জয়া মিলি পায়েঙৰ চাৰিটা কবিতা,চিত্ৰকৰ,ফাগুন,ঠিকনা,মাতৃত্ব
আপুনিওঁ আপোনাৰ স্বৰিত কবিতা প্ৰকাশৰ বাবে প্ৰেৰণ কৰিব পাৰিব,অধিক জানিবলৈ contact us page ত গৈ আপোনাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰিব।
চিত্ৰকৰ
চিত্ৰকৰ মই মোৰ কল্পনাৰ কাৰেংঘৰৰ
চিত্ৰকৰ নহওঁ সুন্দৰৰ।
আদিৰ পৰা অনাদিলৈ
ৰূপান্তৰ হৈ মই নৱতম সৃষ্টিৰ
শলিতা জ্বলাওঁ।
কিন্তু
আজি মুক্ত
আকাশৰ বিশালতাত
ৰুদ্ধ মোৰ তুলিকা কিয় জানানে?
নৰকঙ্কালৰ বেশত থাকি
চাহাৰাৰ মাজত বহি
কেনেকৈ আকিম মই
আকাশী গঙ্গাৰ ছবি ।
মাতৃত্ব
কোন দূৰ অতীতৰ অতিথী তুমি?
তুমি হয়তু সৰগৰ পৰী
নতুবা ইন্দ্ৰৰ ৰাজসভাৰ অপেশ্বৰী?
কোন তুমি কবানে?
সৰগৰ পৰা আহি ধৰাৰ বুকুত
গৰ্ভৰ পৰা আহি মাতৃৰ কোলাত
এদিন দুদিন কৰি বাঢ়ি আহিলা লহ-পহকৈ
তুমি হয়তু সূৰ্য্য হেঙুলী ৰহন
মেঘালীৰ আৰত লুকা ভাকু খেলা।
তোমাক আলফুলে তুলি ললো আজি
তুমি যে আমাৰ আলাসৰ লাডু
হিয়াৰ আমঠু চকুৰ মনি।
তোমাে হাতৰ লিহিৰি হাতৰ পৰশ
ফুটা নুফুটা অস্পষ্ট মাতেৰে
মুগ্ধ কৰিলা সবাকে।
আজি উপভোগ কৰিছো এক অনাবিল আনন্দ
অপ্ৰকাশিত এক শিহৰণ
যাৰ নাম মাতৃত্ব॥
ফাগুন
হাত বাউলি মতা বিৰিখৰ পাতে পাতে
মই আহো দেশৰ বতৰা লবলৈ
মোক পোৱানে চিন?
ময়েই অকৰা কবিৰ দুষ্ট ফাগুণ।
চুকে চুকে কি আছে দেহা উদঙাই
চোৱাৰ হেপাহত মই নিলাজ ফাগুন
বাউলি হৃদয় মোৰ
উন্মনা মন।
যেনি যাও তেনিয়েই হুলস্থুল
কাপোৰ ফালি উদঙাই চিৱা মোৰ দুষ্ট স্বভাৱ
লগতে টেবুলৰ তলত লিখা কাগজৰ টুকুৰা
বা কৰোৱাৰ ঠিকনা ।
পুৰণিক বিদায় দি নতুনক আদৰি অনাৰ
দুৰ্বাৰ হেপাহ মোৰ
গছ বিৰিখক নঙঠা নিৰাভৰণ কৰি.
নতুনৰ জোৱাৰ আনিম।
সেউজীয়া মন সেউজীয়া গছ বন
প্ৰকৃতিৰ অলৌকিক শক্তি
ভগৱানৰ মহিমা
এয়াতো মোৰেই সৌভাগ্য
দুষ্টামী ফাগুনৰ॥
চন্দ্ৰমা
শাৰদী তোমাৰ নাম
সুৱদী তোমাৰ নাম
তুমি মোৰ নিৰক্ষ ক্ষণৰ লগৰী।
কি নাম দি মাতিম তোমাক
চন্দ্ৰাৱতী নে বিষাদিনি?
নালাগে তুমি আজি একোকে হব
তুমি আজি নিৰৱে হৈ থাক
মোৰ প্ৰাণৰো প্ৰাণৰ বিৱৰ্ণ চন্দ্ৰমা॥
ঠিকনা
বিচাৰি ফুৰিছো আজি তোমাৰ ঠিকনা
কত হেৰাই গলা তুমি?
বতাহৰ লগত উৰি গলানে ?
ধুলিৰ লগত মিলি গলা।
এটি ভোকাতুৰ শিশুৰ দৰে
হাবাথুৰি খাই বিছাৰি ফুৰা
মাকৰ পিয়াহ বিছৰাৰ দৰে ।
মই চলাম কৰিছো
তোমাৰ ঠিকনা বিছাৰি।
বতাহক সুধো তোমাৰ বতৰা
সন্ধিয়াৰ পক্ষীজাকক সুধো তোমাৰ খবৰ।
নাই কতো বিছাৰি নাপাওঁ
তুমি আছা নেকি খৰস্ৰোতাত নদীৰ বুকুত
নতুবা হিমালয়ৰ উচ্চ শিখৰত ॥
আপুনি জাননে ? :-how to write a poem,
how to find rhyming scheme of a poem,
write a poem on nature,






Comments
Post a Comment