জীৱৰ মৌলিক একক অধ্যায় -5
The fundamental units of Life
কোষ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে 1665 চনত
কোষ কিহেৰে গঠিত
1.কোষটো কিহেৰে গঠিত ?(What are living Organsims Made up of?)
কোষসমুহ কোষাবৰণ(Plasmamembrane),কোষপ্ৰৰস(Cytoplasm),কোষকেন্দ্ৰ(Nucleus)আদিৰে গঠিত ।
(a)কোষাবৰণঃ- (i)কোষৰ বাহিৰত থকা বহিঃ আৱৰণ ।ই কিছুমান দ্ৰব্য বাহিৰলৈ -ভিতৰলৈ অহাযোৱা বা গতি কৰাত সহায় কৰে ।
(ii)ইয়াক ভেদ্য আৱৰণ বুলি কোৱা হয়।
(iii)ব্যাপন প্ৰক্ৰিয়াৰে পদাৰ্থসমুহ বাহিৰ-ভিতৰ হৈ থাকে ।
(iv)Co2 কোষৰ বাহিৰত বেছি হলে ভিতৰত Co2 কম হলে নিম্ন গাঢ়তাৰ পৰা বেছি গাঢ়তালৈ গতি কৰে আৰু এনে গতি আসৃতি বা Osmosis বোলে ।
(b)কোষপ্ৰৰস(Cytoplasm):- কোষৰ ভিতৰত থকা মাধ্যম বুলিব পাৰ ই কোষৰ ভিতৰত থাকি অন্তঃক্ৰিয়া কাম সম্পাদনা কৰে ।
(c)কোষবেৰ/Cell wall:-(i)উদ্ভিদৰ কোষবেৰ চেলুলেজৰে গঠিত।
(ii)উদ্ভিদৰ কোষত কোষাবৰণৰ বাহিৰেওঁ এখন আৱৰণ থাকে।
(iii)আসৃতি /Osmosis হলে সংকুচিত হয় আৰু সংকুচিত হলে প্লাচমলাইছিচ/Plasmolysis হয়।
(d)কোষকেন্দ্ৰ/Nucleus:-(i)কোষকেন্দ্ৰত ক্ৰমজম/Chromosome আদিৰে গঠিত অংশ।
(ii)কোষকেন্দ্ৰত থকা chromosome এ DNA অনুত নিহিত পিতৃৰ বংশ চৰিত্ৰ পৰৱৰ্তী জিনলৈ নিহিত হয়।আকৌ Chromosome /ক্ৰমজম DNA ৰে গঠিত।DNA ৰ কাৰ্যকৰী একক হৈছে gene (জিন)।
(iii)কোষকেন্দ্ৰই কোষ বিভাজন হোৱাত সহায় কৰে ।বেক্টেৰিয়া জাত জীৱসমুহত কেন্দ্ৰাৱৰণ নাথাকে আৰু তেনেবোৰ কেন্দ্ৰত স্পষ্টকৈ দেখে যাক নিউক্লিয় বুলি কোৱা হয়।
যিবিলাক জীৱৰ কোষ কোষকেন্দ্ৰ নাথাকে তাক প্ৰকোষকেন্দ্ৰীয়/Prokaryot বোলে ।আনহাতে যিবোৰ জীৱৰ কোষকেন্দ্ৰ থাকে তাক সংকোষকেন্দ্ৰীয় /Eukaryot বোলে।
(e)Cytoplasm/কোষপ্ৰৰস:-কোষাবৰণে আৱৰি ৰখা অৰ্ধজুলীয়া পদাৰ্থ।
(f)কোষ অংগাণু/CellbOrganells:-(i)প্ৰত্যেকটো কোষতে একোখন আৱৰণীয়ে কোষস্থ দ্ৰব্যক আবৃত্ত কৰি বহিঃ পৰিৱেশ পৃথক কৰি থাকে।
(ii)সংকোষকেন্দ্ৰীয় কোষত এইবোৰ বিশেষ বৈশিষ্ট্যৰ বাবে নিজকে পৃথক কৰে।
(iii)ইলেক্ট্ৰন অণুবীক্ষণ জৰিয়তেহে লক্ষ্য কৰিব পাৰি।
Realtives :-উদ্ভিদকোষ প্ৰাণীকোষতকৈ দৃঢ় কিয়?What is the fundamental unit of life class 9 notes?
কোষঅংগাণু সমুহ
কোষঅংগাণু সমুহ হ'লঃ----মাইটকণ্ড্ৰিয়া(Mithochondira),প্লাষ্টিড(Plastid),ৰসধানী/ৰিক্তিকা(Vacuoles),অন্তঃপ্ৰৰসীয় জালিকা/Endoplasmic reticulum(ER),গলজি সংঘ(Golgi Aparatus),লাইছজম(Lysosome).
কোষ অংগাণুসমুহ টোকা পংক্তিত আলোচনা কৰা হ'লঃ
(a)অন্তপ্ৰৰসীয় জালিকা(Endoplasmic Reticulum):-
(i)অন্তঃপ্ৰৰসীয় জালিকা আৱৰনীযুক্ত নলীকা আৰু মোনা সদৃশ বৃহৎ জালিকাৰে গঠিত।
(ii)অন্তঃপ্ৰৰসীয় জালিকাক দুই প্ৰকাৰত পাব পাৰো,এই দুটা হ'ল-মসৃণ অন্তঃপ্ৰৰসীয় জালিকা(Rough Endoplasmic Reticulum) আৰু অমসৃণ অন্তঃপ্ৰৰসীয় জালিকা(Slime Endoplasmic Reticulum)l
(iii)RER সকলো কোষবোৰ ৰাইবজম প্ৰটিনেৰে গঠিত।
(iv)SER কোষবোৰ স্নেহজাতীয় পদাৰ্থ বা লিপিড আদিৰে গঠিত।SER জীৱোৎপত্তিত Enzyme হিচাপে কাম কৰে।
(v)মসৃণ অন্তঃপ্ৰৰসীয় জালিকাবোৰ অন্তঃকোষীয় বিষাক্ত দ্ৰব্য আৰু কিছুমান ঔষদ বিষাক্তহীন কাৰত মুখ্য ভুমিকা লয়।
(b)গলজি সংঘ/Golgi Aparatus:-(i)গলজি সংঘৰ বিষয়ে প্ৰথমে কেমিলি গলজি/Camili Golgi য়ে গলজিৰ সংঘৰ বিষয়ে বৰ্ননা কৰিছিল।
(ii)কিছুমান আৱৰণী বিশিষ্ট্য মোনাকাৰ গঠন যিয়ে পৰস্পৰে সমান্তৰালকৈ সজ্জিত হৈ থকা চিস্তাৰণি সৃষ্টি কৰে ।
(iii)গলজি সংঘই অন্তঃপ্ৰৰসীয় জালিকাত সংশ্লেষিত হোৱা পদাৰ্থসমুহ কোষৰ ভিতৰৰ পৰা বাহিৰলৈ আদান- প্ৰদান কৰাত অংশ কৰে ।
(iv)গলজি সংঘৰ কাৰ্য হল সঞ্চয় ,উৎপাদিত পদাৰ্থবিলাক বন্ধনসমুহ ৰূপান্তৰণ কৰা ।
(c)লাইছজম/Lysosome:-(i)লাইছজম কোষত বৰ্জিত পদাৰ্থসমুহ নিস্কাসনৰ কামত জড়িত হয়।
(ii)লাইছজম কোষত প্ৰৱেশ কৰা অলাগতিয়াল দ্ৰব্যবোৰ আৰু কোষত অলাগতিয়াল পদাৰ্থবিলাক পৰিপাক কৰি কোষটো নিকা কৰে ।
(iii)লাইছজমে বেক্টেৰিয়া খাদ্য,মৃত কোষ অংগাণু আদিক লাইছজমে ভাঙি ভাঙি কিছুমান সৰু সৰু পদাৰ্থত পৰিনত কৰে ।
D.মাইটকণ্ড্ৰিয়া(Mitochondria):-(i)মাইটকণ্ড্ৰিয়া কোষীয় শক্তিৰ ভৰাল হিচাপে আখ্যা দিয়া হয়।
(ii)মাইটকণ্ড্ৰিয়া দুই আৱৰণীযুক্ত।
(iii)জীৱৰ প্ৰয়োজনীয় শক্তিৰ বাবে ATP অনু মাইটকণ্ড্ৰিয়াত উৎপাদন কৰে ।
(iv)মাইটকণ্ড্ৰিয়াৰ ভিতৰত DNA আৰু ৰাইবজম থাকে।
E.প্লাষ্টিড(Plastid):-(i) প্লাষ্টিডবিলাক কেৱল উদ্ভিদ কোষতে পোৱা যায়।প্লাষ্টিড দুই প্ৰকাৰৰ ,প্ৰকাৰ দুটা হল বৰণীয়া কণা(Chromoplast)আৰু অবৰ্ণকনা বা বৰনহীন কণা(Leucoplast).
(ii)যিবিলাক প্লাষ্টিডত পত্ৰহৰিৎ নামৰ ৰঞ্জক পদাৰ্থ থাকে এইবিলাক হৰিত্রকণা বোলে।
(iii)অবৰ্ণকনাত সাধাৰনতে শ্বেতসাৰ ,তৈলপদাৰ্থ আৰু প্ৰটিনৰ কনিকা বিলাক সঞ্চয় থাকে।
(iv)মাইটকণ্ড্ৰিয়াৰ দৰে Plastidত নিজ DNA আৰু Ribosom থাকে।
F. ৰসধানী বা ৰিক্তিকা/Vacuoles:-(i) ৰসধানী বিলাক তৰল পদাৰ্থ সঞ্চয় কৰি ৰখা আন সদৃশ কোষৰ অংগানু।
(ii)প্ৰানীকোষ ৰসধানীবিলাক আকাৰত সৰু,অন্য হাতে উদ্ভিদ কোষৰ বিলাক যথেষ্ট ডাঙৰ ।
(iii)কিছুমান উদ্ভিদ কোষত কেন্দ্ৰীয় ৰসধানীটোৱে কোষটোৰ প্ৰায় 50-90% ঠাই আগুৰি থাকে ।
(iv) উদ্ভিদৰ জীৱনত প্ৰয়োজন হোৱা বহুবোৰ লাগতিয়াল পদাৰ্থ কোষৰ ৰসধানীত সঞ্চয় হৈ থাকে ।
সঞ্চিত পদাৰ্থবিলাক Amino Acid,শৰ্কৰা ,প্ৰটিন আদি।
Relatives:-নেফ্ৰণৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা,What is the fundamental unit of life in short notes?
প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ
1.Co2 আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা ?
Ans:-Co2 আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ অৰ্ধভেদ্য আৱৰণৰ মাজেৰে পাৰ হৈ যাব পাৰে । পদাৰ্থবিলাক কোষৰ ভিতৰত থাকে ।এই পদাৰ্থসমুহৰ গাঢ়তা যেতিয়া বাহিৰত থকা পদাৰ্থতকৈ কম হয় তেতিয়া পদাৰ্থসমুহ নিম্ন গাঢ়তাৰ পৰা বেছি গাঢ়তালৈ চলাচল কৰে আসৃতি বৈশিষ্ট্যত॥
2.কোষবৰণক কিয় অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয় আখ্যা দিয়া ?
Ans:- যেতিয়া পদাৰ্থসমুহ কম গাঢ়তাৰ পৰা বেছি গাঢ়তালৈ সহজতে কোষাবৰণৰ এটা আৱৰণৰ মাজেৰে সহজে অহা-যোৱা কৰিব পাৰে সেয়েহে এই আৱৰণল অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়॥
3. তুমি অধ্যয়ণ কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আণুবংশিক পদাৰ্থ(Genetic Material )থাকে)
Ans:-প্লাষ্টিড আৰু মাইটকণ্ড্ৰিয়া ॥
4.লাইছজমক কিয় কোষৰ আত্মঘাটী মোনা বুলি কোৱা হয় ?
Ans: লাইছজমত থকা কিছুমান জলবিয়োজক উৎসেচকে সকলোধৰনৰ জৈৱযৌগক সৰলীকৃত কৰিব পাৰে যদিয়ে এই কাৰ্যৰ বিসংগতি হলে উদাহৰণ হিচাপে যদি কোষ এটা মৰি যায় তেতিয়া লাইছজমে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক বিলাক নিঃসৰণ কৰি নিজে ধ্বংস কৰি দিয়ে সেয়েহে লাইছ'জমক আত্মঘাটী মোনা বুলক কোৱা হয় ॥
সম্পুৰ্ন নোটখন পাবলৈ নীলা আখৰতটো ক্লিক কৰক:-জীৱৰ মৌলিক এককৰ Notes




Comments
Post a Comment