53 তম লখিমপুৰ কেন্দ্ৰীয় কাংকিন কেবাঙত লখিমপুৰ জিলাৰ বিভিন্ন মহাবিদ্যালয় সমুহৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা ।
আন্তঃ মহাবিদ্যালয় মিচিং কুইজ প্রতিযোগিতা উদ্বোধক : ড° লোহিত হাজৰিকা, অধ্যক্ষ, লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়।
মই ভাবোঁ এয়া আটাইতকৈ ছাত্ৰ - ছাত্ৰীসকলৰ বাবে এক গুৰুত্বপুৰ্ণ প্ৰতিযোগিতা ।
অনুষ্ঠানত হাত ধৰোতা হিচাপে মন্টুৰাম টাইদ , বিশিষ্ট কবি ত্ৰিৰঞ্জন টাইদ , বিশিষ্ট গল্পকাৰ গোবিন নৰহে ছাত্ৰ - ছাত্ৰীৰ মাজত প্ৰশ্ন কৰে । লগতে সহযোগত বিশিষ্ট লেখিকা বিণাপানী পেগু মিলি আৰু জেউতি পামেগাম পাঠৰী ।
#comment #likeme #share #quizshow #QuizTime #quiz #Mising #college #university
#MAC
কুইজ সমুহ ক্ৰমে -
মিচিং কুইজ
সংগ্ৰাহক-মন্টুৰাম টাইদ
শিক্ষা
________________
১/ মিচিঙৰ প্ৰথম বি . এ ( স্নাতক ) কোন ?
উঃ চাৰু চন্দ্ৰ দলে
২/ মিচিঙৰ প্ৰথম স্নাতকোত্তৰ ( M.A ) ডিগ্ৰীধাৰী কোন ?
উঃ মালচন্দ্ৰ পেগু
৩/ মিচিঙৰ প্ৰথম বিজ্ঞান স্নাতক কোন ?
উঃ মহী চন্দ্ৰ মিৰি
৪/ মিচিঙৰ প্ৰথম চিকিৎসক ( MBBS ) কোন ?
উঃ ডাঃ নোমল চন্দ্ৰ পেগু
৫/ হাইস্কুল শিক্ষান্ত পৰীক্ষাত stand পোৱা মিচিং ছাত্ৰজন কোন ?
উঃ অংকৰ জ্যোতি পেগু
৬/ মিচিঙৰ প্ৰথম IAS কোন ?
উঃ গোপীনাথ পেগু
৭/ মিচিঙৰ প্ৰথম IPS কোন ?
উঃ ড° যতিন মিপুন
৮/ প্ৰথম মিচিং মহিলা SP কোন ?
উঃ দিতিৰাণী দলে
৯/ মিচিঙৰ প্ৰথম শিক্ষয়িত্ৰী কোন আছিল ?
উঃ ভদ্ৰীবালা পাতিৰ
১০/ মিচিঙৰ প্ৰথম ডক্তৰেট ডিগ্ৰী পোৱা বিশিষ্ট শিক্ষাবিদজন কোন ?
উঃ ড° মৃনাল মিৰি
মিচিং স্বায়ত্ব শাসিত পৰিষদ
__________________________
১/ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ চুক্তি কেতিয়া স্বাক্ষৰ কৰিছিল ?
উঃ ১৪ জুন ১৯৯৫ চন ।
২/ মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্য কোন আছিল ?
উঃ লক্ষ্মীনাথ পাংগিং
৩/ মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
উঃ গোগামুখ ।
৫/ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সংগ্ৰাম ছহিদ সকল কোন কোন ?
উঃ বগা মেদক ( মহানন্দ ) , নৰেশ টাইদ আৰু অঞ্জনা পেগু ।
৬/ মিচিং স্বায়ত্ব শাসিত পৰিষদত কিমানটা সমষ্টি আছে ?
উঃ ৩৬ টা ।
৭/ MAC ৰ বৰ্তমান চিয়াৰমেন কোন ?
উঃ সুনীল কুমাৰ পেগু
৮/ মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰথম নিৰ্বাচিত মুখ্য কাৰ্য্যবাহী সদস্য কোন ?
উঃ ডা ৰনোজ পেগু ।
৯/
ৰাজনীতি
____________
১/ মিচিঙৰ প্ৰথম বিধায়ক কোন ?
উঃ কাৰ্ক চন্দ্ৰ দলে ।
২/ মিচিঙৰ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰথম সাংসদ কোন ?
উঃ ললিত কুমাৰ দলে ।
৩/ মিচিঙৰ প্ৰথম অসম বিধানসভাৰ অধ্যক্ষ কোন?
উঃ গনেশ কুটুম ।
৪/
খেলজগত
____________
১/ ভিয়েনামলৈ যোৱা মহিলা খেলুৱৈ গৰাকী কোন ?
উঃ ৰীতামনি পেগু
২/ মিচিঙৰ প্ৰথম বিশ্ব পাঞ্জা চেম্পিয়ন কোন ?
উঃ ৰাজেন মিলি ।
৩/ লক্ষ্ণৌত অনুস্থিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত " জেভলিন থৌৰ " স্বৰ্ন পদক লাভ কৰা মিচিং মহিলা খেলুৱৈ গৰাকী কোন ?
উঃ ৰুন জুন পেগু
৪/ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ ফুটবলত শ্ৰেষ্ঠ গলকিপাৰ পোৱা মিচিং খেলুৱৈ জন কোন ?
উঃ হেমন্ত পায়েং
৫/ নাকেৰে ছবি অংকন কৰি লিমকাবুক ৰেকৰ্ড কৰা মিচিং চিত্র শিল্পীজন কোন ?
উত্তৰ : শিৰোমণি দলে।
বাঃনে কৗবাং
_____________
১/কোন চনত মিচিং বাঃনে কেবাঙৰ জন্ম হৈছিল ?
উত্তৰ: ১৯২৪ চনত ।
২/ কোন চনত মিৰি সন্মিলনীৰ নাম মিচিং বাঃনে কেবাং বুলি নামাকৰণ কৰা হৈছিল।
উত্তৰ: ১৯৫৫ চনত ।
৩/ কোন চনৰ মিচিং বাঃনে কেবাং অধিবেশন ভাৰতৰ প্ৰধান মন্ত্ৰী প্রয়াত ইন্দিৰা গান্ধীয়ে বিশিষ্ট অতিথি হিচাপে যোগদান কৰিছিল?
উত্তৰ : ১৯৬৬ চনৰ কুলাজান অধিবেশনত ৷
৪/ বর্তমান মিচিং বাঃনে কৗবাঙৰ সভাপতি কোন?
উত্তৰ : পৰমানন্দ চায়েঙীয়া।
মিচিং আগম কৗবাং
____________________
১/ মিচিং সাহিত্য সভাৰ কোন চনত জন্ম হৈছিল ? উত্তৰ : ১৯৭২চনৰ ১৮ এপ্রিল তাৰিখে , দিচাংমুখত ।
২/ মিচিং সাহিত্য সভাৰ প্ৰথম সভাপতি কোন ?
উত্তৰ: আগম মিগাং টাবু টাইড।
৩/ মিচিং সাহিত্য সভাৰ পতাকা উত্তোলন গীতৰ ৰচক কোন ?
উত্তৰ : তৰুণ চন্দ্ৰ পামে গাম।
TMPK
_________
১/ সদৌ মিচিং ছাত্ৰ সন্থাৰ প্ৰথম সভাপতি কোন ?
উত্তৰ: মেদিনী মোহন দলে।
২/ কোন চনৰ ক'ত সদৌ মিচিং ছাত্ৰ সন্থাক টাকাম মিচিং পৰিণ কেবাং নামাকৰ কৰা হৈছিল ?
উত্তৰ : ১৯৮৫ চনত, জেংৰাইমুখত।
৩/ বৰ্তমান TMPK ৰ সভাপতি আৰু সম্পাদক জনৰ নাম কি ?
উঃ সভাপতি তিলক দলে আৰু সম্পাদক চান পাংগিং
MMK
________
১/ মিচিং মিমাগ কেবাঙৰ কোন চনত জন্ম হৈছিল ?
উত্তৰ : ১৯৯৩ চনত ।
২/ মিচিং মিমাগ কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তৰঃ চণ্ডীৰাম পেগু ।
TMMK
________
১/ কোন চনত সদৌ মিচিং মহিলা সমিতিৰ প্ৰতিষ্ঠা হৈছিল ?
উঃ ১৯৯০ চনত , গোগামুখ
২/ টাকাম মিচিং মিমে কৗবাঙৰ প্রথম সভানেত্রী কোন আছিল ?
উত্তৰ : প্ৰভাৱতী দলে ।
মিচিং দৃৰবৃ কৗবাং MDK
_______________________
১/ কোন চনত মিচিং দৃৰবৃ কেবাঙৰ জন্ম হৈছিল ?
উত্তৰ: ১৯৮৫ চনত ।
২/মিচিং দৃৰবৃ কৗবাঙৰ প্ৰথম সভাপতি কোন আছিল ?
উত্তৰ: ইন্দ্ৰেশ্বৰ পেগু ।
সান মিহলি প্ৰশ্ন
_________________
১/ মিচিঙৰ প্ৰথম অনাতাঁৰ শিল্পী কোন ?
উত্তৰ : বানেশ্বৰ মিলি।
২/ মিচিং ভাষাৰ বানান পদ্ধতি নামৰ পুথিখনৰ লেখক কোন?
উত্তৰঃ টাবু টাইড ।
৩/ লুতাদ নামৰ মিচিং বাতৰি কাকত খন কেতিয়া আৰু ক'ত প্ৰকাশ পাইছিল ?
উত্তৰ : ১৯৮১ চনত । শিৱসাগৰ।
৪/ Outline grammar of the shaiyang Miri language নামৰ পুথিখনৰ লেখক কোন ?
উত্তৰ: জে এফ নীডহাম
৫/ মিচিং ভাষাৰ প্ৰথম 'অসমীয়া' লিপিৰে লিখা পুথিখনৰ নাম কি ?
উত্তৰ: মিৰিদোৱান।
৬/ মিচিং গাঁৱৰ মুৰব্বী জনক কি বোলে ?
উত্তৰ: গাম বোলে।
৭/ ভাৰতৰ স্বাধীনতা আন্দোলনৰ মিচিঙৰ প্ৰথম শহীদ কোন ?
উত্তৰ : কমলা মিৰি।
৮/ মিচিং বুৰঞ্জী বিদ কোন ?
উত্তৰ : সোণাৰাম পায়েং কটকী।
৯/ মিচিঙৰ প্ৰথম গ্ৰামফোন ৰেকৰ্ডাৰ (দ্বৈত কণ্ঠত) বানীবন্ধন কৰা শিল্পী দুগৰাকী কোন ?
উত্তৰ : টাবুৰাম টাইড আৰু শ্ৰীমতী ৰীতাদেবী মেদক।
১০ / মিচিঙৰ প্ৰথম শিল্পী পেঞ্চন পোৱা শিল্পী জন কোন ?
উত্তৰ : নন্দেশ্বৰ পায়েং।
১১/ মিচিঙৰ প্ৰথম প্ৰকাশ পোৱা আধুনিক গীতৰ সংকলনটিৰ নাম কি ?
উত্তৰ: আঅৃন-মুৰকং।
১২/ মিচিং ভাষাৰ প্ৰথম অডিঅ' কেছেটৰ নাম কি ?
উত্তৰ : কাৰপুনপুলি।
১৩/ মিচিং ভাষাৰ প্ৰথম ভিডিঅ' বোলছবিৰ নাম কি?
উত্তৰ : মিগাং ।
১৪/ কোন চনত বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাই মিচিং যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছিল ?
উঃ ২০০৪ চনত ।
১৫/ মিচিং ভাষাৰ প্রথম আলোচনীখনৰ নাম কি ?
উত্তৰ: মিৰ-মিগল।
১৬/ আগম মিগাং টাবুৰাম টাইড স্মৃতি স্তম্ভ ক'ত নিৰ্মাণ কৰা হৈছে?
উত্তৰ : আবুতানি লত্তা, গোগামুখ।
১৭/ কোন মিচিং শিল্পীৰ নেতৃত্বত দিল্লী গণৰাজ্যদিৱসত মিচিং কৃষ্টি প্রদর্শন কৰিছিল?
উত্তৰ: বিক্রমসিং য়েইন (১৯৫৪ চনত)।
১৮/ কোন চনৰ পৰা মিচিং আলি আয়ে লিগাং ফাগুন মাহৰ প্ৰথম বুধবাৰৰ পৰা উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ?
উত্তৰ : ১৯৫৬ চনৰ ৩০ অক্টোবৰৰ পৰা ৷
১৯/ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা পোৱা মিচিঙৰ প্ৰথম সাহিত্যক গৰাকী কোন ?
উঃ ড° নাহেন্দ্ৰ পাদুন ।
২০/ অই - আপ্পুন ছন্মনামটো প্ৰথমে কাক নামাকৰণ কৰা হৈছিল ?
উঃ সূৰ্য কুমাৰ চিন্তে ।
২১/ মিচিঙৰ প্ৰথম সাহিত্যক পেন্সন পোৱা প্ৰথম ব্যক্তি কোন ?
২২/ Dictionary of Abor Miri language নামৰ পুথিখনৰ লেখক কোন ?
উত্তৰ : জে এইচ ল'ৰেন্স।
২৩/ The Pronouncing Mising-English-Assamese Dictionary পুথিখনৰ লিখক কোন ?
উঃ জিৎমল দলে ।
২৪/ মিচিং ভাষাৰ প্ৰথম অভিধান খনৰ নাম কি ?
উত্তৰ - A Dictionary of the Mising Language
২৫/ মিচিং সাহিত্য সভাৰ ‘মিচিং আগম কৗবাঙৰ মুখ্য কাৰ্যালয় ক'ত স্থাপন কৰা হৈছে?
উত্তৰ : কাড়িচুক, ধেমাজি ।
২৬/ প্রধানমন্ত্রী কৃষি কর্ম বঁটা পোৱা আদর্শ খেতিয়কজন কোন ?
উত্তৰ: হেমকান্তী পায়েং।
২৭/ বলিউডত হিন্দী চলচ্চিত্ৰত অভিনয় কৰা প্ৰথম মিচিং অভিনেতা জন কোন ?
উত্তৰ : দিগন্ত মিলি ।
কাংকিন কৗবাং আৰু লখিমপুৰ
__________________________
১/ কাংকিন কৗবাং ক'ত আৰু কিমান চনত জন্ম হৈছিল ?
উঃ ১৯৭০ চনৰ ৬ চেপ্তেম্বৰ , লখিমপুৰত ।
২/ লখিমপুৰ কাংকিন কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতি কোন ?
উঃ হেম চন্দ্ৰ পায়েং
৩/ ন - পুৰনি চিনাকী পৰ্ব নামাকৰণটো কোনে মিচিং ভাষাত কাংকিন কেবাং নামাকৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল ?
উঃ অই আপ্পুন গণেশ পেগুদেৱে ।
৩/ উত্তৰ লখিমপুৰৰ অন্তৰ্গত ঘুণাসুঁতিৰ এহাল চহা মিচিং প্রেম যুগল জংকি-পানেইৰ অমৰ প্ৰেম- গাঁথাৰ পটভূমিত উপন্যাস " মিৰি জীয়ৰী ' কিমান চনত ৰচনা কৰিছিল ?
উঃ ১৮৯৪ চনত ।
৪/ মিৰ-মিগল নামৰ আলোচনী খন কেতিয়া আৰু ক'ত প্ৰকাশ পাইছিল ?
উঃ ১৯৬৭ চনত, উত্তৰ লক্ষীমপুৰ ।
৫/সম্পূৰ্ণ নাম কোৱা -
MBK - মিচিং বাঃনে কৗবাং
MAK - মিচিং আগম কৗবাং
TMPK - টাকাম মিচিং পৰিণ কৗবাং
MMK - মিচিং মিমাগ কৗবাং
TMMK - টাকাম মিচিং মিমে কৗবাং
MDK - মিচিং দৃৰবৃ কৗবাং


Comments
Post a Comment