৰ টাউন হৈ ঘৰমূৱা হৈছিলো টাউনৰ আলিয়ে আলিয়ে পহুমাৰা পকনীয়া হৈ । চাইকেলখনৰ পৰা নামি গুন্ধৰ আমেজ লৈ চালো মেটেকাৰ ভুৰুকাত বান্ধ বান্ধি পোৱা খলিহনা-গৰৈ মাছৰ গুন্ধ,এৰি থৈ আহিব খুজিছিলো টাউনৰ সৃষ্টিক। এদিন তুমিওঁ আহি চাব পাৰা মেটেকাৰ ভামত পোৱা গৰৈ মাছৰ নামচিঙক। যোৱা বছৰৰ বেলিকাত বাৰিষাৰ সাগৰত ভুৰি যোৱা বাবাই চাহাব খুৰাৰ খেতিৰ ভৰাল সাগৰৰ বাৰিষাই আৱৰি থকাত চিঞৰি চিঞৰি কান্দা ,হ্ৰদৰ জীয়া চকুত
Kapíyakuné kapíyakuné okkom ka:la
Turya:kuné,Sé longéso
অৰ্থাৎ কি হ'ব ,এই জীৱন কেনেকৈনো জীঁ থাকিম ,খামনো কি?বাৰিষাত এনেকৈয়ে থাকে ,এতিয়াওঁ জ্বলাশয়তে পাবা তুমি আহিলে নাইবা আনকোনোবা টকা-পইচা থকা জীয়েক-পিতেকে আহিলে ছেল্ফী লৈ ফেচবুকত দিব কেপচন "মেটেকাৰ ওপৰত ওলমি থকা চাংঘৰ"ত আজি । আপুনি আহিলে ভাৱিব পাৰা মাছে-মাংসৰে সোৱাদ লগা ভাতৰ জুল ,খায় ছাগে তৃপ্তি পায়ছা ন "মিষ্টাৰ কাৰ্চাং"॥ তুমি ভাৱিব পাৰা আমাৰ ভাইৰ গাওঁ শিঙৰা গাওঁ ভাৱিব পাৰা মথৌখুৰ নাইবা বৰগয়া কাৰণ এতিয়াওঁ পানীৰ তলতেই আছে । মাছ হোৱা নাই ,পোৱানাই পেটত থবলৈ ভাতৰ এমুঠি ,আৰু তুমি ভাৱিছা মাছেৰে ৰজন জনাই থাকে পাকঘৰ জুহাল।তাকে ভাৱি আছো তুমি আহিলে কি খোৱাম ?ঐয়া তুমি জানো ভাল পাবা আমাৰ ৰঙানৈ । আৰুনো কি ক'ম অকোৱা -পকোৱা বাট তাতেই মহামন্ত্ৰী-বিধায়কৰ পয়মাল এইবাৰ কিন্তু হ'ব ৰাস্তা-ঘাট চাৰি লেণ্ড যু্ক্ত নিৰ্বাচনৰ আগলৈ কটা এতিয়ালৈকেছোন আমাৰ অনামিকাই বনোৱা পাকঘৰত সাৰ পোৱা শুকান ৰুটিত চীন আৰু পাকিস্তানৰ মেপৰ দৰেই হৈ আছে ।ইফালে খলা ইফালে বমা মুঠতে তুমি আহিলে ককাঁল বিষ হোৱাটো নিশ্চিত । তুমি আহিলে বৰ লাজ পাম ,বিশ্বাস কৰা এদিন তোমাক এদিন লৈ আহিম ৰঙানদীৰ সিপাৰৰ মোৰ ঘৰখনলৈ,মাথো অপেক্ষা সৌ দিনলৈ যেতিয়া ভাল দিন আহিব । তেতিয়া দেখুৱাম ৰঙানদীৰ সৌন্দৰ্য ,ৰঙানদীৰ খাবুলী ঘাটৰ বনভোজৰ স্থান ৰবি শস্যৰ মহাজাকতা সৰিয়হ ,মাটি মাহৰ সেউজীয়া আৰু হালধীয়া মিলনৰ এক সৌন্দৰ্যত । তুমি ,আপুনি আত্মহাৰা হৈ যাব পাৰা ,এই হালধীয়া-সেউজীয়া খিল-খিলিৰ মাজে মাজে ৰঙানৈ পৰীয়া কবি জিতেন নৰহ আৰু মেঘৰাম পায়েঙৰ কবিতাৰ কছাগৰ সুগন্ধি। যেন ,সুস্বাদু খাদ্যৰ দৰে হৈ পৰিব । কবিতাৰ লহৰত সৰিয়হ আনন্দত উজনি-নামনি হ'ব । আৰু চাব পাৰিবা যান্ত্ৰিকতাৰ সহায়ত খাবুলীত ডিজে-মাইকাৰত বাজি উঠা ঐনিতম,টংকী পেগুৰ
"হৌ ঐয়া য়াকান এগে গৌমঃগেলা
চেমঃ লৃংক দুংকাং
অইনম কামাবলৃংক দুংকাং ॥"
অৰ্থাৎ অ ঐয়া কলা ৰঙৰ মেখেলা-চাদৰ পিন্ধায় ,পিন্ধাবৰ ,সজাবৰ মন আছিল,
অ ঐয়া কলা মেখেলা-চাদৰ পিন্ধায় চাবলৈ মন আছিল।এই অইনিতমৰ সুৰে কিমানজনৰ ভিতৰি ভিতৰি প্ৰেমৰ দূখ আছিল হয়তো এই দিনাই পুতি উঠিব কোনজন প্ৰেমীকে কোনজনী প্ৰেমিকালৈ হৃদয় দিয়াৰ কথা আছিল কিন্তু আধৰুৱা হ'ল । খাবুলী নদীৰ পাৰে পাৰে দেখিবা এনে এক দৃশ্য ৰিবি-গাছে পিন্ধি বনভোজৰ থলীত । ৰঙানদীলৈ আহিলে অকোৱা-পকোৱা বাটকে নহয় দেখুৱাম মটাউৰিৰ কাষে-কাষে থকা ওখ ওখ শিমলূ গছ ,যত শিমলূৱে ফুলে বহাগত,চিলা হৈ উৰে আকৌ ফাগুনত তুমি কি চাবা? নে শৰতত দূৰ্গা মা'ৰ আগমনত বলি পঠান দিয়া দূৰ্গোৎসৱ গড়ছিগাত । নে খাবা দূৰ্গোৎসৱত ৰবাব আৰু নাৰিকল ,কি খাবা! খাবানে? বিন্দেও বকুল আৰু বিন্দেও বেন্দেলাৰ গুগুনি । এবাৰ সাৰে পায় থাকিবা বাৰিষাৰ গন্তব্যৰ বতৰা লৈ ৰঙানৈয়ে বাৰিষাত কান্দিব জানিলেওঁ ,শৰতত ফুলিব জানে কহুৱা হৈ, ফুলিব জানে সৰিয়হ হৈ ,নাচিব জানে গুমৰাগ ফাগুনতো ।ঐয়া কাংকানওঁ আহিবা ৰঙানৈলে ,ৰঙানৈৰ সিপাৰতেই মোৰ ঘৰ ॥



Comments
Post a Comment