যোগাযোগ কি?মৌখিক যোগাযোগৰ প্ৰকাৰ
যোগাযোগ কি?
কোনো তথ্য বা বাৰ্তা অন্য এজনৰ লগত কথাবোৰ ভাগ-বটাই লোৱা ।কোনো এটা কথা বা ঘটনা বা কাহিনীৰ বিষয়ে প্ৰেৰণ কৰা অথবা অন্য এজন ব্যক্তিৰ লগত কথাটোৰ বিষয়ে অনুভৱ-বিভূতিসমুহ বিনিময় সম্পন্ন কৰিলে যোগাযোগ বুলি কোৱা হয়।আমি দৈনন্দিনে ৰাতি শুই উঠাৰ পৰা ৰাতি নিদ্ৰালৈক বিভিন্নজনৰ কথা-বিলোচনা কৰো কৰো কিন্তু প্ৰতিজনৰ লগত কথা-বিলোচনাত বিভিন্ন ধৰনত যোগাযোগৰ কাৰ্য অভ্যস্ত ৰাখো।কিন্তু যোগাযোগৰ ধৰনবোৰ ভিন্ন ভিন্ন একে নহয়। যোগোযোগৰ কাৰ্যটো একপ্ৰকাৰ কলা য'ত নেকি কোনো এজন ব্যক্তিক কেনেকৈ কথা কব লাগে জেষ্ঠ্যক বা কণিষ্ঠক কেনেকৈ কব লাগে এই গুণবোৰ জড়িত হৈ থাকে ।কোনো এজনৰ বাৰ্তা সফলভাৱে প্ৰেৰণ কৰাৰ পাছত যোগাযোগৰ কাৰ্যটো সম্পুৰ্ণ হবলৈ কেইবাটাও পৰ্যায় লাগে ।প্ৰেৰকে বাণী বা কথাটো প্ৰেৰণ কৰাৰ পাছত গ্ৰাহক অৰ্থা reciever জনে বানীটো উদ্ধাৰ কৰে আৰু বাৰ্তা পঠিওৱাজনলৈ feedback পঠিয়ায়।
যোগাযোগ সাধাৰণতে দুই প্ৰকাৰ
১.লিখিত মাধ্যম
২.মৌখিক যোগাযোগ।
মৌখিক যোগাযোগৰ প্ৰকাৰ
যোগাযোগ সাধাৰনতে দুই প্ৰকাৰৰ
(ক)আনুষ্ঠানিক যোগাযোগ
(খ)অনানুষ্ঠানিক যোগাযোগ
(ক)আনুষ্ঠানিক যোগাযোগ
সাংস্কৃতিকত সু-নিৰ্দিষ্ট নিয়ম কাননিৰ আৱদ্ধ বিশেষ বিষয় -সংক্ৰান্তীয় আৰু ধৰাবন্ধা নীতি সম্বদ্বীয় যোগাযোগেই হৈছে আনুষ্ঠানিক যোগাযোগ। উদাহৰণস্বৰূপে সাক্ষাৎকাৰ ,নিয়মানীত শ্ৰেনীকক্ষৰ শিক্ষা। আনুষ্ঠানিক যোগাযোগত সাধাৰণভাৱে মৌখিক যোগাযোগ বিশেষভাৱে প্ৰাধান্য লাভ কৰে ।
আনুষ্ঠানিক যোগাযোগৰ বৈশিষ্ঠ্য
১।এই যোগাযোগ গঢ় লৈ উঠে অনানুষ্ঠানিক সম্পৰ্কৰ জৰিয়তে।
২।সাধাৰনতে মৌখিক আৰু স্বঃতস্ফুৰ্তভাৱে।
৩।আলাপ মুখৰ অভিব্যক্তি,প্ৰকাশভংগী,দেহভংগী,নীৰৱতা,আদিৰ যোগেদি।
৪।নিৰ্দিষ্ট নিয়ম মানি নচলে।
(খ)অনানুষ্ঠানিক যোগাযোগ
বাধ্যবাধকতাত আৰু নীতি নিয়মৰ পৰা মুক্ত হৈ দৈনিক জীৱনত সাধাৰনত ভাৱে কৰিবলগীয়া যোগাযোগক অনানুষ্ঠানিক যোগাযোগ বোলে ।ইয়াত স্বতঃস্ফুৰ্তভাৱে সংঘটিত হয় যত দুজন ব্যক্তিৰ দ্বাৰা এই যোগাযোগ সংঘটিত হয়। এই মৌখিক যোগাযোগত বন্ধুবৰ্গ,ঘৰৰ পৰিয়ালৰ মাজত গঢ়ি উঠা আড্ডাওঁ একপ্ৰকাৰৰ অনানুষ্ঠানিক যোগাযোগ কলা বুলি কব পাৰো ।
অনানুষ্ঠানিক যোগাযোগ মাধ্যমত আন্তঃসংযোগী প্ৰক্ৰিয়াৰ দ্বাৰা সাধিত হয়।যেনে
(ক)দলীয় আলাপ আলোচনাৰ মাধ্যমেৰে।
(খ)ৰাজহুৱা সংযোগৰ জৰিয়তে।
(গ)ভাষাভিন্ন মাধ্যমেৰে ।
অনানুষ্ঠানিক যোগাযোগৰ জৰিয়তে ব্যক্তি বিশেষত্বৰ আচৰণো প্ৰকাশ পায়।মানুহজনৰ কথাশৈলী ,মানুহজনৰ কথা কোৱাৰ ধৰন ইত্যাদি।
লিখিত যোগাযোগত বিৰাম চিহ্নৰ প্ৰয়োগ
মৌখিক যোগাযোগত যেনেকৈ কওঁতাজনে কথা কোৱাজনে বিৰাম লয় ঠিক তেনেদৰে লিখিত যোগাযোগতো পাঠকক বিৰাম দিবলৈ বিৰাম চিহ্নৰ প্ৰয়োগ কৰা হয়। এনেক্ষেত্ৰত শব্দ আৰু প্ৰয়োগ,বাক্যগাঁথনি তথা অনুচ্ছেদ বিভাগীয় সম্পৰ্কী দিশসমুহ জনাটো প্ৰয়োজনীয় হয়।
পুৰ্ণ বিৰাম(।)
(ক)পুৰ্ণ বিৰামঃ-বাক্যৰ সমাপ্তিত সাধাৰনতে দাৰিৰ চিনেৰে পুৰ্ণ বিৰাম চিন ব্যৱহাৰ কৰা হয়।
প্ৰশ্নবোধক(?)
(খ)প্ৰশ্নবোধকঃ-কিন্তু কেতিয়াবা প্ৰশ্ন কৰিলে নাইবা সন্দেহযুক্ত ,অনিশ্চয়তাযুক্ত বাক্যত প্ৰশ্নবোধক ব্যৱহাৰ কৰা হয়। যেনেঃ-
১.কালি তুমি কত গৈছিলা?(পোনপটীয়া)
২.অৰ্ণৱৰ জন্ম দিনত সকলোকে নিমন্ত্ৰণ কৰিছিল?(অনিশ্চয়ত)
৩.অসমৰ প্ৰথম মুখ্যমন্ত্ৰী মন্ত্ৰী তৰুন গগৈ?(সন্দেহযুক্ত)
লঘু বিৰাম(comma)
(গ)লঘু বিৰামঃ- বিভিন্ন বিৰামৰ ভিতৰত কমা হল আটাইতকৈ কম সময়ৰ বিৰতি । একেধৰনৰ পদ একেলগে থাকিলে প্ৰতিটো পদত প্ৰাৰ্থক্য বুজাবলৈ ব্যৱহাৰ কৰা হয়।
যেনে মবাইল,কম্পিউটাৰ ,ইন্টাৰনেট,ই-মেইল হৈছে সাম্প্ৰতীক সময়ৰ যোগাযোগৰ মাধ্যম।আৰু শব্দটোৰ মাজত বিশেষ ব্যৱহাৰ কৰিবলৈ লঘু বিৰাম ব্যৱহাৰ কৰা হয়। কিছুমান কথাশৈল্যটো ব্যৱহাৰ কৰা হয় উদাহৰনস্বৰূপে
১। বাৰু যি কি নহওঁ,আমি সদায় নিজৰ কামবোৰ নিয়াৰকৈ কৰি যাব লাগে।
২।এট কথা পিছে,কাইলৈ ই-কাৰ্চাং তাকাৰ ৱেবচাইটৰ পৰা প্ৰশ্নকাকতসমুহ ডাউনলোড কৰি আনিবা।
অপুৰ্ণ বিৰাম
(ঘ)অপুৰ্ণ বিৰাম(Semicolon) ঃ কমা বা লঘু বিৰামতকৈ অপুৰ্ণ বিৰতিৰ দৈৰ্ঘ্য বেছি। দুটা সমান্তৰাল অভিব্যক্তিৰ যেতিয়া একেটা বাক্যত স্পষ্টকৈ দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়।
যেনে নিলম আৰু বিনোদৰ কথা থাকক ;নিয়ৰ আৰু অচিনৰ খেলৰ কথা ভাৱক!
সম্ভাৱ্য প্ৰশ্ন
১/অসমীয়া যোগাযোগ কলাত বিৰাম চিহ্নৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা?
২/যোগাযোগ কলা কেই প্ৰকাৰ কি কি?
৩/আনুষ্টানিক যোগাযোগ কি?
৪/আনুষ্ঠানিক যোগোযোগৰ বৈশিষ্ঠ্যসমুহ লিখা?
৫/মৌখিক যোগাযোগ কেইপ্ৰকাৰ?কি কি?
৬/যোগাযোগ কি?

Comments
Post a Comment