Skip to main content

উদ্ভিদৰ পৰিপুষ্টি,সপ্তমান শ্ৰেণী,শংকৰদেৱ শিশু নিকেতন,বিজ্ঞানSankardev Sisu Niketon

 

উদ্ভিদৰ পৰিপুষ্টি

উদ্ভিদৰ পৰিপুষ্টি



A. জ্ঞানভিত্তিক প্রশ্ন


প্রশ্নঃ জীৱই খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজন কিয় ?

উত্তৰ : শৰীৰৰ বৃদ্ধি আৰু পৰিচালনাৰ বাবে আৱশ্যকীয় শক্তি পাবলৈ জীৱই খাদ্য গ্ৰহণ কৰে আৰু ইয়াক ব্যৱহাৰ কৰে।


প্রশ্নঃ কেৱল সেউজীয়া উদ্ভিদেহে খাদ্য প্ৰস্তুত কৰিব পাৰে কিয় ? 

উত্তৰ : কাৰণ উদ্ভিদৰ পাতত থকা সেউজীয়া ৰঞ্জক পদার্থ পত্ৰহৰিতে সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি আহৰণ কৰি কাৰ্বন-ডাই-অক্সাইড (CO) আৰু পানীৰ (HO) সহায়ত সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে।


প্রশ্নঃ পুনৰাবৰ্তন (Recycling) প্ৰক্ৰিয়াত ভেঁকুৰ বা বেক্টেৰিয়াৰ কিবা অৱদান আছে নেকি?

উত্তৰ : পুনৰাবৰ্তন প্ৰক্ৰিয়াত ভেঁকুৰ আৰু বেক্টেৰিয়াৰ যথেষ্ট অৱদান আছে। বেক্টেৰিয়াই মৃত জীৱসমূহ গেলি-পচি যোৱাত সহায় কৰে আৰু ভেঁকুৰে এই গেলা- পচা সামগ্ৰীৰ পৰা পৰিপুষ্টি গ্ৰহণ কৰে আৰু এই বস্তুবোৰ মাটিৰ লগত পুনৰ চামিল হোৱাত সহায় কৰে।


প্রশ্ন : পতংগভোজী উদ্ভিদে কিয় পতংগ ভক্ষণ কৰে ? উত্তৰ: পতংগভোজী উদ্ভিদসমূহ সেউজীয়া ৰঙৰ হয় আৰু সেইবাবে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰিব পাৰে। কেৱল নাইট জেন জাতীয় খাদ্য আহৰণৰ বাবে এই উদ্ভিদবোৰ পতংগভোজী হয় বা পোক-পতংগ খাদ্য হিচাপে গ্ৰহণ কৰে।


প্রশ্নঃ ভেঁকুৰৰ পৰিপুষ্টি বেলেগ ধৰণৰ হয় কিয় ?

উত্তৰ: আন সেউজীয়া উদ্ভিদৰ দৰে ভেঁকুৰ সেডজীয়া ৰঙৰ নহয় আৰু সেইবাবে সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। সিহঁতে এক ভিন্ন প্ৰকাৰৰ পৰিপুষ্টি

পদ্ধতিৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে। এই জীৱসমূহ সাধাৰণতে মৃত বা গেলি গুচি যোৱা বস্তুৰ ওপৰত গজে। ভেঁকুৰে তাৰ দেহৰ পৰা পাচক ৰস নিঃসৰণ কৰে গাৰু এই ৰসে দ্রব্যসমূহ সৰল দ্ৰৱণলৈ ৰূপান্তৰ কৰে। তাৰ পিছত কোষবেৰৰ সহায়ত জৰ দেহলৈ শোষণ কৰি লয়। ভেঁকুৰে মৃত অথবা গেলি পচি যোৱা বস্তুৰ পৰা প্ৰৱণ হিচাপে পৰিপোষণ কৰে বাবে ইয়াক মৃতজীৱিয় পৰিপুষ্টি বোলা হয় আৰু মৃতজীৱী পৰিপুষ্টি ব্যৱহাৰ কৰে বাবে ইহঁতক মৃতজীৱী বোলা হয়।


B. চমু উত্তৰৰ প্ৰশ্ন


প্রশ্ন : স্বপোষী উদ্ভিদ মানে কি বুজায় ?

উত্তৰ : যিবোৰ উদ্ভিদে সৰল প্ৰবাৰ পৰা নিজৰ খাদ্য নিজে প্রস্তুত কৰি ল'ব পাৰে তেনে ধৰণৰ উদ্ভিদক স্বপোষী উদ্ভিদ বোলে। সকলো সেউজীয়া উদ্ভিদেই স্বপোষী।

C. দীঘল উত্তৰৰ প্ৰশ্ন


প্রশ্ন পার্থক্য লিখা : পৰজীৱী আৰু নৃতজীবী


উঃ যিবোৰ জীৱই পুষ্টিৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল সেই জীৱবোৰ পৰজীৱী। যেনে – অমলতা আৰু সকলো প্রাণী। আনহাতে যিবোৰ জীৱই মৃত, গেলি-পচি যোৱা সামগ্ৰীৰ পৰা পৰিপুষ্টি গ্রহণ কৰে সেইবোৰ হ'ল মৃতজীবী। উদাহৰণ – ভেঁকুৰ।


প্রশ্ন : পাতত শ্বেতসাৰৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা?

 উত্তৰ: টাবত থকা এটা গছপুলি টাবেৰে সৈতে ৭২ ঘণ্টাৰ বাবে (তিনি দিনৰ বাবে) এটা অন্ধকাৰ কোঠালীত ৰখা হ'ল। তাৰ পিছত টাবৰ গছ পুলিটোৰ পৰা এখিলা পাত আৰু ৰ'দত থকা গ. ছাপাৰ পৰা এখিলা পাত লোৱা হ'ল। তাৰ পিছত, দুয়োখিলা পাতৰ পৰা এনজাইম/উৎসেচকসমূহ আঁতৰ কৰিবৰ বাবে উতলা পানীত কেইমিনিটমানৰ বাবে ৰখা হ'ল। তাৰ পিছত পাত দুখিলা গৰম পানীৰ পৰা উলিয়াই এলকহলত উতলোৱা হ'ল। এনে কৰাৰ ফলত পাতত থকা পত্ৰহৰিৎ সমূহ আঁতৰি গৈ পাত দুখিলা কর্ণহীন হৈ পৰিল। তাৰ পিছত পাত দুখিলা কোমল কৰিবৰ বাবে পুনৰ উতলা গৰম পানীত ডুবাই দিয়া হ'ল। তাৰ পিছত পানীৰ পৰা পাত দুখিলা উঠাই লৈ তাত কেইটোপালমান আয় 'ডি'নৰ দ্ৰৱ দিয়া হ'ল। তাৰ পিছত পাত দুখিলা ৰ'দত ৰখা হ'ল। কিছু সময়ৰ পিছত দেখা গ'ল যে এখিলা পাতে নীলা বৰণ লৈছে আনহাতে আনখিলা পাতত ৰঙৰ কোনো পৰিবৰ্তন নহ'ল আৰু ই মুগা বৰণৰে হৈ থাকিল। নীলা হোৱা পাতখনে এইটো সুচায় যে তাত শ্বেতসাৰ আছে আৰু ইয়াক ৰ'দত থকা গছজোপাৰ পৰা লোৱা হৈছিল। আনহাতে আন্ধাৰত থোৱা গছজোপাৰ পাতত শ্বেতসাৰ প্ৰস্তুত হোৱা নাছিল ।


প্রশ্ন : সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটি চমু বর্ণনা দিয়া। 

উত্তৰ: উদ্ভিদৰ পাতবোৰেই খাদ্য প্ৰস্তুতকৰণৰ কাৰখানা। উদ্ভিদৰ খাদ্য সংশ্লেষণ সেউজীয়া পাতত হয়। সেইবাবে সকলো কেঁচা সামগ্ৰী পাতলৈ যাব লাগিব। উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু খনিজ লবণ জাইলেম নলীকাৰ দ্বাৰা পাতলৈ পৰিবহণ কৰে। পাতত থকা সৰু সৰু ছিদ্র সমূহে ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডলৰ পৰা কার্বন-ডাই-অক্সাইড আহৰণ কৰে। এই ছিদ্ৰবোৰক পত্ৰৰ বোলা হয় আৰু ইহঁতক


প্রশ্নঃ কোষবে কি?

উত্তৰ: জীৱৰ শৰীৰটো কিছুমান সৰু সৰু এককৰ দ্বাৰা গঠিত। এইবোৰেই হ'ল কোষ। উদ্ভিদৰ কোষবোৰ এটা আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে, ইয়াক কোষবেৰ বোলে।


প্রশ্নঃ ভেঁকুৰৰ জীৱন চক্ৰত ৰেণুৰ (Spores) ভূমিকা সম্বন্ধে লিখা ।

 উত্তৰ: ভেঁকুৰৰ জীৱন চক্ৰত ৰেণুৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সাধাৰণতে ভেঁকুৰে প্ৰজননৰ দ্বাৰা বহুতো ৰেণু উৎপন্ন কৰে। এই ৰেণুবোৰ বতাহত ওপঙি থাকে। যেতিয়া সিহঁতে আৰ্দ্ৰ আৰু গৰম বস্তুৰ সংস্পৰ্শলৈ আহে তেতিয়া সিহঁতে অংকুৰিত হৈ বৃদ্ধি হয়।


প্রশ্ন : লাইকেন বুলিলে কি বুজা ?

উত্তৰঃ লাইকেন নামৰ জীৱবিধ হৈছে ভেঁকুৰ আৰু পৱহৰিং থকা শেলাইৰ এক সহজীৱিতা। ভেঁকুৰে শেলাইক আশ্রয়, পানী আৰু খনিজ লৱণ যোগান ধৰে আৰু ইয়াৰ পৰিৱৰ্তে শেলায়ে সালোক সংশ্লেষণৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য ভেঁকুৰক যোগান ধৰে।ৰক্ষীকোষে আৱৰি থাকে। পাতত থকা সেউজীয়া ৰঞ্জক কণিকাক পত্ৰহৰিৎ বোলা হয়। পত্ৰহৰিতে সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি আহৰণ কৰাত সহায় কৰে। এই উদ্ভিদ জোপাই কার্বন-ডাই-অক্সাইড আৰু পানীৰ পৰা খাদ্য সংশ্লেষণ বা প্রস্তুত কৰাত ব্যবহৃত হয়। যিহেতু সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত খাদ্য সংশ্লেষণ হয়, সেই কাৰণে সালোক-সংশ্লেষণ বোলা হয়। ইয়াৰ দ্বাৰা এইটো জনা হ'ল যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে পাহৰিৎ, সূৰ্যৰ ৰশ্মি, কার্বন-ডাই-অক্সাইড আৰু পানীৰ প্ৰয়োজন । পাতে সৌরশক্তি ধৰি ৰাখে আৰু উদ্ভিদত খাদ্য হিচাপে সঞ্চয় হয়। পাতত প্রস্তুত হোৱা খাদ্যসমূহ ফ্লোরেম নলীকাৰ দ্বাৰা গছৰ বিভিন্ন অংশলৈ যায়।


প্রশ্নঃ চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস। 

উত্তৰ: উদ্ভিদে সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্রস্তুত কৰে। সালোক সংশ্লেষণৰ অবিহনে কোনো খাদ্য পোৱা নাযাব । প্রায় সকলোবোৰ জীৱই জীয়াই থাকিবৰ বাবে উদ্ভিদে প্ৰস্তুত কৰা খাদ্যৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰশীল। তদুপৰি সকলো জীৱৰে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অক্সিজেনো সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়তে উৎপন্ন হয়। সালোক-সংশ্লেষণ প্রক্রিয়া অবিহনে জীৱ পৃথিৱীত জীয়াই থকাটো অসম্ভৱ।

https://ekarsangtakar.blogspot.com/2023/05/sankardev-sisu-niketon.html


Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, Niyomiya Barta,Amar Asom,Asom Aditya,Dainik Janambhumietc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.