পৰমানুৰ গঠন,Atom Formation
অধ্যায়-4
**পৰমানুত আধানযুক্ত কণা নিহিত হৈ থাকে বুলি 1900 চনত জে জে থমছনে এই কণিকাবোৰক চিনাক্ত কৰিছিল।
কেনেল
1.কেনেল ৰশ্মি কি?কেনেল ৰশ্মি কাক বোলে?
Ans:- পৰামানুত ইলেকট্ৰন চিনাক্ত হোৱাৰ পূৰ্ৱে 1886 চনত গল্ডষ্টেইনে গেছৰ বিদ্যুৎ মোক্ষণত এবিধ নতুন বিকিৰণ ধৰা পেলাইছিল আৰু এই বিকিৰণকেই কেনেল ৰশ্মি বোলে।
কেনেল ৰশ্মিত ধনাত্মকভাৱে আহিত কণা আছিল আৰু এই কণাৰ সন্ধানত নতুন উপপৰিমাণৱিক কণা আৱিস্কৃত হৈছিল,এই কণাবিধ আধানযুক্ত আছিল।কণাবিধৰ আধানৰ ভৰ বিপৰীত ধৰ্মী আছিল আৰু ইয়াৰ ইলেকট্ৰনৰ ভৰ প্ৰায় 2000 গুণ॥
থমছনৰ পৰমানুৰ আৰ্হি
2.থমছনে কিমান চনত ইলেকট্ৰ'নৰ আৱিষ্কাৰৰ বাবে নৱেল বটা লাভ কৰিছিল?
Ans:- 1906 চনত॥
4.2.1 থমছনৰ পৰমাণুৰ আৰ্হিত মতবাদ সমুহ কি কি?(Write about the Thomsons model of an atom)বা থমছনৰ মতে পৰমানুসমুহ কেনেকৈ গঠিত?
Ans:- থমছনৰ মতে পৰমাণুসমুহ
(ক)পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেকট্ৰনবোৰ ইয়াত সোমাই থাকে।
(খ)ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ।সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰশম।
ৰাডাৰফৰ্ডৰ আৰ্হি
3.ৰাডাৰ ফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ বাবে ৰাডাৰ ফৰ্ডে কি ব্যৱহাৰ কৰিছিল ?
Ans:- তীব্ৰবেগী আলফা আৰু কিছু সোণৰ পাতল ।
4.ৰাডাৰফৰ্ডৰ আৰ্হিটো চমুকৈ লিখা?
Ans:-ৰাডাৰফৰ্ডৰ আৰ্হিটো
(i)তেওঁ সোণৰ পাত ব্যৱহাৰ কৰিছিল।
(ii) আলফা কণাবোৰ দ্বি আধানযুক্ত হিলিয়াম আয়ন ।যিহেতু ভৰ 4u ,তীব্ৰবেগী আলফা কণাবোৰৰ যথেষ্ট শক্তি ।
(iii)সোণৰ পৰমাণুসমহুহত পাৰমাণৱিক কণাবোৰৰ বিক্ষেপন খুব বেছি গধুৰ আছিল প্ৰটনতকৈ ।
5.আলফা কণাবোৰ বিচ্ছুৰিত হোৱাৰ ফলত ৰাডাৰফৰ্ডৰ আৰ্হিটো কিয় অপ্ৰত্যাশিত আছিল?
Ans:- অপ্ৰত্যাশিত হোৱাৰ কাৰণ হ'ল
(a)সৰহভাগ তীব্ৰবেগী আলফা কণাসমুহ সোণৰ পাতৰ মাজেৰে পাৰ হৈ গৈছিল।
(b)কিছুমান আলফা কণা পাতখনৰ দ্ধাৰা কিছু পৰিমানে বিক্ষেপিত হৈছিল।
(c)বিস্ময়কৰভাৱে প্ৰতি 12000টা কণাত একো একোটাকৈ প্ৰতিক্ষিপ্ত হোৱা দেখা গৈছিল।
*ৰাডাৰফৰ্ডক নিউক্লিয় পদাৰ্থবিজ্ঞানৰ পিতৃ বুলি কোৱা হয় আনহাতে 1908 চনত ৰসায়ন বিজ্ঞানত ন'বেল বটা পাইছিল*
6.ৰাডাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতা কি?
Ans:-(i)বৃত্তাকাৰ কক্ষপথত পৰিভ্ৰমণ সুস্থিৰ হোৱাটো আশা কৰা নাযায়।
(ii)ইলেক্টট্ৰনে শক্তি হেৰুৱাব আৰু শেষত নিউক্লিয়াছত পতিত হব।
বৰৰ আৰ্হি
7.বৰৰ পৰমাণু আৰ্হিটো ব্যাখ্যা কৰা?চিত্ৰসহ ॥
Or
তিনিটা শ্বেলৰ সৈতে ব'ৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্ৰ অংকন কৰা।
Ans:-বৰৰ পৰমাণু আৰ্হিটো
(i)পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট কক্ষপথত(discret orbit) হৈ থাকে।
(ii)কক্ষপথবোৰত ইলেক্ট্ৰনবোৰ ঘুৰি থাকে।আৰু কোনো পোহৰ বিকিৰণ নকৰে আৰু এই কক্ষপথবোৰত শ্বেলবোৰক শক্তিস্তৰ (energy level)বোলা হয়।
![]() |
| বৰৰ পৰমাণু আৰ্হি চিত্ৰ |
8.নিউটন (Neutrons)কি?
Ans:-1932 চনত J Chadwuck হে আন এবিধ উপ পাৰমাণৱিক কণাৰ আৱিস্কাৰ কৰিছিল যাৰ আধান নাছিল ভৰ আৰু প্ৰটনৰ ভৰৰ সমান যাক নিউট্ৰন বুলি কোৱা হয়।


Comments
Post a Comment