জীৱ আৰু ইয়াৰ চৌপাশ
১। চমুটোকা লিখা—
(ক) পৰজীৱী প্ৰাণী (খ) সহজীৱী প্ৰাণী (গ) আৱাসস্থলী (ঘ) সর্বভক্ষী প্রাণী, (ঙ) মৃতজীৱী, (চ) উৎপাদক (ছ)উপভোক্তা (জ) বিয়োজক
উত্তৰ ঃ(ক) পৰজীৱী প্ৰাণী : কিছুমান জীৱই আন জীৱদেহৰ ভিতৰত বা বাহিৰত থাকি সেই জীৱ দেহৰ পৰাই খাদ্য গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰে । যেনে বেক্টেৰিয়া, ভেঁকুৰ আদিবোৰ জীৱক পৰজীৱী প্রাণী বোলে। কলেৰা টাইফয়ড, যক্ষ্মা আদি পৰজীৱী বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ
(খ) সহজীৱী প্ৰাণী : কেতিয়াবা একাধিক জীৱই একেলগে থাকি ইটোৱে সিটোক জীয়াই থকাত সহায় কৰে, তেনে জীৱবোৰক সহজীৱী প্রাণী বোলে। যেনেঃ ৰাইজ’বিয়াম বেক্টেৰিয়াই মাহজাতীয় উদ্ভিদৰ শিপাত আশ্ৰয় লৈ উদ্ভিদৰ বাবে প্ৰয়োজনীয় নাইট্ৰ'জেন যৌগ শিপাত জমা কৰে । আকৌ উদ্ভিদ জোপাই বেক্টেৰিয়া বিধক আশ্রয় প্ৰদান কৰে। ফলত দুয়ো উপকৃত হয় ।
(গ) আৱাসস্থলী : সকলো জীৱই জীয়াই থাকিবৰ বাবে প্ৰয়োজনীয় খাদ্য, পানী, বায়ু আৰু বাসস্থানৰ বাবে তাৰ চৌপাশৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। জীৱ সমূহ বাসকবা চৌপাশেই তাৰ আৱাসস্থলী। আৱাসস্থলীৰ মূল উপাদান সমূহ মাটি, পানী, বায়ু আৰু বিভিন্ন ধৰণৰ জীৱ। অৱশ্যে ভিন ভিন ঠাইৰ আৱাসস্থলীৰ উপাদান সমূহ ভিন ভিন হয়। আৱাসস্থলীত থকা উপাদানসমূহৰ মাজত এক পাৰস্পৰিক সম্পৰ্ক থাকে।
(ঘ) সর্বভক্ষী প্রাণী ঃ যিবোৰ প্ৰাণীয়ে মাছ-মাংস, ফলমূল, শাক-পাচলি আদি সকলো ধৰণৰ খাদ্য খায় তেনে প্ৰাণীক সৰ্বভক্ষী বা সৰ্বহাৰী প্ৰাণী বোলে। যেনেঃ মানুহ ।
(ঙ) মৃতজীৱী ঃ বহুতো বেক্টেৰিয়া, ভেঁকুৰ আৰু আন কিছুমান জীৱই আন জীৱ-জন্তুৰ মল-মূত্র, গেলা-পঁচা মৃতদেহ আদিৰ দেহত বাস কৰে আৰু প্ৰয়োজনীয় দ্রব্যসমূহ তাৰ পৰাই আহৰণ কৰে। এনে জীৱবোৰক মৃতজীৱী জীৱ বোলে। এই মৃতজীৱী জীৱৰ কিছুমানে জীৱ-জন্তুৰ মল- মূত্র বা মৃতদেহ পঁচাই মাটিত মিহলি হোৱাত সহায় কৰে আৰু ই মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে /
![]() |
| জীৱ আৰু ইয়াৰ চৌপাশ/CLASS 6/SANKARDEV SISU NIKETON |
(চ) উৎপাদকঃ সেউজীয়া উদ্ভিদক উৎপাদক বোলে। কারণ সেউজীয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব পাবে। সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰ শক্তি শোষণ কৰি তাৰ পাতত থকা হবিৎকণা নামৰ পদাৰ্থবিধৰ সহায়ত পানী, আৰু কাৰ্বন-ডাই-অক্সাইডৰ মাজত বিক্রিয়া ঘটাই শ্বেতসাৰ জাতীয় খাদ্য উৎপন্ন করে।
(ছ) উপভোক্তা : উদ্ভিদে প্রস্তুত কৰা খাদ্য প্ৰথমতে তৃণভোজী প্রাণীবোৰে খাই তাৰ পৰা শক্তি আহরণ কৰে। সেয়েহে তৃণভোজী প্ৰাণীবোৰক প্ৰথম পৰ্যায়ৰ উপভোক্তা বোলে। এই তৃণভোজী প্রাণীবোৰক আকৌ মাংসভোজী প্রাণীয়ে ভক্ষণ কৰে। সেয়েহে, মাংসভোজী প্রাণীবোৰক দ্বিতীয় পর্যায়ৰ উপভোক্তা বোলে ।(জ) বিয়োজক : সেউজীয়া উদ্ভিদ হ'ল উৎপাদক। তৃণভোজী, মাংসভোজী আদি প্ৰাণীবোৰ হ'ল উপভোক্তা। এই উৎপাদক বা উপভোক্তা সমূহৰ মৃতদেহ, মল-মূত্র আদি কিছুমান অনুজীৱই পচন ঘটাই খনিজ লৱণলৈ ৰূপান্তৰিত কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। এই অণুজীৱকে বিয়োজক বোলে।
২। উদ্ভিদে মানুহৰ কি কি উপকাৰ সাধন কৰে চমুকৈ বৰ্ণনা কৰা ৷
উত্তৰ:
A.মানুহে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ শীল ।
B. উদ্ভিদৰ পৰা পোৱা বিভিন্ন আঁহৰ সহায়ত কাণি-কাপোৰ আৰু আন বিভিন্ন সামগ্রী তৈয়াৰ কৰি লয় ।
C.মানুহৰ প্ৰয়োজনীয় ঔষধৰ প্ৰায় ৮০ শতাংশ উদ্ভিদৰ পৰা প্ৰস্তুত কৰে।
D.উদ্ভিদে খাদ্য প্রস্তুত কঁৰোতে অক্সিজেন উৎপন্ন কৰি মানুহ জীয়াই থকাত মুখ্য ভূমিকা গ্ৰহণ কৰে ।
E.উদ্ভিদে মাটি গঠনত ভূমিকা লোৱাৰ উপৰিও পৰিৱেশৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে ।
৩। পৰিস্থিতি তন্ত্র কি? উদাহৰণ দিয়া।
উত্তৰঃ এটা আৱাসস্থলত সাধাৰণতে প্ৰাণী আৰু উদ্ভিদবোৰ বিভিন্ন প্ৰক্ৰিয়াৰে সাঙোৰ খাই থাকে। ইয়াকে পৰিস্থিতি তন্ত্ৰ বোলে ।
উদাহৰণস্বৰূপে, এখন হাবিতলীয়া ঠাই লোৱা হয় । তেনে আৱাসস্থলত সাধাৰণতে এন্দুৰ, শহা পহু আদি তৃণভোজী প্রাণী আৰু শিয়াল, লতামেকুৰী আদি মাংসহাৰী প্ৰাণী আৰু ফেঁচা, শেন আদি চিকাৰী চৰাই বাস কৰে।
৪। সালোক সংশ্লেষণত ব্যৱহাৰ হোৱা দুটা পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ সালোক সংশ্লেষণত ব্যৱহাৰ হোৱা দুটা পদাৰ্থ হ'ল – পানী আৰু কার্বন-ডাই-অক্সাইড -
৫। সেউজীয়া উদ্ভিদ নাথাকিলে কি হ'ব বৰ্ণনা কৰা ।
উত্তৰঃ প্ৰাণী আৰু সেউজীয়া উদ্ভিদ বিভিন্ন প্ৰক্ৰিয়াৰে সাঙোৰ খাই থাকে। সেউজীয়া উদ্ভিদ নাথাকিলে প্রাণীজগত বৰ্তি থকাটো অসম্ভৱ। প্ৰাণীৰ অতি প্রয়োজনীয় অক্সিজেন গেছ, উদ্ভিদে খাদ্য প্রস্তুত কৰোতে বায়ুমণ্ডলত এৰি দিয়ে । আকৌ সকলো জীৱকে জীয়াই থাকিবলৈ শক্তিৰ প্ৰয়োজন। জীৱই এই শক্তি খাদ্যৰ পৰা পায় । আৰু এই খাদ্যৰ বাবে তৃণভোজী, মাংসভোজী সকলো প্রাণীয়ে পৰোক্ষ ভাৱে হ'লেও সেউজীয়া উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ খাদ্যৰ প্ৰধান উৎপাদক হ'ল সেউজীয়া উদ্ভিদ।
তাৰোপৰি উদ্ভিদে শিপাৰ দ্বাৰা ভূ-গৰ্ভৰ পানী আহৰণ কৰি পাতেৰে বায়ুমণ্ডলত এৰি দিয়ে । এনেদৰে জলচক্ৰ চলি থকাৰ ফলত পৃথিৱীৰ উপৰি ভাগৰ উত্তাপ নিয়ন্ত্রিত হয়। উদ্ভিদে গৰাখহনীয়া, ভূমিস্খলন আদি ৰোধ কৰাত সহায় কৰে।

Comments
Post a Comment