গতি (Revolution) : আহ্নিক গতি,আহ্নিক গতি
পৃথিৱীৰ দুই ধৰণৰ গতি আছে আৱর্তন বা আহ্নিক গতি আৰু পৰিভ্ৰমণ বা বার্ষিক গতি। এইদুই ধৰণৰ গতি একেলগেই চলি থাকে।
আহ্নিক গতি (Rotation) :
প্ৰতিদিনেই দিনৰ পিছত ৰাতি আৰু ৰাতিৰ পিছত দিন হোৱা ঘটনা চলি আছে। প্ৰতি ৰাতিপুৱা সুৰ্যটো পূব দিশত উদয় হয় আৰু দিনৰ ভিতৰত আকাশেদি ভ্ৰমণ কৰি সন্ধিয়া পশ্চিম দিশত মন যায়। পৃথিৱীৰ
আহ্নিক বা দৈনিক গতিৰ ফলতেই এনে ঘটনা ঘটে।
পৃথিৱীয়ে ইয়াৰ মেৰুদণ্ডৰ ওপৰত ভিত্তি কৰি পশ্চিমৰপৰা পুৰলৈ আৱৰ্তন কৰে। পৃথিৱীৰ মেৰু দণ্ড হৈছে দুই মেকৰপৰা পৃথিৱীৰ কেন্দ্ৰইদি যোৱা এডাল কাল্পনিক রেখা। মেরু দণ্ডৰ ওপৰত এপাক ঘূৰিবলৈ পৃথিৱীক যিখিনি সময় লাগে, তাকে এদিন বোলে। সম্পূর্ণ এদিন মানে ২৩ ঘণ্টা, ৫৬ মিনিট, ৪০৯ ছেকেণ্ড। কিন্তু সূৰ্যৰ সম্পৰ্কত সম্পূর্ণ এপাক আৱৰ্তনৰ গড় সময় হৈছে ২৪ ঘণ্টা। পৃথিবী আৰু সূৰ্যৰ সম্পৰ্কৰ অধ্যয়নৰ কাৰণে এদিনক ২৪ ঘণ্টা বুলি ধৰা হয়।
[ পৃথিৱীৰ আকৃতি গোলাকাৰ হোৱাৰ বাবে ভূ-পৃষ্ঠৰ পৰিধি সকলো অক্ষ রেখাতে সমান নহয়। সেয়েহে ভূ-পৃষ্ঠৰ সকলো ঠাইত আৱর্তনৰ গতিবেগো একে নহয়। বিষুব-লেখাৰ পৰিধি বৃহত্তা কাৰণে বিদুর বেখাত এই গতিবেগ সর্বাধিক, অর্থাৎ ঘন্টাত প্রায় ১৭০০ কিল মিটান। বিষ্ণুক-ৰেখাৰ দুয়োপিনে ৬০% উত্তৰ আৰু দক্ষিণ অক্ষ-ৰেখাত আৱর্তনৰ গতিকে বিষুৱ ৰেখাত আৱর্তনৰ পতিবেগৰ আধা, অর্থাৎ ৮rau কিল'মিটাৰ। বিষুৱ-ৰেখাৰ উত্তৰ আৰু দক্ষিণলৈ আৱৰ্তনৰ গতিকো ক্রমান্বয়ে কমি গৈ দুই মেৰুত শূন্য হয়গৈ। পৃথিৱীৰ ওপৰত থাকি পৃথিৱীৰ লগে লগে আমি দৈনিক আবৰ্তন কৰি আছো যদিও পৃথিবীয়ে সম্পূর্ণ একে বেগত আৱৰ্তন কৰাৰ বাবে আমি গতি অনুভৱ নকৰো।।
বেল গাড়ীত গৈ থাকোতে আমাৰ ভাব হয় আমি যেন স্থিৰ হৈ আছো। কাষৰ গছ-বন বা ঘৰ বাৰীবোৰহে বে’ল-গাড়ীৰ গতিৰ বিপৰীতে দ্রুতগতিত গৈ থকা যেন লাগে। সেই ধৰণে গতিশীল পৃথিৱীৰপৰাও সূৰ্যটো পূৰৰপৰা পশ্চিমলৈ ঘূৰি থকা যেন লাগে।
গতি (Revolution) :
পৃথিৱীয়ে নিজ মেরু দত্তৰ ওপৰত অৰিবৰ্তভাৱে ঘূৰি থকাৰ উপৰিও এক নির্দিষ্ট গতি পথত নির্দিষ্ট দিশত (ঘড়ীৰ কাঁটাৰ বিপৰীত দিশভ), নির্দিষ্ট সময়ত সূৰ্যৰ চাৰিওপিনে ঘূৰি আছে। পৃথিৱীৰ এই গতিকে পৰিভ্ৰমণ বা বার্ষিক গতি বোলে। কাৰণ সূৰ্যৰ চাৰিওপিনে সম্পূর্ণ এপাক ঘূৰিবলৈ পৃথিৱীক এবছৰ সময় লাগে।
যি নিৰ্দিষ্ট পথেৰে পৃথিৱীয়ে সূৰ্যৰ চাৰিওপিনে পৰিভ্ৰমণ কৰে তাক পৃথিৱীৰ কক্ষ (orbit) বোলে। যি সমতলত কক্ষটো অৱস্থিত তাক কক্ষ-তল বোলে ৷ পৃথিৱীৰ কক্ষ বৃত্তাকাৰ নহয়, উপবৃত্তাকাৰহে (elliptical)। সূৰ্যটো উপবৃত্তটোৰ নাভিত (Focus) অৱস্থিত। সেই কাৰণে পৃথিবী আৰু সূৰ্যৰ মাজত দূৰত্ব বছৰটোৰ
[7:32 am, 14/09/2023] (কাৰ্চাং তাকাৰ): সকলো সময়তে একে নাথাকে। যেতিয়া পৃথিবী আৰু সূৰ্যৰ মাজৰ ব্যৱধান আটাইতকৈ কম হয়, তেতিয়া দুয়োৰে মাজৰ দূৰত্ব হয় ১৪৭ নিযুত কিল'মিটাৰ। পৃথিৱীৰ এই অৱস্থানকে অনুসূর (perihelion) বোলে। জানুৱাৰী মাহৰ ৩ তাৰিখে পৃথিবীয়ে অনুসুৰ অৱস্থান লাভ কৰে। পৃথিৱীয়ে যেতিয়া সূৰ্যৰপৰা আটাইতকৈ দূত, অর্থাৎ ১৫২ নিযুত কিল'মিটাৰ দূৰত্বত অৱস্থান কৰে, তেতিয়া তাকে অপসূর (aphelion) বোলে। সূৰ্য আৰু পৃথিবীৰ মাজৰ গড় দূৰত্ব ১৪৯৫ বা প্রায় ১৫০ নিযুত কিল'মিটাৰ। কক্ষপথত পৃথিৱীৰ গড় গতিবেগ ঘণ্টাত ১০৭ হাজাৰ কিল'মিটাৰ। এই গতিবেগ অনুসৃত আটাইতকৈ বেছি আৰু অপৰত আটাইতকৈ কম।
এ পৃথিবীক সূৰ্যৰ চাৰিওফালে সম্পূর্ণ এপাক ঘূৰিবলৈ ৩৬৫ দিন লাগে। গতিকে ৩৬৫ দিনত এবছৰ হয় আৰু - অংশক চাৰি বছৰৰ মূৰে মূৰে (-x৪ = ১) এদিন কৰি যোগ দি সেই বছৰটো ৩৬৬ দিনীয়া বুলি ধৰা হয়। এই চতুর্থতম বছৰটোকে অধিবর্ষ ( leap year) বোলে।
আহ্নিক গতিৰ ফুল (Effects of Rotation) t
(১) দিন-ৰাতিৰ সংঘটন : আহ্নিক গতিৰ ফলত ভূ-পৃষ্ঠত পর্যায়ক্রমে দিন আৰু বাতি সংঘটিত হৈ আছে। আমি জানো যে, সূৰ্যৰ পোহৰতহে পৃথিবী আলোকিত হয়। পৃথিবীৰ নিজা পোহৰ নাই। কিন্তু পৃথিবী গোলক আকৃতিৰ হোৱা বাবে ভূ-পৃষ্ঠৰ সকলো অংশতে একে সময়তে সূৰ্যৰ কিৰণ সমানে নপৰে। আনৰ ফলত পৃথিৱীৰ যি আধা অংশ সূৰ্যৰ সম্মুখীন হয়, সেই অংশ সূৰ্যৰ কিৰণত আলোকিত হৈ উঠে তাকে দিন বোলে) সেই সময়ত পৃথিৱীৰ বিপৰীত আধা অংশ সূৰ্যৰ কিৰণৰ অভাব অন্ধকাৰত থাে
তাকে বাডবোলে) পৃথিৱীৰ আলোকিত অর্ধাংশ আৰু অন্ধকাৰাচ্ছন্ন অৰ্ধাংশৰ মাজত বৃত্তাকৃতিৰ সীমাৰেখাক ছায়া খু (shadow circle) বোলে। পৃথিৱীৰ যি ঠাই যেতিয়া অন্ধকাৰ অংশৰপৰা ছায়া বৃত্ত পাৰ হৈ আলোকি



Comments
Post a Comment