আমাৰ চাৰিওকাষৰ বস্তুবোৰ (Matter in our surrounding)..
1.পদাৰ্থসমুহ কেনেধৰে গঠিত ?
Ans:-পদাৰ্থসমূহ ক্ষুদ্ৰ-ক্ষুদ্ৰ কণিকাৰে গঠিত। পদাৰ্থসমূহ ধূলিকণাৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ সমষ্টিৰে পৰিপূৰ্ণ।
2.পদাৰ্থৰ অৱস্থাসমুহ কেইটা ভাগত ভাগ কৰিব পাৰি ভাগসমুহ চমুকৈ লিখা।
Ans:- ভাগসমুহ তিনিপ্ৰকাৰৰ ভাগ কৰিব পাৰি-
(a)গোটা অৱস্থা(The Solid State):- গোটা পদাৰ্থসমুহ নিৰ্দিষ্ট ধৰাবন্ধাৰে প্ৰতিটো গোটা পদাৰ্থসমুহৰে গঢ় বা আকৃতি ,এটা পৰিসীমা থকাৰ লগতে স্থিৰ আয়তনো আছে ।গোটা পদাৰ্থসমুহক বাহ্যিকভাৱে বল প্ৰয়োগ কৰিলে গোটা পদাৰ্থটোৰ আকৃতি সলনি নহয় বৰঞ্চ ভাঙিয়ে যাব পাৰে। গতিকে গোটা পদাৰ্থসমুহ দৃঢ়।
(b) জুলীয়া অৱস্থা(The laiquid state):- জুলীয়া পদাৰ্থসমূহৰ নিজা আকৃতি নাই যদিও জুলীয়া পদাৰ্থসমুহৰ নিৰ্দিষ্ট আয়তন আছে । জুলীয়া পদাৰ্থসমূহ গোটা পদাৰ্থৰ দৰে দৃঢ় নহয় সেয়ে জুলীয়া পদাৰ্থ বৈ যাব পাৰে ।সেয়েহে ইহঁতক প্ৰবাহী (fluid)বুলি কোৱা হয়।
(c)গেছীয় অৱস্থা(The Gaseouse State):-গেছীয় পদাৰ্থসমূহ যিকোনো অৱস্থা আকৃতিতে সংকুচিত হব পাৰে ।গোটা আৰু জুলীয়া পদাৰ্থকৈ বেছি সংকুচিত হব পাৰে। উদাহৰণস্বৰূপে LPG ,CNGl
*( পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে )*
ঘনত্ব=ভৰ/আয়তন ।
3.এটা পদাৰ্থৰ ভৰ 25 kg আছে আনহাতে পদাৰ্থৰ আয়তন মুঠ 5 cm হলে পদাৰ্থটোৰ ঘনত্ব কিমান হব?
Ans:- দিয়া আছে
পদাৰ্থৰ ভৰ 25 kg
আনহাতে আয়তন 5 cm
আমি জানো যে
পদাৰ্থৰ ঘনত্ব =ভৰ/আয়তন
ঘনত্ব=25/5
ঘনত্ব=5.
4.আয়তন আৰু ভৰ SI একক কি?
Ans:-আয়তনৰ SI একক=meter qube
ভৰৰ SI একক=kg
5.অৱস্থাৰ পৰিৱৰ্তন হয়নে ? কাৰণ দৰ্শোৱা ?
Ans:-অৱস্থাৰ পৰিৱৰ্তন তিনিটা অৱস্থাতেই হয় ,তিনি প্ৰকাৰত যেনে-
-গোটা অৱস্থা
-জুলীয়া অৱস্থা
-গেছীয় অৱস্থা।
উদাহৰণস্বৰূপে কোনো এটা গোটা অৱস্থাত থকা পদাৰ্থ যেনে বৰফ। বৰফে বা অন্য গোটা বস্তু তাপ পালে বৰফৰ কণিকাবোৰৰ গতি শক্তি বাঢ়ে ফলত গলিবলৈ আৰম্ভ কৰে আৰু জুলীয়া অৱস্থাৰ ৰূপ লয় আনহাতে বেছিকৈ তাপ পালে জুলীয়াৰ পৰা জলীয় ভাপ হৈ গেছীয় অৱস্থালৈ পৰৱৰ্তিত হয় ।
5. কোনো এটা গোটা পদাৰ্থ কেনেকৈ গলি যাব পাৰে ?
Ans:-কোনো এটা গোটা পদাৰ্থ তাপ পালে বা উষ্ণতা বঢ়ালে কঠিন পদাৰ্থৰ কণিকাবোৰে অধিক বেগত কম্পন কৰিবলৈ আৰম্ভ কৰে প্ৰয়োগ কৰা তাপখিনিয়ে মাজৰ আকৰ্ষণ বল ত্যাগ কৰি মুক্তভাৱে গতি কৰিবলৈ আৰম্ভ কৰে শেষত কঠিন অৱস্থাত থকা পদাৰ্থও জুলীয়া অৱস্থালৈ পৰিনত হয় ।
6.গলনাংক (Melting Point)কি ?
Ans:- এক বায়ুমণ্ডলীয় চাপত যি,উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া অৱস্থাপ্ৰাপ্ত হয় সেই উষ্ণতাক পদাৰ্থটোৰ গলনাংক বোলে।
7.বৰফৰ গলনাংক কিমান কেলবিন?
Ans:-273.16 k
8.বিগলন (Fusion)কি?
Ans:-কঠিন পদাৰ্থৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক বিগলন বোলে ।
9.আৰ্দ্ৰতা কি?
Ans:-বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে বায়ুৰ আৰ্দ্ৰতা বোলে।বায়ুত জলীয় বাষ্পৰ পৰিমাণ বেছি হলে বাষ্পীভৱন বাঢ়ে ।

Comments
Post a Comment