অধ্যায়-2আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?(Is Matter Around Us Pure)
**প্ৰায়বিলাক প্ৰাকৃতিক পদাৰ্থই দুই বা তথোদিক পদাৰ্থৰ মিশ্ৰণ ।যেনে সাগৰৰ পানী,খনিজ পদাৰ্থ,মাটি,বায়ু আদি।
1.মিশ্ৰণ কি?
Ans:- দুটা বা তথোদিক বিশুদ্ধ পদাৰ্থৰ দ্ধাৰা গঠিত পদাৰ্থক মিশ্ৰণ বোলে।
2.পানীত মিশ্ৰিত নিমখ(Nacl)ক কেনেকৈ পৃথক কৰিব পাৰি?
Ans:-পানীত মিশ্ৰিত হোৱা নিমখ পানীক আমি পোনতে এটা চচপেনৰ যোগেৰে নিমখ পানীখ গৰম কৰি বাষ্পীভৱন গঠাই পানীখিনি ভাপ আকাৰে উৰি গুচি যায় আনহাতে নিমখখিনি বগা স্তুপ আকাৰে ৰৈ যায় আমি এইদৰে নিমখ পানীক পৃথক কৰিব পাৰি।
3.মিশ্ৰণ কেইপ্ৰকাৰ?কি কি?
Ans:-মিশ্ৰণ দুই প্ৰকাৰ সমসত্ব আৰু অসমসত্ব মিশ্ৰণ।
সমসত্ব মিশ্ৰণ:- দুই বা তথোদিক পদাৰ্থৰ মিশ্ৰণক দ্ৰৱ বা দ্ৰৱণ বা সমসত্ব মিশ্ৰণ বোলে । উদাহৰণস্বৰূপে নেমু পানী,চ'দাপানী।
অসমসত্ব মিশ্ৰণ :- কেৱল দুটা পদাৰ্থৰ মিশ্ৰণ হয় ।তেনে মিশ্ৰণক অসমসত্ব মিশ্ৰণ বোলে ।
** উদাহৰণস্বৰূপে সংকৰ ধাতুকো সমসত্ব মিশ্ৰণৰ শাৰীত ৰাখিব পাৰো কাৰণ সংকৰ ধাতু দুই বা ততোধিক ধাতু অথবা ধাতু আৰু অধাতুৰ মিশ্ৰণকেই সংকৰ ধাতু বোলে । সংকৰ ধাতুসমূহো ভৌতিক প্ৰক্ৰিয়াৰ দ্ধাৰা পৃথক কৰিব নোৱাৰি তথাপিও ইয়াক মিশ্ৰণ বুলি কোৱা হয় কাৰণ সংকৰ ধাতুৰ উপাদানবোৰৰ ধৰ্মবোৰ অটুত থাকে ।উদাহৰণস্বৰূপে পিতল এবিধ সংকৰ ধাতু।ইয়াত 30% আৰু 70% কপাৰ থাকে ।
উপৰোক্ত টোকাৰ পৰা প্ৰশ্ন এনেধৰে পাব পাৰো:-
Q.সংকৰ ধাতুক সমসত্ব মিশ্ৰণ বুলি কিয় কোৱা হয়?
Q.সংকৰ ধাতুৰ উদাহৰণ দিয়া?
Question:-দ্ৰৱণ কেইপ্ৰকাৰৰ ? কি কি? উদাহৰণ সহ বুজাই লিখা লগতে দ্ৰৱণৰ দুটা ধৰ্ম উল্লেখ কৰা ?
Ans:- দ্ৰৱণ দুই প্ৰকাৰৰ:-
(a)দ্ৰাৱক
(b)দ্ৰাৱ্য
যিবোৰ দ্ৰৱণ আন এটা উপাদানৰ লগত বেছিকৈ দ্ৰৱীভুত হৈ তেনে দ্ৰৱণক দ্ৰাৱক বোলে।
আনহাতে যিবোৰ দ্ৰৱণ আন এটা উপাদানৰ লগত কমকৈ দ্ৰৱীভুত হৈ তেনে দ্ৰৱণক দ্ৰাৱ্য বোলে ।উদাহৰণস্বৰূপে:- টিংছাৰ আয়ডিন টিংছাৰ আয়ডিন গোটা আয়ডিন আৰু তৰল এলকহলৰ লগত মিশ্ৰিত কৰি বনোৱা হয় ,ইয়াত আয়দিন হল দ্ৰাব্য আনহাতে এলকহল দ্ৰাৱক ।
দ্ৰৱণৰ দুটা ধৰ্ম হল
(i)দ্ৰাৱ্যৰ কণিকাবোৰ খুউব ক্ষুদ্ৰ হোৱাৰ বাবে ইহঁতে পোহৰক বিচ্ছুৰিত কৰিব নোৱাৰে গতিকে দ্ৰৱণৰ মাজেদি দৃশ্যমান দেখিবলৈ পোৱা নাযায়।
(ii)দ্ৰৱণৰ কণিকাবোৰ ক্ষুদ্ৰ ইয়াৰ ব্যাস 1nmতকৈ সৰু।
Question:- সংপৃক্ত দ্ৰৱ কি ?
Ans:- এটা নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱত দ্ৰৱীভুত কৰিব পৰা সৰ্ব্বোচ্চ পৰিমানৰ দ্ৰাৱ্য দ্ৰৱীভুত হোৱা দ্ৰৱক সংপৃক্ত বোলে ।
অৰ্থাৎ দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমান দ্ৰাৱ্যহে দ্ৰৱীভুত কৰিব পাৰি আৰু তেতিয়া দ্ৰৱত দ্ৰৱীভূত হৈ থকা দ্ৰাৱ্যৰ পৰিমাণক তাৰ দ্ৰৱণীয়তা বোলে ।
Question:-অসংপৃক্ত কি?
Ans:- সংপৃক্ত দ্ৰৱণত থকা পৰিমাণতকৈ কম দ্ৰাৱ্য থকা দ্ৰৱকক অসংপৃক্ত দ্ৰৱ বোলে ।
গাঢ়তা কি /গাঢ়তাৰ সুত্ৰ:-
কোনো নিৰ্দিষ্ট আয়তম বা ভৰৰ দ্ৰৱণত দ্ৰৱীভূত হৈ থকা দ্ৰাৱ্যৰ পৰিমানক দ্ৰৱটোক চোক বা গাঢ়তা বোলে।যদি আমি চাওঁ ইয়াৰ গাণিতীক সুত্ৰটো
দ্ৰৱণৰ গাঢ়তা= দ্ৰাৱ্যৰ পৰিমান/দ্ৰৱৰ পৰিমান
বা
=দ্ৰাৱ্যৰ পৰিমাণ/দ্ৰাৱকৰ পৰিমাণ
আনহাতে দ্ৰৱণৰ গাঢ়তা দুটা ভাগত প্ৰকাশ কৰিব পাৰো
(i)দ্ৰৱণৰ ভৰ/ভৰ শতাংশ= দ্ৰাৱ্যৰ ভৰ/দ্ৰৱৰ ভৰ *100
(ii)দ্ৰৱণৰ ভৰ/আয়তন শতাংশ = দ্ৰাৱ্যৰ ভৰ/দ্ৰৱণৰ আয়তন*100
Question :প্ৰলম্বণ কি ,প্ৰলম্বণৰ ধৰ্মচাৰিটা উল্লেখ কৰা?
Ans:-এটা অসমসত্ব মিশ্ৰণত য'ত গোটা পদাৰ্থ তৰলত বিস্তাৰিত হৈ থাকে তাকেই প্ৰলম্বন বোলে ।
প্ৰলম্বনৰ ধৰ্মসমুহ হ'ল--
(i)প্ৰলম্বন এবিধ অসমসত্ব মিশ্ৰণ।
(ii)প্ৰলম্বনৰ কণিকাবোৰক খালি চকুৰে মনিব পাৰি ।
(iii)প্ৰলম্বিত কণিকাবোৰৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে ।
(iv)প্ৰলম্বনৰ কনিকাবোৰক পৰিস্ৰাৱন প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি।
Question:দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজত থকা প্ৰাৰ্থক্যসমুহ লিখা?
Ans:- দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজত থকা প্ৰাৰ্থক্যসমুহ হ'ল
(i)দ্ৰৱণ সমুহ সমসত্ব মিশ্ৰন আনহাতে প্ৰলম্বন হৈছে অসমসত্ব মিশ্ৰন।
(ii)দ্ৰৱণসমুহক খালী চকুৰে মনিব নোৱাৰি ইহতৰ ব্যাসাৰ্ধ 1nm আনহাতে প্ৰলম্বনসমুহক খালী চকুৰে মনিব পাৰি ।
(iii)দ্ৰৱণসমুহক ভৌতিক প্ৰক্ৰিয়াৰে পৃথক কৰিব নোৱাৰি আনহাতে প্ৰলম্বন সমুহক পৰিস্ৰাৱন প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি ।
(iv)দ্ৰৱনসমুহৰ সংযুতি একে কিন্তু প্ৰলম্বনৰ কনিকাসমুহৰ সংযুতি বেলেগ বেলেগ ॥
*কলয়ডীয় দ্ৰৱণ:- যেতিয়া মিশ্ৰিত পদাৰ্থৰ মাজেৰে পোহৰ বিচ্ছুৰিত হৈ আহোতে দৃ্শ্যমান হয় আৰু এই ক্ৰিয়া সংঘটিত কৰা দ্ৰৱণক কলয়ডীয় দ্ৰৱণ বোলে*
কলয়ডীয় দ্ৰৱণৰ ওপৰত লব লগীয়া কেইটা প্ৰশ্নসমুহ:-
প্ৰশ্ন:- কলয়ডীয়ৰ দুটা বৈশিষ্ট্য লিখা ?
উত্তৰ:- কলয়ডীয় দ্ৰৱৰ বৈশিষ্ট্য সমুহ ক্ৰমে:-
1.কলয়ডীয় দ্ৰৱসমুহৰ কণিকাসমুহ আকাৰত সৰু খালী চকুৰে মণিব নোৱাৰি।
2.কলয়ডীয় দ্ৰৱসমুহৰ আকাৰত সৰু যদিও সিহঁতৰ মাজেৰে পোহৰ ৰশ্মি পাৰ হৈ যাব পাৰে।পোহৰৰ এনেধৰনৰ বিচ্ছুৰণক টিণ্ডেল ক্ৰিয়া বোলা হয় ।আনহাতে এই প্ৰক্ৰিয়াক Tyndall নামৰ বিজ্ঞানীজনে আৱিস্কাৰ কৰিছিল ।
প্ৰশ্ন:- টিণ্ডেল ক্ৰিয়া কাক বোলে?উদাহৰণ দিয়া।
উত্তৰ:- ক্ষুদ্ৰ কলয়ডীয় কণিকাবোৰৰ মাজেৰে পোহৰ বিচ্ছুৰিত কৰিব পাৰে ,পোহৰ ৰশ্মিৰ এনেধৰনৰ বিচ্ছুৰিত ক্ৰিয়াক টিণ্ডেল ক্ৰিয়া বোলে।উদাহৰণ-
(a)গাখীৰ পানীৰ মিশ্ৰণত টিণ্ডেল প্ৰভাৱ দেখি।
(b)হাবিৰ মাজত জলীয় বাষ্পৰ কণিকাবোৰে কলয়ডীয় কণিকাৰ ভূমিকা লয়।
(পাঠ্যপুথিৰ কাৰ্য্যকলপাসমুহৰ ভিত্তি)
প্ৰশ্ন:নীলা বা ক'ল চিয়াহীৰ ৰঙীন উপাদান কেনেদৰে পৃথক কৰিব পাৰি ?[How can we obtain coloured component (DYE)from blue /black ink]
উত্তৰ:- আমি এই প্ৰক্ৰিয়াটো কৰিবলৈ আহিলা হিচাপে বিকাৰ,পানী,নিৰীক্ষণ কাচ ,জুইৰ বাৰ্নাৰ লগতে নীলা বা ক'লা ৰঙাৰ টোপাল।
প্ৰথমে এটা বিকাৰত আধা অংশ পানী ভৰাই বিকাৰৰ ওপৰত নিৰীক্ষণ কাচটো ৰাখিব লাগিব ।তাৰ পাছত জুইৰ বাৰ্নাৰৰে গৰম কৰিব লাগিব বিকাৰত থকা পানীখিনি বাষ্পীভৱন হ'বলৈ আৰম্ভ কৰিব ,কিছুসময় ৰাখি নিৰিক্ষণ কাচত থকা ৰঙৰ জুলীয়া অংশখিনি বাষ্পীভুত পানীৰ সৈতে উষ্ণতা পায় বাষ্পীয় হ'বলৈ আৰম্ভ কৰিব আৰু এনেদৰে নীলা বা ক'লা ৰঙৰ উপাদানখিনি পৃথম কৰিব পাৰিব॥
ইয়াত চিয়াঁহী পানী আৰু ৰঞ্জকৰ মিশ্ৰণ।মিশ্ৰণ এটাৰ পৰা তাৰ উদ্ধায়ী দ্ৰাৱক অংশ(volatile solvent component)দ্ৰাৱ্যৰ পৰা পৃথক কৰিব পৰা যায়।
প্ৰশ্ন:-দুটা পৰষ্পৰ মিহলি নোহোৱা তৰল কেনেকৈ পৃথক কৰিব পাৰি?(How can we separate a mixture of two immiscible liquids?)
উত্তৰ:- এই পৰীক্ষাটোৰ বাবে কেৰাছিন তেল আৰু পানীৰ মিশ্ৰণৰ লোৱা যাওঁক। দ্বিতীয়তে পৃথকী কৰণ চুপি। কেৰাছিন আৰু পানী মিশ্ৰণক পৃথকীকৰণ চুপিত ভৰোৱাৰ পাছত লক্ষ্য কৰিবা যে যিটো তৰলীয় পদাৰ্থ আন এটা তৰলীয় পদাৰ্থকে ঘনত্ব কম এই তৰলীয় পদাৰ্থ আন এটা পদাৰ্থতকৈ বেছি উপঙি থাকে ।
আৰু ঠিক এইদৰে কেৰাছিন পানীতকৈ কম ঘনত্ব কম ঘনত্ব হোৱাৰ বাবে কেৰাছিন উপঙি থাকিব ।আৰু চুপিৰ পেঁচঠিলাটো খুলি এনেকৈ কেৰাছিন আৰি পানীৰে মিশ্ৰিত পদাৰ্থতক পৃথকীকৰণ কৰিব পাৰি॥

Comments
Post a Comment