Skip to main content

ফাগুনৰে চৃংগিং আপ্পুন।এক।কাৰ্চাং তাকাৰ

 

ফাগুনৰ উপন্যাস

এক

(বানানভূলৰ বাবে ক্ষমা মাগিছো,পৰৱৰ্তীসময়ত কিতাপ আকাৰে প্ৰকাশ কৰা হ'ব,আজিকালি ডিজিটেল যুগ নোটবোৰত ডিজিটেলতেই লিখিছো,কিবা কাৰণ মোৱাইলৰ পৰা ডিলিট হলে যাতে পুনৰ পাব পাৰে)

মনত নপৰে চাগৈ তোমাৰ এই গিল-গিলিয়া হাঁহিৰ মাজত থকা তোমাৰ স্পন্দন ভাষাবোৰ ,নিয়ৰ এনে মাতত উদিগ্ন হৈ পৰিছে চুনামী।নিয়ৰে বুজি পাইছে চুনামীৰ এই অনুভৱ খিনি বৰ্তমান এই সময়ত কিহৰ প্ৰয়োজন ,এনেই আকাশ ডাৱৰীয়া ,ডাৱৰীয়া আকাশখিনিওঁ যোগ দিছে তেওঁলোকৰ মাজত ।খূব এটা  এন্ধাৰ পৰিৱেশ যদিওঁ উজ্বলিত হ'ব খোজা আকাশ দেখিছে ,লাহে লাহে নিয়ৰৰ কপঁনি উঠিছে ,জীৱনৰ প্ৰথম বাৰৰ বাবে নিয়ৰে চুনামীক লগ পাইছে লাজতে নিয়ৰৰ চকু ৰঙা হৈ পৰিছে । চুনামীয়ে নিয়ৰৰ কাষ চাপিচে বেগাই যোৱা মানিমুনিৰ ধৰে,লগে লগে নিয়ৰো কলচী উদ্ভিদৰ দৰে তাইৰ শুংবোৰ কলচীৰ মুখত পৰি গৈছে। দুটি তিনিটি আঙুলিৰ খোজেৰে তাইৰ হাতৰ ওপৰে ওপৰে পাহাৰ বগাইছে ,হাতেৰে গিটাৰ বজাইছে চৌকৰ ককাঁল ,এতিয়া শেৱালী ফুলৰ গোন্ধ সৰি পৰাৰে

কথা । তেওঁলোকৰ মাজত থকা দূৰত্বৰ মৰুভূমিখনো কেনেকৈ ৰম্যভূমি হ'ল গমকে পাব নোৱৰা হ'ল এতিয়া আৰু যেন প্ৰেম আৰু মজবুত হৈছে এটা মৰুভুমিখন অৰণ্যলৈ ৰূপান্তৰিত হৈছে । এচুকত বাজি উঠিছে এটি গীত

*তোমাৰ মৰমে মোক

দেহত তুলিছে ঢৌ*

পুৱাৰ বেলিকা ঘৰৰ চোতালতে পালেগৈ,দুটলা ঘৰৰ ওপৰে ঘনচিৰিকাহতৰ খেল-ধেমালী,এনে সময়ত  নিয়ৰে  চুনামীক মাতিছে ,

:-ঐ চু...ঐ..চু ,উঠা উঠা বেলি ওলালহি ন'হয়

:-ৰ'চোন আৰু অলপ শুহঁ,কালিৰ নিচা এতিয়াওঁ যোৱাই নাই,

:- ছিঃ ছিঃ নাপাই দেই ৰুৱাদৰ মাক, মা'ই কিন্তু গালি দিব দেই ,ঘৰৰ বোৱাৰীয়ে এনেকৈ শুই থাকিলে কি হ'ব ঐ।

:- এতিয়া আমি ঘৰত নাই ন'হয়,আৰু অকণ মৰম দিয়ানা!

:- ছিঃ ছিঃ ৰোৱাদে শুনিব ,

:- ইঃ ৰুৱাদ এতিয়া বুজি নাপায়..

:- হ'ব হ'ব আকৌ শনিবাৰ আহিব,বাট চোৱা । এনকৈ বিচনাৰ পৰা উঠি নিয়ৰে স্নানাগাৰলৈ যায়।চুনামীওঁ চকু-মোক দুই পাকঘৰলৈ যায় আৰু গিৰিয়েক নিয়ৰলৈ চাহ বনাবলৈ । ৰুৱাদ তেওঁলোকৰ মাজৰ প্ৰথমতো প্ৰেমৰ চিন। বয়স প্ৰায় দুবছৰ । যেনেতেনে বহি বহি পিৰালীত বগাব পৰা হৈছে  । তেওঁলোকৰ মৰমবোৰ এতিয়াওঁ একে আছে আৰু একে থাকিব । স্নানাগাৰৰ পৰা নিয়ৰে চিঞৰে,

:-হেৰি শুনিছেনে টাৱেল এখন আনাছোন? চুনামীয়ে ঠাৱেল দি কয়

:- ইমান ৰাতিপুৱা গা-পা ধুই কলৈ যোৱা

:- অফিচ নোযোৱা নেকি? সময়চোৱা ন বাজিবৰ হ'ল

:- ঔৰা ,আজি দেওঁবাৰ ।অফিচ বন্ধ

:-অহ মই পাহৰিছিলোহে! এনেসময়তে চুনামীলৈ চায় লাহেকৈ কয় 

:- ঐ শুনাচোন এই অফিচখন আকৌ খুলো নেকি?

:- ই ই তহ! তহ! আজি শনিবাৰ নহয় পিছে দেওঁবাৰ হে! যেতিয়া তাইৰ হাতৰ আঙুলিখন ধৰিবলৈ আৰম্ভ কৰে লাজতে চুনামী কোঠাটোলৈ দৌৰি গুচি যায় আৰু পিছে পিছে নিয়ৰো দৌৰি যায়। চুনামীয়ে যে নিয়ৰৰ বাবে চাহ বনাইছিলে এইটোৰে একো খবৰেই নাই। নিয়ৰে সাৱতি ধৰি ,অতীতক ৰোমন্থন কৰি কয়

:- ঐ তোমাৰ মনত আছেনে নাই!

:- কি !

:- যেতিয়া মই যে তোমাক লগ পাইছিলো প্ৰথম

:- হম,এই মৈদমীয়াতনে?

:-হম,তেতিয়া তোমাৰ লগৰ কস্তুৰীৰ লগত যে কলেজ গৈছিলা

:-হম আৰু তাইৰ পৰা তুমি ফোন নম্বৰতো বাৰে বাৰে খুজিছিলা

:- কিন্তু তাই নিদিছিল,তুমি অথচ জানিছিলা নহ! তোমাৰ বাবে মই ষ্টেতপেডত সদায় ৰৈ তোমাক যে চাইছিলো ।

:- হম! জানিছিলো ! ,আৰু ভাৱিছিলো তুমি মোৰ কাষ চাপিবা বুলি!

:- কিন্তু তুমি লাজুকুৰীয়া আছিলা,

:- মই তাইক ফোন নাম্বাৰটো নিদিবলৈ কৈছিলো ,নাম্বাৰটো পোৱাৰ পাছত ছাগে আকৌ জানো তাত তুমি মোৰ ভাৱে ৰৈ নাথাকিব যে

:- তাৰ মানে তুমিওঁ।

:-হম,তুমি মনে নকৰা তোমাৰ বাবে মই ইমান সাজি কাছি যাওঁ অথচ

তুমি মোক এবাৰ হলেওঁ চোৱা । কিন্তু তুমি বৰ লাজুকুৰীয়া। আৰু ইমান দিনে কত আছিলা ,হেৰাই আছিলা যে।

:- নকবা আৰু এটা বিলম্বনা । তোমাক পোৱাৰ হেপাঁহতে কৰবাত লুকাই আছিলো।

:- তোমাকছোন ফেচবুকত সদায় দেখো তোমাৰ লিখা-তোমাৰ কবিতাবোৰ পাওঁ,কেতিয়াবা  বিচাৰো কবিতাবোৰত মোৰ ঠিকনা আছেনে ? কেতিয়াবা ভাৱিছিলো আনকোনোৱা জীৱনত নাইতো!


:- নাই অহ! জীৱনতো কৰবাত ৰখি যোৱাযেন লাগি গ'ল,হাইয়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ফেইল হোৱাৰ বাবে লাজতে কৰবাত নিজকে আত্মগুপন কৰিছিলো।

:- কি ?

:- মই কাৰোলগতে কথা পতা বাদ দিছিলো আৰু হয়তো এনেকৈ কবিতাবোৰে লগ দিছিল হলেওঁ তোমাক মনত পেলাই কান্দিছিলো ,মোৰো যদি ভাল ফলাফল হোৱা হলে,

:- মই তোমাক ইমান বিচাৰি আছিলো ,কৰবাত অন্যছোৱালীৰ লগত ফটো দেখা পালে যেন নিজকে...॥

:- হম ! বুজিছো যেনে তেনে সিদিনা বুকুত সাহসলৈ ফেচবুকত sms কৰিছিলো আৰু এতিয়া....(পৰৱৰ্তী)....

Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.