Skip to main content

অধ্যায় -3 অণু আৰু পৰমানু(Atoms and Molecules) সহজতে মনত ৰাখিব এবাৰ পঢ়ি চাওঁক

অধ্যায় -3
অণু  আৰু  পৰমানু(Atoms and Molecules)

1.ৰাসায়নিক সংযোগৰ বিধিসমুহ কি কি আৰু কোনে আগবঢ়াইছিল ?বিধিসমুজৰ বিষয়ে চমুকৈ লিখা?
Ans:ৰাসায়নিক বিধিক লেভয়ছিয়াৰ আৰু যোছেফ এল প্ৰাউষ্টেয়ে দুটা বিধি উল্লেখ কৰিছিল বিধি দুটা হল-
(a)ভৰৰ নিত্যতা বিধি
(b)স্থিৰানুপাত বিধি
(a)ভৰৰ নিত্যতা বিধি:- দুটা বা তথোদিক বিক্ৰিয়াত জাত পদাৰ্থৰ ভৰসমুহৰ যোগফল ৱা মিশ্ৰিত কৰাৰ পাছত পদাৰ্থ বা মৌলসমুহৰ ভৰ অপৰিৱৰ্তিত হৈ থাকে তেনে বিধিক ভৰৰ নিত্যতা বুলি কোৱা হয়।
(b)স্থিৰানুপাত বিধি:- দুটা বা তথোদিক মৌল বা বিক্ৰিয়াজাত পদাৰ্থ মিশ্ৰিত হোৱাৰ ফলতো এই মৌলসমুহৰ ভৰ সদায়েই নিৰ্দিষ্ট অনুপাতত থাকে।আৰু এই বিধিক স্থিৰানুপাত বিধি বোলে।

2. ডেল্টনৰ মতে মৌল বা যৌগসমুহ কেনেদৰে গঠিত?
Ans:-এটম পৰমানু নামৰ ক্ষুদ্ৰ কণিকাৰে গঠিত বুলি উল্লেখ কৰিছিল।
3.ডেল্টনৰ মতে মৌল বা যৌগসমুহ কেনেদৰে গঠিত হৈছে এই স্বীকাৰ্যসমুহ উল্লেখ কৰা?
Ans:-ডেল্টনৰ স্বীকাৰ্যসমু হল
(a)সকলো পদাৰ্থ পৰমাণু নামৰ অতিক্ষুদ্ৰ কণাৰে গঠিত।
(b)পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি ।নিৰ্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ  আৰু ৰাসায়নিক ধৰ্মসমুহ একেই।
(c)বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমুহ বেলেগ বেলেগ।
(d)যৌগ গঠনৰ বাবে পৰমাণবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতৰ যোজিত হয়।
(e)নিৰ্দিষ্ট  যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে।
4.পৰমানু কি?(What is atom?)পৰমানু কেনেকৈ গঠিত হৈছে?
Ans:- পদাৰ্থৰ মৌলিক গাথনি আৰু ই গধুৰ নিউক্লিয়াছৰ চাৰিওফালে ঋণাত্মক আৰু ধনাত্মক আধানেৰে গঠিত গোটবোৰকেই পৰমাণু বোলে ।
   (i)পৰমানুসমুহ মৌলিক কনাৰে গঠিত।
(ii)ই গধুৰ নিউক্লিয়াছ তথা ঋণাত্মক আৰু ধনাত্মক আয়নেৰে গঠিত ।
(iii)পৰমানুৰ ইলেকট্ৰনবোৰ  সাধাৰণতে বিদ্যুৎ চুম্বকীয় বলৰ দ্ধাৰা নিউক্লিয়াছৰ লগত বান্ধ খায় থাকে।
(iv)পৰমানুসমুহ নিজৰ মাজতেই বান্ধনি সৃষ্টি কৰি থাকে।
5. বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ আধুনিক চিহ্নসমুহ কেনেকৈ ব্যৱহাৰ কৰিছিল?
Ans:- মৌলবোৰৰ সুনিৰ্দিষ্ট অৰ্থবহ চিহ্ন বিজ্ঞানী ডেল্টনে ব্যৱহাৰ কৰিছিল। এই সম্পৰ্কে বাৰ্জিলিয়াছে মৌলবোৰৰ বিষয়ে পৰামৰ্শ দিছিল।আনহাতে মৌলসমুহৰ নাম এটা বা দুটা আখৰেৰে হব লাগে বুলি পৰামৰ্শ দিছিল।
ডেল্টনে  মৌলসমুহৰ ৰং অনুসৰি,মৌলৰ প্ৰকৃতি অনুসৰি,নামাকৰণ কৰিছিল যেনে-
(i)কপাৰক চাইপ্ৰাচ(cyprus)নামৰ পৰা আনহাতে
(ii)সোণক হালধীয়া হোৱাৰ বাবে Gold ৰাখিছিল ।পিছলৈ  International Union Of Pure and Applied Chemistry  সংস্থাই সম্পুৰ্ণৰূপে নামাকৰণ কৰে।মৌলসমুহৰ চিহ্নসমুহ এটা বা দুটা আখৰেৰে ব্যৱহাৰ কৰিছিল।প্ৰথমটো Capital letter আৰু দ্বিতীয়টো small letter.যেনে
a.হাইড্ৰযেন H
b.এলুমিনিয়াম Al
c.ক'বাল্ট Co.
6.পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া?
Ans:-পৰমাণু ভৰৰ যিকোনো মৌলৰ এটা পৰমাণুৰ মুঠ ভৰক পাৰমাণৱিক ভৰ বোলে।
7.খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়?
Ans:- পৰমাণুসমুহ হৈছে ক্ষুদ্ৰতম কণিকা সেয়ে  দেখাটো সম্ভৱ নহয়।
8.অণু কি? বা অণু কাক বোলে?(What is a Molecule?)
Ans:-মৌল বা যৌগ এটাৰ স্বাধীনসত্ব থকা যি ক্ষুদ্ৰতম কণাই মৌল বা যৌগটোৰ সকলোবোৰ ধৰ্ম প্ৰদৰ্শন কৰে তাকে অণু বোলে। 
           আনহাতে অণু হল ৰাসায়নিকভাৱে যোজিত অৰ্থাৎ আকৰ্ষণীবলৰ দ্ধাৰা দৃঢ়ভাৱে লগ হৈ থকা দুটা বা তথোদিক পৰমাণুৰ একোটা গোট।
9.মৌলৰ অণুসমুহ কেনেদৰে গঠিত ?
Ans:-মৌলৰ অণুসমুহ এটা,দুটা,তিনিটা পৰমাণুৰে গঠিত।এটা পৰমাণুৰে গঠিত মৌলক এক পাৰমানৱিক বোলে। যেনে আৰ্গন(Ar),হিলিয়াম(He) আদি ধাতুবোৰে মাত্ৰ এটা পৰমাণুৰে গঠিত ।অধাতু সমুহ দুটা পৰমাণুৰে তেনে মৌলৰ পৰমাণুক দ্বি-পাৰমানৱিক বোলে।যেনে অক্সিজেনত দুটা অণু আছে গতিকে O2 ক দ্বি-পাৰমাণৱিক বুলি কোৱা হয় আনহাতে কিছুমান দুটাৰ ঠাইত তিনিটা পৰমাণু থকা যায় তেনে মৌলক মৌলৰ ত্ৰৈ-পাৰমানৱিক।যেনে অজন ,অজনৰ তিনিটা পৰমাণু পোৱা যায় ।

10.অণুটোৰ পাৰমাণৱিকতা কাক বোলে?
Ans:-অণু এটাৰ যিমান সংখ্যক পৰমাণুৰে গঠিত তেনে অণুটোৰ পৰমাণুক অণুটোৰ  পাৰমানৱিকতা নোলে।
11.যৌগৰ অণু গঠন কেনেকৈ  হয়?
Ans:- বেলেগ বেলেগ মৌলৰ পৰমাণুৰ নিৰ্দিষ্ট অনুপাতত লগ হয় যৌগৰ অণু গঠন কৰে।
12.দ্বি-মৌলিক যৌগ কি?(what is binary )
Ans:-  দুটা ভিন্ন মৌলৰে গঠিত সৰল যৌগবোৰক দ্বি-মৌলিক যৌগ বোলা হয় ।

প্ৰশ্নাৱলী (পৃষ্ঠা 39)
13.সংকেত লিখা।
(i)ছডিয়াম অক্সাইড
Ans:- Nao2
(ii)এলুমিনিয়াম ক্লৰাইড
Ans:-Alcl2
(iii)ছডিয়াম ছালফাইড
Ans:-NaSo2
(iv)মেগনেছিয়াম হাইড্ৰক্সাইড
Ans:-MgH2O
14.তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখা।
(i)Al2(SO4)3
Ans:-এলুমিনিয়াম ছালফেট
(ii)Cacl2
Ans:-কেলছিয়াম ক্লৰাইড
(iii)K2So4
Ans:-পট‍ছিয়‍া ছালফেট

প্রশ্নাৱলী

1. এক ম’ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্রাম হ’লে 1টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ’ব?

উত্তৰঃ 1 ম’ল কাৰ্বন পৰমাণু = 6.023× 10²³টা পৰমাণু

এতিয়া,

6.023×10²³টা কার্বন পৰমাণুৰ ভৰ = 12 গ্রাম

∴ 1 টা কার্বন পৰমাণুৰ ভৰ   = 12/6.023×10²³গ্রাম

= 1.99×10⁻²³ গ্রাম

2. 100 গ্রাম ছডিয়াম বা 100 গ্রাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব। (দিয়া আছে Naৰ পাৰমাণৱিক ভৰ = 23u, Fe= 56u) ?

উত্তৰঃ ছডিয়ামৰ পাৰমাণবিক ভৰ = 23u

1 ম’ল ছডিয়ামৰ ভৰ = 23 গ্রাম

23 গ্রাম ছডিয়ামত থকা পৰমাণুৰ সংখ্যা

=6.023×10²³টা

∴  1 গ্রাম ছডিয়ামত থকা পৰমাণুৰ সংখ্যা

= 6.023/23×10²³

∴  100 গ্রাম ছডিয়ামত থকা পৰমাণুৰ সংখ্যা

= 6.023×10²³×100 টা

= 0.261 × 10²⁵টা

= 2.61 × 10²⁴ টা

আইৰণৰ পাৰমাণবিক ভৰ = 56u

∴ 1 ম’ল আইৰণৰ ভৰ = 56 গ্রাম

56 গ্রাম আইৰণত থকা পৰমাণুৰ সংখ্যা = 6.023× 10²³ টা

∴  1 গ্রাম আইৰণত থকা পৰমাণুৰ সংখ্যা 

= 6.023/56×10²³ টা

∴  100 গ্রাম আইৰণত থকা পৰমাণুৰ সংখ্যা 

=  6.023/56× 10²³× 100 টা

= 0.107 × 102²⁵টা

= 1.07 × 10²⁴ টা

এতেকে 100 গ্রাম ছডিয়ামৰ পৰমাণুৰ সংখ্যা বেছি থাকিব।

অনুশীলনী

1. অক্সিজেন আৰু ৰ’ৰণেৰে গঠিত যৌগৰ নমুনা এটাৰ 0.24gm বিশ্লেষণ কৰাত 0.096 gm বৰণ আৰু 0.144 gm অক্সিজেন পোৱা গৈছিল। ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি গণনা কৰা।

উত্তৰঃ যৌগটোৰ ভৰ = 0.24 gm

বৰণৰ ভৰ = 0.096gm

অক্সিজেনৰ ভৰ = 0.144gm

বৰণৰ শতকৰা পৰিমাণ = 0.096/0.24 ×100

= 96/240×100

= 40

অক্সিজেনৰ শতকৰা পৰিমাণ = 0.144 /0.24×100

= 144/240×100

= 60

অধ্যায় -3 অণু  আৰু  পৰমানু(Atoms and Molecules)
Photo Sunil Payeng



2. 3.0gm কার্বন 8.00gm অক্সিজেনৰে সৈতে দহন কৰাত 11.00gm কার্বন ডাই অক্সাইড উৎপন্ন হ’ল। 3.00gm কার্বন 50.00 gm অক্সিজেন দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ’ব? ৰাসায়নিক সংযোগত কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্রযোজ্য হ’ব?

উত্তৰঃ 3.0 gm কাৰ্বন 8.00gm অক্সিজেনৰ সৈতে দহন কৰাত 11.00 gm কার্বন ডাই অক্সাইড উৎপন্ন হ’ল ।

C + O₂ → CO

স্থিৰানুপাত বিধি অনুসৰি কাৰ্বন ডাই অক্সাইডত সদায় কাৰ্বন আৰু অক্সিজেনৰ ভৰৰ অনুপাত 3 : 8। গতিকে 3.00gm কার্বন 50.00gm অক্সিজেনত দহন কৰিলেও গঠন হোৱা কার্বন ডাই অক্সাইডৰ ভৰ 11.00gm হ’ব।

ইয়াত ৰাসায়নিক সংযোগৰ স্থিবানুপাত বিধি প্রযোজ্য হয়।

3.বহুপাৰমাণৱিক আয়নবোৰ কি ? উদাহৰণ দিয়া।

উত্তৰঃ একাধিক পৰমাণুৰ আধানযুক্ত গোট একোটাক বহুপাৰমাণৱিক আয়ন বোলা হয়।

উদাহৰণ — SO₄², SO₃²⁻, NH₄⁺ ‘ইত্যাদি।

4.তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা।

(a) মেগনেছিয়াম ক্লৰাইড।

(b) কেলছিয়াম অক্সাইড।

(c) কপাৰ নাইট্রেট।

(d) এলুমিনিয়াম ক্লাইড।

(e) কেলছিয়াম কার্বনেট।

উত্তৰঃ (a) মেগনেছিয়াম ক্লৰাইডৰ সংকেতঃ

সংকেত = MgCl₂

(b) কেলছিয়াম অক্সাইডৰ সংকেতঃ

সংকেত = Ca²O²বা CaO

(c) কপাৰ নাইট্রেটৰ সংকেতঃ

সংকেত = Cu(NO₃)²

(d) এলুমিনিয়াম ক্লৰাইডৰ সংকেতঃ Al CI

সংকেত = • AICI₃

(e) কেলচিয়াম কার্বনেটৰ সংকেত :

সংকেত = Ca₂(CO₂)₂ বা CaCO₃

5. তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম দিয়াঃ

(a) পোৰা চূণ(Quick Lime)

উত্তৰঃ  পোৰা চূণ (CaO) :- কেলছিয়াম, অক্সিজেন

(b) হাইড্ৰজেন ব্র’মাইড

উত্তৰঃ হাইড্ৰজেন ব্র’মাইড (HBr) :- হাইড্রজেন, ব্রমিন

(c) বেকিং পাউডাৰ

উত্তৰঃ বেকিং পাউডাৰ (NaH CO₃):- ছডিয়াম, হাইড্রজেন, কার্বন,অক্সিজেন

(d) পটেছিয়াম ছালফেট

উত্তৰঃ পটেছিয়াম ছালফেট (K₂SO₄ ) :- পটেছিয়াম, ছালফাৰ,অক্সিজেন

6. তলৰ পদাৰ্থবোৰৰ ম’লাৰ ভৰ গণনা কৰা।

(a) ইথাইন C₂H₂

(b) ছালফাৰ অণু, S₈

(c) ফছফৰাছ অণু, P₄ (ফছফৰাছৰ পাৰমাণবিক ভৰ = 31 )

(d) হাইড্রক্লৰিক এছিড, Hcl

(e) নাইট্রিক এছিড, HNO₃

উত্তৰঃ (a) ইথাইনৰ (C₂H₂ ম’লাৰ ভৰ =(2×12+2×1) gm       

= (24 + 2) gm

= 26 gm      

(b) ছালফাৰ অণু (S₈)ৰ ম’লাৰ ভৰ = 8 × 32gm

= 256gm

(c) ফছফৰাছ অণু (P)ৰ ম’লাৰ ভৰ = 4 × 31gm

= 124gm

(d) হাইড্রক্লৰিক এছিড (Hel)ৰ ম’লাৰ ভৰ = 1+35.5gm

= 36.5gm

(e) নাইট্রিক এছিড (HNO₃)ৰ ম’লাৰ ভৰ = (1 +14+3×16) gm

= (15 + 48) gm

= 63 gm

7. ভৰ কিমান

(a) 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ?

(b) 4 ম’ল এলুমিনিয়াম পৰমাণু (এলুমিনিয়ামৰ পাৰমাণবিক ভৰ‌= 27) ৰ?

(c) 10 ম’ল ছডিয়াম ছালফাইট (Na₂SO₃) ৰ?

উত্তৰঃ (a) 1 ম’ল নাইট্ৰ’জেন পৰমাণু = 14 gm

(b) 1 ম’ল এলুমিনিয়াম পৰমাণু = 27 gm

∴  4  ম’ল এলুমিনিয়াম পৰমাণু = 27 × 4gm

= 108gm

(c)1 ম’ল ছডিয়াম ছালফাইট = (2×23 + 32 + 3×16)gm

= (46+ 32+48)gm

= 126gm

∴  10 ম’ল ছডিয়াম ছালফাইট = 126 ×10gm

= 1260gm

8. ম’ললৈ পৰিবৰ্তন কৰা :

(a) 12gm অক্সিজেন গেছ।

(b) 20gm পানী।

(c) 22 gm কার্বন-ডাই-অক্সাইড।

উত্তৰঃ (a) অক্সিজেনৰ (O₂) আণৱিক ভৰ = 32 gm

এতিয়া,

32gm অক্সিজেন গেছ = 1 ম’ল

∴ 1gm অক্সিজেন গেছ  = 1/32 ম’ল

∴ 12 অক্সিজেন গেছ  = 1/32×12 ম’ল

= 0.375 ম’ল

(b) পানী (H₂O)ৰ আণবিক ভৰ = 18 গ্রাম

18 গ্রাম পানী = 1 ম’ল

∴  1 গ্রাম পানী = 1/18 ম’ল

∴ 20 গ্রাম পানী = 20/18 ম’ল

= 1.11 ম’ল

(c) কার্বন-ডাই-অক্সাইড (CO₂)ৰ আণবিক ভৰ = 44 গ্রাম

44 গ্রাম কার্বন-ডাই-অক্সাইড = 1 ম’ল

∴ 1 গ্রাম কার্বন-ডাই-অক্সাইড = 1/44 ম’ল

∴  22গ্রাম কার্বন-ডাই-অক্সাইড = 22/44 ম’ল

= 0.5

9. ভৰ কিমান?

(a) 0.2 ম’ল অক্সিজেন পৰমাণুৰ?

(b) 0.5 ম’ল পানী অণুৰ?

উত্তৰঃ 1 ম’ল অক্সিজেন পৰমাণুৰ ভৰ = 16 গ্রাম

∴ 0.2 ম’ল অক্সিজেন পৰমাণুৰ ভৰ = 0.2×16গ্রাম

= 3.2 গ্রাম

(b) 1 ম’ল পানী (H₂O) অনুৰ ভৰ = 18 গ্রাম

∴  0.5 ম’ল পানী (H₂O) অনুৰ ভৰ  = 0.5×18 গ্রাম

= 9 গ্রাম

10. 16 gm গোটা ছালফাৰত থকা ছালফাৰ অণু (S₈)ৰ সংখ্যা গণনা কৰা।

উত্তৰঃ গোটা ছালফাৰৰ ভৰ = 16gm

1 ম’ল ছালফাৰৰ (S₈) ভৰ = 8 ×32gm

= 256gm

∴ 16 gm ছালফাৰত থকা ছালফাৰ অণুৰ

সংখ্যা =16/256×8×6.023×10²³

         = 3.011 × 10²³

11. 0.051gm এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা ।

উত্তৰঃ এলুমিনিয়াম আয়ণৰ (Al₃⁺) 1 মল = 27gm

এলুমিনিয়াম আয়ণৰ 27gm = 1 ম’ল

∴ এলুমিনিয়াম আয়ণৰ  0.051gm =0.051/27 ম’ল

1 ম’ল এলুমিনিয়াম অক্সাইডত থকা আয়ণৰ সংখ্যা

∴ 0.057/27 ম’ল এলুমিনিয়াম অক্সাইডত থকা আয়ণৰ সংখ্যা = 0.051/27×6.023×10²³ = 51/27×6.023×10²⁰

= 1.889 x 6.023×10²⁰
গণনা কৰা। প্রদত্ত পাৰমাণৱিক ভৰবোৰ হ’ল Zn = 64u, Na = 23u, K = 39u,C=12u আৰু 0 = 16u

উত্তৰঃ ZnOৰ সংকেত গোট ভৰ = 65u+ 16u

= 81u

Na₂0 ৰ সংকেত গোট ভৰ  = 2 × 23u + 16u

= 46u + 16u

= 62u

K₂CO₃ ৰ সংকেত গোট ভৰ = 2 x 39u + 12u + 3x 16u

= 78u+12u+ 48u

= 138u



Tapan Payeng, who loves to write, Tapan Payeng, along with Monturam Taid, published a magazine titled "Sahityar Deuka", a magazine linked to Assamese, English and Mising languages, the first quarterly e-magazine of Mising and Assam. Tapan's name is "Karsang Takar" is used in various magazines such as Doksiri, Ramdhenu, etc. Apart from this, it has also been published in newspapers, Dainandin Barta, Dainik Assam, Assam Aditya. His first publication was a poem, story and essay in the first Assamese daily E magazine. Among the articles published in newspapers are social pollution of the environment, women's poverty, Article-15, the place of women in Indian society, etc. He is also a member of the "Anu Mising Lutad" of the Mising language news crow and the foundar of "notun tathya asomiya".

Comments

© 2020 E-KarsangTakar

Designed by Open Themes & Nahuatl.mx.