মালিনীথান আৰু হাবুঙৰ পাৰে পাৰে॥
◼মালচন্দ্ৰ মিলি
যোৱা ইং ৪/০১/২০২৪ তাৰিখে বৃহস্পতিবাৰে আমাৰ শংকৰদেৱ শিশু নিকেতন 'দোৱাৰ গাৱঁৰ পৰা মালিনীথানলৈ বুলি ৰাওনা হোৱাত মই স্বয়ং আনন্দিত আমাৰ ছাত্ৰ-ছাত্ৰী সকলেও খুবেই উৎফুল্লিত।আমাৰ ছাত্ৰ-ছাত্ৰীসকলে পুৱা ৫ বজাত নিৰ্দিষ্ট সময় সূচীতে নিকেতনত উপস্থিত হয় সেই একে সময়তে বাছত উঠি ভ্ৰমভ আৰম্ভ কৰিলো লগে লগে ভ্ৰমণৰ মূখ্য দায়িত্বত থকা থকা তপন পায়েং আচাৰ্যৰ বহু তৎপৰতাৰে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখিবলৈ ছাত্ৰ-ছাত্ৰীৰ নাম উল্লেখ কৰা হয় ।ভ্ৰমণৰ দীঘলীয়া যাত্ৰাত নিৰ্দিষ্ট সময়তে চিলা পথাৰৰ দক্ষিণফালে আৰু অৰুনাচল ল'ৱাৰ চিয়াং জিলাৰ পুৱফালে অৱস্থিত গন্তব্যস্থান মালিনীথানত পুৱা দহবজাত বাছৰ পৰা নামি দিয়া হয় ।
পাহাৰ-ভৈয়াম সেই মিলন তীৰ্থভূমিত অৱস্থিত ইতিহাস প্ৰসিদ্ধ মালিনী থান দৰ্শন কৰাৰ লগতে সেউজীয়া প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশ বহু সময় ধৰি উপভোগ কৰিলো লগতে পাহাৰৰ শীৰ্ষত অৱস্থিত ৰুক্মিনী মন্দিৰ দৰ্শন কৰিবলৈ গৈ প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীক লৈ পাহাৰ বগোৱা মাদকতা পালো ।ৰুক্মিনী মন্দিৰৰ সেউজীয়া পাথৰৰ চোড়াৰত প্ৰকৃতিৰ নিৰিবিলি পৰিবেশে দুগুনে মোক আকৰ্ষিত কৰিলে পাহাৰৰ দৃশ্যই আৰু বেছি হাত বাউলি মাতিছিলে যদিও সময়ৰ গতিয়ে আমাক পৰৱৰ্তী ঠাইলৈ যাবলৈ সংকেত দিছিল আৰু তাৰ লগে লগে সকলো ছাত্ৰ-ছাত্ৰীক সামৰি লিকাবালিস্থিত বনভোজথলীত দুপৰীয়া ভোজনৰ কাৰুকাৰ্য্য কৰা হয় ।আমাৰ প্ৰধান আচাৰ্য হৰকান্ত পায়েঙৰ নিজা সম্পৰ্কীয় চিলাপথাৰৰ নিবাসী অনন্ত মিলি দম্পতিসহৰ কথাওঁ নকৈ থাকিব নোৱাৰি ।আমাৰ নিকেতন পৰিয়ালক ভাল পাই বহু কষ্ট স্বীকাৰ কৰি আমাৰ নিকেতনৰ সকলোকে খাদ্যৰ জুতি আমোদ দিছিল।ছাত্ৰ-ছাত্ৰীৰ ইচ্ছা আৰু সময়ৰ প্ৰতি লক্ষ ৰাখি বনভোজ স্থান এৰি এক বজাত পুনৰ বাছত উঠি ধেমাজি জিলাৰ দক্ষিণে অৱস্থিত আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰথম তিতাপিস্থল হাবুঙলৈ বুলি ৰাওনা হয় ।আহি আহি বিয়লি তিনি বজাত হাবুং দৰ্শন কৰিলো আতক ধুনীয়াকৈ সজাই তোলা হাবুঙৰ বিশাল মন্দিৰ সেই চেগতে দৰ্শন কৰা হয় ।এই সময়ৰ সুযোগ লৈয়েই আচাৰ্য বুদ্ধেশ্বৰ হাজৰিকা চাৰৰ লগত চাওলুং চুকাফাৰ ডাঙৰ আলোকচিত্ৰৰ সমুখত ছেলফি লোৱা হয়।মোৰ খুবেই আমোদজনক আৰু ভ্ৰমণ কৰিলে যেন জীৱনৰ সকলো অশান্তি ফলকতে দূৰ হয় যেন অনুভূত হয় ।
বনভোজৰ লগতে তিনিটাকৈ তীৰ্থস্থান দৰ্শন কৰাটো প্ৰত্যাহ্বান আছিলে যদিওঁ আচাৰ্য-আচাৰ্য্যা,ছাত্ৰ-ছাত্ৰীৰ একতা আৰু চেষ্টাৰ ফলত সেই সকলোখিনি শিক্ষামুলক ভ্ৰমণৰ কাৰ্যসূচী সফলভাৱে সমাপ্তি ঘটোৱাৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীলৈ শুভেচ্ছা আৰু সহ আচাৰ্য -আচাৰ্য্যালৈ ধন্যবাদ জ্ঞাপন কৰিছো ।

Comments
Post a Comment