নমস্কাৰ আমাৰ এই ই-কাৰ্চাং তাকাৰত অন্যান্য প্ৰশ্নসমূহো প্ৰকাশ কৰা হয় । এই পষ্টটো BA/Bsc/Bcom আদি তিনিটা স্নাতকৰ প্ৰথম ষন্মসিকৰ অসমীয়া AECC-2 Paper যোগাযোগমূলক অসমীয়া অৰ্থাৎ Communicative Assamese ৰ 2021/2022/2023 চনৰ প্ৰশ্নকাকত প্ৰকাশ কৰা হৈছে। বোধকৰো আপোনালোকৰ নিশ্চয় লাভান্ধিত হৈছে।
যোগাযোগমূলক অসমীয়া
১।চমু উত্তৰ দিয়া:
(ক)'নিকা অসমীয়া ভাষা'গ্ৰন্থখনৰ লেখক কোন?
(খ)'Communication'শব্দটো কোন ভাষাৰ পৰা আহিছে?
(গ)হৰতন ,ইস্কাপন কোন ভাষাৰ শব্দ ?
(ঘ)'সাময়িক বিৰতি'ক ইংৰাজীত কি বুলি কোৱা হয়?
২।চমু টোকা লিখা:
(ক)উচ্চাৰণৰ শুদ্ধতা
(খ)অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ
৩।ভাল লেখনৰ গুণাৱলী সম্পৰ্কে আলোচনা আগবঢ়োৱা।
৪।যতি মানে কি? বাক্যত ব্যৱহাৰ হোৱা যতি চিহ্নৰ বিষয়ে এটি প্ৰৱন্ধ যুগুত কৰাঁ ।
৫।চমুকৈ লিখাঃ
(ক)মৌখিক যোগাযোগত মাতৰ তীব্ৰতাৰ গুৰুত্ব ।
(খ)সফল যোগাযোগত সাময়িক বিৰতিৰ ভূমিকা।


Comments
Post a Comment