তুমি আহিবা
-ভাৰত দাস ঘূনাসুঁতি
পথাৰত হাল জুৰিলোঁ,
উৰ্বৰা উপত্যকাত কঠীয়াও পাৰিলোঁ ।
সপোনৰ পথাৰখন সেউজ কৰিম
আকাশত মেঘবোৰ তীব্ৰ গতিত দৌৰিছে
বতৰটোৱে গৰজিছে,
মণ্ডুকৰ মাতে মুখৰিত ক্ষণত
ভাবিছিলোঁ তুমি আহিবা
সেউজ বিহীন মোৰ পথাৰখনলৈ
তুমি নাহিলা---
তুমি হীনতাত এইকেইদিন জাঙ্গিৰত বন্ধী
পখীৰ দৰে যন্ত্ৰণাত ছ্টফটাই আছোঁ।
প্ৰখৰ ৰ'দত মৰহি যোৱা দূৱৰিৰ দৰে
খৰত মোৰ কঠীয়াডৰাও মৰহি যাব ধৰিছে ,
তুমি আহিবা----
তোমাৰ পৰশতেই কঠীয়াডৰা জীপাল হৈ উঠিব
পথাৰখন সেউজীয়া হ'ব ;
তুমি নাহিলে
হালজোৰা পথাৰখন
সেউজমুখী কঠীয়াডৰা
খৰাঙৰ চিকাৰ হ'ব ।
তুমি আহিবা---
জীপালতালৈ মোৰ পথাৰখনলৈ
মই ঘূনাসুঁতিয়ে কৈছোঁ
-ভাৰত দাস,ঘূনাসুঁতি
মই অস্তিত্বৰ সংকতত ভুগিছোঁ
দিনে দিনে সংকুচিত হৈ পৰিছোঁ
মোৰ সমগ্ৰ নান্দনিকতা সোৱণশিৰিয়ে নিঃশেষ কৰিছে
স্বেচ্ছাই আঘাট কৰিছে মোৰ পৰিচয়ত ।
চাপৰিটোৰ অলেখ অই-নিঃতম উটি গৈছে পকনীয়াত
অজস্ৰ কবিতা পাকঘূৰণি খাই খাই ঢলিপৰিছে গৰাত
ইয়াৰ মানুহে বাৰে বাৰে ঘৰ ভাঙে ঘৰ সাজে
তথাপিও সপোন এটাৰ পিছত দৌৰি থাকে অক্লান্ত !
কিমান মৰ্মান্তিক হ'লে নিজে সজা ঘৰখন নিজে ভাঙে
কিমান প্ৰয়োজনত নাৱৰ টিঙত জীউটো আঁৰি
কুৱলী ফালি ফালি পাৰাপাৰ হ'ব পাৰে সোৱণশিৰি
কিমান দৰিদ্ৰতাই চেপিলে বৰদৈচিলাকো নেওঁচি
ভাটিয়ালী গীত জুৰে নদীয়ালে---
নদীবান্ধ !
বৃহত নদীবান্ধ
যি এটা জলবোমা
সিওঁ দিছে মোক ভয়াৱহ পৰিস্থিতি সংকেট ।
হে চৰকাৰ
মোক বচোৱা-----
মই 'মিৰি জীয়ৰী' উপন্যাস খ্যাত
পানৈ-জংকি দেশ ঘূনাসুঁতিয়ে কৈছোঁ |
তাই মিচিং ছোৱালী
-ভাৰত দাস,ঘূনাসুঁতি
সোৱণশিৰি পাৰৰ টঙীঘৰত
তোক প্ৰথম দেখিছিলোঁ অপৰাহ্ন,
তই হুৰাই দি আছিলি বতা চৰাই ।
তোক দেখি তাঃপুঙত সুৰ জুৰিছিলোঁ ।
এজাৰ ফুলীয়া হাঁহি এটা মাৰি
তাঃপুঙৰ সুৰত সুৰ মিলাই তই ঐনিঃতম জুৰিছিলি
তোৰ ঐনিঃতমৰ অপূৰ্ব সুৰত
দুগুণ উল্লাসেৰে বাঢ়িছিল ঘূনাসুঁতি
যি পানৈ-জংকি প্ৰেমৰ চিৰন্তন সাক্ষী ।
তোৰ ঐনিঃতমৰ সুৰত জীপাল হৈ উঠে ধৰা
জুই হৈ ফুলে নগ্ন মদাৰ শিমলু পলাশ
পৰিভ্ৰমী চাকৈ-চকোৱা জাকো থমকি ৰয়
তোৰ ঐনিঃতমৰ লহৰত
বনঘোঁৰাটোও মৌন হৈ পৰে
কত সপোন নীড়
ঠোঁতৰ দুবৰি কেইডাল এৰি কপৌহালে
তোৰ ঐনিঃতমৰ সুৰত বিলিন হৈ যায় ।
তই মিচিং ছোৱালী বাবেই নেকি ?
তোৰ কন্ঠেৰে বৈ অহা ঐনিঃতম তাঃপুঙৰ সুৰতকৈও
ইমান মিঠা সুৰীয়া
তই মিচিং ছোৱালী বাবেই নেকি ?
তোৰ কথাবোৰ ঐনিঃতম ঐনিঃতম লগা ।
মিছিং শব্দাৰ্থ
১)তাঃপুং-মুখেৰে ফু দি বজোৱা বাদ্য
জয়া পায়েং মিলিৰ কবিতা পঢ়িবলৈ ইয়াত ক্লিক কৰক👉me
তই চহৰলৈ নাযাবি ঐয়াও
-ভাৰত দাস,ঘূনাসুঁতি
তই চহৰলৈ যাব নালাগে ঐয়াও
চহৰৰ উচ্ছৃংখল বতাহে
টানি আঁজুৰি তোৰ দেহৰ
ৰিঃবি-গাচৗং ব্লাউজ চেগবুঙৰ বিপৰীতে
কিছুমান পশ্চিমীয়া সাজ পিন্ধিবলৈ বাধ্যকৰাব,
মই জানো।তই অসন্মত।
কিন্তু তই হাৰিবি !
চহৰৰ যান্ত্ৰব্যৰ মাজত অৰ্ধনগ্ন পোছাকত দেখি তোক
গাঁৱৰ মানুহে আপত্তি কৰিব মোক
তেতিয়া পানৈ সজাৰ সঁচ তই মিচিং মৃমবৃৰ মোৰ ঐয়াও বুলি
কেনেকৈ চিনাকী দিম মোৰ আতাইক !
তই চহৰলৈ গ'লে……
ফাগুনৰ প্ৰথম বুধবাৰে
পদূলিত কাঁটলফুটা হাঁহি জোৱাৰ নুঠিব
ভাহি নাহিব চেঙেলীয়া ওঁঠেৰে সুহুঁৰি
মৗৰামৰ চাৰিওকাষে ম্লান হৈ পৰিব
সুকীয়া অবৰ্ণনীয় মাদকতা।
তই চহৰলৈ গ'লে……
গভীৰ ৰাতি অথবা কাহিলি কাহিলি
গাহৰি পোৱালিবোৰে তোক বিচাৰি বিচাৰি কান্দিব,
তইযে মাজ ৰাতিও দানা দিৱ ;
তই চহৰলৈ যাব নালাগে ঐয়াও……
পথাৰ পথাৰ গোন্ধোৱা তোৰ গাৰ গন্ধ সলনি হৈ যাব,
তই চহৰলৈ গ'লে-
দিনটোৰ পৰিশ্ৰান্তত মৗৰামৰ কাষত বহি
ভাগৰ জুৰুৱাবলৈ জুতিৰে কোনে ছেকি দিব
কুম্বাঙৰ আৰুগ্ কলহ নমাই
এবাতি পঃৰ আপঙ।
°°°°°°°°°°°°°
মিচিং শব্দাৰ্থ
ঐয়াও-ভনী/মৗৰাম-জুইখাল/পঃৰ আপঙ-ছাইমদ/কুম্বাঙ-ধোঁৱা চাঙ/আৰুগ-পুৰণি/ৰিঃবি-গাচৗং-মেখেলা-চাদৰ/চেগবুং-ৰিহা
তপন পায়েঙৰ কবিতা পঢ়িবলৈ ইয়াত টিপি দিয়ক👉me
সুখৰ এনিশা
-ভাৰত দাস,ঘূনাসুঁতি
তুমি আহিলে ভোগালী উৰুকাতে আহিবা
কঙাল পৃষ্ঠাবোৰ লুতিয়াই
উপভোগ কৰিম ভেলাঘৰত
সু-মধুৰ এনিশা ।
তুমি চাগৈ বৰ ব্যস্ত,
হ'লেও সময় উলিয়াই আহিবা ।
ফেৰি ঘাটত শেষ যাত্ৰীৰ বাবে ৰৈ থাকিব
এখন হাত নাও,
বনঘোঁৰাটোৱেও ৰৈ থাকিব মুনি-চুনি সময়লৈ
শেষৰ যাত্ৰীক অন্তিম সুহুঁৰিটো শুনাবলৈ ।
কলিজা কঁপোৱা মৃদু বতাহৰ স্পৰ্শত
নৃত্যৰতা ঝাউবনৰ তালত তাল মিলাই
গৰখীয়া ঐনিঃতমৰ সুৰত সুৰ মিলাই
লুংলুঙীয়া গো-বাটেৰে আহি গাঁও পাবা ।
আগুৰি ধৰি সকলোৱে সম্ভাাষণ জনাব তোমাক,
মৰম পিপাসী শূণ্য শীতল বুকু উমাল হৈ উঠিব
যিদৰে উমাল কৰি তুলিব মেজিৰ জুইয়ে সৰ্বাংগ শৰীৰ ।
তুমি আহিলে মাঘ বিহুৰ উৰুকাতে আহিবা
গাঁৱৰ সকলোৱে মিলি উদযাপন কৰিম
সুখৰ এনিশা ।

.jpg)



Comments
Post a Comment