মিচিং যুৱ মহোৎসৱ সংক্ষিপ্ত ইতিহাস আৰু মোৰ কিছু অনুভৱ ।
মন্টুৰাম টাইদ
ভ্ৰাম্য - ৮০১১0000000
Do:nyi Po:loké Ru:namé ngolu Mising opíné
Abotaniké Ommangé ngolu Misingé
Írga:né Dírbí Agomsém Kajé Ngolu mosisulai ...
Éddíkoi ngasod kadaggom
Rélékpé gíkumsulai
Do:píném Bíggapsulai
Lén-tok Kai .....Sí:sang Gí:dí Sí:pípé
Lén-tok Kai. .....Mising Gí:dí Sí:pípé .…
এই গীতটো এবাৰ শুনিলেই মিচিং যুৱমহোৎসৱ শব্দটো হৃদয়ৰ মাজত শিৰে শিৰে জিলিকি থাকে ।
আমাৰ চহকী ঐতিহ্য সংৰক্ষণ আৰু সমৃদ্ধ কৰা। সংস্কৃতিক ঐক্য আৰু সংগ্ৰামৰ অস্ত্ৰ হিচাপে গঢ়ি তোলা। সেয়া আছিল দ্বিতীয় মিচিং মহোৎসৱৰ মূল বাণী ।
মিচিং যুৱ মহোৎসৱ মানেই এতিয়া মিচিং জনগোষ্ঠীৰ নৱ-প্ৰজন্ম সকলৰ প্ৰাণ । তেনেকৈয়ে গোমৰাগ্ চ:মান, ৰাগতুপ চ:নাম , লত্তা চঃমান , চেল্লয়া,লৗৰৗলি আৰু নিঃতমো মিচিং যুৱ মহোৎসৱৰ প্ৰাণ । ই যেন মিচিং জনমানসৰ প্ৰাণ, হৃদয়ৰ স্পন্দন ।
হেলেন স্পেনচাৰ অ'টেয়িৰ মতে -
সংস্কৃতি হৈছে জীৱন, বিশ্বাস, নীতি, প্রক্রিয়া, আৰু আচৰণৰ প্ৰতি মৌলিক ধাৰণা, মূল্যবোধ আৰু মনোভাৱৰ এক অস্পষ্ট সংহতি, যিটো এটা গোটৰ লোকৰ অংশীদাৰ আৰু সেই গোটে গোটটোৰ প্ৰতিজন সদস্যৰ আচৰণ আৰু তেওঁৰ ওচৰৰ আন এজন সদস্যৰ আচৰণৰ অৰ্থ বা সংজ্ঞা প্রভাৱিত কৰে কিন্তু নিধাৰণ নকৰে '।
প্ৰকৃততে যুৱ মহোৎসৱৰ লক্ষ্য হৈছে এক উমৈহতীয়া মঞ্চত নিজৰ সাংস্কৃতিক শক্তি প্ৰদৰ্শন কৰি জাতীয় সংহতি, সাম্প্ৰদায়িক সম্প্ৰীতিৰ মনোভাৱ, ভাতৃত্ববোধ, সাহস আৰু দুঃসাহসিকতাৰ ধাৰণা প্ৰচাৰ কৰা।
এনেদৰেও ব্যাখ্যা কৰিব পাৰি - যুৱ মহোৎসৱ হৈছে যুৱক-যুৱতীসকলক অৱদান, সহযোগিতা আৰু জাতি গঠনত প্ৰকৃত ভূমিকা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা এক মঞ্চ। সমাজৰ পৰিৱেশ তন্ত্ৰৰ বৃদ্ধিত উচ্চমানৰ যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব ।
এতিয়া মিচিং যুৱ মহোৎসৱ সংক্ষিপ্ত ইতিহাসৰ বিষয়ে জানো আহক -
> প্ৰথম যুৱ মহোৎসৱ- ১৯৯৬
_________________________
১৯৯৬ চনৰ ১৫,১৬,১৭ আৰু ১৮ ফেব্ৰুৱাৰী তাৰিখে ধেমাজি জিলাৰ ঐতিহাসিক কুলাজানৰ পাতিৰি গাঁৱত প্ৰথম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হয় ৷ এই মহোৎসৱৰ কেন্দ্ৰীয় সাংগঠনিক সভাপতি আৰু সম্পাদক আছিল ক্ৰমে প্ৰয়াত চেঙাৰাম মৰাং আৰু পৰমানন্দ চায়েঙীয়া৷প্ৰথম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ধেমাজি জিলা প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছিল যাৰ ফলত কেন্দ্ৰীয় সাংগঠনিক সমিতিয়ে উচ্চ ন্যায়ালয়তৰ ওচৰত দ্বাৰস্ত হ'বলগীয়া হৈছিল ৷ এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰায়দান আছিল-" The Mising Youth Festival Commencing from 15-02-96 shall be conducted without any hindrance or disturbance" এই ৰায়ৰ বাবে ধেমাজি জিলা প্ৰশাসনে নিষেধাজ্ঞা প্ৰত্য্যাহাৰ কৰিবলগীয়া হৈছিল ৷ এনেকৈয়ে ঐতিহাসিক কুলাজানৰ বিশাল পথাৰত হাজাৰ হাজাৰ জনসমুদ্ৰক সাক্ষী কৰি প্ৰথম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল৷
> দ্বিতীয় যুৱ মহোৎসৱ- ১৯৯৭
______________________
১৯৯৭ চনৰ ১৬, ১৭,১৮ আৰু ১৯ জানুৱাৰী তাৰিখে শিল্পী দিৱসৰ লগত সংগতি ৰাখি ধেমাজি জিলাৰ জ‘নাইত দ্বিতীয় মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হয় ৷ এই মহোৎসৱৰ সভাপতি আৰু সম্পাদক আছিল প্ৰয়াত চেঙাৰাম মৰাং আৰু পৰমানন্দ চায়েঙীয়া ৷ দ্বিতীয় মহোৎসৱৰ মূল বাণী আছিল- preserve and enrich our rich heritage. Make culture the weapon of unity and struggle.এই অনুষ্ঠানত ডাঃ জয়ন্ত ৰংপিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল৷
Manturam Taid's another post are ,click it now
> তৃতীয় যুৱ মহোৎসৱ- ২০০০
______________________
লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ পাতিৰিচুকত ২০০০ চনৰ ১৮, ১৯, ২০ আৰু ২১ এপ্ৰিল তাৰিখে তৃতীয় যুৱ মহোৎসৱ অনুষ্ঠিত হয় ৷ এই মহোৎসৱৰ শ্ল'গান আছিল- সুস্থ সমাজৰ বাবে জনসংস্কৃতি গঢ়ি তোলা,জনসংস্কৃতিৰ মাধ্যমেৰে ঐক্য,সমন্বয় আৰু সংগ্ৰাম গঢ়ি তোলা ৷
> চতুৰ্থ যুৱ মহোৎসৱ - ২০০৪
_______________________________
ধেমাজি জিলাৰ গোগামুখৰ সমন্বয় ক্ষেত্ৰত ২০০৪ চনৰ ১২-১৫ ফেব্ৰুৱাৰী তাৰিখে চতুৰ্থ যুৱ মহোৎসৱ অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত বিশ্ববৰণ্যে শিল্পী ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি যুৱ মহোৎসৱৰ মহান উদ্দেশ্যক জনমানসত সবল ৰূপত তুলি ধৰিছিল ৷ মিচিং সমাজৰেই আন এগৰাকী বৰণ্যে শিল্পী অই আপ্পুন নামে খ্যাত গণেশ পেগুদেৱে ড° ভূপেন হাজৰিকাৰ স'তে একেলগে অনুষ্ঠান পৰিৱেশন কৰিছিল ৷ ভূপেন দাই গাইছিল " মানুহে মানুহৰ বাবে..."৷ তাৰ ঠিক লগে লগে গণেশ পেগুদেৱেও মিচিং ভাষাত গাই গৈছিল - তানিৱৗ তানি লৗগাপৗ...৷ সেয়া আছিল সেই গীতৰ অনুবাদিত ৰূপ ৷ ভূপেন দা আৰু গণেশ পেগুৰ সেই গীতৰ শৰাইত হাজাৰ হাজাৰ দিচাং মুখৰ ডেকাই মন্ত্ৰমুগ্ধ হৈ অনুষ্ঠানটি জীপাল কৰি তুলিছিল ৷ যুৱ মহোৎসৱ আহিলেই ভূপেন হাজৰিকা আৰু গণেশ পেগু সোণোৱালী যুটীয়ে মিচিং জাতিক আজীৱন সোঁৱৰাই থাকিব ৷
> মিচিং যুৱ মহোৎসৱ- ২০১২
____________________
শিল্পীৰ কোনো জাতি নাই,কোনো ভেদ নাই, কোনো ভাষা নাই,কোনো পৰিধি নাই ৷ পৃথিৱীখনেই শিল্পীৰ ঘৰ ৷ শিল্পী সকলোৰ বাবেই প্ৰাণৰ,মৰমৰ ৷ মিচিং সমাজৰ বাবেও ভূপেন দা কিমান মৰমৰ, কিমান আপোনৰ আছিল পঞ্চম মিচিং যুৱ মহোৎসৱেই তাৰ প্ৰমাণ ৷ ড° ভূপেন হাজৰিকাই চতুৰ্থ মিচিং যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি যোৱা সেই একেখন ঠাই গোগামুখতেই পুনৰবাৰ ২০১২ চনৰ ৯,১০,১১ আৰু ১২ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত কৰি বিশ্ববৰণ্যে শিল্পী ভূপেনদাৰ পৱিত্ৰ সোঁৱৰণত পঞ্চম মিচিং যুৱ মহোৎসৱটি উৎসৰ্গিত কৰা হয় ৷ এই মহোৎসৱত ভূপেন দাৰ ভাতৃ সমৰ হাজৰিকাদেৱে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিছিল৷
> ষষ্ঠ যুৱ মহোৎসৱ-২০১৭
____________________
২০১৭ চনত ধেমাজি জিলাৰ চিলাপথাৰ অকাজনত ষষ্ঠ যুৱ মহোৎসৱ অনুষ্ঠিত হয় ৷ এই মহোৎসৱৰ কেন্দ্ৰীয় সাংগঠনিক সভাপতি আৰু সম্পাদক আছিল ক্ৰমে একলব্য গাম আৰু ভূৱন পেগু৷
> সপ্তম যুৱ মহোৎসৱ- ২০২০
____________________
মাজুলীৰ জেংৰাইমুখত ২০২০ চনৰ ৩, ৪, ৫, আৰু ৬ মাৰ্চ তাৰিখে সপ্তম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হয় ৷ মাজুলীৰ এই মহোৎসৱত তেতিয়াৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল লগতে কুকিলকন্ঠী গায়িকা উষা মাংগেশকাৰে অংশগ্ৰহণ কৰি মিচিং ভাষাৰে কথাৰে আৰম্ভণি কৰিছিল । Kumríksudung , Aidun Nolu অৰ্থাৎ নমষ্কাৰ গ্ৰহণ কৰিছোঁ , আপোনালোকৰ ভালনে ইত্যাদিৰ বাক্যৰে উৎসৱটি সৌষ্ঠৱ বৃদ্ধি কৰিছিল ৷ এই মহোৎসৱৰ কেন্দ্ৰীয় সাংগঠনিক সমিতিৰ সভাপতি আৰু সম্পাদক আছিল একলব্য গাম আৰু ভূৱন পেগু৷
> অষ্টম যুৱ মহোৎসৱ- ২০২৩
____________________
২০২৩ চনৰ ২ , ৩, ৪, আৰু ৫ ফেব্ৰুৱাৰী তাৰিখে ধেমাজি জিলাৰ গোগামুখৰ চুমনি গাঁৱত TMPK ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰু অষ্টম সংখ্যক মিচিং যুৱ মহোৎসৱটি একেলগে অনুষ্ঠিত কৰা হয় ৷ এই মহোৎসৱৰ সভাপতি আৰু সম্পাদক হ'ল ক্ৰমে একলব্য গাম আৰু ভূবন পেগু ৷ অনুষ্ঠানত লাডাকৰ Scientific, Education Reformist সোনম ৱাংচু ( Sonam Wangchuk ) য়ে অংশগ্ৰহণ কৰি অনুষ্ঠান মুহিত কৰিছিল ।
অধিৱেশনস্থলীৰ মূল তোৰণৰ লগতে আদী অকুম, গাল অকুম,মিচিং অকুম,মুৰং অকুম, গাংগৃং, য়া:লৃগ অকুম আদি বৈচিত্ৰ্যপূৰ্ণ ঘৰসমূহ সংগৃহীত প্ৰায় ২২ হাজাৰ থলুৱা বাহঁ বেতেৰে ছাত্ৰনেতৃবৃন্দ আৰু সাধাৰণ ৰাইজৰ শ্ৰমদানত আটকধুনীয়াকৈ সজাই তোলা হৈছিল ৷ TMPK ৰ সোণালীবৰ্ষৰ সামৰণি অনুষ্ঠান আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ উপলক্ষে ৰাইজৰ যি শ্ৰমদান এই শ্ৰমদানে ইয়াকেই প্ৰমাণ কৰে যে TMPK মানেই জাতীয় আৱেগ,TMPK মানেই মিচিং জাতিৰ এক জাতীয় আত্মা ৷ অষ্টম সংখ্যক যুৱ মহোৎসৱত হেৰাই যাব ধৰা লোকসংস্কৃতি যেনে ৰাগতুপ,লত্তা চ:মান, মিবু চুমনাম , চেল্লয়া, লৗৰৗলি চ:নাম , মদুম নি:তম, মিদাং নি:তম , ইয়ি- অৗপুগ আবনাম,আ:ম য়িগনাম ইত্যাদি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি নৱ প্ৰজন্মৰ স'তে চিনাকি কৰাই দিয়াৰ যি প্ৰয়াস এই প্ৰয়াস নিশ্চিতভাৱে আদৰণীয় আছিল ৷
> নৱম যুৱ মহোৎসৱ- ২০২৪
__________________________
অহা ইং ১,২,৩ আৰু ৪ ফেব্ৰুৱাৰী ২০২৪ চনত ধেমাজি জিলাত অন্তৰ্গত বগীবিল কাৰেং চাপৰিত অনুস্থিত হ'ব । কাৰেং চাপৰিয়েই এতিয়াৰ পৰা হ'ব স্থায়ী মঞ্চ , আৰু প্ৰতি বছৰেই এতিয়াৰ পৰা হ'ব মিচিং যুৱ মহোৎসৱ সেয়া মিচিং সমাজৰ বাবে যুগান্তকাৰী অধ্যায় । প্ৰতি বছৰত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নগৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ লুকাই থকা প্ৰতিভাবান যুৱক - যুৱতীৰ বাবে এতিয়া মুকলি মঞ্চ হৈ পৰিব কাৰেং চাপৰি ।


Comments
Post a Comment