অধ্যায়- ২
জীৱ জগত

Animal Kingdom

১। কোষ কাক বোলে ?
উত্তৰ: জীৱ দেহৰ গঠন আৰু কাৰ্যৰ এককটোকে কোষ বোলে।
২। তলৰ কোনবোৰ মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱ ? এমিবা, প্লাজম’ডিয়াম, যক্ষ্মা ৰোগৰ বীজাণু, কলেবা ৰোগৰ বীজাণু ।
উত্তৰ : মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱবোৰ হ'লঃ যক্ষ্মা ৰোগৰ বীজাণু, কলেৰা ৰোগৰ বীজাণু।
৩। প্ৰটিষ্টা ৰাজ্যৰ দুটা জীৱৰ নাম লিখা ।
উত্তৰ : প্ৰটিষ্টা ৰাজ্যৰ দুটা জীৱ হ'ল— (১) এমিবা, (২) প্লাজম’ডিয়াম ।
৪। খালী ঠাই পূৰ কৰা ঃ
(ক) লেক্টবেছিলাছে গাখীৰ দৈ কৰা কাৰ্যত সহায় কৰে।
(খ) এন্টামিবা হিষ্টলিটিকাই গ্ৰহণী ৰোগ সৃষ্টি কৰে।
(গ) পেনিচিলিয়াম নামৰ ভেঁকুৰ বিধৰ পৰা পেনিচিলিন
প্ৰস্তুত কৰা হয় ।
(ঘ) চাইকাছ নগ্নবীজী উদ্ভিদৰ উদাহৰণ।
(ঙ) মকৰা এবিধ সন্ধিপদী প্রাণী। (চ) একাটিনা এবিধ বাগিছা বা চেচুকীয়া ঠাইত থকা কোমল দেহী প্রাণী ৷
[11:54 am, 27/05/2023] Mou Hazarika:
(ছ) ৰাইজ'বিয়াম নামৰ বেক্টেৰিয়াই উদ্ভিদৰ শিপাত নাইট্ৰজেন যুক্ত যৌগ জমা কৰে ।
জ) নীলা তিমি আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্রাণী। (ঝ) বাদুলী একমাত্ৰ উৰণীয়া স্তন্যপায়ী প্রাণী।
৫। উদ্ভিদ আৰু প্ৰাণীৰ দুটা পার্থক্য লিখা ।
উত্তৰ :১। উদ্ভিদে নিজে নিজৰ খাদ্য তৈয়াৰ কৰি লয়!
১। প্রাণীয়ে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে ।
২। উদ্ভিদ কোষত কোষবেৰ থাকে
২। প্রাণীকোষত কোষবে নাথাকে।
৬। প্ৰটিষ্টা ৰাজ্যৰ দুটা বৈশিষ্ট্য লিখা ৷
উত্তৰ : প্ৰটিষ্টা ৰাজ্যৰ দুটা বৈশিষ্ট্য হ'ল—
(A)প্রটিষ্টা ৰাজ্যৰ জীৱবোৰ এককোষী কিন্তু কোষৰ গঠন বেক্টেৰিয়াতকৈ কিছু উন্নত।
(B)জীৱবোৰৰ কিছুমানে উদ্ভিদৰ লক্ষণ বা চৰিত্ৰ দেখুৱাই আৰু কিছুমানে প্ৰাণীৰ চৰিত্ৰ দেখুৱাই ।
৭। ভেঁকুৰ ৰাজ্যৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰ : ভেঁকুৰ ৰাজ্যৰ দুটা বৈশিষ্ট্য হ'ল—
(A)ভেঁকুৰ বোৰ সাধাৰণতে জীৱদেহৰ গেলা পঁচা অংশ, গোৱৰ বা জাৱৰ দ'ম আদিত জন্মে।
(B) ভেঁকুৰৰ দেহত হৰিৎকণা নথকাৰ বাবে নিজৰ খাদ্য প্ৰস্তুত কৰিব!
নোৱাৰে। সেয়েহে অন্য জীৱৰ দেহত বাস কৰি খাদ্য আহৰণ কৰে। সেয়েহে ভেঁকুৰ বোৰক মৃতজীৱী বা পৰজীৱী বোলে।
৮। ভেঁকুৰৰ দ্বাৰা সৃষ্টি হোৱা এটা উদ্ভিদৰ বেমাৰৰ নাম লিখা।
উত্তৰ : আলুৰ ব্লাইট ৰোগ ভেঁকুৰৰ দ্বাৰা সৃষ্টি হয়।
৯। শেলাই কোন ৰাজ্যৰ অন্তৰ্ভুক্ত ?
উত্তৰ : শেলাই প্ৰ'টিষ্টা ৰাজ্যৰ অন্তৰ্ভুক্ত।
১০। একবীজ পত্নী আৰু দ্বিবীজ পরী উদ্ভিদৰ মাজৰ দুটা পার্থক্য লিখা ।
উত্তৰ
একবীজপত্রী
A.যিবোৰ উদ্ভিদৰ বীজত মাত্ৰ এটা
B. যিবোৰ উদ্ভিদৰ বীজত দুটাকৈ বীজ পত্র থাকে, তাকে একবীজপত্রী বীজ পত্র থাকে, তেনে উদ্ভিদক বোলে।
দ্বিবীজপত্রী বোলে।
A. ইয়াৰ শিপা গুচ্ছমূল প্ৰকৃতিৰ
B. ইয়াৰ শিপা মুখ্যমূল প্ৰকৃতিৰ ।
১১। অপুষ্পক উদ্ভিদৰ দুটা বৈশিষ্ট্য লিখা আৰু দুটা উদাহৰণ দিয়া।
উত্তৰ : অপুষ্পক উদ্ভিদৰ বৈশিষ্ট্য—
(A)অপুষ্পক উদ্ভিদৰ ফুল নহয়।
(B)অপুষ্পক উদ্ভিদবোৰ নিম্নখাপৰ উদ্ভিদ ৷ অপুষ্পক উদ্ভিদৰ উদাহৰণ হ'ল : ঢেকীয়া, শেলাই।
১২। এটা ৰন্ধ্ৰী প্ৰাণীৰ উদাহৰণ দিয়া।
উত্তৰ : ৰঙী প্ৰাণীৰ উদাহৰণ হ'ল— চাইকন।
১৩। নির্মল পানী বা খাল বিল আদিত পোৱা একনলদেহী প্রাণী এটাৰ নাম লিখা ।
উত্তৰঃ ৰৌ, বৰালী নদীত পোৱা মাছ।
২৭। ব্ৰহ্মপুত্ৰ নদীত পোৱা স্তন্যপায়ী প্রাণীবিধৰ নাম লিখা ।
উত্তৰ : ব্ৰহ্মপুত্ৰ নদীত পোৱা স্তন্যপায়ী প্রাণীবিধ হ'ল ডলফিন বা শিহু।
২৮। বগা ভালুক ক'ত পোৱা যায় ?
উত্তৰ : বগা ভালুক মেৰু অঞ্চলত পোৱা যায়।
২৯। ভেকুলীৰ লালুকীয়ে কিহৰ সহায়ত উশাহ লয় ?
উত্তৰঃ লালুকীয়ে জলক্লোমৰ সহায়ত উশাহ লয় ।
৩০। অমেৰুদণ্ডী প্ৰাণীৰ আটাইতকৈ ডাঙৰ পৰটো কি? ইহঁতৰ দুটা উত্তৰ : অমেরুদণ্ডী প্ৰাণীৰ আটাইতকৈ ডাঙৰ পৰ্বটো হ'ল সন্ধী পদী। বৈশিষ্ট্য লিখা ।
সন্ধীপদী প্ৰাণীৰ বৈশিষ্ট্য হ'ল—
A.এই প্ৰাণীৰ ঠেংবোৰ কেইবাটাও সন্ধিযুক্ত বা জোৰা লগা।
B. প্ৰাণীবোৰৰ দেহটো মূৰ, ডিঙি আৰু উদৰ এই তিনি খণ্ডত বিভক্ত।
Comments
Post a Comment